Matthew 27

Matthew 27:1

ৰাতিপুৱা, প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে যীচুক ক'লৈ লৈ গৈছিল?

ৰাতিপুৱা, প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে যীচুক ৰাজ্যপাল পীলাতৰ ওচৰলৈ লৈ গৈছিল (২৭:২)।

Matthew 27:3

যীচুক যেতিয়া দণ্ডাজ্ঞা কৰা ঈস্কৰিয়োতীয়া যিহুদাই দেখিলে সি কৰিছিল?

যিহুদাই নিৰ্দোষীৰ ৰক্তপাতৰ প্ৰবঞ্চনা কৰাৰ বাবে মন পালটন কৰিছিল, সেই ৰূপ ঘুৰাই দিছিল, বাহিৰ ওলাই গৈছিল, আৰু নিজে ফাঁচ লাগি মৰিছিল (২৭:৩-৫)।

Matthew 27:6

সেই ত্ৰিশটো ৰূপৰ মুদ্ৰাৰে প্ৰধান পুৰোহিতসকলে কি কৰিছিল?

তেওঁলোকে কুমাৰৰ মাচিৰ পথাৰ কিনিছিল য'ত বিদেশী বিলাকক কবৰ দিছিল (২৭: ৬-৭)।

Matthew 27:9

এই ঘটনাবোৰৰ দ্বাৰা কাৰ ভাববাণী পৰিপুৰ্ণ হৈছিল?

এই ঘটনাবোৰৰ দ্বাৰা যিৰিমিয়াৰ ভাববাণী পৰিপুৰ্ণ হৈছিল (২৭:৯-১০)।

Matthew 27:11

পীলাতে যীচুক কি

কৰিছিল, আৰু যীচুৰ উত্তৰ কি আছিল ?

পীলাতে যীচুক সুধিছিল যে তেওঁ যিহুদীবিলাকৰ ৰজানে, আৰু যীচুৱে উত্তৰ দিছিল, "তুমিয়েই কৈছা" (২৭:১১)।

প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ আটাইবোৰ দোষৰ যীচুৱে কি উত্তৰ দিছিল ?

যীচুৱে আনকি এটা শব্দও উত্তৰ দিয়া নাছিল (২৭:১২-১৪)।

Matthew 27:15

নিস্তাৰ পৰ্ব্বৰ ৰীতি অনুসৰি, পীলাতে যীচুলৈ কি কৰিবলৈ ইচ্ছা কৰিছিল?

নিস্তাৰ পৰ্ব্বৰ ৰীতি অনুসৰি, পীলাতে যীচুলৈ মুকলি কৰি দিবলৈ ইচ্ছা কৰিছিল (২৭:১৫-১৮)।

Matthew 27:17

পীলাতে সোধৰ আসনত বহি থাকোঁতে তেওঁৰ পত্নীয়ে তেওঁলৈ কি বাৰ্ত্তা পঠিয়াই দিছিল ?

তাই পীলাতক কৈছিল যে সেই নিৰ্দোষী মানুহ জনক একোৱেই নকৰিবা (২৭:১৯)।

Matthew 27:20

পৰ্ব্বৰ ৰীতি অনুসৰি যীচুক মুকলি নকৰি, বাৰাব্বাকহে কি কৰা হৈছিল?

প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে ভীৰৰ মানুহবিলাকক উচটনি দি যীচুক মুকলি কৰাৰ পৰিৱৰ্তে বাৰাব্বাক মুকলি কৰোৱাবলৈ পতিয়ন নিয়াইছিল (২৭:২০)।

মানুহবিলাকে কি চিঞঁৰি আছিল যে তেওঁলোকে যীচুক কি কৰিব বিচাৰিছিল ?

মানুহবিলাকে এই বুলি চিঞঁৰি আছিল যে তেওঁলোকে যীচুক ক্ৰচত দিব বিচাৰে (২৭:২২-২৩)।

Matthew 27:23

পীলাতে যেতিয়া হুৰা মুৰা বাঢ়ি য়োৱা দেখিলে, তেওঁ কি কৰিছিল ?

পীলাতে তেওঁৰ হাত ধুইছিল, আৰু কৈছিল এই নিৰ্দোষী মানুহজনৰ ৰক্তপাতত তেওঁ নিৰ্দোষী, আৰু যীচুক মানুহৰ ভীৰলৈ দি দিছিল (২৭:২৪)।

Matthew 27:25

পীলাতে যেতিয়া যীচুক সিহঁতৰ হাতত শোধাই দিছিল মানুহবিলাকে কি কৈছিল ?

মানুহবিলাকে কৈছিল, "তাৰ তেজ আমাত আৰু আমাৰ সন্তান বিলাকৰ ওপৰতো পৰক" (২৭:২৫)।

Matthew 27:27

ৰাজ্যপালৰ সৈন্যবিলাকে তেতিয়া যীচুক কি কৰিছিল ?

সৈন্যবিলাকে যীচুক বেঙেনা বৰণীয়া বস্ত্ৰ পিন্ধাইছিল আৰু কাঁইটৰ এটা কিৰীটি তেওঁৰ মুৰত দিছিল; তেওঁক থুই পেলাইছিল, আৰু তেওঁৰ মুৰত কোবাইছিল, তাৰ পাছত তেওঁক ক্ৰচত দিবলৈ লৈ গৈছিল (২৭:২৭-৩১)।

Matthew 27:32

কুৰিনীয় চিমোনক কি কৰিবলৈ জোৰ কৰা হৈছিল ?

চিমোনক যীচুৰ ক্ৰচডাল কঢ়িয়াই নিবলৈ জোৰ কৰা হৈছিল (২৭:৩২)।

যীচুক ক্ৰচত দিবলৈ তেওঁলোকে ক'লৈ গৈছিল ?

তেওঁলোকে গলগথালৈ গৈছিল, যিটোৰ অৰ্থ "লাওখোলাৰ ঠাই" (২৭:৩৩)।

Matthew 27:35

যীচুক ক্ৰচবিদ্ধ কৰাৰ পাছত সৈন্যবিলাকে কি কৰিছিল ?

সৈন্যবিলাকে যীচুৰ পিন্ধা কাপোৰ ভাগ কৰিবৰ বাবে চিঠি খেলাইছিল আৰু তাৰ পাছত তাতে বহিছিল আৰু তেওঁক পৰ দি আছিল (২৭:৩৫-৩৬)।

যীচুৰ মুৰৰ ওপৰত তেওঁলোকে কি লিখাখন আৰি দিছিল ?

তেওঁলোকে এইটো লিখিছিল, "এইজন যীচু যিহুদী বিলাকৰ ৰজা" (২৭:৩৭)।

Matthew 27:38

যীচুৰ লগত কাক ক্ৰচত দিয়া হৈছিল ?

যীচুৰ লগত দুজন ডকাইতক ক্ৰচত দিয়া হৈছিল, এজনক সোঁ ফালে আৰু এজনক বাওঁফালে (২৭:৩৮)।

সেই মানুহবিলাকে, প্ৰধান পুৰোহিতবিলাকে, অধ্যাপক বিলাকে, আৰু বৃদ্ধ চলাওঁতা সকলে যীচুক কি বুলি প্ৰত্যাহ্বান কৰিছিল ?

তেওঁলোক সকলোৱে যীচুৱে নিজকে বচাবলৈ আৰু ক্ৰচৰ পৰা নামি আহিবলৈ প্ৰত্যাহ্বান জনাইছিল (২৭:৩৯-৪৪)।

Matthew 27:45

দুপৰীয়া বাৰ বজাৰ পৰা তিনি বজালৈকে কি ঘটিছিল ?

দুপৰীয়া বাৰ বজাৰ পৰা তিনি বজালৈকে গোটেই দেশখনতে অন্ধকাৰ নামি আহিছিল (২৭:৪৫)।

তিনি বজা সময়ত যীচুৱে কি চিঞঁৰিছিল ?

যীচুৱে এই বুলি চিঞঁৰিছিল, "হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা?" (২৭:৪৬)।

Matthew 27:48

যীচুৱে আকৌ এবাৰ বৰকৈ চিঞঁৰাৰ পাছত কি ঘটিছিল?

যীচুৱে তেওঁৰ আত্মা এৰি দিছিল (২৭:৫০)।

Matthew 27:51

যীচুৰ মৃত্যু হোৱাৰ পাছত মন্দিৰত কি ঘটিছিল?

যীচুৰ মৃত্যু হোৱাৰ পাছত মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুচিটা হৈছিল (২৭:৫১)।

যীচুৰ মৃত্যু হোৱাৰ পাছত কবৰ বোৰত কি ঘটিছিল ?

নিদ্ৰিত হে থকা অনেক সাধু-সন্তৰ পুনৰূত্থান হৈছিল আৰু অনেকক দেখা দিছিল (২৭:৫২-৫৩)।

Matthew 27:54

এই সকলোবোৰ ঘটনা দেখাৰ পাছত, সেনাপতিৰ সাক্ষ্য কি আছিল?

সেই সেনাপতিয়ে সাক্ষ্য দিছিল, "সচাঁকৈয়ে এইজন ঈশ্বৰৰ পুত্ৰ আছিল" (২৭:৫৪)।

Matthew 27:57

তেওঁক ক্ৰচবিদ্ধ কৰাৰ পাছত যীচুৰ শৰীৰটো কি হৈছিল?

যীচুৰ এজন ধনী শিষ্য যোচেফে, পীলাতৰ ওচৰত যীচুৰ শৰীৰটো খুজিছিল, শণ সুতাৰ কাপোৰেৰে মেৰিয়াইছিল, আৰু তেওঁৰ নিজৰ নতুনকৈ খন্দা কবৰত শুৱাই থৈছিল (২৭:৫৭-৬০)।

Matthew 27:59

যীচুৰ শৰীৰটো য'ত শুৱাই থোৱা হৈছিল সেই কবৰৰ দুৱাৰত কি স্থাপন কৰা হৈছিল?

যীচুৰ শৰীৰটো য'ত শুৱাই থোৱা হৈছিল সেই কবৰৰ দুৱাৰত এটা প্ৰকাণ্ড শিল স্থাপন কৰা হৈছিল (২৭:৬০)।

Matthew 27:62

পিছদিনাখন প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে পীলাতৰ লগত কিয় গোট খাইছিল?

প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে এইটো নিশ্চিত হোৱাটো বিচাৰিছিল যে যীচুৰ কবৰটো সুৰক্ষিত হওক যাতে কোনেও তেওঁৰ দেহাটো চুৰ কৰি নিব নোৱাৰে (২৭:৬২-৬৪)।

Matthew 27:65

তেওঁলোকে সেই কবৰটোত কি কৰিব পীলাতে অনুমতি দিছিল?

তেওঁলোকে সেই কবৰৰ শিলটোত মোহৰ মাৰিবলৈ আৰু কবৰটোক চন্তৰী দি পহৰা দি ৰাখিবলৈ পীলাতে অনুমতি দিছিল (২৭:৬৫-৬৬)।