Matthew 28

Matthew 28:1

মগদলীনী মৰিয়ম আৰু আন এগৰাকী মৰিয়মে যীচুৰ কবৰলৈ কোন দিনাখন কেতিয়া গৈছিল?

সপ্তাহৰ প্ৰথম দিনা ৰাতিপুৱা ধল ফাট দিয়াতে, তেওঁলোকে যীচুৰ মৈদামলৈ গৈছিল (২৮:১)।

যীচুৰ মৈদামৰ পৰা সেই শিলটো কেনেকৈ বাগৰি গৈছিল ?

প্ৰভুৰ এজন দূত নামি আহিছিল আৰু শিলটো বগৰাই আতৰাই দিছিল (২৮:২)।

Matthew 28:3

প্ৰহৰীবিলাকে যেতিয়া স্বৰ্গদূত দেখা পাইছিল সিহঁতে কি কৰিছিল?

প্ৰহৰীবিলাকে যেতিয়া স্বৰ্গদূত দেখা পাইছিল সিহঁত ভয়তে কঁপিছিল আৰু মৰা মানুহৰ নিচিনা হৈছিল (২৮:৪)।

Matthew 28:5

সেই মহিলা দুগৰাকীক সেই স্বৰ্গদূতজনে যীচুৰ বিষয়ে কি কৈছিল ?

সেই স্বৰ্গ দূতে কৈছিল যে যীচু পুনৰূত্থান হ'ল আৰু তেওঁলোকৰ আগেয়ে গালীললৈ গৈছে (২৮:৫-৭)।

Matthew 28:8

মহিলা কেইজনীয়ে শিষ্যসকলক ক'বলৈ আহি থাকোঁতে বাটত কি ঘটিছিল ?

মহিলা কেইগৰাকীয়ে যীচুক লগ পাইছিল, আৰু তেওঁলোক তেওঁৰ ভৰিত পৰিছিল আৰু তেওঁক উপাসনা কৰিছিল (২৮:৮-৯).

Matthew 28:11

যেতিয়া সেই প্ৰহৰীবিলাকে প্ৰধান পুৰোহিতবিলাকক মৈদামত ঘটা সকলো ঘটনা কৈছিল, প্ৰধান পুৰোহিতে কি কৰিছিল ?

প্ৰধান পুৰোহিতসকলে সেই সৈন্যবিলাকক এক বৃহৎ পৰিমাণৰ টকা দিছিল আৰু সিহঁতক ক'বলৈ কৈছিল যে যীচুৰ শিষ্যবিলাকে দেহটো চুৰ কৰি নিলে (২৮:১১-১৩)।

Matthew 28:16

শিষ্যবিলাকে যীচুক গালীলত দেখা পাই কি কৰিছিল ?

শিষ্যবিলাকে যীচুক উপাসনা কৰিছিল, কিন্তু কোনো কোনোৱে সন্দেহ কৰিছিল (২৮:১৭)।

Matthew 28:18

যীচুক কি ক্ষমতা দিয়া হ'ল বুলি তেওঁ কৈছিল ?

যীচুৱে কৈছিল স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা তেওঁক দিয়া হ'ল (২৮:১৮)।

যীচুৱে তেওঁৰ শিষ্যসকলক কি কি তিনিটা কাম কৰিবলৈ আদেশ দিছিল ?

যীচুৱে তেওঁৰ শিষ্যসকলক যাবলৈ কৈছিল আৰু শিষ্য কৰিবলৈ কৈছিল, তেওঁলোকক বাপ্তিস্ম দিবলৈ কৈছিল, আৰু যীচুৰ সকলো আজ্ঞাবিলাক পালন কৰিবলৈ তেওঁলোকক শিকাবলৈ কৈছিল (২৮:১৯-২০)।

যীচুৱে তেওঁৰ শিষ্যসকলক কাৰ নামত বাপ্তিস্ম দিবলৈ কৈছিল ?

যীচুৱে তেওঁৰ শিষ্যসকলক পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত বাপ্তিস্ম দিবলৈ কৈছিল (২৮:২০)।