Matthew 26

Matthew 26:1

আৰু দুদিনৰ পাছত কি যিহুদী পৰ্ব্ব হ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে আৰু দুদিনৰ পাছত নিস্তাৰ পৰ্ব্ব হ'ব (২৬:২)।

Matthew 26:3

প্ৰধাম পুৰোহিত আৰু বৃদ্ধ চলাওঁতা সকলে প্ৰধান পুৰোহিতৰ চোতালত কি কৰিবলৈ আলম কৰিছিল?

তেওঁলোকে ছলেৰে যীচুক ধৰিবলৈ আৰু বধ কৰিবলৈ আলচ কৰিছিল (২৬:৪)।

প্ৰধান পুৰোহিত আৰু বৃদ্ধ চলাওঁতা সকলে কিহলৈ ভয় কৰিছিল?

তেওঁলোকে এইটো ভয় কৰিছিল যে যদ্ পৰ্ব্বৰ সময়ত যীচুক বধ কৰে, মানুহবিলাকৰ হুৰামুৰা লাগিব (২৬:৫)।

Matthew 26:6

যেতিয়া সেই মহিলা গৰাকীয়ে মুল্যৱান সুগন্ধি দ্ৰব্য যীচুৰ মুৰত ঢালি দিলে তেতিয়া শিষ্যবিলাকৰ প্ৰতিক্ৰিয়া কি আছিল?

শিষ্যবিলাকৰ খং উঠিছিল আৰু সেই দ্ৰব্য কিয় বিক্ৰি কৰি সেই ধন দুখীয়া বিলাকক বলাই দিয়া নহ'ল সেইটো জানিবলৈ বিচাৰিছিল (২৬:৬-৯)।

Matthew 26:12

সেই মহিলা গৰাকীয়ে তেওঁৰ মুৰত কিয় সেই দ্ৰব্য ঢালি দিছিল যীচুৱে বুলি কৈছিল?

যীচুৱে কৈছিল সেই মহিলাগৰাকীয়ে যীচুক কবৰত থোৱা দিনৰ কাৰণে তেওঁৰ মুৰত সেই দ্ৰব্য ঢালি দিছিল বুলি কৈছিল (২৬:১২)

Matthew 26:14

প্ৰধান পুৰোহিতসকলৰ হাতত যীচুক শোধাই দিবলৈ ঈস্কৰিয়োতীয়া যিহুদাক কি দিয়া হৈছিল?

প্ৰধান পুৰোহিতসকলৰ হাতত যীচুক শোধাই দিবলৈ ঈস্কৰিয়োতীয়া যিহুদাক ত্ৰিশটা ৰূপৰ মুদ্ৰা দিয়া হৈছিল (২৬:১৪-১৫)

Matthew 26:23

যিজনে যীচুক প্ৰবঞ্চনা কৰিব সেইজনৰ ভবিষ্যতৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে যিজনে তেওঁক শোধাই দিয়ে, তেওঁৰ জন্ম নোহোৱা হ'লেই ভাল আছিল (২৬:২৪)।

যিজনে তেওঁক প্ৰবঞ্চনা কৰিব, যেতিয়া যিহুদাই সেইজন তেওঁ বুলি কৈছিল, যীচুৱে কেনেকৈ উত্তৰ দিছিল?

যীচুৱে উত্তৰ দিছিল, "এইটো তুমি নিজেই ক'লা" (২৬:২৫)।

Matthew 26:26

যীচুৱে যেতিয়া পিঠা লৈ লৈছিল, আশীৰ্ব্বাদ কৰিছিল, ভাঙিছিল, আৰু শিষ্যবিলাকক দিছিল যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল, "লোৱা, খোৱা, এইয়ে মোৰ শৰীৰ" (২৬:২৬)।

Matthew 26:27

যেতিয়া শিষ্যসকলক পিয়লাটো দিছিল যীচুৱে কি কৈছিল ?

যীচুৱে কৈছিল যে এই পিয়লা হৈছে নিয়মৰ তেওঁৰ তেজ যিটো অনেকৰ পাপৰ ক্ষমাৰ বাবে বোৱাই দিয়া হৈছে (২৬:২৮)।

Matthew 26:30

জৈতুন পৰ্ব্বতত, যীচুৱে তেওঁ শিষ্যসকলক কি কৈছিল যে তেওঁলোক সকলোৱে সেই ৰাতি সেইটো কৰিব?

যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল যে তেওঁৰ কাৰণে তেওঁলোক সকলোৱে বিঘিনি পাব আৰু আতৰি যাব (২৬:৩০-৩১)।

Matthew 26:33

যেতিয়া পিতৰে কৈছিল যে তেওঁ কেতিয়াও বিঘিনি নাপাব, যীচুৱে তেওঁক কি কৈছিল যে সেই ৰাতি তেওঁ সেইটো কৰিব?

যীচুৱে কৈছিল যে পিতৰে সেই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে তেওঁ তিনিবাৰ অস্বীকাৰ কৰিব (২৬:৩৩-৩৪)।

Matthew 26:36

যীচুৱে প্ৰাৰ্থনা কৰি থাকোঁতে পিতৰ আৰু চিবদিয়ৰ দুজন পুতেকক কি কৰিবলৈ কৈছিল?

যীচুৱে তেওঁলোকক তাত থাকিবলৈ কৈছইল আৰু তেওঁৰ বাবে পৰ দিবলৈ কৈছিল (২৬:৩৭-৩৮)।

Matthew 26:39

যীচুৱে তেওঁৰ প্ৰাৰ্থনাত পিতৃক কি অনুৰোধ কৰিছিল?

যীচুৱে এই অনুৰোধটো কৰিছিল যে যদি সম্ভৱ হয়, তেওঁৰ পৰা এই পিয়লা দুৰ কৰক (২৬:৩৯)।

যীচুৰ নিজৰ ইচ্ছা নহয় কি কৰা হওক বুলি যীচুৱে প্ৰাৰ্থনা কৰিছিল?

যীচুৱে প্ৰাৰ্থনা কৰিছিল তেওঁৰ ইচ্ছা যিয়েই নহওক যে, পিতৃৰ ইচ্ছাই পুৰ হওক (২৬:৩৯, ৪২)।

Matthew 26:42

যীচুৱে প্ৰাৰ্থনা কৰাৰ পৰা ঘুৰি আহোঁতে শিষ্যসকলে কি কৰি আছিল?

যীচুৱে প্ৰাৰ্থনা কৰাৰ পৰা ঘুৰি আহোঁতে শিষ্যসকলে টোপনিত শুই আছিল (২৬:৪০, ৪৩, ৪৫)।

যীচুৱে শিষ্যসকলক কেইবাৰ এৰি গৈছিল আৰু প্ৰাৰ্থনা কৰিছিল?

যীচুৱে শিষ্যসকলক তিনিবাৰ এৰি গৈছিল আৰু প্ৰাৰ্থনা কৰিছিল (২৬:৩৯-৪৪)।

Matthew 26:47

সেই ধৰিব লগীয়াজন যীচু বুলি চিনাকি কৰি দিবলৈ সেই মানুহ বিলাকক যিহুদাই কি চিন দিছিল ?

সেই ধৰিব লগীয়াজন যীচু বুলি চিনাকি কৰি দিবলৈযিহুদাই যীচুক চুমা দি সেই মানুহ বিলাকক চিন দিছিল (২৬:৪৭-৫০)।

Matthew 26:51

যেতিয়া যীচু ধৰা হ'ল যীচুৰ এজন শিষ্যই কি কৰিছিল?

যীচুৱৰ এজন শিষ্যই তৰোৱাল উলিয়াইছিল আৰু মহা পুৰোহিতৰ দাস এজনৰ কাণ এখন কাটি পেলাইছিল (২৬:৫১)।

যদি যীচুৱে নিজকে ৰক্ষা কৰিবলৈ ইচ্ছা কৰে তেওঁ কি কৰিব পাৰে বুলি কৈছিল?

যীচুৱে কৈছিল যে তেওঁ পিতৃক নিবেদন কৰি পাৰে, যিয়ে এতিয়াই বাৰবাহিনী স্বৰ্গ দূত পঠিয়াই দিব (২৬:৫৩)।

এই ঘটনাটোৰ দ্বাৰা কি পৰিপুৰ্ণ হৈছিল বুলি যীচুৱে কৈছিল ?

যীচুৱে কৈছিল যে এই ঘটনাটোৰ দ্বাৰা শাস্ত্ৰবাক্য পৰিপুৰ্ণ হৈছিল (২৬ :৫৪, ৫৬)।

Matthew 26:55

তেতিয়া সকলো শিষ্যই কি কৰিছিল?

তেতিয়া সকলো শিষ্যই তেওঁৰ এৰি গৈছিল আৰু পলাইছিল (২৬:৫৬)।

Matthew 26:59

প্ৰধান পুৰোহিত আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ কি বিচাৰি আছিল?

যীচুক বধ কৰিবলৈ তেওঁলোকে যীচুৰ বিপক্ষে মিছা সাক্ষী বিচাৰি আছিল (২৬:৫৯)।

Matthew 26:62

জীৱিত ঈশ্বৰৰ নামত শপত খাই মহা পুৰোহিতে যীচুক কি আদেশ দিছিল?

মহা পুৰোহিতে যীচুক এই আদেশ দিছিল যে তেওঁ ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হয়নে নহয় তাক তেওঁলোকক কওক (২৬:৬৩)।

মহা পুৰোহিতৰ আদেশৰ কি প্ৰত্যুত্তৰ যীচুৱে দিছিল?

যীচুৱে কৈছিল, "তুমি এইটো নিজেই কৈছা" (২৬:৬৪)।

মহা পুৰোহিতে কি দেখিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে মহা পুৰোহিতে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিব (২৬:৬৪)।

Matthew 26:65

তেতিয়া মহা পুৰোহিতে যীচুৰ বিপক্ষে কি দোষ ধৰিছিল?

মহা পুৰোহিতে যীচুক ঈশ্বৰ নিন্দা কৰাৰ দোষত দোষী কৰিছিল (২৬:৬৫)।

Matthew 26:67

যীচুক দোষী কৰাৰ পাছত তেওঁলোকে যীচুক কি কৰিছিল?

তেওঁলোকে যীচুৰ মুখত থুই পেলাইছিল, তেওঁক কোবাইছিল, আৰু তেওঁলোকৰ হাতেৰে তেওঁক চৰ মাৰি আছিল (২৬:৬৭)।

Matthew 26:69

কোনোবাই পিতৰক তেওঁৰ লগত থকা বুলি কোৱাত তেওঁ তিনিবাৰ কি উত্তৰ দিছিল?

পিতৰে উত্তৰ দিছিল যে তেওঁ যীচুক চিনি নাপায় (২৬:৭০, ৭২, ৭৪)।

Matthew 26:73

পিতৰে তৃতীয় বাৰ উত্তৰ দিয়াৰ লগে লগে কি ঘটিছিল?

পিতৰে তৃতীয় বাৰ উত্তৰ দিয়াৰ লগে লগে এটা কুকুৰাই ডাক দিছিল (২৬:৭৪)।

পিতৰে তেওঁৰ তৃতীয়বাৰ উত্তৰ দিয়াৰ পাছত তেওঁ কি মনত পৰিছিল?

পিতৰে এইটো মনত পেলাইছিল যে যীচুৱে তেওঁক কৈছিল কুকুৰাই ডাক দিয়াৰ আগে আগে, তেওঁ যীচুক তিনিবাৰ অস্বীকাৰ কৰিব (২৬:৭৫)।