Matthew 25

Matthew 25:1

সেই নিৰ্বুদ্ধি কন্যা কেইজনীয়ে দৰাক লগ পাবলৈ যাওঁতে সিহঁতে কি কৰা নাছিল?

সেই নিৰ্বুদ্ধি কন্যা কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত তেল লোৱা নাছিল (২৫:৩)।

সেই সুবুদ্ধিৰ কন্যা কেইজনীয়ে দৰাক লগ পাবলৈ যাওঁতে সিহঁতে কি কৰিছিল?

সেই সুবুদ্ধিৰ কন্যা কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত তেলৰ পাত্ৰও লৈছিল (২৫:৪)।

Matthew 25:5

দৰা কেতিয়া আহিছিল,আৰু এইটো আশা কৰা সময়ত আছিল নে?

দৰাই মাজ নিশা আহিছিল, যিটো আশা কৰা সময়তকৈয়ো পাছত আছিল (২৫:৫-৬)।

Matthew 25:10

যেতিয়া দৰা আহিছিল সেই সুবুদ্ধি কন্যা কেইজনীৰ কি হৈছিল?

সেই সুবুদ্ধিৰ কন্যা কেইজনী দৰাৰ লগত বিয়াঘৰৰ ভোজলৈ সোমাই গৈছিল (২৫:১০)।

যেতিয়া দৰা আহিছিল সেই নিৰ্বুদ্ধি কন্যা কেইজনীৰ কি হৈছিল?

সেই নিৰ্বুদ্ধি কন্যা কেইজনীয়ে তেল কিনিবলৈ যাবলগীয়া হৈছিল আৰু যেতিয়া সিহঁত ঘুৰি আহিছিল বিয়াবোজৰ ঘৰৰ দুৱাৰ সিহঁতৰ বাবে বন্ধ হৈছিল (২৫:৮-১০)।

যীচুৱে কোৱা এই কন্যা কেইজনীৰ দৃষ্টান্তৰ পৰা বিশ্বাসী বিলাকে কি শিকাটো যীচুৱে বিচাৰিছিল?

যীচুৱে কৈছিল যে বিশ্বাসীবিলাকে পৰ দি থকা উচিত কিয়নো সেই দিন বা সময় তেওঁলোকে নাজানে (২৫:১৩)।

Matthew 25:14

যেতিয়া তেওঁলোকৰ গৰাকীয়ে যাত্ৰাত গৈছিল, সেই পাঁচ গাগৰি আৰু দুই গাগৰি পোৱা চাকৰ দুজনে তেওঁলোকৰ গাগৰিৰে সৈতে কি কৰিছিল?

পাঁচ গাগৰি পোৱা চাকৰজনে ব্যৱসায় কৰি আৰু পাঁচ গাগৰি কৰিছিল, আৰু দুই গাগৰি পোৱা জনে ব্যৱসায় কৰি আৰু দুই গাগৰি বৃদ্ধি কৰিছিল (২৫:১৬-১৭)।

Matthew 25:17

যেতিয়া তাৰ গৰাকীয়ে যাত্ৰাত গৈছিল, সেই এক গাগৰি পোৱা চাকৰজনে তাৰ গাগৰিৰে সৈতে কি কৰিছিল?

এক গাগৰি পোৱা চাকৰ জনে মাটিত এটা গাত খান্দিছিল আৰু তাৰ গৰাকীৰ ধন লুকুৱাই ৰাখিছিল (২৫:১৮)।

Matthew 25:19

সেই গৰাকীৰ তেওঁৰ যাত্ৰাত কিমান দিন আতৰি আছিল?

সেই গৰাকী বহু দিন যাত্ৰাত আতৰি আছিল (২৫:১৯)।

যেতিয়া সেই গৰাকী ঘুৰি আহিছিল, যি চাকৰ দুজনক পাঁচ গাগৰি আৰু দুই গাগৰি দিছিল সিহঁতক কি কৰিছিল?

সেই গৰাকীয়ে কৈছিল, " চাব্বাইচ, উত্তম আৰু বিশ্বাসী দাস!" আৰু সিহঁতক অনেক বিষয়ৰ ওপৰত দায়িত্ত্ব দিছিল (২৫:২০-২৩)।

Matthew 25:26

যেতিয়া তেওঁ ঘুৰি আহিছিল, যি জন চাকৰক এক গাগৰি দিছিল তেওঁক প্ৰভুৱে কি কৰিছিল?

সেই প্ৰভুৱে কৈছিল, "হেৰৌ দুষ্ট আৰু এলেহুৱা চাকৰ," তেওঁৰ পৰা সেই এক গাগৰি ঘুৰাই লৈছিল, াৰু তেওঁক বাহিৰৰ অন্ধকাৰত দলিয়াই পেলাইছিল (২৫:২৪-৩০)।

Matthew 25:31

মানুহৰ পুত্ৰ যেতিয়া আহিব আৰু তেওঁৰ প্ৰতাপান্বিত সিংহাসনত বহিব তেওঁ কি কৰিব?

মানুহৰ পুত্ৰই সকলো জাতিৰ মানুহক গোটাব আৰু মানুহবিলাকক ইজনৰ পৰা সিজন বেলেগ বেলেগ কৰিব (২৫:৩১-৩২)।

Matthew 25:34

যিবিলাক ৰজাৰ সোঁ ফালে আছিল সিহঁতে কি পাব?

যিবিলাক ৰজাৰ সোঁ ফালে আছিল সিহঁতে জগত সৃষ্টিৰ দিনৰে পৰা তেওঁলোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্য পাব (২৫:৩৪)।

যিবিলাক ৰজাৰ বাওঁ ফালে আছিল সিহঁতে জীৱনক কি কৰিছিল?

যিবিলাক ৰজাৰ সোঁ ফালে আছিল সিহঁতে ভোকাতুৰক খাবলৈ দিছিল, পিয়াহ লগাক পান কৰিবলৈ দিছিল, অতিথিক আশ্ৰয় দিছিল, উদঙে থকাক বস্ত্ৰ দিছিল, ৰোগীয়াক চোৱাচিতা কৰিছিল, নাইবা বন্দীশালত থকাবিলাকক খবৰ লৈছিল (২৫:৩৫-৪০)।

Matthew 25:41

যিবিলাক ৰজাৰ বাওঁ ফালে আছিল সিহঁতে কি পাব?

যিবিলাক ৰজাৰ বাওঁ ফালে আছিল সিহঁতে চয়তান আৰু তাৰ দূতবিলাকৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুই পাব (২৫:৪১)।

Matthew 25:44

যিবিলাক ৰজাৰ বাওঁ ফালে আছিল সিহঁতে জীৱনক কি কৰা নাছিল?

যিবিলাক ৰজাৰ বাওঁ ফালে আছিল সিহঁতে ভোকাতুৰক খাবলৈ দিয়া নাছিল, পিয়াহ লগাক পান কৰিবলৈ দিয়া নাছিল, অতিথিক আশ্ৰয় দিয়া নাছিল, উদঙে থকাক বস্ত্ৰ দিয়া নাছিল, ৰোগীয়াক চোৱাচিতা কৰা নাছিল, নাইবা বন্দীশালত থকাবিলাকক খবৰ লোৱা নাছিল (২৫:৪২-৪৫)।