Matthew 24

Matthew 24:1

যীচুৱে যিৰূচালেমৰ মন্দিৰৰ বিষয়ে কি ভবিষ্যবাণী কৰিছিল?

যীচুৱে এই ভবিষঅযবাণী কৰিছিল যে মন্দিৰৰ যিটো শিল ভঙা নহ'ব এনে এটা শিলো আনটোৰ ওপৰত নথকাকৈ নেৰিব (২৪:২)।

Matthew 24:3

মন্দিৰৰ বিষয়ে ভবিষ্যবাণী শুনাৰ পাছত, শিষ্যবিলাকে যীচুক কি সুধিছিল?

শিষ্যবিলাকে যীচুক সুধিছিল এইবোৰ কেতিয়া ঘটিব, আৰু তেওঁৰ অহাৰ চিনবোৰ আৰু এই জগতৰ শেষ হোৱাৰ চিনবোৰ কি (২৪:৩)।

কেনে ধৰণৰ মানুহে অনেকক বিপথে পৰিচালিত কৰি লৈ যাব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল বহুতে আহিব ক'ব তেওঁলোক খ্ৰীষ্ট, অনেকক বিপথে পৰিচালিত কৰি লৈ যাব (২৪:৫)।

Matthew 24:6

কি ঘটনাবোৰ এই প্ৰসৱ বেদনাৰ আৰম্ভণ বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে যুদ্ধ-বিগ্ৰহ, আকাল,আৰু ভুমিকম্প আদিবোৰ এই প্ৰসৱ বেদনাৰ আৰম্ভণ (২৪:৬-৮)।

Matthew 24:9

বিশ্বাসীবিলাকৰ মাজত সেই সময়ত কি ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে বিশ্বাসীসকলে দুখ-ক্লেশ ভাগ কৰিব, কোনো কোনোৱে উজুতি খাব আৰু ইজনে সিজনক প্ৰবঞ্চনা কৰিব, আৰু কোনো কোনোৰ অন্তৰ চেচাঁ হৈ যাব (২৪:৯-১২)।

Matthew 24:12

কোনে ৰক্ষা পাব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে যিজনে শেষলৈকে সহন কৰি থাকে তেৱেঁই ৰক্ষা পাব (২৪:১৩)।

শেষ অৱস্থা আহি পোৱাৰ আগতে শুভবাৰ্ত্তা কি হ'ব ?

এই শেষ অৱস্থা আহি পোৱাৰ আগতেই ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই জগতত প্ৰচাৰিত হ'ব (২৪:১৪)।

Matthew 24:15

যেতিয়া শিষ্যবিলাকে সেই ধ্বংসকাৰী ঘিণলগীয়া বস্তুক পবিত্ৰ ঠাইত থিয় থকা দেখিব তেতিয়া যীচুৱে তেওঁলোকক কি কৰিবলৈ কৈছিল?

যীচুৱে কৈছিল বিশ্বাসীবিলাকে পৰ্ব্বতলৈ পলাই যোৱা উচিত (২৪:১৫-১৮)।

Matthew 24:19

সেই কালত সেই মহা ক্লেশ কিমান ভয়ঙ্কৰ হ'ব?

সেই কালত, সেই মহা ক্লেশ এনে ভয়ঙ্কৰ হ'ব যে জগত সৃষ্টিৰ দিনৰ পৰা তেনে মহা ক্লেশ কেতিয়াও হোৱাই নাই (২৪:২১)।

Matthew 24:23

ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদীবোৰে কেনেকৈ অনেকক বিপথে লৈ যাব?

ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদীবোৰে মহৎ চিন আৰু পৰাক্ৰম কাৰ্য্য কৰি দেখুৱাব আৰু অনেকক বিপথে লৈ যাব (২৪:২৪)।

Matthew 24:26

মানুহৰ পুত্ৰৰ আগমণ কিদৰে দেখা যাব?

বিজুলীয়ে যেনেকৈ পুবৰ পৰা পশ্চিমলৈকে পোহৰ কৰি পেলাই সেইদৰে মানুহৰ পুত্ৰৰ আগমণ দেখা যাব (২৪:২৭)।

Matthew 24:29

সেই দিনবোৰৰ মহা ক্লেশৰ পাছত সুৰ্য্য, চন্দ্ৰ আৰু তৰাবোৰৰ কি ঘটিব?

সুৰ্য্য আৰু চন্দ্ৰ অন্ধকাৰ হৈ যাব, আৰু আকাশৰ পৰা তৰাবোৰ খহি খহি পৰিব (২৪:২৯)।

Matthew 24:30

পৃথিবীৰ জাতি গোষ্ঠী বিলাকে যেতিয়া মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব তেওঁলোকে কি কৰিব?

পৃথিবীৰ জাতি গোষ্ঠী বিলাকে তেওঁলোকৰ হিয়া ভুকুৱাব (২৪:৩০)।

মানুহৰ পুত্ৰই মনোনীত বিলাকক গোটাই আনিবলৈ দূতবিলাকক পঠাই দিওঁতে কি শব্দ শুনিবলৈ পোৱা যাব?

যেতিয়া দূতবিলাকে মনোনীত বিলাকক গোটাই আনিব তুৰীৰ এক ভয়ঙ্কৰ মহা শব্দ শুনিবলৈ পোৱা যাব (২৪:৩১)।

Matthew 24:34

এই সকলোবোৰ নঘটে মানে কি লুপ্ত নহ'ব বুলি যীচুৱে কি কৈছিল ?

যীচুৱে কৈছিল যে এই সকলোবোৰ নঘটে মানে এই কালৰ মানুহবিলাক লুপ্ত নহ'ব (২৪:৩৪)।

কি লুপ্ত হ'ব আৰু কি কেতিয়াও লুপ্ত নহ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে আকাশ আৰু পৃথিবী লুপ্ত হ'ব, কিন্তু তেওঁৰ বাক্য কেতিয়াও লুপ্ত নহ'ব (২৪:৩৫)।

Matthew 24:36

এইবোৰ কেতিয়া ঘটিব সেইটো কোনে জানে?

এইবোৰ কেতিয়া ঘটিব সেইটো কেৱল পিতৃয়েহে জানে (২৪:৩৬)।

Matthew 24:37

মানুহৰ পুত্ৰ আগমণ নোহৰ জলপ্লাৱনৰ আগৰ কালৰ নিচিনা কেনেকৈ হ'ব ?

মানুহবিলাকে ভোজন আৰু পান কৰিব, বিয়া কৰিব আৰু বিয়া দিব, সোধবিচাৰৰ আগমণৰ বিষয়ে একোৱেই নাজানিব যিটে সিহঁতক উড়ুৱাই লৈ যাব (২৪:৩৭-৩৯)।

Matthew 24:43

যীচুৱে তেওঁৰ আগমণৰ বিষয়ে তেওঁৰ বিশ্বাসীবিলাকক কেনে দৃষ্টিভঙ্গী ৰাখিবলৈ কৈছিল আৰু কিয়?

যীচুৱে কৈছিল যে তেওঁৰ বিশ্বাসীবিলাক সৰ্বদা যুগুত হৈ থাকিব লাগে কাৰণ প্ৰভু জনা কোন দিনা আহিব তাক তেওঁলোকে নাজানে (২৪:৪২, ৪৪)।

Matthew 24:45

যেতিয়া প্ৰভু নাথাকে এজন বিশ্বাসী আৰু জ্ঞানী সেৱকে কি কৰে ?

যেতিয়া প্ৰভু নাথাকে এজন বিশ্বাসী আৰু জ্ঞানী সেৱকে প্ৰভুৰ ঘৰৰ চোৱাচিতা ও পৰিচালনা কৰে (২৪:৪৫-৪৬)।

বিশ্বাসী আৰু জ্ঞানী সেৱকক সেই ঘৰৰ প্ৰভুৱে ঘুৰি অহাৰ পাছত কি কৰে ?

যেতিয়া তেওঁ ঘুৰি আহে, সেই গৰাকীয়ে সেই বিশ্বাসী আৰু জ্ঞানী সেৱকক তেওঁৰ সকলো বস্তুৰ ওপৰত গৰাকী পাতে (২৪:৪৭)।

Matthew 24:48

যেতিয়া প্ৰভু নাথাকে এজন দুষ্ট সেৱকে কি কৰে ?

যেতিয়া প্ৰভু নাথাকে এজন দুষ্ট সেৱকে সহ সেৱক বিলাকক কোবায় আৰু মদাহীবিলাকৰ লগত ভোজন আৰু পান কৰে (২৪:৪৮-৪৯)।

সেই দুষ্ট সেৱকক সেই ঘৰৰ প্ৰভুৱে ঘুৰি অহাৰ পাছত কি কৰে ?

যেতিয়া তেওঁ ঘুৰি আহে, সেই গৰাকীয়ে সেই দুষ্ট সেৱকক দুডোখৰ কৰি কাটে আৰু য'ত ক্ৰন্দন আৰু দাঁত কৰচনি হয় তালৈ তাক পঠিয়াই দিয়ে (২৪:৫১)।