Matthew 23

Matthew 23:1

যিহেতু অধ্যাপক আৰু ফৰীচীবিলাকে মোচিৰ আসনত বহি আছিল, তেওঁলোকৰ শিক্ষাক যীচুৱে কি কৰিবলৈ মানুহবিলাকক কৈছিল?

অধ্য়াপক আৰু ফৰীচীবিলাকে মোচিৰ আসনৰ পৰা দিয়া শিক্ষাবিলাকক যীচুৱে মানুহবিলাকক পালন কৰিবলৈ আৰু মান্য কৰিবলৈ কৈছিল (২৩:২-৩)।

অধ্যাপক আৰু ফৰীচীবিলাকৰ কৰ্ম্মবিলাকক অনুকৰণ নকৰিবলৈ যীচুৱে মানুহবিলাকক কিয় কৈছিল?

যীচুৱে কৈছিল তেওঁলোকে সিহঁতৰ কৰ্ম্মবোৰ অনুকৰণ কৰা উচিত নহয় কাৰণ তেওঁলোকে কথা বোৰ কয় কিন্তু তাৰ পাছত সেইবোৰ নকৰে (২৩:৩)।

Matthew 23:4

অধ্যাপক আৰু ফৰীচীবিলাকে কি উদ্দেশ্যেৰে তেওঁলোকৰ সকলোবোৰ কৰ্ম্ম কৰে?

অধ্যাপক আৰু ফৰীচীবিলাকে মানুহৰ দ্বাৰা দেখা পাবলৈ তেওঁলোকে তেওঁলোকৰ সকলোবাৰ কৰ্ম্ম কৰে (২৩:৫)।

Matthew 23:8

আমাৰ মাত্ৰ এজন পিতৃ কোন, আৰু আমাৰ মাত্ৰ এজন শিক্ষক কোন বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে আমাৰ মাত্ৰ এজন পিতা যিজন স্বৰ্গত আছে, আৰু আমাৰ এজন মাত্ৰ শিক্ষক সেইজন হৈছে খ্ৰীষ্ট (২৩:৮-১০)।

Matthew 23:11

যিজনে নিজকে নিজ বৰ মানে তেওঁক, আৰু যিজনে নিজকে নিজে নম্ৰ কৰে ঈশ্বৰে সেইজনক কি কৰিব?

যিয়ে নিজকে নিজে বৰ মানে ঈশ্বৰে সেইজনক নম্ৰ কৰিব , আৰু যিজনে নিজকে নম্ৰ কৰে তেওঁক ঈশ্বৰে বৰ কৰিব (২৩:১২)।

Matthew 23:13

যেতিয়া অধ্যাপক আৰু ফৰীচীবিলাকে এজনক নতুনকৈ ধৰ্ম্মত দীক্ষিত কৰে, তেওঁ কাৰ পুত্ৰ আছিল?

যেতিয়া অধ্যাপক আৰু ফৰীচীবিলাকে এজনক নতুনকৈ ধৰ্ম্মত দীক্ষিত কৰে, তেওঁক তেওঁলোক নিজে হোৱাৰ দৰে সেইজনক দুগুণ নৰকৰ পুত্ৰ কৰে (২৩:১৫)।

যীচুৱে অধ্যাপক আৰু ফৰীচীসকলক বাৰে বাৰে কি বুলি কৈ আছিল যিটো তেওঁলোকৰ আচৰণ বৰ্ণনা কৰিছিল?

যীচুৱে অধ্যাপক আৰু ফৰীচীসকলক বাৰে বাৰে কপটীয়া বুলি কৈছিল (২৩:১৩-১৫, ২৩, ২৫, ২৭, ২৯)।

Matthew 23:16

শপতেৰে বন্ধা হোৱা ক্ষেত্ৰত, অধ্যাপক আৰু ফৰীচীসকলৰ শিক্ষাৰ বিষয়ত যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে অধ্যাপক আৰু ফৰীচীসকল অন্ধ পথ প্ৰদৰ্শক আৰু অন্ধ অজ্ঞানী (২৩:১৬-১৯)।

Matthew 23:23

যদিও তেওঁলোকে পদিনা, গুৱামুৰি আৰু জীৰাৰ দশমভাগ দান দিছিল অধ্যাপক আৰু ফৰীচীবিলাকে কি বিষয়টোত বিফল হৈছিল?

অধ্যাপক আৰু ফৰীচীবিলাকে বিধানৰ গুৰুত্ত্বপুৰ্ণ বিষয়- ন্যায়বিচাৰ, দয়া আৰু বিশ্বাস আদিত বিফল হৈছিল (২৩:২৩)।

Matthew 23:25

অধ্যাপক আৰু ফৰীচীবিলাকে কি পৰিস্কাৰ কৰাত বিফল হৈছিল?

অধ্যাপক আৰু ফৰীচীবিলাকে তেওঁলোকৰ পিয়লাৰ ভিতৰভাগ পৰিস্কাৰ কৰাত বিফল হৈছিল সেয়ে বাহিৰভাগো পৰিস্কাৰ কৰিব পাৰি (২৩:২৫-২৬)।

Matthew 23:27

অধ্যাপক আৰু ফৰীচীবিলাকৰ ভিতৰভাগ কিহেৰে পৰিপুৰ্ণ আছিল?

অধ্যাপক আৰু ফৰীচীবিলাকৰ শোষণ, অত্যধিকতা, কপটতা আৰু অপৰাধেৰে পৰিপুৰ্ণ আছিল (২৩:২৫, ২৮)।

Matthew 23:29

অধ্যাপক আৰু ফৰীচীবিলাকৰ পুৰ্ব্বপুৰুষ বিলাকে ঈশ্বৰৰ ভাববাদীসকলক কি কৰিছিল?

অধ্যাপক আৰু ফৰীচীবিলাকৰ পুৰ্ব্বপুৰুষ বিলাকে ঈশ্বৰৰ ভাববাদীসকলক বধ কৰিছিল (২৩:২৯-৩১)।

Matthew 23:32

অধ্যাপক আৰু ফৰীচীবিলাকে কি সোধ-বিচাৰৰ মুখামুখী হ'ব?

অধ্যাপক আৰু ফৰীচীবিলাকে নৰকৰ সোধ-বিচাৰৰ মুখামুখী হ'ব (২৩:৩৩)।

Matthew 23:34

যীচুৱে পঠিয়াই থকা ভাববাদীসকলক, জ্ঞানী সকলক আৰু অধ্যাপকসকলক, অধ্যাপক আৰু ফৰীচীবিলাকে কি কৰিব বুলি তেওঁ কৈছিল?

যীচুৱে কৈছিল তেওঁলোকে বধ কৰিব, কিছুমানক ক্ৰচত দিব, কিছুমানক কোবাব আৰু নগৰে নগৰে খেদি পঠিয়াব (২৩:৩৪)।

তেওঁলোকৰ আচৰণৰ ফলস্বৰূপে, অধ্যাপক আৰু ফৰীচী বিলাকৰ ওপৰলৈ কি দোষ আহিব?

এই পৃথিবীত কৰা ধাৰ্ম্মিকবিলাকৰ সকলো ৰক্তপাতৰ দোষ এই অধ্যাপক আৰু ফৰীচীবিলাকৰ ওপৰলৈ আহিব (২৩:৩৫)।

এই সকলোবোৰ কোনটো প্ৰজন্মত ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে এই সকলোবোৰ এই প্ৰজন্মতেই ঘটিব (২৩:৩৬)।

Matthew 23:37

যিৰূচালেমৰ সন্তানবিলাকৰ বাবে যীচুৰ কি আকাংক্ষা আছিল, আৰু এইটো কিয় পৰিপুৰ্ণ নহ'ল?

যিৰূচালেমৰ সন্তানবিলাকক যীচুৱে একেলগে গোটাবলৈ আকাংক্ষা কৰিছিল, কিন্তু তেওঁলোক সন্মত নহ'ল (২৩:৩৭)।

যিৰূচালেমৰ গৃহ এতিয়া কেনেকৈ নিৰ্জন হৈ পৰিব?

যিৰূচালেমৰ গৃহ এতিয়া পৰিত্যক্ত হৈ নিৰ্জন হৈ পৰিব (২৩:৩৮)।