Matthew 22

Matthew 22:5

ৰজাৰ চাকৰবিলাকে নিমন্ত্ৰণ আনোতে ৰজাৰ পুতেকৰ বিয়াৰ ভোজলৈ নিমন্ত্ৰিতসকলে কি কৰিছিল?

কোনো কোনোবিলাকে সেই নিমন্ত্ৰণ গম্ভীৰকৈ লোৱা নাছিল আৰু সিহঁতৰ নিজৰ কামলৈ গুচি গৈছিল, আৰু আনবিলাকে ৰজাৰ চাকৰবিলাকক ধৰিলে আৰু সিহঁতক বধ কৰিছিল (২২:২-৬)

বিবাহৰ ভোজলৈ যিবিলাকক প্ৰথমে নিমন্ত্ৰণ কৰা হৈছিল সিহঁতক ৰজাই কি কৰিছিল?

ৰজাই তেওঁৰ সৈন্য-সামন্ত পঠাইছিল, সেই নৰবধীবোৰক মাৰি পেলাইছিল আৰু সিহঁতৰ নগৰখন জ্বলাই পেলাইছিল (২২:৭)।

Matthew 22:8

তাৰ পাছত ৰজাই বিবাহৰ ভোজলৈ কাক কাক নিমন্ত্ৰণ কৰিছিল?

তাৰ পাছত ৰজাই চাকৰবিলাকক পঠাই ভাল আৰু বেয়া যিমান মানুহ পালে সিমানকে নিমন্ত্ৰণ কৰিছিল (২২:৯-১০)।

Matthew 22:13

সেই মানুহজনক ৰজা কি কৰিছিল যিজনে বিয়াৰ কাপোৰ নিপিন্ধাকৈ ভোজলৈ আহিছিল?

ৰজাই তেওঁক হাতে-ভৰিয়ে বান্ধি বাহিৰৰ অন্ধকাৰত পেলাই দিছিল (২২:১১-১৩)।

Matthew 22:15

ফৰীচীবিলাকে যীচুক কি কৰিবলৈ চেষ্টা কৰিছিল?

ফৰীচীবিলাকে যীচুক নিজৰ কথাতে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল (২২:১৫)।

ফৰীচীবিলাকৰ শিষ্যবিলাকে যীচুক কি

সুধিছিল?

কৈচৰক কৰ দিব পায়নে নাপায় সেইটো সিহঁতে যীচুক সুধিছিল (২২:১৭)।

Matthew 22:20

ফৰীচীবিলাকৰ শিষ্যবিলাকৰ পৰা সোধা

োৰ উত্তৰ যীচুৱে কেনেকৈ দিছিল?

যীচুৱে কৈছিল যে কৈচৰৰ যি বস্তু সেইটো কৈচৰক দিয়া, আৰু যিটো ঈশ্বৰৰ বস্তু সেইটো ঈশ্বৰক দিয়া (২২:২১)।

Matthew 22:23

পুনৰূত্থানৰ বিষয়ে চদ্দুকীবিলাকৰ কি বিশ্বাস আছিল?

চদ্দুকীবিলাকে বিশ্বাস কৰিছিল যে কোনো পুনৰূত্থান নাই (২২:২৩)।

Matthew 22:25

চদ্দুকীৰ কাহিনীটোত, সেই ভাৰ্য্যা গৰাকীৰ কেইজন স্বামী আছিল?

সেই তিৰোতা গৰাকীৰ সাত জন স্বামী আছিল (২২:২৪-২৭)।

Matthew 22:29

চদ্দুকীবিলাকে নজনা কি দুটা কথা যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে চদ্দুকীবিলাকে শাস্ত্ৰ জনা নাছিল আৰু ঈশ্বৰৰ পৰাক্ৰম ও জনা নাছিল (২২:২৯)।

পুনৰূত্থানত বিবাহৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে পুনৰূত্থানত, কোনো বিয়া নহয় (২২:৩০)।

Matthew 22:31

পুনৰূত্থান যে আছে সেইটো যীচুৱে শাস্ত্ৰৰ পৰা কেনেকৈ দেখুৱাইছিল ?

যীচুৱে শাস্ত্ৰ উল্লেখ কৰিছিল য'ত ঈশ্বৰে কৈছে যে তেওঁ অব্ৰাহামৰ, ইচহাকৰ আৰু যাকোবৰ ঈশ্বৰ- জীৱিত বিলাকৰ ঈশ্বৰ (২২:৩২)।

Matthew 22:34

ফৰীচীবিলাকৰ বিধান পণ্ডিতে যীচুক কি

সুধিছিল?

সেই বিধান পণ্ডিতে যীচুক সুধিছিল যে বিধানৰ কোনটো আজ্ঞা প্ৰধান ?

Matthew 22:37

কোন দুটা প্ৰধান আজ্ঞা আছিল বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে তুমি তোমাৰ ঈশ্বৰক সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক তোমাৰ নিজৰ নিচিনাকৈ প্ৰেম কৰা, এই দুটাই প্ৰধান আজ্ঞা (২২:৩৭-৩৯)।

Matthew 22:41

যীচুৱে ফৰীচীবিলাকক কি

সুধিছিল?

খ্ৰীষ্ট কাৰ পুত্ৰ এই বুলি যীচুৱে তেওঁলোকক সুধিছিল (২২:৪২)

ফৰীচীবিলাকে যীচুক কি উত্তৰ দিছিল?

ফৰীচীবিলাকে কৈছিল যে খ্ৰীষ্ট দায়ুদৰ পুত্ৰ আছিল (২২:৪২)।

Matthew 22:43

যীচুৱে ফৰীচীবিলাকক তেতিয়া কি দ্বিতীয়

ো সুধিছিল?

যীচুৱে তেতিয়া তেওঁলোকক সুধিছিল দায়ুদে তেওঁৰ নিজৰ পুত্ৰ, খ্ৰীষ্টক কেনেকৈ প্ৰভু বুলি কৈছিল (২২:৪৩-৪৫)।

Matthew 22:45

ফৰীচীবিলাকে যীচুক কি উত্তৰ দিছিল?

ফৰীচীবিলাকে যীচুক এটা কথাও উত্তৰ দিব পৰা নাছিল (২২:৪৬)।