Matthew 21

Matthew 21:1

যীচুৱে তেওঁৰ দুজন শিষ্যক তেওঁলোকৰ সমুখৰ গাওঁখনলৈ গৈ কি বিচাৰিবলৈ যীচুৱে কৈছিল?

যীচুৱে কৈছিল তেওঁলোকে পোৱালিয়ে সৈতে এজনী গাধী বান্ধি থোৱা পাব (২১:২)।

Matthew 21:4

এই ঘটনাটোৰ বিষয়ে এজন ভাববাদীয়ে কি ভবিষ্যত বাণী কৰিছিল?

এজন ভাববাদীয়ে এই ভবিষ্যত বাণী কৰিছিল যে ৰজা জনে গাধৰ পিঠিত উঠি, আৰু গাধ পোৱালিৰ পিঠিত উঠি আহিব (২১:৪-৫)।

Matthew 21:6

যীচুৱে যিৰূচালেমলৈ যাত্ৰা কৰি থকা ৰাষ্টাটোত ভীৰৰ মানুহবিলাকে কি কৰি আছিল?

ভীৰৰ মানুহবিলাকে ৰাষ্টাৰ ওপৰত তেওঁলোকৰ পিন্ধা কাপোৰবোৰ আৰু গছৰ ডালিবোৰ পাৰি দিছিল (২১:৮)।

Matthew 21:9

যীচুৱে গৈ থাকোঁতে ভীৰৰ মানুহবিলাকে কি চিঞঁৰি আছিল?

ভীৰৰ মানুহবিলাকে এই বুলি চিঞঁৰি আছিল, "জয়, জয়, দায়ুদৰ সন্তান, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য হওক, উৰ্ধলোকত জয়ধ্বনি হওক" (২১:৯)।

Matthew 21:12

যীচুৱে যেতিয়া যিৰূচালেমত থকা ঈশ্বৰৰ মন্দিৰত সোমাল তেওঁ কি কৰিছিল?

যীচুৱে কিনা আৰু বেচা কৰা সকলক বহিৰ কৰিছিল, ধন সলাওঁতা সকলৰ মেজ আৰু কপৌ বেচাসকলৰ মেজ লুটিয়াই পেলাইছিল (২১:১২)।

বেপাৰী বিলাকে ঈশ্বৰৰ মন্দিৰ কি কৰি পেলালে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে বেপাৰী বিলাকে ঈশ্বৰৰ মন্দিৰটো ডকাইতৰ গুহা কৰি পেলালে (২১:১৩)।

Matthew 21:15

ল'ৰা-ছোৱালীবিলাকে যীচুলৈ চিঞঁৰি থকাত যেতিয়া ফৰীচী আৰু অধ্যাপকসকলে বিৰোধ কৰিছিল যীচুৱে তেওঁলোকক কি কৈছিল?

যীচুৱে ভাববাণী উল্লেখ কৰিছিল যিটোৱে কৈছিল তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পুৰ্ণ কৰিলা (২১:১৫-১৬)।

Matthew 21:18

যীচুৱে ডিমৰু গছজোপাক কি কৰিছিল আৰু কিয় কৰিছিল?

যীচুৱে ডিমৰু গছজোপাক শুকাই যাবলৈ দিছিল কাৰণ ইয়াৰ কোনো ফল নাছিল (২১:১৮-১৯)।

Matthew 21:20

শুকাই যোৱা ডিমৰু গছজোপাৰ পৰা প্ৰাৰ্থনাৰ বিষয়ে যীচুৱে শিষ্যসকলক কি শিকাইছিল ?

যীচুৱে তেওঁৰ শিষ্যসকলক শিকাইছিল যে প্ৰাৰ্থনাত বিশ্বাসেৰে তেওঁলোকে যি খোজে, তেওঁলোকে তাক পাব (২১:২০-২২)।

Matthew 21:23

যেতিয়া যীচুৱে শিকাই আছিল, প্ৰধান পুৰোহিত আৰু চলাওঁতা বৃদ্ধসকলে তেওঁ কিহৰ বিষয়ে

কৰিছিল?

যীচুৱে কি ক্ষমতাৰে এইবোৰ কাৰ্য্য কৰিছিল প্ৰধান পুৰোহিত আৰু চলাওঁতা বৃদ্ধসকলে সেইটো জানিবলৈ বিচাৰিছিল (২১:২৩)।

Matthew 21:25

প্ৰধান পুৰোহিত আৰু চলাওঁতা বৃদ্ধসকলক যীচুৱে ঘুৰাই কি

কৰিছিল?

যীচুৱে তেওঁলোকক সুধিছিল যোহন বাপ্তাইজকৰ বাপ্তিস্ম স্বৰ্গৰ পৰা হৈছিল নে নাইবা মানুহৰ পৰা হৈছিল (২১:২৫)।

যোহনৰ বাপ্তিস্ম যে স্বৰ্গৰ পৰা হৈছিল সেইটো উত্তৰ প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে দিবলৈ কিয় বিচৰা নাছিল ?

তেওঁলোকে জানিছিল যে তেতিয়া যীচুৱে তেওঁলোকক সুধিব তেন্তে কিয় যোহনত বিশ্বাস নকৰিলা (২১:২৫)।

যোহনৰ বাপ্তিস্ম মানুহৰ পৰা হৈছিল বুলি প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কিয় উত্তৰ দিবলৈ কিয় বিচৰা নাছিল ?

তেওঁলোকে মানুহৰ ভীৰটোক ভয় কৰিছিল, যিবিলাকে যোহনক এজন ভাববাদী বুলি মানিছিল (২১:২৬)।

Matthew 21:28

যীচুৰ কাহিনীটোত, সেই দুজন পুত্ৰৰ ভিতৰত কোনজনে পিতাকৰ ইচ্ছা পালন কৰিছিল?

সেই পুত্ৰজনে যিয়ে কৈছিল তেওঁ নাযায় আৰু কাম নকৰে কিন্তু পাছত তেওঁ মন ঘুৰাইছিল আৰু গৈছিল (২১:২৮-৩১)।

Matthew 21:31

প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলতকৈ আগতে কৰ তোলোতা আৰু বেশ্যাবোৰে স্বৰ্গৰাজ্যত সোমাব বুলি যীচুৱে কিয়া কৈছিল?

যীচুৱে কৈছিল তেওঁলোকে স্বৰ্গ ৰাজ্যত সোমাব কাৰণ তেওঁলোকে যোহনক বিশ্বাস কৰিছিল, কিন্তু প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলে যোহনক বিশ্বাস কৰা নাছিল (২১:৩১-৩২)।

Matthew 21:35

দ্ৰাক্ষাবাৰীৰ গৃহস্থই তেওঁৰ পাবলগীয়া আঙুৰৰ ফল আনিবলৈ পঠিওৱা চাকৰবিলাকক খেতিয়ক বিলাকে কি কৰিছিল?

দ্ৰাক্ষাবাৰীৰ খেতিয়ক বিলাকে সেই চাকৰ বিলাকক কোবাইছিল, বধ কৰিছিল, আৰু শিল দলিয়াইছিল (২১:৩৫-৩৬)।

দ্ৰাক্ষাবাৰীৰ গৃহস্থই একেবাৰে শেষত খেতিয়বিলাকৰ ওচৰলৈ কাক পঠিয়াইছিল?

দ্ৰাক্ষাবাৰীৰ গৃহস্থই অৱশেষত তেওঁৰ নিজৰ পুত্ৰক পঠিয়াইছিল (২১:৩৭)।

Matthew 21:38

দ্ৰাক্ষাবাৰীৰ খেতিয়াবিলাকে একেবাৰে শেষত পঠিওৱা দ্ৰাক্ষাবাৰীৰ গৃহস্থৰ ব্যক্তিজন কি কৰিছিল?

দ্ৰাক্ষাবাৰীৰ গৃহস্থৰ পুতেকক দ্ৰাক্ষাবাৰীৰ খেতিয়াবিলাকে বধ কৰিছিল (২১:৩৮-৩৯)।

Matthew 21:40

সেই গৰাকীয়ে তেতিয়া কি কৰিছিল বুলি সেই মানুহবিলাকে কৈছিল?

মানুহবিলাকে কৈছিল যে সেই গৰাকীয়ে দ্ৰাক্ষাবাৰী প্ৰথম খেতিয়ক বিলাকক সংহাৰ কৰা উচিত আৰু তাৰ পাছত যিবিলাকে তেওঁক পৰিশোধ কৰিব তেনে খেতিয়কৰ হাতত দি দিয়া উচিত (২১:৪০-৪১)।

Matthew 21:42

যীচুৱে তেতিয়া উল্লেখ কৰা শাস্ত্ৰত, ঘৰ সাজোঁতা বিলাকে যি শিল অগ্ৰাহ্য কৰিছিল তাৰ কি হ'ল?

যি শিলটো ঘৰ সাজোঁতা বিলাকে অগ্ৰাহ্য কৰিছিল সেইটোৱেই চুকৰ প্ৰধান শিল হ'ল (২১:৪২)।

Matthew 21:43

যীচুৱে উল্লেখ কৰা শাস্ত্ৰৰ ভিত্তিত, কি ঘটিব বুলি তেওঁ কৈছিল?

যীচুৱে কৈছিল যে প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকৰ পৰা ঈশ্বৰৰ ৰাজ্য কাঢ়ি লোৱা হ'ব আৰু ইয়াৰ ফল ধাৰণ কৰা এক জাতিক দি দিয়া হ'ব (২১:৪৩)।

Matthew 21:45

প্ৰধান পুৰোহিত আৰু ফৰীচী বিলাকে তৎক্ষণাৎ যীচুৰ ওপৰত কিয় হাত দিয়া নাছিল?

তেওঁলোকে মানুহৰ ভীৰলৈ ভয় কৰিছিল, কাৰণ মানুহ বিলাকে যীচুক এজন ভাববাদী বুলি মানিছিল (২১:৪৬)।