Matthew 20

Matthew 20:1

যিসকল বনুৱাক সেই গৃহস্থই ৰাতিপুৱাতে কাম কৰিবলৈ মাতি আনিছিল তেওঁ তেওঁলোকক কিমান দিম বুলি সন্মতি দিছিল?

যিসকল বনুৱাক সেই গৃহস্থই ৰাতিপুৱাতে কাম কৰিবলৈ মাতি আনিছিল তেওঁ তেওঁলোকক দিনে এক আধলি (ডিনাৰী)কৈ বুলি সন্মতি দিছিল (২০:১-২)।

Matthew 20:3

যিসকল বনুৱাক সেই গৃহস্থই মান বজাত, বাৰ মান বজাত আৰু পাঁচ মান বজাত কাম কৰিবলৈ মাতি আনিছিল তেওঁ তেওঁলোকক কিমানকৈ দিম বুলি সন্মতি দিছিল?

সেই গৃহস্থই কৈছিল যে যি উচিত তাকে তেওঁলোকক দিম বুলি কৈছিল (২০:৪-৭)।

Matthew 20:8

যিসকল বনুৱাক সেই গৃহস্থই পাঁচমান বজাত কাম কৰিবলৈ মাতি আনিছিল তেওঁ তেওঁলোকক কিমান দিছিল?

যিসকল বনুৱাক সেই গৃহস্থই পাঁচমান বজাত কাম কৰিবলৈ মাতি আনিছিল তেওঁ তেওঁলোকক এক আধলিকৈ (ডিনাৰী) দিছিল (২০:৯)।

Matthew 20:11

ৰাতিপুৱাতে কাম কৰিবলৈ মাতি অনা বনুৱাবিলাকে কি আপত্তি কৰিছিল?

তেওঁলোকে এই আপত্তি কৰিছিল যে তেওঁলোকে গোটেই দিনটো কাম কৰিছিল, কিন্তু যিবিলাকে মাত্ৰ এঘণ্টা কাম কৰিছিল তেওঁলোকৰ লগত একে সমান মজুৰি দিলে (২০:১১-১২)।

Matthew 20:13

সেই বনুৱাবিলাকৰ আপত্তিক সেই গৃহস্থই কেনেকৈ প্ৰত্যুত্তৰ দিছিল ?

সেই গৃহস্থই কৈছিল যে ৰাতিপুৱাতে কাম কৰিবলৈ মাচি অনা বনুৱাবিলাকক পাৰিশ্ৰমিক এক আধলি (ডিনাৰী)কৈ দিম বুলি সন্মতি দিয়া নাইনে, আৰু আন বনুৱাবিলাককো একে মজুৰি দিয়া উচিত আৰু এইটো তেওঁৰ সন্তোষ্টি (২০:১৩-১৫)।

Matthew 20:17

তেওঁলোকে যিৰূচালেমলৈ গৈ থাকোঁতে তেওঁৰ শিষ্যবিলাকক আগতীয়াকৈ কি ঘটনাৰ বিষয়ে যীচুৱে কৈছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে তেওঁক প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ হাতত শোধাই দিয়া হ'ব, তেওঁক মৃত্যুদণ্ড দিয়া হ'ব, ক্ৰচবিদ্ধ কৰিব আৰু তৃতীয় দিনা তেওঁ পুনৰ জী উঠিব (২০:১৭-১৯)।

Matthew 20:20

যীচুৰ ওচৰত চিবদিয়ৰ পুতেকহঁতৰ মাকৰ নিবেদন কি আছিল?

যীচুৱে তাইৰ পুতেক দুটাক তেওঁৰ ৰাজ্যত সোঁ হাতে আৰু বাওঁ হাতে যেন বহিবলৈ যীচুৱে আদেশ দিয়ে তাই সেই বিচাৰিছিল (২০:২০-২১)।

Matthew 20:22

তেওঁৰ ৰাজ্যত সোঁ হাতে আৰু বাওঁ হাতে যেন বহিবলৈ দিবলৈ কোনে ছিৰাং কৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল সেই ঠাইবিলাক পিতৃয়ে প্ৰস্তুত কৰিছ আৰু পিতৃয়ে যাক মনোনীত কৰে তাকেহে বহিবলৈ দিয়ে (২০:২৩)।

Matthew 20:25

যীচুৱে কেনেকৈ কৈছিল যে তেওঁৰ শিষ্যবিলাকৰ মাজত কোনো এজন মহান হব পাৰে?

যীচুৱে কৈছিল যিকোনোৱে মহান হবলৈ বিচাৰে তেওঁ সকলোৰে পৰিচাৰক হওক (২০:২৬)।

যীচুৱে কিয় আহিছিল বুলি কৈছে?

যীচুৱে কৈছিল যে তেওঁ পৰিচৰ্য্যা কৰিবলৈ আহিছে আৰু অনেকৰ মুক্তিৰ মুল্যৰ বাবে তেওঁৰ জীৱন দিবলৈ আহিছিল (২০:২৮)।

Matthew 20:29

যীচুৱে যেতিয়া বা বাটেদি পাৰ হৈ গৈছিল বাটৰ কাষত বহি থকা অন্ধ মানুহ দুজনে কি কৰিছিল?

সেই দুজন অন্ধ মানুহে চিঞঁৰি আছিল, " হে প্ৰভু, দায়ুদৰ তনয়, আমাক দয়া কৰক"(২০:৩০)।

Matthew 20:32

যীচুৱে দুজন অন্ধ মানুহক কিয় সুস্থ কৰিছিল?

যীচুৱে দুজন অন্ধ মানুহক সুস্থ কৰিছিল কাৰণ তেওঁ তেওঁলোকৰ প্ৰতি মৰমদয়া ভাব উপজিছিল (২০:৩৪)।