Matthew 19

Matthew 19:3

ফৰীচীবিলাকে যীচুক পৰীক্ষা কৰিবলৈ তেওঁক কি

সুধিছিল?

ফৰীচীবিলাকে যীচুক সুধিছিল, "যিকোনো কাৰণতে এজন মানুহে নিজৰ ভাৰ্য্যাক বিচ্ছেদ কৰাটো বিধিগত হয়নে? " (১৯:৩)।

যীচুৱে কি কৈছিল সৃষ্টিৰ আৰম্ভণীৰে পৰা থকা সত্যতাটো কি?

যীচুৱে কৈছিল যে সৃষ্টিৰ আৰম্ভণীৰে পৰা , ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু মহিলা কৰি সৃষ্টি কৰিছিল (১৯:৪)।

Matthew 19:5

ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু মহিলা কৰি সৃষ্টি কৰাৰ বাবে, মানুহে কি কৰিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে এজন মানুহে তেওঁৰ নিজৰ পিতৃ আৰু মাতৃক এৰিব আৰু নিজ ভাৰ্য্যাত আসক্ত হ'ব (১৯:৫)।

যীচুৱে কি কৈছিল যেতিয়া স্বামীয়ে তেওঁৰ নিজ তিৰোতাত আসক্ত হয় তেতিয়া কি হয়?

যীচুৱে কি কৈছিল যেতিয়া স্বামীয়ে তেওঁৰ নিজ তিৰোতাত আসক্ত হয় তেতিয়া তেওঁলোক দুজন একদেহ হয় (১৯:৫-৬)।

যীচুৱে কি কৈছিল ঈশ্বৰে যাক যোগ কৰিলে মানুহে তাক কি কৰা উচিত নহয় ?

যীচুৱে কৈছিল যে ঈশ্বৰে যাক যোগ কৰিলে মানুহে তাক বিচ্ছেদ কৰা উচিত নহয় (১৯:৬)।

Matthew 19:7

যীচুৱে কিয় কৈছিল যে মোচিয়ে ত্যাগ পত্ৰ দিবলৈ আদেশ দিছিল?

যীচুৱে কৈছিল যে মোচিয়ে ত্যাগ পত্ৰ দিবলৈ আদেশ দিছিল কাৰণ যিহুদীবিলাকৰ কঠিন মন থকাৰ কাৰণে (১৯:৭-৮)।

ব্যভিচাৰ কোন কৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল ব্যভিচাৰৰ বাহিৰে, যদি তেওঁৰ ভাৰ্য্যাক বিচ্ছেদ কৰে, আৰু আন এগৰাকীক বিয়া কৰে তেওঁ ব্যভিচাৰ কৰে, আৰু যি জন মানুহে সেই বিচ্ছেদ হোৱা তিৰোতা গৰাকীক বিয়া কৰে তেওঁ ও ব্যভিচাৰ কৰে (১৯:৯)।

Matthew 19:10

এজন নপুংসক হিচাপে কোন কেনেকৈ গ্ৰাহ্য হ'ব পাৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যিবিলাকক নপুংসক হৈ থাকিবলৈ অনুমতি দিয়া হৈছে তেওঁলোক সেইদৰে থাকিব পাৰে (১৯:১০-১২)।

Matthew 19:13

সৰু সৰু কিছুমান শিশুক যেতিয়া যীচুৰ ওচৰলৈ অনা হৈছিল শিষ্যবিলাকে কি কৰিছিল?

সৰু সৰু কিছুমান শিশুক যেতিয়া যীচুৰ ওচৰলৈ অনা হৈছিল শিষ্যবিলাকে সিহঁতক গালি দিছিল (১৯:১৩)।

যীচুৱে যেতিয়া সৰু সৰু শিশুবিলাকক দেখিলে তেওঁ কি কৈছিল?

যীচুৱে সেই সৰু সৰু শিশুবিলাকক তেওঁৰ ওচৰলৈ আহিবলৈ এৰি দিবলৈ কৈছিল কিয়নো স্বৰ্গৰাজ্য এনেকুৱা বিলাকৰহে (১৯:১৪)।

Matthew 19:16

অনন্ত জীৱনত সোমাবলৈ যীচুৱে সেই ডেকা মানুহ জনক কি কৰিবলৈ কৈছিল?

অনন্ত জীৱনত সোমাবলৈ যীচুৱে সেই মানুহজনক আজ্ঞাবোৰ পালন কৰিবলৈ কৈছিল (১৯:১৬-১৭)।

Matthew 19:20

যেতিয়া সেই ডেকাজনে কৈছিল যে তেওঁ সকলো আজ্ঞা পালন কৰি আছে, যীচুৱে তেওঁক কি কৰিবলৈ কৈছিল?

যেতিয়া সেই ডেকাজনে কৈছিল যে তেওঁ সকলো আজ্ঞা পালন কৰি আছে, যীচুৱে তেওঁক কৈছিল তেওঁৰ যি আছে সকলো বিক্ৰি কৰক আৰু দুখীয়া বিলাকক বিলাই দিয়ক (১৯:২০-২১)।

সেই ডেকা মানুহজনৰ যি আছে সেই সকলো বিক্ৰি কৰিবলৈ যীচুৱে আজ্ঞা দিয়াত তেওঁৰ প্ৰত্যুত্তৰ কি আছিল?

সেই ডেকা মানুহ দুখিত হৈ গুচি গ'ল কাৰণ তেওঁৰ বহুত ধন সম্পত্তি আছিল (১৯:২২)।

Matthew 19:23

ধনী মানুহে স্বৰ্গৰাজ্যত প্ৰবেশ কৰাৰ বিষয়ত যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে এজন ধনী মানুহ স্বৰ্গৰাজ্যত প্ৰবেশ কৰা অতি কঠিন, কিন্তু ঈশ্বৰৰ লগত সকলোবোৰ সম্ভব (১৯:২৩-২৬)।

Matthew 19:28

যি শিষ্যবিলাকে যীচুৰ অনুগমণ কৰিছিল যীচুৱে তেওঁলোকক কি পুৰস্কাৰৰ প্ৰতিজ্ঞা কৰিছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকক এই প্ৰতিজ্ঞা কৰিছিল যে নতুন সৃষ্টিত, তেওঁলোকে বাৰখন সিংহাসনৰ ওপৰত বহিব, ইস্ৰায়েলৰ বাৰ ফৈদক বিচাৰ কৰিব (১৯:২৮)।

Matthew 19:29

যিবিলাক এতিয়া আগ হৈছে আৰু যিবিলাক এতিয়া পাছ পৰি আছে সেই বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে যিবিলাক এতিয়া আগ হৈছে তেওঁলোক পাছ পৰিব, আৰু যিবিলাক এতিয়া পাছ পৰিছে তেওঁলোক আগ হ'ব (১৯:৩০)।