Matthew 18

Matthew 18:1

স্বৰ্গৰাজ্যত সোমাবলৈ আমি কি কৰিব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল আমি স্বৰ্গৰাজ্যত সোমাবলৈ মন পালটন কৰিব লাগে আৰু সৰু শিশুবিলাকৰ নিচিনা হ'ব লাগে (১৮:৩)।

Matthew 18:4

স্বৰ্গ ৰাজ্যত সকলোতকৈ মহান কোন বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে যিজনে এটি শিশুৰ দৰে নিজকে নম্ৰ কৰে তেওঁৱেই স্বৰ্গ ৰাজ্যত সকলোতকৈ মহান (১৮:৪)।

যিকোনোৱে যীচুত বিশ্বাস কৰা সৰু বিলাকৰ এজনৰ বিঘিনি জন্মায় তেওঁৰ কি ঘটে?

যীচুত বিশ্বাস কৰা সৰুবিলাকৰ এজনৰ বিঘিনী জন্মায় তেওঁৰ বাবে নিজৰ ডিঙিত জাঁতৰ এটি শিল আৰি সাগৰত ডুবি যোৱাই তেওঁৰ বাবে ভাল (১৮:৬)।

Matthew 18:9

আমাক উজুতি খুউৱা কিবা থাকিলে আমি তাক কি কৰিব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল আমাক উজুতি খুউৱা কিবা থাকিলে সেইবাৰ আমি দলিয়াই পেলাব লাগে (১৮: ৮-৯)।

Matthew 18:10

যীচুৱে কিয় কৈছিল আমি এই সৰু বিলাককো অৱহেলা কৰিব নালাগে?

আমি এই সৰুবিলাককো অৱহেলা কৰিব নালাগে কাৰণ তেওঁলোকৰ দূতবিলাকে সদায় পিতৃৰ মুখ দেখা পায় (১৮:১০)।

Matthew 18:12

স্বৰ্গত থকা পিতৃৰ নিচিনাকৈ যিজনে হেৰুউৱা মেৰ বিচাৰি থাকে সেই ব্যক্তিজন কেনেকুৱা?

এই পিতৃৰ ইচ্ছা নহয় যে এই সৰুবিলাকৰ এজনেও বিনষ্ট হওক (১৮:১২-১৪)।

Matthew 18:15

যদি তোমাৰ ভায়ে তোমাৰ বিৰুদ্ধে পাপ কৰে, তুমি কৰিব লগীয়া প্ৰথম কামটো কি?

প্ৰথমতে, তুমি যোৱা, আৰু তেওঁ অকলে লৈ তেওঁ ভুল-ত্ৰূতি দেখুৱাই দিয়া (১৮:১৫)।

যদি তোমাৰ ভায়ে নুশুনে, তুমি কৰিব লগীয়া দ্বিতীয় কামটো কি?

দ্বিতীয়তে, তুমি তোমাৰ লগত এজন বা দুজন ভাইক সাক্ষী হিচাপে লৈ যাবা (১৮:১৬)।

Matthew 18:17

যদি তোমাৰ ভায়ে তথাপিও নুশুনে, তুমি কৰিব লগীয়া তৃতীয় কামটো কি?

তৃতীয়তে, সেই বিষয়তো তুমি মণ্ডলীত জনাব লাগে

(১৮:১৭)।

Matthew 18:18

য'ত দুই বা তিনিজন তেওঁৰ নামত গোট খাই তাত যীচুৱে কি প্ৰতিজ্ঞা কৰিছিল?

য'ত দুই বা তিনিজন তেওঁৰ নামত গোট খাই তাত যীচুৱে থাকে বুলি প্ৰতিজ্ঞা কৰিছিল (১৮:২০)।

Matthew 18:21

আমাৰ ভাইক আমি কিমানবাৰ ক্ষমা কৰিব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল আমাৰ ভাইক আমি সত্তৰ গুণ সাতবাৰলৈকে ক্ষমা কৰিব লাগে (১৮:২১-২২)।

Matthew 18:23

সেই চাকৰজনে তেওঁ গৰাকীক কি দিবলগীয়া আছিল, আৰু তেওঁ তেওঁৰ গৰাকীক পৰিশোধ কৰিব পাৰিছিলনে?

সেই চাকৰজনে তেওঁ গৰাকীক দহ হাজাৰ গাগৰি ধাৰ পৰিশোধ কৰিবলগীয়া আছিল, আৰু তেওঁ তেওঁৰ গৰাকীক পৰিশোধ কৰিব পৰা নাছিল (১৮:২৪-২৫)।

Matthew 18:26

সেই গৰাকীয়ে সেই চাকৰজনৰ ধাৰ কিয় ক্ষমা কৰি দিলে?

সেই গৰাকীৰ মৰমদয়া ভাব উপজিছিল আৰু সেই চাকৰজনৰ ধাৰ ক্ষমা কৰি দিছিল (১৮:২৭)।

Matthew 18:28

সেই চকৰজনে তেওঁৰ সহ-চাকৰজনক কি কৰিছিল যিয়ে তেওঁক এশ দিনাৰী দিবলগীয়া আছিল?

সেই চাকৰজনে ধৈৰ্য্য ধৰিবলৈ অস্বীকাৰ কৰিছিল আৰু সেই সহ-চাকৰজনক কাৰাগাৰত ভৰাই থৈছিল (১৮:২৮-৩০)।

Matthew 18:32

সেই গৰাকীয়ে সেই চাকৰজনক কি কৈছিল তেওঁৰ সহ-চাকৰ জনক এনে কৰা উচিত আছিল নে?

সেই গৰাকীয়ে সেই চাকৰজনক কৈছিল যে সি তাৰ সহ চাকৰ জনক দয়া কৰা উচিত আছিল (১৮:৩৩)।

Matthew 18:34

সেই চাকৰজনক তেতিয়া সেই গৰাকীয়ে কি কৰিছিল?

সেই গৰাকীয়ে সেই চাকৰজনক সি দিবলগীয়া সকলো পৰিশোধ নকৰালৈকে যাতনাকাৰীবিলাকৰ হাতত শোধাই দিলে (১৮:৩৪)।

যীচুৱে কি কৈছিল যদি আমি আমাৰ অন্তৰৰ পৰা আমাৰ ভাইক ক্ষমা নকৰো পিতৃয়ে কি কৰিব?

যীচুৱে কৈছিল পিতৃয়েও সেই গৰাকীজনৰ নিচিনা কৰিব যদি আমি অন্তৰৰৰ পৰা আমাৰ ভাইক ক্ষমা নকৰোঁ (১৮:৩৫)।