Matthew 10

Matthew 10:1

যীচুৱে তেওঁৰ শিষ্যবিলাকক কি ক্ষমতা দিছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকক অশুচি আত্মাবোৰ বাহিৰ কৰিবলৈ, আৰু সকলো প্ৰকাৰৰ ৰোগ-নৰিয়া সুস্থ কৰিবলৈ ক্ষমতা দিছিল(১০:১)।

Matthew 10:2

যিজনে যীচুক প্ৰবঞ্চনা কৰিব তেওঁৰ নাম কি আছিল?

যিজনে যীচুক প্ৰবঞ্চনা কৰিব তেওঁৰ নাম আছিল ঈস্কৰিয়োতীয়া যিহুদা(১০:৪)।

Matthew 10:5

এই সময়ত যীচুৱে তেওঁৰ শিষ্যবিলাকক ক'লৈ পঠাইছিল?

সময়ত যীচুৱে তেওঁৰ শিষ্যবিলাকক মাত্ৰ ইস্ৰায়েলৰ হেৰোৱা মেৰবিলাকৰ ওচৰলৈ পঠাইছিল(১০:৬)।

Matthew 10:8

শিষ্যবিলাকে তেওঁলোকৰ লগত কিবা ধন নাইবা অতিৰিক্ত কাপোৰ লৈছিল নে?

নাই, শিষ্যবিলাকে তেওঁলোকৰ লগত কিবা ধন নাইবা অতিৰিক্ত কাপোৰ লোৱা নাছিল(১০:৯-১০)।

Matthew 10:11

শিষ্যবিলাকে যেতিয়া গাঁৱে গাঁৱে গৈছিল তেওঁলোক ক'ত থাকিছিল?

শিষ্যবিলাকে সেই গাঁৱত কোনোবা যোগ্য ব্যক্তি আছে নেকি তাক বিচাৰিব লাগিছিল আৰু তেওঁলোকে তাৰ পৰা নোযোৱালৈকে তাতেই থাকিছিল(১০:১১)।

Matthew 10:14

যিবিলাকে শিষ্যবিলাকক গ্ৰহণ কৰা নাছিল বা তেওঁলোকৰ বাৰ্তাও শুনা নাছিল সেই নগৰবিলাকৰ ওপৰত বিচাৰ কি হ'ব?

যিবিলাকে শিষ্যবিলাকক গ্ৰহণ কৰা নাছিল বা তেওঁলোকৰ বাৰ্তাও শুনা নাছিল সেই নগৰবিলাকৰ ওপৰত বিচাৰ চদোম আৰু ঘমোৰাৰ ওপৰত হোৱা বিচাৰতকৈ টান হ'ব(১০:১৪-১৫)।

Matthew 10:16

মানুহবিলাকে শিষ্যবিলাকক কি কৰিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল মানুহবিলাকে শিষ্যবিলাকক পৰিষদত শোধাই দিব, তেওঁলোকক কোবাব, আৰু তেওঁলোকক অধিপতি/ৰাজ্যপালৰ আগলৈ টানি নিব(১০:১৭-১৮)।

Matthew 10:19

যেতিয়া শিষ্যবিলাকক শোধাই দিয়া হ'ব তেওঁলোকৰ হৈ কোনে কথা ক'ব?

যেতিয়া শিষ্যবিলাকক শোধাই দিয়া হ'ব পিতৃৰ আত্মাই তেওঁলোকৰ হৈ কথা ক'ব(১০:২০)।

Matthew 10:21

একেবাৰে শেষলৈকে কোনে পৰিত্ৰাণ পাব বুলি যীচুৱে কৈছিল?

যিসকলে একেবাৰে শেষলৈকে সহন কৰি থাকে তেওঁলোকে পৰিত্ৰাণ পাব বুলি যীচুৱে কৈছিল(১০:২২)।

Matthew 10:24

যিবিলাকে যীচুক ঘৃণা কৰিছিল যীচুৰ শিষ্যবিলাকক তেওঁলোকে কেনে ব্যৱহাৰ কৰিব?

যিসকলে যীচুক ঘৃণা কৰিছিল তেওঁলোক যীচুৰ শিষ্যবিলাককো ঘৃণা কৰিব(১০:২২, ২৪-২৫)।

Matthew 10:28

আমি কাক ভয় কৰিব নালাগে বুলি যীচুৱে কৈছে?

যিসকলে কেৱল শৰীৰক বধ কৰে কিন্তু আত্মাৰ একো কৰিব নোৱাৰে সেইবিলাকলৈ আমি ভয় কৰিব নালাগে বুলি কৈছে(১০:২৮)।

আমি কালৈ ভয় কৰিব লাগে বুলি যীচুৱে কৈছে?

যিজনে শৰীৰ আৰু আত্মাকো নৰকত বিনাশ কৰিব পাৰে তেওঁলৈকে আমি ভয় কৰিব লাগে(১০:২৮)।

Matthew 10:32

যিসকলে মানুহৰ আগত তেওঁক স্বীকাৰ কৰে যীচুৱে তেওঁলোকক কি কৰিব বুলি কৈছিল?

যীচুৱে স্বৰ্গত পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিব(১০:৩২)।

মানুহৰ আগত যিসকলে যীচুক অস্বীকাৰ কৰে তেওঁলোকক যীচুৱে কি কৰিব বুলি কৈছিল?

যীচুৱেও তেওঁলোকক স্বৰ্গৰ পিতৃৰ আগত অস্বীকাৰ কৰিব(১০:৩৩)।

Matthew 10:34

যীচুৱে কি ধৰণৰ বিবাদ কৰিবলৈ আহিছে বুলি কৈছিল?

যীচুৱে কৈছিল তেওঁ নিজৰ ঘৰৰ পৰিয়ালৰ মাজতেই বিবাদ কৰিবলৈ আহিছে(১০:৩৪-৩৬)।

Matthew 10:37

কোনোৱে যদি যীচুৰ কাৰণে তেওঁৰ জীৱন হেৰুৱাই তেওঁ কি পাব?

কোনোৱে যদি যীচুৰ কাৰণে তেওঁৰ জীৱন হেৰুৱাই তেওঁ তেওঁৰ জীৱন পাব(১০:৩৯)।

Matthew 10:42

গুৰুত্ত্ব নোহোৱা কোনো এজন শিষ্যক কোনোৱে যদি এবাতি ঠাণ্ডা পানীক দিয়ে তেওঁ কি পাব?

গুৰুত্ত্ব নোহোৱা কোনো এজন শিষ্যক কোনোৱে যদি এবাতি ঠাণ্ডা পানীক দিয়ে তেওঁ তেওঁৰ পুৰস্কাৰ পাব(১০:৪২)।