Matthew 11

Matthew 11:1

যীচুৱে নগৰবোৰত প্ৰচাৰ কৰিবলৈ আৰু শিক্ষা দিবলৈ যোৱাৰ আগতে তেওঁ কি কাৰ্যটো সমাপ্ত কৰিছিল?

যীচুৱে প্ৰস্থান কৰাৰ আগতে তেওঁৰ শিষ্যসকলক নিৰ্দেশনা দিয়া কাৰ্যটো সমাপন কৰিছিল(১১:১)।

যোহন বাপ্তাইজকে যীচুলৈ কি বাৰ্তা পঠিয়াইছিল?

যোহন বাপ্তাইজকে এই বাৰ্ত্তা পঠিয়াইছিল, "আহিব লগাজনা আপুনিয়েই নে, নাইবা আন এজন অহালৈ আমি বাট চাই থাকিম" (১১:৩)।

Matthew 11:4

তেওঁৱেই যে আহিব লগা জনা সেইটো ঘটাৰ প্ৰমাণ স্বৰূপে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল নৰিয়াবিলাক সুস্থ হৈছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকক শুভবাৰ্ত্তা কোৱা হৈছে(১১:৫)।

যিসকলে তেওঁত কোনো বিঘিনিৰ কাৰণ নাপায় তেওঁলোকক যীচুৱে কি প্ৰতিজ্ঞা কৰিছিল?

যিসকলে তেওঁত কোনো বিঘিনিৰ কাৰণ নাপায় তেওঁলোকক যীচুৱে আশীৰ্বাদৰ প্ৰতিজ্ঞা কৰিছিল(১১:৬)।

Matthew 11:9

যোহন বাপ্তাইজকে তেওঁৰ জীৱনত কি চৰিত্ৰ ৰূপায়ণ কৰি আছিল বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে যোহন বাপ্তাইজক হৈছে ভাববাণীৰ বাৰ্তা বাহক যিজনে আহিব লগা জনাৰ আগে আগে তেওঁৰ পথ প্ৰস্তুত কৰিছিল (১১:৯-১০)।

Matthew 11:13

যোহন বাপ্তাইজক কোন আছিল বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে যোহন বাপ্তাইজক এলিয়া আছিল(১১:১৪)।

Matthew 11:18

সেই প্ৰজন্মৰ লোকসকলে যোহনৰ বিষয়ে কি কৈছিল যিজনে আহি ভোজন আৰু পান নকৰিলে?

সেই প্ৰজন্মৰ লোকসকলে কৈছিল যে যোহন বাপ্তাইজক এটা ভূতে পোৱা বুলি(১১:১৮)।

সেই প্ৰজন্মৰ লোকসকলে যীচুৰ বিষয়ে কি কৈছিল যিজনে আহি ভাজন আৰু পান কৰিছিল?

সেই প্ৰজন্মৰ লোকসকলে কৈছিল যে যীচু এজন খাৱৈচ আৰু এজন মদপী আৰু কৰ তোলা আৰু পাপীবোৰৰ বন্ধু(১১:১৯)।

Matthew 11:20

যিবোৰ নগৰত তেওঁৰ মহৎ কৰ্মবোৰ কৰা হ'ল, তথাপিও তেওঁলোকে মন পালটন নকৰিলে তাৰ প্ৰতি যীচুৱে কি ঘোষণা কৰিছিল?

যিবোৰ নগৰত তেওঁৰ মহৎ কৰ্মবোৰ কৰা হ'ল, তথাপিও তেওঁলোকে মন পালটন নকৰিলে তাৰ প্ৰতি যীচুৱে এক মহান ভয়ানক সোধবিচাৰ ঘোষণা কৰিছিল(১১:২০-২৪)।

Matthew 11:25

ঈশ্বৰৰ ৰাজ্য কাৰ পৰা গুপুতে ৰখাৰ কাৰণে যীচুৱে পিতৃক প্ৰশংসা কৰিছিল?

ঈশ্বৰৰ ৰাজ্য জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা গুপুতে ৰখাৰ কাৰণে যীচুৱে পিতৃক প্ৰশংসা কৰিছিল(১১:২৫)।

ঈশ্বৰৰ ৰাজ্য কাৰ আগত প্ৰকাশ কৰাৰ কাৰণে যীচুৱে পিতৃক প্ৰশংসা কৰিছিল?

ঈশ্বৰৰ ৰাজ্য যিসকল অশিক্ষিত, শিশুবিলাকৰ দৰে লোকৰ আগত প্ৰকাশ কৰাৰ কাৰণে যীচুৱে পিতৃক প্ৰশংসা কৰিছিল(১১:২৫)।

কোনে পিতৃক জানে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল তেওঁ পিতৃক জানে, আৰু যাক ইচ্ছা কৰে তেওঁৰ আগত নিজকে প্ৰকাশ কৰে(১১:২৭)।

Matthew 11:28

যীচুৱে কাক বিশ্ৰাম দিয়াৰ কথা অঙ্গীকাৰ কৰিছিল?

যিসকল পৰিশ্ৰান্ত আৰু অতি ভাৰাক্ৰান্ত তেওঁলোকক যীচুৱে বিশ্ৰাম দিয়াৰ প্ৰতিজ্ঞা কৰিছিল(১১:২৮)।