Matthew 9

Matthew 9:3

যীচুৱে সেই জঠৰ ৰোগীজনক উঠা আৰু খোজ কাঢ়ি ফুৰা এই বুলি কোৱাৰ পৰিৱৰ্তে তেওঁৰ পাপ ক্ষমা কৰা হ'ল বুলি কিয় কৈছিল?

পৃথিবীত তেওঁৰ পাপ ক্ষমা কৰিবলৈ যে ক্ষমতা আছে তাকে দেখুৱাবলৈ যীচুৱে সেই জঠৰ ৰোগীজনক কৈছিল যে তেওঁৰ পাপ ক্ষমা কৰা হ'ল(৯:৫-৬)।

Matthew 9:7

মানুহবিলাকে যেতিয়া সেই জঠৰ ৰোগীজনৰ পাপ ক্ষমা হোৱা আৰু সুস্থ হোৱা দেখিলে তেওঁলোকে কিয় ঈশ্বৰৰ প্ৰশংসা কৰিছিল?

যিয়ে মানুহক এনে ক্ষমতা দিলে সেইটো লৈ, তেওঁলোকে অতি আচৰিত হৈছিল আৰু ঈশ্বৰৰ প্ৰশংসা কৰিছিল(৯:৮)।

মথিয়ে যীচুৰ অনুগমণ কৰাৰ আগতে তেওঁৰ জীৱিকা কি আছিল?

মথিয়ে যীচুৰ অনুগমণ কৰাৰ আগতে তেওঁৰ জীৱিকা কৰ সংগ্ৰহ কৰোঁতা আছিল(৯:৯)।

Matthew 9:10

যীচু আৰু তেওঁৰ শিষ্যসকলে কাৰ সৈতে ভোজন কৰিছিল?

যীচু আৰু তেওঁৰ শিষ্যসকলে কৰ তোলোতা আৰু পাপী মানুহবিলাকৰ সৈতে ভোজন কৰিছিল(৯:১০)।

Matthew 9:12

যীচুৱে কাক নিমন্ত্ৰণ কৰিবলৈ আহিছে বুলি কৈছিল?

যীচুৱে পাপীবিলাকক মন পালটন কৰিবলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছিল(৯:১৩)।

Matthew 9:14

যীচুৱে কিয় তেওঁৰ শিষ্যসকলক লঘোন দিয়া নাছিল বুলি কৈছিল?

যীচুৱে কৈছিল তেওঁৰ শিষ্যবিলাকে লঘোন দিয়া নাছিল কাৰণ তেওঁ সিহঁতৰ লগত আছিল(৯:১৫)।

যীচুৱে তেওঁ শিষ্যসকলে কেতিয়া লঘোন দিব বুলি কৈছিল?

যীচুৱে কৈছিল তেওঁৰ শিষ্যবিলাকে লঘোন দিব যেতিয়া তেওঁক তেওঁলোকৰ লগৰপৰা লৈ যোৱা হ'ব(৯:১৫)।

Matthew 9:20

সেই অত্যধিক তেজবোৱা মহিলা গৰাকীয়ে কি কৰিছিল, আৰু কিয়?

সেই অত্যধিক তেজবোৱা মহিলা গৰাকীয়ে যীচুৱে পিন্ধা কাপোৰৰ দহি চুইছিল, ভাবিছিল যে যদি তাই তেওঁৰ কাপোৰৰ দহি চুবলৈ পায় তাই সুস্থ হ'ব(৯:২০-২১)।

সেই অত্যধিক তেজবোৱা মহিলা গৰাকী সুস্থ হোৱাত যীচুয়ে কি কৈছিল?

অত্যধিক তেজ বোৱা মহিলা গৰাকীক যীচুৱে কৈছিল যে তাইৰ বিশ্বাসেই তাইক সুস্থ কৰিলে(৯:২২)।

Matthew 9:23

যিহুদী আমোলাৰ ঘৰত সোমাওঁতে মানুহবিলাকে কিয় যীচুক হাঁহিছিল?

মানুহবিলাকে যীচুক হাঁহিছিল কাৰণ ছোৱালীজনী মৰা নাই, তাই টোপনিত আছে(৯:২৪)।

Matthew 9:25

যীচুৱে সেই ছোৱালীজনী জীয়াই তোলাত কি ঘটিছিল?

যীচুৱে ছোৱালীজনী জীয়াই তোলাৰ বাতৰি সেই অঞ্চলৰ সকলোতে বিয়পি গৈছিল(৯:২৬)।

Matthew 9:27

সেই অন্ধ মানুহ দুজনে যীচুলৈ চাই কি চিঞৰি আছিল?

সেই অন্ধ মানুহদুজনে যীচুলৈ চাই চিঞৰি আছিল, " হে দায়ুদৰ সন্তান, আমাক দয়া কৰক"(৯:২৭)।

Matthew 9:29

যীচুৱে সেই অন্ধ মানুহ দুজনক কি অনুসাৰে সুস্থ কৰিছিল?

যীচুৱে সেই অন্ধ মানুহ দুজনক তেওঁলোকৰ বিশ্বাস অনুসৰি সুস্থ কৰিছিল(৯:২৯)।

Matthew 9:32

যীচুৱে সেই বোবা মানুহজনক সুস্থ কৰাৰ পাছত ফৰীচীবিলাকে তেওঁৰ বিৰুদ্ধে কি দোষ ধৰিছিল?

যীচুৱে ভূতৰ ৰজাৰ দ্বাৰাই ভূতবিলাকক বাহিৰ কৰে বুলি ফৰীচী বিলাকে যীচুক দোষ ধৰিছিল(৯:৩৪)।

Matthew 9:35

মানুহবিলাকৰ প্ৰতি যীচুৰ কিয় মৰম ভাব উপজিছিল?

মানুহবিলাকৰ প্ৰতি যীচুৰ মৰমবোব উপজিছিল কাৰণ তেওঁলোক চিন্তিত আৰু ভাগৰুৱা হৈ পৰিছিল আৰু ৰখীয়া নোহোৱা মেৰৰ দৰে হৈ পৰিছিল(৯:৩৬)।

Matthew 9:37

যীচুৱে তেওঁৰ শিষ্যসকলক জৰুৰীভাবে কি প্ৰাৰ্থনা কৰিবলৈ কৈছিল?

যীচুৱে তেওঁৰ শিষ্যসকলক জৰুৰীভাবে প্ৰাৰ্থনা কৰিবলৈ কৈছিল যাতে শস্যৰ গৰাকীয়ে শস্যক্ষেত্ৰলৈ কৰ্মী পঠাই দিয়ে(৯:৩৮)।