Matthew 8

Matthew 8:4

সুস্থ কৰা কুষ্ঠৰোগীজনক কিয় যীচুৱে পুৰোহিতৰ ওচৰলৈ যাবলৈ কৈছিল আৰু মোচিয়ে আজ্ঞা কৰা উপহাৰ উচৰ্গা কৰিবলৈ কৈছিল?

সুস্থ কৰা কুষ্ঠৰোগীজনক যীচুৱে তেওঁলোকৰ বাবে সাক্ষ্য হ'বলৈ পুৰোহিতৰ ওচৰলৈ যাবলৈ কৈছিল(৮:৪)।

Matthew 8:5

যেতিয়া সেনাপতিজনে তেওঁৰ জঠৰ হোৱা চাকৰজনৰ বিষয়ে কৈছিল তেতিয়া যীচুৱে কি কৰিব বুলি কৈছিল?

যীচুৱে কৈছিল তেওঁ সেই সেনাপতিজনৰ ঘৰলৈ যাব আৰু চাকৰ জনক সুস্থ কৰিব(৮:৭)।

Matthew 8:8

সেই সেনাপতিজনে কিয় যীচুক কৈছিল যে তেওঁ তেওঁৰ ঘৰলৈ অহাৰ প্ৰয়োজন নাই?

সেই সেনাপতিজনে কৈছিল যে যীচুৱে তেওঁৰ ঘৰলৈ যে আহিব তেওঁ তাৰ যোগ্য নহয়, আৰু যে যীচুৱে মাত্ৰ এটা শব্দ কওক যাতে তেওঁৰ দাসজন সুস্থ হওক(৮:৮)।

এই সেনাপতিজনৰ বাবে যীচুৱে কি প্ৰশংসাৰ মন্তব্য দিছিল?

যীচুৱে কৈছিল যে আনকি ইস্ৰায়েলৰ মাজতো কাকো তেওঁ এই সেনাপতিজনৰ দৰে বিশ্বাস পোৱা নাই(৮:১০).

Matthew 8:11

স্বৰ্গৰাজ্যৰ মেজত কোন কোন আহি বহিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে অনেকে পূৱ আৰু পশ্চিমৰ পৰা আহিব আৰু স্বৰ্গৰাজ্যত মেজত বহিব(৮:১১)।

বাহিৰৰ অন্ধকাৰত য'ত ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব তাত কাক দলিয়াই পেলাব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে ৰাজ্যৰ সন্তানবিলাক বাহিৰৰ অন্ধকাৰত পেলোৱা হ'ব(৮:১২)।

Matthew 8:14

যীচুৱে যেতিয়া পিতৰৰ ঘৰত সোমাইছিল তেওঁ কাক সুস্থ কৰিছিল?

যীচুৱে যেতিয়া পিতৰৰ ঘৰত সোমাইছিল তেওঁ পিতৰৰ শাহুৱেকক সুস্থ কৰিছিল(৮:১৪-১৫)।

Matthew 8:16

যিবিলাক ভুতে ধৰা আৰু ৰোগীয়া আছিল সেইবিলাকক যীচুৱে সুস্থ কৰাত যিচয়াৰ কি ভাববাণী পৰিপূৰ্ণ হৈছিল?

যিচয়াৰ ভাববাণী, "তেওঁ নিজে আমাৰ ৰোগবোৰ ল'লে আৰু আমাৰ ৰোগৰ ভাৰ ল'লে" এইটো পৰিপূৰ্ণ হৈছিল(৮:১৭)।

Matthew 8:18

অধ্যাপক এজনে যীচুৰ পিছে পিছে আহিবলৈ খোজাত সেই পথৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল তেওঁৰ কোনো স্থায়ী ঘৰ নাই(৮:২০)।

Matthew 8:21

যীচুক অনুগমণ কৰাৰ আগেয়ে এজন শিষ্যই তেওঁৰ পিতাকক কবৰ দিবলৈ যাব খোজাত যীচুৱে কি কৈছিল?

যীচুৱে সেই শিষ্যজনক তেওঁৰ অনুগমণ কৰিবলৈ কৈছিল আৰু মৃতসকলে তেওঁলোকৰ মৃতসকলক কবৰ দিবলৈ এৰি দিবলৈ কৈছিল(৮:২১-২২)।

Matthew 8:23

সাগৰত যেতিয়া এক বৰ ধুমুহা উঠিছিল যীচুৱে নাঁৱত কি কৰি আছিল?

সাগৰত যেতিয়া এক বৰ ধুমুহা উঠিছিল যীচুৱে নাঁৱত শুই আছিল(৮:২৪)।

Matthew 8:26

যেতিয়া শিষ্যবিলাকে যীচুক জগাই দিছিল কাৰণ তেওঁলোক মৰিব বুলি ভয় কৰিছিল, যীচুৱে তেওঁলোকক কি কৈছিল?

যীচুৱে শিষ্যবিলাকক কৈছিল, "কিয় ভয় কৰিলা, হে অল্প বিশ্বাসীবিলাক"(৮:২৬)?

সকলো শান্ত হোৱাৰ পাছত শিষ্যবিলাকে কিয় আচৰিত হৈছিল?

শিষ্যবিলাকে যীচুত অতি আচৰিত হৈছিল কাৰণ বতাহ আৰু সাগৰেও তেওঁৰ কথা মানে(৮:২৭)।

Matthew 8:28

যীচুৱে গাদাৰিয়াবিলাকৰ দেশলৈ আহি পাওঁতে কেনে ধৰণৰ মানুহে যীচুক লগ পাইছিল?

যীচুৱে ভুতে ধৰা দুজন মানুহক লগ পাইছিল যিয়ে অতি ভয়ানক আছিল(৮:২৮)।

এই মানুহজনৰ যোগেদি ভুতবিলাকে কথা কওঁতে কি বিষয়টে কৈছিল?

ভূতবিলাকৰ চিন্তা হৈছিল যে যীচুৱে সময় হোৱাৰ আগতেই সিহঁতক শাস্তি দিবলৈ আহিল(৮:২৯)।

Matthew 8:30

যেতিয়া যীচুৱে ভূতবোৰ বাহিৰ কৰিছিল কি ঘটিছিল?

যেতিয়া যীচুৱে ভূতবোৰ বাহিৰ কৰিছিল, সেইবোৰে ওলাই গৈ গাহৰি জাকত সোমাইছিলগৈ আৰু গাহৰিজাক বৰকৈ লৰি গৈ সাগৰত পৰিছিল আৰু মৰিছিল(৮:৩২)৷

Matthew 8:33

মানুহবিলাকে যেতিয়া যীচুক লগ পাবলৈ নগৰৰ পৰা বাহিৰ ওলাই আহিছিল তেওঁলোকে যীচুক কি কৰিবলৈ কৈছিল?

মানুহবিলাকে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আঁতৰি যাবলৈ মিনতি কৰিছিল(৮:৩৪)।