Matthew 7

Matthew 7:3

আমাৰ ভাইক সহায় কৰিবলৈ প্ৰথমে আমি কি কৰিব লাগে?

আমি প্ৰথমে আমাৰ নিজকে বিচাৰ কৰিব লাগে আৰু আমাৰ ভাইক সহায় কৰিবলৈ যোৱাৰ আগতে আমাৰ নিজৰ চকুৰ পৰা কূটাডালি আঁতৰাই লব লাগে(৭:১-৫)৷

Matthew 7:6

যদি কুকুৰবোৰক পবিত্ৰ বস্তু দিওঁ কি হ'ব পাৰে?

যদি কুকুৰ বোৰক পবিত্ৰ বস্তু দিওঁ, সিহঁতে সেইবোৰ ভৰিৰে গচকিব আৰু তাৰ পাছত ঘুৰি তোমালোককো ছিৰি পেলাব(৭:৬)।

Matthew 7:7

পিতৃৰ পৰা পাবলৈ হ'লে আমি কি কৰিব লাগে?

পিতৃৰ পৰা আমি কিবা পাবলৈ হ'লে আমি খুজিব লাগে, বিচাৰিব আৰু টুকুৰিয়াব লাগে(৭:৮)।

Matthew 7:11

যিসকলে পিতৃক খোজে তেওঁলোকক তেওঁ কি দিব?

যিসকলে পিতৃক খোজে তেওঁলোকক তেওঁ উত্তম বস্তু দিয়ে(৭:১১)।

আনবিলাকক আচৰণ কৰাৰ বিষয়ে বিধান আৰু ভাববাদীসকলে আমাক কি শিকায়?

আনৰ পৰা আমি যি আচৰণ পাব বিচাৰো আনকে তেনে আচৰণ কৰাটো বিধান আৰু ভাববাদীসকলে শিকায়(৭:১২)।

Matthew 7:13

বহল বাটে ক'লৈ লৈ যায়?

বহল বাটে বিনাশলৈ লৈ যায়(৭:১৩)।

ঠেক বাটে ক'লৈ লৈ যায়?

ঠেক বাটে জীৱনলৈ লৈ যায়(৭:১৪)।

Matthew 7:15

ভুৱা ভাববাদীবিলাকক আমি কেনেকৈ চিনিব পাৰো?

আমি ভুৱা ভাববদীবিলাকক তেওঁলোকৰ জীৱনৰ ফলৰ দ্বাৰা চিনিব পাৰো(৭:১৫-২০)।

Matthew 7:21

স্বৰ্গ ৰাজ্যত কোন সোমাব পাৰে?

যিসকলে পিতৃৰ ইচ্ছা পালন কৰে তেওঁলোকে স্বৰ্গৰাজ্যত সোমাব পাৰে(৭:২১)।

যিবিলাকে ভাববাণী প্ৰচাৰ কৰিছিল, ভুত খেদাইছিল, আৰু যীচুৰ নামত আচৰিত কাম কৰিছিল তেওঁলোকক যীচুৱে কি ক'ব?

যীচুৱে তেওঁলোকক ক'ব, "মই তহঁতক চিনি নাপাওঁ, হে কু-কৰ্ম্মীহঁত, মাৰ ওচৰৰ পৰা দুৰ হ'ব(৭:২২-২৩)।

Matthew 7:24

যীচুৱে দিয়া দুটা ঘৰৰ দৃষ্টান্তত জ্ঞানী মানুহৰ নিচিনা কোন জন?

যি জনে যীচুৰ বাক্যবোৰ শুনে আৰু সেইবোৰ সেই দৰে পালন কৰে তেৱেঁই জ্ঞানী মানুহ(৭:২৪)।

Matthew 7:26

যীচুৱে দিয়া দুটা ঘৰৰ দৃষ্টান্তত মুৰ্খ মানুহৰ নিচিনা কোন জন?

যি জনে যীচুৰ বাক্যবোৰ শুনে আৰু সেইবোৰ পালন নকৰে তেৱেঁই মুৰ্খ মানুহ(৭:২৬)।

Matthew 7:28

যীচুৱে মানুহবিলাকক দিয়া শিক্ষা অধ্যাপকসকলে শিকোৱা শিক্ষাৰ লগত কেনেকৈ তুলনা কৰিব পাৰি?

যীচুৱে মানুহবিলাকক দিয়া শিক্ষাটো আছিল ক্ষমতাপন্নজনৰ দৰে অধ্যাপকসকলে শিকোৱাৰ দৰে নাছিল(৭:২৯)।