Matthew 6

Matthew 6:1

পিতৃৰ দ্বাৰা পুৰস্কৃত হ'বলৈ আমি আমাৰ ধাৰ্মিকতা কাৰ্য কেনেকৈ কৰিব লাগে?

আমি আমাৰ ধাৰ্মিকতা কাৰ্য ব্যক্তিগতভাবে কৰিব লাগে(৬:১-৪)।

Matthew 6:5

যিসকলে ব্যক্তিগত/গোপনে প্ৰাৰ্থনা কৰে কাৰপৰা পুৰস্কাৰ পাব?

যিসকলে ব্যক্তিগত/গোপনে প্ৰাৰ্থনা কৰে পিতৃৰ পৰা পুৰস্কাৰ পাব(৬:৬)।

Matthew 6:8

যীচুৱে কিয় আমাক অৰ্থহীন পুনৰাবৃত্তিৰে প্ৰাৰ্থনা কৰিব নালাগে বুলি কৈছিল?

যীচুৱে কৈছে আমি অৰ্থহীন পুনৰাবৃত্তিৰে প্ৰাৰ্থনা কৰি থাকিব নালাগে কাৰণ আমি তেওঁক খোজাৰ পূৰ্বেই আমাৰ কি প্ৰয়োজন তাক তেওঁ জানে(৬:৭-৮)।

পিতৃয়ে তেওঁৰ ইচ্ছা পূৰ কৰক বুলি আমি ক'ত প্ৰাৰ্থনা কৰিব লাগে(৬:১০)?

স্বৰ্গত যেনেকৈ কৰা হ'ল তেনেকৈ পৃথিবীটো পিতৃয়ে তেওঁৰ ইচ্ছা পূৰ কৰক বুলি আমি প্ৰাৰ্থনা কৰিব লাগে(৬:১০)।

Matthew 6:14

যদি আমি আমাক দিবলগীয়া ধৰুৱাৰ ধাৰ ক্ষমা নকৰোঁ, পিতৃয়ে কি কৰিব?

যদি আমি আমাক দিবলগীয়া ধৰুৱাৰ ধাৰ ক্ষমা নকৰোঁ, পিতৃয়েও আমাৰ ধাৰ ক্ষমা নকৰিব(৬:১৫)।

Matthew 6:16

আমি কেনেকৈ লঘোন দিব লাগে যাতে পিতৃৰ পৰা আমি পুৰস্কাৰ পাব পাৰো?

আমি মানুহৰ আগত লঘোনীয়া বুলি নেদেখুৱাই লঘোন দিব লাগে আৰু তাতে পিতৃয়ে আমাক পুৰস্কাৰ দিব(৬:১৬-১৮)।

Matthew 6:19

আমি আমাৰ ধন ক'ত জমা কৰিব লাগে আৰু কিয়?

আমি আমাৰ ধন স্বৰ্গত জমা কৰিব লাগে, কাৰণ তাত ধ্বংস নহয় নাইবা চোৰেও নিনিয়ে(৬:১৯-২০)।

আমাৰ ধন য'ত থাকিব তাত আমাৰ কি হব?

য'তে আমাৰ ধন ত'তে আমাৰ মন হ'ব(৬:২১)।

Matthew 6:22

আমি কোন দুজন গৰাকীৰ মাজত এজনক বাচি লব লাগে?

আমি ঈশ্বৰ আৰু ধন সম্পত্তিৰ মাজত এজনক আমাৰ মালিক হিচাপে বাচি লব লাগে(৬:২৪)।

Matthew 6:25

আমি আমাৰ ভোজন, পান আৰু বস্ত্ৰৰ নিমিত্তে কিয় চিন্তিত হ'ব নালাগে?

আমি আমাৰ ভোজন, পান আৰু বস্ত্ৰৰ নিমিত্তে চিন্তিত হ'ব নালাগে কাৰণ পিতৃয়ে চৰাইবোৰকো চোৱা চিতা কৰে আৰু আমি সেইবোৰতকৈ অধিক বহুমূলীয়া(৬:২৫-২৬)।

Matthew 6:27

আমি চিন্তিত হৈ একো কৰিব নোৱাৰো তাৰ বাবে যীচুৱে কি সোঁৱৰাই দিছে?

যীচুৱে আমাক এইটো সোঁৱৰাই দিছে যে আমি চিন্তিত হৈ আমাৰ আয়ুস এক বেগেত বঢ়াব নোৱাৰো(৬:২৭)।

Matthew 6:32

আমাৰ সকলো পাৰ্থিব প্ৰয়োজন পূৰ হ'বৰ বাবে আমি প্ৰথমে কি বিচাৰিব লাগে?

আমি প্ৰথমে পিতৃৰ ৰাজ্য আৰু পিতৃৰ ধাৰ্মিকতা বিচাৰিব লাগে আৰু তাতে আমাৰ পাৰ্থিব সকলো প্ৰয়োজন পূৰ হ'ব(৬:৩৩)।