Matthew 5

Matthew 5:1

আত্মাত দৰিদ্ৰ বিলাক কিয় ধন্য?

আত্মাত দৰিদ্ৰ বিলাক ধন্য কাৰণ স্বৰ্গৰাজ্য তেওঁলোকৰ(৫:৩)।

শোক কৰাবিলাক কিয় ধন্য?

যিবিলাকে শোক কৰে তেওঁলোক ধন্য কাৰণ তেওঁলোকক শান্তনা কৰা হ'ব(৫:৪)।

Matthew 5:5

নম্ৰ বিলাক কিয় ধন্য?

নম্ৰ বিলাক ধন্য কাৰণ তেওঁলোকে জগতখন অধিকাৰ কৰিব(৫:৫)।

ধাৰ্মিকতাৰ কাৰণে ভাক আৰু পিয়াহ লগাবিলাক কিয় ধন্য?

ধাৰ্মিকতাৰ কাৰণে ভাক আৰু পিয়াহ লগাবিলাক ধন্য কাৰণ তেওঁলোক তৃপ্ত হ'ব(৫:৬)।

Matthew 5:11

যীচুৰ নামৰ কাৰণে যিসকলে ঠাট্টা আৰু তাড়না পায় তেওঁলোক কিয় ধন্য?

যীচুৰ নামৰ কাৰণে যিসকলে ঠাট্টা আৰু তাড়না পায় তেওঁলোক ধন্য কাৰণ স্বৰ্গত তেওঁলোকৰ পুৰস্কাৰ অধিক আছে(৫:১১-১২)।

Matthew 5:15

বিশ্বাসীসকলে তেওঁলোকৰ পোহৰ মানুহবিলাকৰ আগত কেনেকৈ প্ৰকাশিত কৰে?

বিশ্বাসীসকলে তেওঁলোকৰ পোহৰ মানুহবিলাকৰ আগত সৎ কাম কৰাৰ দ্বাৰা প্ৰকাশিত কৰে(৫:১৫-১৬)।

Matthew 5:17

পুৰণি নিয়মৰ বিধান আৰু ভাববাদীসকলক কি কৰিবলৈ যীচু আহিছিল?

যীচুৱে পুৰণি নিয়মৰ বিধান আৰু ভাববাদীসকলৰ বাক্য পৰিপূৰ্ণ কৰিবলৈ আহিছিল(৫:১৭)।

Matthew 5:19

স্বৰ্গ ৰাজ্যত কাক মহান বুলি কোৱা হ'ব?

যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যিসকলে আনক সেইবাৰ শিকায় তেওঁলোকক স্বৰ্গ ৰাজ্যত মহান বুলি কোৱা হ'ব(৫:১৯)।

Matthew 5:21

যীচুৱে শিকাইছিল যে যিসকলে নৰবধ কৰে তেওঁলোক কেৱল সোধবিচাৰত দণ্ডৰ পাত্ৰ হ'ব সেয়েই নহয় কিন্তু যিবিলাকে কৰে তেওঁলোকৰ কি হ'ব?

যীচুৱে শিকাইছিল যে যিসকলে নৰবধ কৰে তেওঁলোকেই যে কেৱল সোধবিচাৰত দণ্ডৰ পাত্ৰ হ'ব সেয়াই নহয় কিন্তু যিবিলাকে নিজ ভাইক খং কৰে তেওঁলোকেও দণ্ড ভোগ কৰিব(৫:২১-২২)।

Matthew 5:23

যদি আমাৰ ভাইৰ বিৰুদ্ধে কিবা থাকিলে আমাক কি কৰিবলৈ যীচুৱে শিকাইছে?

যীচুৱে শিকাইছিল যে আমাৰ ভাইৰ বিৰুদ্ধে আমাৰ কিবা থাকিলে আমি গৈ তেওঁৰ লগত সমিল-মিল হ'ব লাগে(৫:২৩-২৪)।

Matthew 5:25

আমি আমাৰ গোচৰীয়াৰ লগত কাছাৰীলৈ যোৱাৰ আগতে কি কৰিব লাগে বুলি যীচুৱে শিকাইছিল?

যীচুৱে শিকাইছিল যে আমি আমাৰ গোচৰীয়াৰ লগত কাছাৰীলৈ যোৱাৰ আগতেই সমিল-মিল হ'বলৈ চেষ্টা কৰিব লাগে(৫:২৫)।

Matthew 5:27

যীচুৱে শিকাইছিল যে পৰস্ত্ৰী গমণ কৰাই ভুল নহয়, কিন্তু আৰু কি কৰিলেও ভুল হয়?

যীচুৱে শিকাইছিল যে পৰস্ত্ৰী গমণ কৰাই ভুল নহয়, কিন্তু আৰু এগৰাকী তিৰোতাৰ প্ৰতি অভিলাষৰ দৃষ্টি কৰিলেও ভুল হয়(৫:২৭-২৮)।

Matthew 5:29

আমাক কিহবাই যদি পাপ কৰোৱাই আমি কি কৰিব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে শিকাইছিল যে কিহবাই যদি আমাক পাপ কৰোৱাই আমি তাক এৰুৱাই পেলাব লাগে(৫:২৯-৩০)।

Matthew 5:31

যীচুৱে বিবাহ বিচ্ছেদৰ কাৰণ কি বুলি কৈছে?

ব্যভিচাৰৰ কাৰণে যীচুৱে বিবাহ বিচ্ছেদ কৰিব লাগে বুলি অনুমতি দিছে(৫:৩২)।

যদি কোনো স্বামীয়ে তেওঁৰ ভাৰ্যাক মিছাকৈয়ে বিচ্ছেদ কৰায় আৰু তাই পুনৰ বিয়া হয়, তেওঁ তাইক কি কৰায়?

যদি কোনো স্বামীয়ে তেওঁৰ ভাৰ্যাক বিনা কাৰণত বিচ্ছেদ কৰে আৰু তাই পুনৰ বিয়া হয়, তেওঁ তাইক ব্যভিচাৰিণী কৰায়(৫:৩২)।

Matthew 5:36

আমি স্বৰ্গ নামেৰে, পৃথিবীৰ নামেৰে, যিৰূচালেমৰ নামেৰে নাইবা আমাৰ মূৰত ধৰি শপত খোৱাৰ পৰিৱৰ্তে কি কৰিব লাগে বুলি যীচুৱে কৈছে?

যীচুৱে কৈছিল আমি এই সকলোবাৰৰদ্বাৰা শপত খোৱাৰ পৰিৱৰ্তে আমাৰ কথা "হয়, হয়," নাইবা "নহয়, নহয় হওক" (৫:৩৩-৩৭)।

Matthew 5:38

যিবিলাকে আমালৈ কু-কৰ্ম কৰে আমি সেইবিলাকক কি কৰিব লাগে বুলি যীচুৱে শিকাইছিল?

যীচুৱে শিকাইছিল যে আমাৰ প্ৰতি যিয়ে দুৰ্জন কাম কৰে তাক প্ৰতিৰোধ কৰিব নালাগে(৫:৩৮-৩৯)।

Matthew 5:43

আমি আমাৰ শত্ৰুবিলাকক আৰু আমাক তাড়না কৰাবিলাকক কি কৰিব লাগে বুলি যীচুৱে শিকাইছিল?

যীচুৱে শিকাইছিল যে আমি আমাৰ শত্ৰুবোৰৰ বাবে আৰু যিবিলাকে আমাক তাড়না কৰে সেইবিলাকৰ বাবে প্ৰাৰ্থনা কৰিব লাগে(৫:৪৩-৪৪)।

Matthew 5:46

আমি আমাক প্ৰেম কৰাবিলাককেই যে প্ৰেম কৰিব লাগে, কিন্তু আমাৰ শত্ৰুবিলাকক ও প্ৰেম কৰিব লাগে বুলি যীচুৱে কিয় কৈছিল?

যীচুৱে কৈছিল যদি আমি আমাক প্ৰেম কৰাবিলাককেই প্ৰেম কৰো আমি কোনো পুৰস্কাৰ নাপাওঁ কাৰণ পৰজাতিসকলে যি কৰে আমি তাকেইহে কৰি আছো(৫:৪৬-৪৮)।