Matthew 4

Matthew 4:1

চয়তানৰ দ্বাৰা পৰীক্ষিত হ'বলৈ যীচুক কোনে অৰণ্যলৈ লৈ গৈছিল?

পবিত্ৰ আত্মাই যীচুক চয়তানৰ দ্বাৰা পৰীক্ষিত হ'বলৈ অৰণ্যলৈ লৈ গৈছিল(৪:১)।

যীচুৱে অৰণ্যত কিমান দিন লঘোন দিছিল?

যীচুৱে অৰণ্যত চল্লিশ দিন আৰু চল্লিশ ৰাতি লঘোন দিছিল(৪:২)।

চয়তানে যীচুক কৰা প্ৰথম পৰীক্ষাটো কি আছিল?

যীচুক চয়তানে কৰা প্ৰথম পৰীক্ষাটো আছিল শিলবোৰক পিঠা হ'বলৈ দিয়া(৪:৩)।

যীচুৱে প্ৰথম পৰীক্ষাটোৰ কি উত্তৰ দিছিল?

যীচুৱে কৈছিল যে মানুহে কেৱল পিঠাৰে নিজীয়ে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰতিটো বাক্যৰে জীয়াই থাকিব(৪:৪)।

Matthew 4:5

চয়তানে যীচুক কৰা দ্বিতীয় পৰীক্ষাটো কি আছিল?

যীচুক চয়তানে কৰা দ্বিতীয় পৰীক্ষাটো আছিল মন্দিৰৰ পৰা তেওঁ নিজকে পেলাই দিয়া(৪:৫-৬)।

Matthew 4:7

যীচুৱে দ্বিতীয় পৰীক্ষাটোৰ কি উত্তৰ দিছিল?

যীচুৱে কৈছিল তোমাৰ প্ৰভু পৰমেশ্বৰৰ পৰীক্ষা নকৰিবা(৪:৭)

চয়তানে যীচুক কৰা তৃতীয় পৰীক্ষাটো কি আছিল?

চয়তানে যীচুক তেওঁক উপাসনা কৰিবলৈ কৈছিল বিনিময়ত সি এই জগতৰ সকলো ৰাজ্য যীচুক দিব(৪:৮-৯)।

Matthew 4:10

যীচুৱে তৃতীয় পৰীক্ষাটোৰ কি উত্তৰ দিছিল?

যীচুৱে কৈছিল তুমি তোমাৰ প্ৰভু ঈশ্বৰ যিহোৱাক উপাসনা কৰা আৰু কেৱল তেওঁৰেই সেৱা কৰা(৪:১০)।

Matthew 4:14

যীচুৱে গালীলৰ কফৰনাহুম গুচি যোৱাত কি পৰিপূৰ্ণ হৈছিল?

যিচয়াৰ ভাববাণী পৰিপূর্ণ হৈছিল সেইটো হৈছে গালীলৰ লোকসকলে এক মহান জ্যোতি দেখিবলৈ পাইছিল(৪:১৫-১৬)।

Matthew 4:17

যীচুৱে প্ৰথমে কি বাৰ্তা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল?

যীচুৱে এইটো প্ৰচাৰ কৰিছিল, "মন পালটন কৰা, কিয়নো ঈশ্বৰৰ ৰাজ্য ওচৰ পালেহি"(৪:১৭)।

Matthew 4:18

যীচুৱে পিতৰ আৰু আন্দ্ৰিয়ক কি বনাম বুলি কৈছিল?

যীচুৱে কৈছিল যে তেওঁ পিতৰ আৰু আন্দ্ৰিয়ক মানুহ ধৰা জালোৱৈ কৰিব(৪:১৯)।

Matthew 4:21

পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহনে এই সকলোৱে তেওঁলোকৰ জীৱিকা কেনেকৈ চলাইছিল?

পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহনে এই সকলোৰে জীৱিকা মাছ ধৰা মাছুৱৈ আছিল(৪:১৮, ২১)।

Matthew 4:23

এই সময়ত, যীচুৱে শিক্ষা দিবলৈ ক'লৈ গৈছিল?

যীচুৱে গালীলৰ ধৰ্ম্মধাম বিলাকত শিক্ষা দিছিল(৪:২৩)।

কেনেধৰণৰ মানুহবিলাকক যীচুৰ ওচৰলৈ অনা হৈছিল আৰু যীচুৱে তেওঁলোকক কি কৰিছিল?

যিসকলে ৰোগীয়া আৰু ভূতে ধৰা আছিল তেওঁলোকক যীচুৰ ওচৰলৈ অনা হৈছিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিছিল(৪:২৪)।

এই সময়ত, কিমান মানুহে যীচুৰ পাছে পাছে আহিছিল?

বিশাল লোকসমুহে যীচুৰ পাছে পাছে ফুৰিছিল(৪:২৫)।