Matthew 3

Matthew 3:1

যোহন বাপ্তাইজে অৰণ্যৰ কি বাৰ্ত্তা প্ৰচাৰ কৰিছিল?

যোহনে প্ৰচাৰ কৰিছিল, "মন পালটন কৰা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল" (৩:২)।

যিচয়াই কি ভাববাণী কৈছিল যে যোহন বাপ্তাইজকে কি কৰিবলৈ আহিছিল?

সেই ভাববাণীয়ে কৈছিল যে যোহন বাপ্তাইজকে প্ৰভুৰ পথ প্ৰস্তুত কৰিব(৩:৩)।

Matthew 3:7

ফৰীচী আৰু চদ্দুকীবিলাকক যোহন বাপ্তাইজকে কি কৰিবলৈ কৈছিল?

ফৰীচী আৰু চদ্দুকীবিলাকক যোহন বাপ্তাইজকে মন পালটনৰ উপযুক্ত ফলেৰে ফল ধাৰণ কৰিবলৈ কৈছিল(৩:৮)।

ফৰীচী আৰু চদ্দুকীবিলাকে নিজকে কি বুলি নাভাবিবলৈ যোহন বাপ্তাইজকে সাৱধান কৰি দিছিল?

যোহনে ফৰীচী আৰু চদ্দুকীবিলাকক নিজকে তেওঁলোকে অব্ৰাহামৰ সন্তান বুলি নাভাবিবা এই বুলি সাৱধান কৰি দিছিল(৩:৯)।

Matthew 3:10

যোহনৰ মতে উত্তম ফল ধাৰণ নকৰা প্ৰতিজোপা গছক কি কৰা হ'ব?

যোহনে কৈছিল উত্তম ফল ধাৰণ নকৰা প্ৰতিজোপা গছক কাটি পেলোৱা হ'ব আৰু জুইত পেলোৱা হ'ব(৩:১০)।

যোহন বাপ্তাইজকৰ পাছত অহা জনা কেনেকুৱা হ'ব?

যোহনৰ পাছত অহা জনাই পবিত্ৰ আত্মা আৰু জুইৰে বাপ্তাইজ কৰিব(৩:১১)।

Matthew 3:13

যীচুৱে কি কৈছিল যে যোহনে যীচুক বাপ্তাইজ কৰিবলৈ প্ৰত্যয়ণ হৈছিল?

যীচুৱে কৈছিল ধাৰ্মিকতা সিদ্ধ কৰিবলৈ যোহনে তেওঁক বাপ্তাইজ কৰাটো উচিত(৩:১৫)।

Matthew 3:16

যেতিয়া যীচুৱে পানীৰ পৰা উঠি আহিছিল তেওঁ কি দেখিছিল?

যেতিয়া যীচুৱে পানীৰ পৰা উঠি আহিছিল, ঈশ্বৰৰ আত্মাক কপৌ ৰূপত নামি অহা আৰু তেওঁৰ ওপৰত দেখা দিয়া তেওঁ দেখিবলৈ পাইছিল (৩:১৬)।

যীচু বাপ্তিস্ম হোৱাৰ পাছত স্বৰ্গৰ পৰা কি আকাশবাণী হৈছিল?

স্বৰ্গৰ পৰা সেই বাণীয়ে কৈছিল, "এওঁ মোৰ প্ৰিয় পুত্ৰ, য়াৰ ওপৰত মই পৰম সন্তুষ্ট" (৩:১৭)।