Matthew 2

Matthew 2:1

যীচুৰ ক'ত জন্ম হৈছিল?

যিহুদীয়াৰ বৈৎলেহেমত যীচুৰ জন্ম হৈছিল(২:১)।

পূৱৰ পৰা অহা পণ্ডিত কেইজনে যীচুক কি পদবী দিছিল?

পূৱৰ পৰা অহা পণ্ডিত কেইজনে যীচুক যিহুদী কালৰ ৰজাৰ পদবী দিছিল(২:২)।

যিহুদীসকলৰ ৰজা জন্ম হ'ল বুলি এই পণ্ডিত কেইজনে কেনেকৈ জানিছিল?

সেই পণ্ডিত কেইজনে পূৱ ফালে যিহুদীবিলাকৰ ৰজাৰ ৰতাটো দেখিছিল(২:২)।

হেৰোডে এই পণ্ডিত কেইজনৰ পৰা বাতৰি পাই কেনে প্ৰত্যুত্তৰ দিছিল?

এই পণ্ডিত কেইজনৰ পৰা এই বাতৰিটো পালে, তেওঁ অতিশয় বিয়াকুল হৈছিল(২:৩)।

Matthew 2:4

প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে খ্ৰীষ্ট কোন ঠাইত জন্মিব কেনেকৈ জানিছিল?

তেওঁলোকে ভৱিষ্যতবাণী জানিছিল যে খ্ৰীষ্ট বৈৎলেহেমত জন্মিব(২:৫-৬)।

Matthew 2:9

যীচু য'ত আছিল এই পণ্ডিত কেইজনে সঠিককৈ সেই ঠাইডোখৰ কেনেকৈ বিচাৰি পাইছিল?

পূৱফালৰ তৰাটো যীচু য'ত আছিল তাত থিৰ হৈ নথকালৈকে তেওঁলোকৰ আগে আগে গৈ আছিল(২:৯)।

Matthew 2:11

সেই পণ্ডিত কেইজনে যীচুক চাবলৈ আহোঁতে তেওঁৰ বয়স কিমান আছিল?

পণ্ডিত কেইজনে যীচুক চাবলৈ আহোঁতে তেওঁ এটি কেচুৱা আছিল(২:১১)৷

সেই পণ্ডিত কেইজনে যীচুক কি উপহাৰ দিছিল?

সেই পণ্ডিত কেইজনে যীচুক সোণ, ধুনা-এঠা আৰু গন্ধৰস দিছিল(২:১১)।

সেই পণ্ডিত কেইজনে কোনটো পথেৰে ঘৰলৈ ঘূৰি গৈছিল আৰু এই পথেৰে তেওঁলোকে কিয় গুচি গৈছিল ?

পণ্ডিত কেইজনে আন এটা পথেৰে ঘৰলৈ ঘূৰি গৈছিল কাৰণ ঈশ্বৰে তেওঁলোকক হেৰোডৰ ওচৰলৈ নাযাবলৈ সাৱধান কৰি দিছিল(২:১২)।

Matthew 2:13

যোচেফে সপোনত কি নিৰ্দেশনা পাইছিল?

যোচেফে সপোনত এই নিৰ্দেশনা পাইছিল যে যীচু আৰু মৰিয়মক লৈ তেওঁ মিছৰ দেশলৈ পলাই যাওক, কাৰণ হেৰোডে যীচুক বধ কৰিবলৈ চেষ্টা কৰিছে(২:১৩)৷

মিছৰৰ পৰা যীচু ঘূৰি অহাৰ দ্বাৰা কি ভৱিষ্যতবাণী পৰিপূৰ্ণ হৈছিল?

মিছৰৰ পৰা যীচু ঘূৰি অহাৰ দ্বাৰা "মিছৰৰ পৰা মই মোৰ পুত্ৰক মাতিলো" এই ভৱিষ্যতবাণী পৰিপূৰ্ণ হৈছিল(২:১৫)।

Matthew 2:16

সেই পণ্ডিত কেইজন যেতিয়া তেওঁৰ ওচৰলৈ ঘুৰি নাহিল হেৰোডে কি কৰিছিল?

হেৰোডে বৈৎলেহেম অঞ্চলৰ সকলো দুবছৰীয়া বা তাতকৈ সৰু ল'ৰা শিশুক বধ কৰিছিল(২:১৬)।

Matthew 2:19

হেৰোডৰ মৃত্যুৰ পাছত যোচেফে সপোনত কি নিৰ্দেশনা পাইছিল?

যোচেফক সপোনত ইস্ৰায়েল দেশলৈ ঘুৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল(২:১৯-২০)।

Matthew 2:22

যোচেফে মৰিয়ম আৰু যীচুৰ সৈতে ক'ত থাকিবলৈ ঠিক কৰি পেলাইছিল?

যোচেফে মৰিয়ম আৰু যীচুৰ সৈতে গালীলৰ নাচৰতত থাকিবলৈ ঠিক কৰি পেলাইছিল(২:২২-২৩)।

যোচেফে যেতিয়া তেওঁলোকৰ নতুন স্থানলৈ গুচি গৈছিল কি ভাববাণী পৰিপূৰ্ণ হৈছিল?

খ্ৰীষ্টত নাচৰতীয়া বুলি কোৱাৰ ভৱিষ্যত বাণী পৰিপূৰ্ণ হৈছিল(২:২৩)।