Matthew 24

Matthew 24:1

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক কবলৈ আৰম্ভ কৰিছে।

তোমালোকে এই সকলোবোৰ বস্তু নেদেখিছা নে?

সাম্ভাব্য অৰ্থবোৰ হৈছে: যীচুৱে কোৱা বিষয়টো হৈছে ১) সেই মন্দিৰৰ গাঠনি(AT: “এই সকলোবোৰ অট্টালিকাৰ কথা মই তোমালোকক কওঁ”) বা ২) সেই ধ্বংস এই মাত্ৰ বৰ্ণনা কৰা হ’ল (“এই মাত্ৰ মই তোমালোকক যি ক’লো তোমালোকে বুজা উচিত, কিন্তু তোমালোকে বুজা নাই!”) অলঙ্কাৰীক প্ৰশ্ন চাওক)।

Matthew 24:3

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

তোমালোকক কোনেও যেন নুভুলায় তালৈ সাৱধান হবা

“এইবোৰ বিষয়ৰ বাবে যি কোনোৱে কয় তাক তোমালোকে বিশ্বাস নকৰিবা।”

Matthew 24:6

যীচুৱে তেওঁৰ শিষ্যবিলাকক শেষ কালৰ বিষয়ে একেৰাহে কৈ আছে।

চোৱা তোমালোক যাতে ব্যাকুল নোহোৱা

“এই বিষয়বোৰে তোমালোকক ব্যাকুল কৰিবলৈ নিদিবা” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 24:9

যীচুৱে তেওঁৰ শিষ্যবিলাকক শেষ কালৰ বিষয়ে একেৰাহে কৈ আছে।

সিহঁতে তোমালোকক শোধাই দিব

“যিবিলাক মানুহে তোমালোকক তাড়না কৰিবলৈ বিচাৰে সিহঁতে তোমালোকক শোধাই দিব”

তোমালোকক শোধাই দিব

১০:১৭ পদত আপুনি অনুবাদ কৰাৰ দৰে এইটো কৰক।

Matthew 24:12

যীচুৱে তেওঁৰ শিষ্যবিলাকক শেষ কালৰ বিষয়ে একেৰাহে কৈ আছে।

অনেকৰ প্ৰেম চেচাঁ হৈ পৰিব

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) “বহুতো মানুহে আন মানুহক আৰু প্ৰেম নকৰিব” (UDB চাওক) বা ২) “বহুতো মানুহে ঈশ্বৰক আৰু প্ৰেম নকৰিব” (বাক্যাংশ চাওক)

সকলোবোৰ জাতি

AT: “সকলো ঠাইতে সকলো মানুহে” (বাক্যালঙ্কাৰ চাওক)

Matthew 24:15

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

দানিয়েল ভাববাদীৰ দ্বাৰা যিটো কোৱা হৈছিল

AT: “সেই দানিয়েল ভাববাদীয়ে যিটোৰ বিষয়ে কৈছিল” সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 24:19

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

যিবিলাকে শিশু সন্তানেৰে সৈতে আছে

গৰ্ভৱতী তিৰোতা (শুৱলা বৰ্ণনা চাওক) # শীত কাল “সেই জাৰ কাল”

মাংস

মানুহ (উপলক্ষণ চাওক)

Matthew 24:23

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

এইটোক বিশ্বাস নকৰিবা

“তোমালোকে তোমাক কোৱা এই ভুৱা কথাবোৰ বিশ্বাস নকৰিবা”

Matthew 24:26

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

যিদৰে বিজুলীয়ে পোহৰ কৰে... তেওঁৰ আগমণো তেনে হব...

তেওঁ বৰ বেগেৰে আহিব আৰু সহজে দেখা যাব। (সাদৃশ্যতা চাওক)

য’তে মৰা জন্তু থাকিব, ত’তেহে শগুণ গোট খাব

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) যেতিয়া মানুহৰ পুত্ৰ আহিব, প্ৰতিজনেই তেওঁক দেখিব আৰু জানিব যে তেওঁ আহিল (UDB চাওক) ২)য’তে আত্মিকভাবে মৃত লোকবিলাক থাকিব, তাতেই ভুৱা ভাববাদীও থাকিব (প্ৰকাশভঙ্গী)

শগুণ

মৰা শৱ বা মৰি থকা প্ৰাণী খোৱা চৰাই।

Matthew 24:29

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

তৎক্ষণাৎ

“লগে লগেই”

সেই দিনবোৰত

সেই দিনবোৰ ২৪:২৩ ২৮ পদত বৰ্ণনা কৰা হৈছে

সুৰ্য্য আন্ধাৰ হৈ যাব

“ঈশ্বৰে সুৰ্য্যটো আন্ধাৰ কৰি পেলাব” (সক্ৰিয়তা / নিস্ক্ৰিয়তা চাওক)

আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হব

“ঈশ্বৰে আকাশৰ বস্তুবোৰ আৰু আকাশৰ ওপৰৰ বস্তুবোৰ লৰাই পেলাব” (সক্ৰিয়তা / নিস্ক্ৰিয়তা চাওক)

Matthew 24:30

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

তেওঁলোকৰ বুকু ভুকুৱাব

আহিব থকা শাস্তিলৈ যে তেওঁলোকে ভয় কৰে তেওঁলোকৰ বুকু ভুকুৱাই সেইটো দেখুৱাব।

তেওঁলোকে গোটাব

“তেওঁৰ স্বৰ্গদূতবিলাকে গোটাব”

তেওঁৰ মনোনীত

মানুহৰ পুত্ৰই যিবিলাক মানুহক মনোনীত কৰিলে।

চাৰিওটা চুক

AT: “উত্তৰ, দক্ষিণ, পুব আৰু পশ্চিমৰ পৰা” (UDB চাওক) বা “ সকলোফালৰ পৰা” (বাক্যালঙ্কাৰ চাওক)

Matthew 24:32

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

জপনা বন্ধ কৰা

এখন নগৰ আক্ৰমণ কৰি ধ্বংস কৰিবলৈ সাজু হোৱা শত্ৰুৰ দৰে। (প্ৰকাশ ভঙ্গী চাওক)

Matthew 24:34

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

এই প্ৰজন্ম শেষ নহব

“বৰ্ত্তমান কালত জীয়াই থকা মানুহবিলাক নমৰিব” (শুৱলা বৰ্ণনা চাওক)

এই সকলোবোৰ ঘটনা নঘটো মানে

AT: “ঈশ্বৰে এই সকলোবোৰ নঘটাই মানে” # আকাশ আৰু পৃথিবী লুপ্ত হব “আকাশ আৰু পৃথিবীৰ অস্তিস্বই নাথাকিব”

Matthew 24:36

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

পুত্ৰয়ো নহয়

“আনকি পুত্ৰয়ো নহয়”

Matthew 24:37

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

নোহৰ দিন যেনে, মানুহৰ পুত্ৰ আগমণো তেনে হব

AT: “যি দিনা মানুহৰ পুত্ৰ পুনৰ আহিব, নোহৰ দিনৰ নিচিনা হব” কাৰণ তেওঁলোকলৈ যে বেয়া ঘটনা ঘটিব তাক কোনেও নাজানিব।

কিয়নো সেই দিনবোৰত জলপ্লাৱন অহাৰ আগেয়ে তেওঁলোকে ভোজন কৰিছিল আৰু পান কৰিছিল... তেওঁলোক সকলো উটুৱাই লৈ গ’ল

মানুহৰ পুত্ৰৰ আগমণো তেনে হব AT: “মানুহৰ পুত্ৰ আগমণ দিন সেই জলপ্লাৱনৰ আগৰ দিনবোৰৰ নিচিনা হব, যেতিয়া প্ৰতিজনেই ভোজন কৰিছিল আৰু পান কৰিছিল, ... তেওঁলোকক উটুৱাই লৈ গ’ল”

Matthew 24:40

যীচু পুনৰ অহাৰ আগেয়ে কি কি ঘটিব সেইটো তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

তেতিয়া

যেতিয়া মানুহৰ পুত্ৰ আহিব।

এজনক লৈ যোৱা হব, আৰু আন জনক এৰি থৈ যাব

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১)ঈশ্বৰে এজনক স্বৰ্গলৈ তুলি লৈ যাব আৰু আনজনক পৃথিবীত শাস্তিৰ বাবে এৰি থৈ যাব (UDB চাওক) বা ২) স্বৰ্গদূতবিলাকে এজনক শাস্তিৰ বাবে লৈ যাব আৰু আনজনক আশীৰ্ব্বাদৰ বাবে এৰি থৈ যাব (১৩:৪০ ৪৩ চাওক)।

মিল (কল)

গুৰি কৰিবৰ বাবে এক সঁজুলি

এতেকে

“মই যি তোমালোকক কোৱাৰ কাৰণে”

তুমি নিজক পহৰা দি ৰাখা

“মনোযোগ দিয়া”

Matthew 24:43

যীচুৱে তেওঁৰ পুনৰাগমণলৈ কেনেকৈ সাজু হৈ থাকিব পাৰি সেইটো শিষ্যবিলাকক কৈছে।

চোৰ

মানুহবিলাকে যেতিয়া তেওঁক আশা নকৰিব যীচুৱে কৈছে তেতিয়া তেওঁ আহিব, তেওঁ যে চুৰ কৰিবলৈ আহিব সেইটো নহয়

তেওঁ যিজনে পহৰা দি থাকে

নিৰাপদে ৰাখিবলৈ “তেওঁ নিজৰ ঘৰ পহৰা থকা উচিত।

আৰু তেওঁৰ ঘৰ ভঙ্গ কৰিবলৈ অনুমতি নিদিব

“তেওঁ কোনো এজনে তেওঁৰ ঘৰত সোমাই বস্তুবোৰ চুৰ কৰিবলৈ নিদিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 24:45

যীচুৱে তেওঁৰ পুনৰাগমণলৈ কেনেকৈ সাজু হৈ থাকিব পাৰি সেইটো শিষ্যবিলাকক একেৰাহে কৈ আছে।

সেয়ে বিশ্বাসী, জ্ঞানী পৰিচাৰক কোন, যাক তেওঁৰ গৰাকীয়ে...?

AT: “সেয়ে বিশ্বাসী, জ্ঞানী পৰিচাৰক কোন? তেওঁৱেই সেইজন যাক তেওঁৰ গৰাকীয়ে...” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

সিহঁতক তেওঁলোকৰ আহাৰ দিয়ে

“গৰাকীৰ ঘৰৰ মানুহবিলাকক তেওঁলোকৰ আহাৰ যোগান ধৰে”

Matthew 24:48

যীচুৱে তেওঁৰ পুনৰাগমণলৈ কেনেকৈ সাজু হৈ থাকিব পাৰি সেইটো শিষ্যবিলাকক একেৰাহে কৈ আছে।

তেওঁৰ অন্তৰত কয়

“তেওঁৰ মনতে ভাবে”

তেওঁৰ ভাগ্য

“তেওঁক ব্যৱহাৰ কৰিবলৈ”