Matthew 21

Matthew 21:1

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে যিৰূচালেমলৈ গৈয়েই আছে।

বৈৎফগী

এখন গাওঁ( অনুবাদ কৰা নাম চাওক)

গাধ পোৱালি

“সৰু মতা গাধ পোৱালি”

Matthew 21:4

এইটো হৈছে যীচুৱে এটা গাধত উঠি যিৰূচালেমত প্ৰবেশ কৰাৰ বৰ্ণনা একেৰাহে চলি আছে।

এইটো হৈছে যে ভাববাদীৰ যোগেদি যি কোৱা হৈছিল সেইটো যেন পৰিপুৰ্ণ হয়

“ঈশ্বৰে তেওঁৰ ভাববাদীৰ দ্বাৰা বহু বছৰৰ আগেয়ে কৈছিল যে এইটো ঘটিবগৈ” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যাতে যিটো ভাববাদীৰ যোগেদি কোৱা হৈছিল

“এইটো ঘটাৰ আগেয়ে ভাববাদীৰ যোগেদি যিটো কোৱা হৈছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

চিয়োন জীয়াৰী

ইস্ৰায়েল (প্ৰতিষ্ঠিত শব্দ চাওক)

গাধ

সাধাৰণতে দুখীয়া মানুহৰ দ্বাৰা উঠি ফুৰা এটি জন্তু

গাধ পোৱালি

“সৰু মতা গাধ পোৱালি”

Matthew 21:6

এইটো হৈছে যীচুৱে এটা গাধত উঠি যিৰূচালেমত প্ৰবেশ কৰাৰ বৰ্ণনা একেৰাহে চলি আছে।

কামিজ

বাহিৰৰ কাপোৰ বা দীঘল কোট

আৰু যীচুৱে তাত বহিল

“গাধটোৰ ওপৰত পাৰি দিয়া কাপোৰৰ ওপৰত যীচু বহিল।”

Matthew 21:9

যীচুৱে এটা গাধত উঠি যিৰূচালেমত প্ৰবেশ কৰাৰ বৰ্ণনা একেৰাহে চলি আছে।

হোচান্না

এটা ইব্ৰী শব্দ যিটোৰ অৰ্থ “আমাক ৰক্ষা কৰা”, কিন্তু আহিছিল অৰ্থটো “ঈশ্বৰৰ প্ৰশংসা হওক!”

গোটেই নগৰ খনতেই হুলস্থুল লাগিল

“নগৰ খনত থকা প্ৰতিজনেই তেওঁক চাবৰ বাবে উদগ্ৰীৱ হৈ পৰিল”

গোটেই নগৰ খন

“নগৰখনত বহুতো মানুহে” (বাক্যালঙ্কাৰ আৰু অত্যুক্তি চাওক)

Matthew 21:12

যীচুৱে এটা গাধত উঠি যিৰূচালেমত প্ৰবেশ কৰাৰ বৰ্ণনা একেৰাহে চলি আছে।

তেওঁ তেওঁলোকক ক’লে

“যিবিলাকে ধন সলাই আছিল আৰু বস্তু বেচা আৰু কিনা কৰি আছিল সেইবিলাকক যীচুৱে কৈছিল”

প্ৰাৰ্থনাৰ ঘৰ

“এখন ঠাই য’ত মানুহে প্ৰাৰ্থনা কৰে”

ডকাইতৰ গুহা

“য’ত ডকাইতবোৰ লুকাই থাকে তেনে ঠাই কৰি পেলালা” (প্ৰকাশভঙ্গী চাওক)

খোৰা

যিবিলাকে খোজ কাঢ়িব নোৱাৰে বা ভৰি আছে কিন্তু বেয়াকৈ আঘাত প্ৰাপ্ত।

Matthew 21:15

এইটোত যীচুৱে মন্দিৰত থকাৰ বৰ্ণনা চলি আছে।

হোচান্না

২১:০৯ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক

দায়ুদৰ সন্তান

২১:০৯ পদত আপুনি এইটো কেনেকৈ অনুবাদ কৰিছিল চাওক।

সিহঁতে মনৰ আক্ৰোশতাৰে পৰিপুৰ্ণ হ’ল

“সিহঁতে যীচুক বেয়া পাইছিল আৰু খং উঠিছিল”

এই মানুহবিলাকে কি কৈছে তুমি শুনিছানে?

“এই মানুহবিলাকে তোমাৰ বিষয়ে এইবোৰ কথা কোৱা তুমি অনুমতি দিয়া উচিত নহয়” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমালোকে কেতিয়াও পঢ়া নাইনে

“হয়, মই সেইবোৰ শুনিছোঁ, কিন্তু শাস্ত্ৰত কি কৈছে তোমালোকে মনত ৰখা উচিত” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

যীচুৱে সিহঁতক এৰি গুচি গ’ল

“যীচুৱে প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলক এৰি গুচি গ’ল”

Matthew 21:18

যীচুৱে এজোপা ডিমৰু গছক শাও দিয়া বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

শুকাই গ’ল

“মৰি থাকিল”

Matthew 21:20

যীচুৱে ডিমৰু গছজোপা শাও দিয়া কথা বুজাই দিছে।

শুকাই যায়

“শুকাই গ’ল আৰু মৰি থাকিল”

Matthew 21:23

ধৰ্ম্মীয় নেতাবিলাকে যীচুক প্ৰশ্ন কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

Matthew 21:25

ধৰ্ম্মীয় নেতাবিলাকে যীচুক প্ৰশ্ন কৰাৰ বৰ্ণনা এইটোত চলি আছে।

স্বৰ্গৰ পৰা

“স্বৰ্গত ঈশ্বৰৰ পৰা” (বাক্যালঙ্কাৰ চাওক)

তেওঁ আমাক ক’ব

“যীচুৱে আমাক ক’ব”

আমি মানুহৰ ভীৰলৈ ভয় কৰোঁ

“ভীৰৰ মানুহবিলাকে কি ভাবিব বা আমাক কি কৰিব তালৈ আমি ভয় কৰোঁ”

তেওঁলোক সকলোৱে যোহনক এজন ভাববাদী বুলি মানিছিল

“যোহন যে এজন ভাববাদী তাক তেওঁলোকে বিশ্বাস কৰিছিল”

Matthew 21:28

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক তেওঁৰ উপমা এটাৰে একেৰাহে প্ৰত্যুত্তৰ দি আছে।

Matthew 21:31

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক তেওঁৰ উপমা এটাৰে একেৰাহে প্ৰত্যুত্তৰ দি আছে।

সিহঁতে কৈছিল

“সেই প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে কৈছিল”

যীচুৱে তেওঁলোকক কৈছিল

“সেই প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক যীচুৱে কৈছিল”

যোহন তোমালোকৰ ওচৰলৈ আহিছিল

যোহন আহিছিল আৰু ধৰ্ম্মীয় নেতাবিলাক আৰু সাধাৰণ মানুহবিলাকক প্ৰচাৰ কৰিছিল।

ধাৰ্ম্মিকতাৰ পথত

মানুহে ঈশ্বৰৰ প্ৰতি কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে আৰু জীয়াই থাকিব লাগে তাক যোহনে দেখুৱাইছিল (প্ৰকাশভঙ্গী চাওক)

Matthew 21:33

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক তেওঁৰ দ্বিতীয় উপমাটোৰে একেৰাহে প্ৰত্যুত্তৰ দি আছে।

অতি বেছি মাটি থকা এজন ব্যক্তি

“এজন মাটিৰ মালিক যাৰ অতি বেছি মাটি সম্পত্তি আছিল”

এই খিনি তেওঁ দ্ৰাক্ষাবাৰীৰ খেতিয়ক বিলাকক খেতি কৰিবলৈ দিছিল

“দ্ৰাক্ষাবাৰীৰ খেতিয়কবিলাকক খেতি কৰিবলৈ দায়িত্ব দিলে।” মালিকজনৰ এতিয়াও সেই দ্ৰাক্ষাবাৰীৰ ওপৰত নিয়ন্ত্ৰণ আছিল।

দ্ৰাক্ষাবাৰীৰ খেতিয়কবিলাক

যি বোৰ মানুহে দ্ৰাক্ষালতা আৰু আঙুৰৰ কেনেকৈ চোৱাচিতা কৰিব লাগে তাক ভালদৰে জানে।

Matthew 21:35

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক তেওঁৰ দ্বিতীয় উপমাটোৰে একেৰাহে প্ৰত্যুত্তৰ দি আছে।

তেওঁৰ চাকৰবিলাকে

বহুত মাটি থকা “সেই দ্ৰাক্ষাবাৰী থকা ব্যক্তিজনৰ” চাকৰবিলাকে (২১:৩৩)

Matthew 21:38

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক তেওঁৰ দ্বিতীয় উপমাটোৰে একেৰাহে প্ৰত্যুত্তৰ দি আছে।

Matthew 21:40

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক তেওঁৰ দ্বিতীয় উপমাটোৰে একেৰাহে প্ৰত্যুত্তৰ দি আছে।

মানুহবিলাকে তেওঁক কৈছিল

"মানুহবিলাকে যীচুক কৈছিল।"

Matthew 21:42

যীচুৱে উপমাটো বুজাই কবলৈ ভাববাদীসকলক ব্যৱহাৰ কৰিছে

যীচুৱে তেওঁলোকক ক'লে

"যীচুৱে মানুহবিলাকক কৈছিল" (২১:৪১)

ঘৰসজীয়া বিলাকে যি শিলটো অগ্ৰাহ্য কৰিছিল সেয়েই চুকৰ প্ৰধান শিল হ'ল। AT: "যি শিলটো ঘৰসজীয়া বিলাকে অগ্ৰাহ্য কৰিছিল সেয়েই অতি গুৰুত্বপুৰ্ণ হ'ল" সেই ক্ষমতাপন্নবিলাকে যীচুক অগ্ৰাহ্য কৰিছিল, কিন্তু ঈশ্বৰে তেওঁক তেওঁৰ ৰাজ্যৰ মুল কৰি পেলালে। (প্ৰকাশভঙ্গী চাওক)

এইটো প্ৰভুৰ পৰা হ'ল

"প্ৰভুৱে এইটো মহান পৰিৱৰ্ত্তনৰ কাৰণ হ'ল"

Matthew 21:43

যীচুৱে একেৰাহে সেই উপমাটো বুজাই কৈ আছিল।

মই তোমালোকক কওঁ

যীচুৱে প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক কৈ আছিল।

ইয়াৰ ফল চপায়

"যিটো সঠাক সেইটো কৰা" (প্ৰকাশভঙ্গী চাওক)

ইয়াৰ ফল

"ঈশ্বৰৰ ৰাজ্যৰ ফল"

যিকোনোৱে এই শিলটোৰ ওপৰত পৰিব

"যিকোনোৱে এই শিলটোৰ ওপৰত উজুতি খাব" (প্ৰকাশভঙ্গী চাওক)

যাৰ ওপৰত এই শিল পৰিব

"যাৰ ওপৰত এই সোধবিচাৰ পৰিব" (প্ৰকাশভঙ্গী চাওক)

Matthew 21:45

যীচুৱে কোৱা উপমাটোত ধৰ্ম্মীয় নেতাবিলাকে প্ৰতিক্ৰিয়া কৰিছিল।

তেওঁৰ উপামাবোৰ

"যীচুৰ উপমাবোৰ"

ওপৰত হাত দিয়া

"বন্দী কৰা"