Matthew 10

Matthew 10:1

যীচুৱে তেওঁৰ বাৰ জন শিষ্যক কাৰ্য্যৰ কাৰণে পঠিয়াই দিয়াৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

তেওঁৰ বাৰজন শিষ্যক একেলগে মাতিলে

“তেওঁৰ বাৰজন নিৰ্দেশ দিছিল”

তেওঁলোকক ক্ষমতা দিছিল

এই ক্ষমতাটো স্পষ্টকৈ যোগাযোগ কৰাটো নিশ্চিত হওক, ১) অশুচি আত্মাক বাহিৰ কৰা আৰু ২) ৰোগ আৰু নৰিয়াবিলাকক সুস্থ কৰিবলৈ।

সিহঁতক বাহিৰ কৰিছিল

“অশুচি আত্মাবোৰক পঠিয়াই দিছিল”

সকলো প্ৰকাৰৰ ৰোগবিলাক আৰু সকলো প্ৰকাৰৰ বেমাৰবিলাক

“প্ৰতিবিধ ৰোগ আৰু প্ৰতিবিধ বেমাৰ”। এই শব্দবোৰ “ৰোগবিলাক” আৰু “বেমাৰ হোৱা” অতি ঘনিষ্ঠভাবে সংযুক্ত কিন্তু সম্ভৱ হলে দুটা বেলেগ শব্দৰে অনুবাদ কৰিব লাগে।“ৰোগ” হৈছে যিটোৱে এজন মানুহক বেমাৰী কৰি পেলায়। “বেমাৰ” হৈছে শাৰীৰিক দুৰ্ব্বলতা বা দুখ কষ্ট ৰোগ হোৱাৰ ফলস্বৰূপে হয়।

Matthew 10:2

এইটো হৈছে যীচুৰ পঠিয়াই দিয়া শিষ্যবিলাকে ১০:১ পদত তেওঁৰ কাৰ্য্যৰ আৰম্ভণৰ বৰ্ণনা চলি আছে।

প্ৰথমে

ধাৰাক্ৰমত, পদবীত নহয়।

সেই বিপ্লবী

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “বিদ্ৰোহীজনা” নাইবা ২) “অত্য়ুৎসাহী জনা” । এই প্ৰথ অৰ্থটো দেখুৱাই যে তেওঁ সেই দলৰ এজন মানুহ যিয়ে যিহুদীবিলাকক ৰোমীয়া শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল। বিকল্প অনুবাদ: “দেশভক্ত” নাইবা “জাতীয়তাবাদী” নাইবা “স্বাধীনতা সংগ্ৰামী”। দ্বিতীয় অৰ্থটোৱে দেথুৱাই যে তেওঁ ঈশ্বৰৰ সন্মানৰ বাবে অতি উৎসাহী। বিকল্প অনুবাদ: অত্যুৎসাহী।

মথি সেই কৰ

তোলোতাজনা “মথি যিজন এজন কৰ তোলোতাৰ কাৰ্য্য কৰি আছিল।“

যিজনাই তেওঁ প্ৰবঞ্চনা কৰিব

“যিজনাই যীচুক প্ৰবঞ্চনা কৰিব”

Matthew 10:5

এইটো হৈছে যীচুৰ পঠিয়াই দিয়া শিষ্যবিলাকে তেওঁৰ কাৰ্য্যৰ কৰি থকাৰ বৰ্ণনা চলি আছে।

এই বাৰজনক যীচৱে পঠিয়াই দিছিল

“যীচুৱে এই বাৰজন মানুহক পঠিয়াই দিছিল” নাইবা “এই হৈছে সেই বাৰজন মানুহ যাক যীচুৱে পঠিয়াই দিছিল”

পঠিয়াই দিয়া

যীচুৱে তেওঁলোকক এক বিশেষ উদ্দেশ্যত পঠিয়াই দিছিল। “পঠিযাই দিয়া” মৌখিক ৰূপ হৈছে বিশেষ্য পদ “পাঁচনি” সেই ১০:২ ব্যৱহাৰ কৰা হৈছে।

তেওঁ তেওঁলোকক নিৰ্দেশ দিছিল

“তেওঁলোকে কি কি কৰিব লাগে তেওঁ তেওঁলোকক সেই নিৰ্দেশ দিছিল”। এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তেওঁ তেওঁলোকক আদেশ দিছিল”

ইস্ৰায়েলৰ হেৰুউৱা মেৰৰ ওচৰলৈ যোৱা

এইটো হৈছে এক প্ৰকাশভঙ্গী, গোটেই ইস্ৰায়েল জাতিক তুলনা কৰিছে যিয়ে সিহঁতৰ ৰখীয়াজনৰ ওচৰৰ পৰা আতৰি আছে।(UDB) (প্ৰকাশভঙ্গী চাওক)।

ইস্ৰায়েলৰ ঘৰ

এই প্ৰকাশটোৱে ইস্ৰায়েল জাতিক বুজাইছে। এইটোক এনেকৈ অনুবাদ কৰিব পাৰি “ইস্ৰায়েলীয়া মানুহ” নাইবা “ইস্ৰায়েলৰ বংশধৰ”। (অন্য অৰ্থ বুজাৱা চাওক)

আৰু তোমালোকে যাওঁতে

ইয়াত এই “তোমালোকে” শব্দটোৱে বাৰজন পাঁচনিক বুজাইছে

স্বৰ্গ ৰাজ্য ওচৰ হ’ল

এইটো আগতে ৩:২ পদত অনুবাদ কৰাৰ দৰে আপুনি একে ধৰণে অনুবাদ কৰক।

Matthew 10:8

এইটো হৈছে যীচুৰ পঠিয়াই দিয়া শিষ্যবিলাকে ১০:১ পদত তেওঁৰ কাৰ্য্যৰ আৰম্ভণৰ বৰ্ণনা চলি আছে।

তুমি... তোমালোক

সেই বাৰজন পাঁচনি

কোনো সোণ, ৰূপ, বা পিতল নলবা

“কোনো সোণ, ৰূপ, বা পিতল আদি একোৱেই নলবা”

লোৱা

“ পোৱা” গ্ৰহণ কৰা “ বা “লোৱা”

সোণ, ৰূপ, নাইবা পিতল

এই ধাতুবোৰেৰে মুদ্ৰাবোৰ প্ৰস্তু কৰা হয়। এইটো হৈছে টকা পইচাৰ বাবে আওপকীয়া অৰ্থ, সেয়ে আপোনাৰ অঞ্চলত যদি এই ধাতুবোৰ পৰিচিত নহয়, তালিকাত এইবোৰক “টকা পইচা” হিচাপে অনুবাদ কৰক। (UDB চাওক)

ধনৰ মোনা

এইটো অৰ্থ হৈছে “পেটি” নাইবা “ধনৰ পেটি”, কিন্তু এইটোক টকা পইচা কঢ়িয়াই নিবলৈ যিকোনো বুজাব পাৰে। এডাল পেটি হৈছে কাপোৰৰ দীঘল পটি নাইবা কঁকালত পিন্ধা ছামৰাৰ পটি। এইডাল যথেষ্ট বহল যিটো ভাঁজ কৰি টকা পইচা কঢ়িয়াই নিব পাৰি।

যাত্ৰাৰ জোলোঙা

এইটো হৈছে যিকোনো মোনা যাত্ৰাত বয়বস্তু নিবলৈ ব্যৱহাৰ কৰা হয়, নাইবা এটা মোনা কোনোবাই খাদ্য বা টকা পইচা কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা হয়।

দুটা চোলা

আপুনি ৫৪০ পদত ব্যৱহাৰ কৰা “চোলা”একে শব্দ আপুনি ব্যৱহাৰ কৰক।

বনুৱা

“কৰ্ম্মী”

খাদ্য

“তেওঁ কি প্ৰয়োজন”

Matthew 10:11

এইটো হৈছে যীচুৰ পঠিয়াই দিয়া শিষ্যবিলাকে ১০:১ পদত তেওঁৰ কাৰ্য্যৰ আৰম্ভণৰ বৰ্ণনা চলি আছে।

তুমি... তোমালোক

সেই বাৰজন পাঁচনি

তোমালোকে যি গাঁৱত বা নগৰত সোমোৱা

“যেতিয়া তোমালোকে এখন নগৰত বা গাঁৱত সোমোৱা” নাইবা “ প্ৰতিখন নগৰত বা গাঁৱলৈ যাওঁতে”

নগৰবোৰ... গাওঁবোৰ

“ডাঙৰ ডাঙৰ গাওঁবোৰ... সৰু সৰু গাওঁবোৰ” নাইবা “ডাঙৰ ডাঙৰ নগৰবোৰ... সৰু সৰু নগৰবোৰ” এইবোৰ ৯:৩৫ পদত পোৱা একে শব্দ।

যেতিয়ালৈতে তাৰ পৰা নোযোৱা তাতে থাকিব

“সেই নগৰ বা গাঁৱৰ পৰা নোযোৱালৈকে মানুহজনৰ ঘৰতে থাকিবা”

তোমালোকে কোনো ঘৰত সোমালে, মঙ্গলবাদ কৰিবা

“তোমালোকে কোনো ঘৰত সোমালে, সেই ঘৰত যি যি মানুহ থাকে তেওঁবিলাকক মঙ্গলবাদ কৰিবা” সোই দিনবিলাকত সাধাৰণভাবে মঙ্গলবাদ কৰাটো আছিল “এই ঘৰৰ মঙ্গল হওক”(অতিৰঞ্জন চাওক)

সেই ঘৰ যদি যোগ্য হয়

“যিবোৰ মানুহ সেই ঘৰত থাকে তোমাক ভালদৰে গ্ৰহাণ কৰে” (UDB) নাইবা “যিবোৰ মানুহ সেই ঘৰত থাকে তোমাক ভাল আচৰণ কৰে” (অতিৰঞ্জন চাওক)

তোমালোকৰ শান্তি ইয়াৰ ওপৰলৈ আহিব

“ তোমাৰ শান্তি ইহঁতৰ ওপৰত থাকিব” নাইবা “সেই ঘৰত যিবিলাক মানুহ থাকে তেওঁবিলাকে শান্তিৰে বাস কৰিব”(UDB)

তোমাৰ শান্তি

ঈশ্বৰৰ শান্তি পাঁচনিবিলাকৰ দ্বাৰা সেই ঘৰত থকা মানুহবিলাকৰ ওপৰত থাকিব।

যদি এইটো যোগ্য নহয়

“যদি তেওঁলোকে তোমালোকক গ্ৰহণ নকৰ”(UDB) নাইবা “যদি তেওঁলোকে তোমালোকক ভাল আচৰণ নকৰে”

তোমালোকৰ শান্তি তোমালোকলৈ ঘুৰি আহিব

এইটোৰ এটাৰ ভিতৰত দুটা অৰ্থ হব পাৰে ১) UDB ত প্ৰকাশ কৰাৰ দৰে যদি সেই ঘৰ যোগ্য নহয়, তেতিয়া ঈশ্বৰে সেই ঘৰৰ শান্তি বা আশীৰ্ব্বাদ ধৰি ৰাখিব, নাইবা ২)যদি সেই ঘৰ যোগ্য নহয়, তেতিয়া পাঁচনিবিলাকে কিবা এটা কৰিব লাগিব, সেইটো হৈছে তেওঁলোকৰ মঙ্গলবাদ ঈশ্বৰে গ্ৰহণ কৰিবলৈ মিনতি কৰিব লাগে। যদি আপোনাৰ ভাষাত মঙ্গলবাদ ঘুৰাই লোৱাৰ একে অৰ্থ থাকে, ইয়াত ব্যৱহাৰ কৰা উচিত।

Matthew 10:14

এইটো হৈছে যীচুৰ পঠিয়াই দিয়া শিষ্যবিলাকে ১০:১ পদত তেওঁৰ কাৰ্য্যৰ আৰম্ভণৰ বৰ্ণনা চলি আছে।

যিবিলাকে তোমালোকক গ্ৰহণ নকৰে বা নুশুনে

“যদি সেই নগৰত কোনো এজনেও তোমালোকক গ্ৰহণ নকৰে বা কথাও নুশুনে”

তুমি... তোমাৰ

সেই বাৰজন পাঁচনি

তোমাৰ কথা শুনে

“তোমাৰ বাৰ্ত্তা শুনে” (UDB) নাইবা “তুমি যি কব লগা আছে তাক শুনে”

নগৰ

আপুনি এইটো ১০:১১ পদত অনুবাদ কৰাৰ দৰে অনুবাদ কৰক

তোমাৰ ভৰিৰ পৰা ধুলি জোকাৰি পেলাবা

“সেই ঘৰখনৰ বা নগৰখনৰ ধুলি তোমাৰ ভৰিৰ পৰা জোকাৰি পেলাবা”। এইটো এটো চিন যে ঈশ্বৰে সেই ঘৰখনৰ বা নগৰ খনৰ মানুহবিলাকক অগ্ৰাহ্য কৰিলে। (UDB চাওক)

এইটো বেছিকৈ সহন কৰিব পৰা যাব

“তাৰ দুখ কষ্ট কম হব”

চদোম আৰু ঘমোৰা ঠাই

“সেই মানুহবোৰ যিবিলাকে চদোম আৰু ঘমোৰাত বাস কৰিছিল” যাক ঈশ্বৰে আকাশৰ পৰা পেলোৱা জুইৰে ধ্বংস কৰিছিল। (অতিৰঞ্জিত কৰণ চাওক)

সেই নগৰ

সেই নগৰত বাস কৰা মানুহবিলাকে পাঁচনিবিলাকক গ্ৰহণ কৰা নাছিল বা তেওঁোকৰ বাৰ্ত্তাও শুনা নাছিল(অতিৰঞ্জিত কৰণ চাওক)

Matthew 10:16

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কবলৈ আৰম্ভ কৰিছে।

চোৱা

এই “চোৱা” শব্দই কি ঘটিব তাৰ গুৰুত্ত্বতা যোগ কৰিছে। বিকল্প অনুবাদ: “চোৱা” বা “শুনা” বা “মই তোমালোকক যি কবলৈ গৈ আছো তাত মনোযোগ দিয়া” (UDB চাওক)

মই তোমালোকক পঠিয়াই দিছোঁ

যীচুৱে এক বিশেষ উদ্দেশ্যত তেওঁলোকক পঠিয়াই দিছে।

মেৰ স্বৰূপ তোমালোকক ৰংকুকুৰৰ মাজলৈ

যীচুৱে শিষ্যসকলক প্ৰতিৰক্ষাহীন জন্তুৰ লগত তুলনা কৰিছে, তেওঁ তেওঁলোকক পঠিয়াই দিছে য’ত তেওঁলোকক বনৰীয়া জন্তুৱে আক্ৰমণ কৰিব পাৰে। (সাদৃশ্যতা চাওক)

মেৰৰ দৰে

সুৰক্ষাহীন (সাদৃশ্যতা চাওক)

ৰাংকুকুৰৰ মাজলৈ

আপুনি এইটো এইদৰে বিশেষত্ব দিব পাৰে “এনে মানুহ যিয়ে ৰাংকুকুৰৰ দৰে বিপদজ্জনক” নাইবা “ এনে মানুহ যিয়ে বিপদজ্জনক জন্তুৰ দৰে কাৰ্য্য কৰিব পাৰে” নাইবা “এনে মানুহবিলাকৰ মাজত যিয়ে তোমালোকক আক্ৰমণ কৰিব পাৰে” সেই বিষয়টো সাদৃশ্যতা দেখুৱাই দিয়ক। (প্ৰকাশভঙ্গী চাওক)

সাপৰ দৰে জ্ঞানী আৰু কপৌৰ দৰে হোজা হোৱা

সাদৃশ্যতা উল্লেখ নকৰাই ভাল হব: “বোধগম্যতাৰে আৰু সাৱধানেৰে কাৰ্য্য কৰাৰ লগতে নিৰ্দোষী আৰু সততাৰে থাকা” (সাদৃশ্যতা চাওক)

মানুহবিলাকৰ বিপক্ষে প্ৰহৰী হৈ থাকিবা, কিয়নো সিহঁতে তোমালোকক শোধাই দিব

“সাৱধান, কাৰণ মানুহবিলাকে তোমালোকক শোধাই দিব।”

বিপক্ষে প্ৰহৰী হৈ থাকিবা

“পৰ দি থাকিবা” নাইবা “সজাগ হৈ থাকিবা” নাইবা “অতি সাৱধান হৈ থাকিবা” (বাক্যাংশ চাওক)

তোমালোকক শোধাই দিব

যিহুদাই যীচুলৈ যি কৰিছিল তাৰ বাবে এই শব্দ (UDB চাওক) বিকল্প অনুবাদ: “তোমালোকক প্ৰবঞ্চনা কৰিব” বা “তোমালোকক এৰি দিব” বা “তোমালোক বন্দী কৰিব আৰু বিচাৰ কৰিব”

মহাসভাবিলাকত

ইয়াত এিটো অৰ্থটো হৈছে স্থানীয় ধৰ্ম্মীয় নেতা বা সমাজত একেলগে শান্তি ৰক্ষা কৰা বৃদ্ধসকল। বিকল্প অনুবাদ: “কাছাৰী”

তোমালোকক কোবাব

“তোমালোকক বেতেৰে কোবাব”

তোমালোকক অনা হব

“সিহঁতে তোমালোক আনিব” বা “সিহঁতে তোমালোকক চোঁচৰাই আনিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

মোৰ নামৰ কাৰণে

“কাৰণ তোমালোক মোৰ” (UDB) বা “তোমালোকে মোৰ অনুগমণ কৰা”

তেওঁলোকলৈ আৰু পৰজাতিবিলাকৈ

এই সৰ্ব্বনাম পদ “তেওঁলোক” বুলি কওঁতে হয়তু “ৰাজ্যপাল আৰু ৰজাবিলাক” বা যিহুদী দোষ দিওঁতাবোৰক বুজাইছে (১০:১৭)

Matthew 10:19

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

যেতিয়া তেওঁলোকে তোমালোকক শোধাই দিব

“যেতিয়া মানুহবিলাকে তোমালোকক শোধাই দিব।” এই “মানুহবিলাক” শব্দটো ১০:১৭ পদত থকা একে শব্দ

শোধাই দিব

“তোমালোকক শোধাই দিব” এইদৰে এইটো ১০:১৭ পদত থকাৰ দৰে অনুবাদ কৰক।

তোমালোক

এই সৰ্ব্বনাম পদ “তোমালোক” আৰু “তোমালোকৰ” গোটেই শাস্ত্ৰাংশত বাৰজন পাঁচনিক বুজাইছে।

উদ্দীগ্ন নহবা

“চিন্তিত নহবা ”

তোমালোকে কেনেকৈ আৰু কি কবা

“তোমালোকে কেনেকৈ কব লাগে বা তোমালোকে কি কব লাগে”। এই দুটা ধাৰণা একেলগ কৰিব পাৰি “তোমালোকে কি কব লাগে”(সংযুক্ততা চাওক)

সেই মুহুৰ্ত্তত

“সেই সময়ত” (অতিৰঞ্জিত কৰণ চাওক)

তোমালোকৰ পিতৃ আত্মাই

আৱশ্যক হলে, এইটো এইদৰে অনুবাদ কৰিব পাৰি, “তোমালোকৰ স্বৰ্গীয় পিতাই” বা এক পাদটোকা যোগ দিয়ক যাতে এই পাঠ্যই স্পষ্ট কৰে যে এইটো ঈশ্বৰৰ পবিত্ৰ আত্মাক বুজাইছে আৰু পাৰ্থিব পিতাৰ আত্মাৰ কথা কোৱা নাই।

তোমাত

“তোমাৰ যোগেদি”

Matthew 10:21

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

ভায়েকে ককায়েকক মৃত্যুলৈ শোধাই দিব, আৰু এজন পিতাকে তেওঁৰ সন্তানক

AT: “ভাইবিলাকে তেওঁলোকৰ ককায়েকবিলাকক মৃত্যুলৈ শোধাই দিব, আৰু পিতাকবিলাকে নিজৰ সন্তানক মৃত্যুলৈ শোধাই দিব”

শোধাই দিব

আপুনি এইটো ১০১৭ পদত “শোধাই দিয়াৰ”…অনুবাদ কৰাৰ দৰে অনুবাদ কৰিব পাৰে।

বিৰুদ্ধে উঠিব

“বিৰুদ্ধে বিদ্ৰোহ কৰিব” (UDB) বা “ঘুৰি বিৰোধ কৰিব”

আৰু তেওঁলোকক মৃত্যুদণ্ড দিব

“আৰু তেওঁলোকক মৃত্যুলৈ শোধাই দিব” বা “আৰু ক্ষমতাত থকাবিলাকে তেওঁলোকক মৃত্যুদণ্ড দিব”

সকলোৰ দ্বাৰা তোমালোকক ঘৃণা কৰা হব

“প্ৰতিজনে তোমালোকক ঘৃণা কৰিব” AT: “প্ৰতিজনে তোমালোকক ঘিণ কৰিব” বা “সকলো মানুহে তোমাক ঘিণা কৰিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তুমি... তুমি... তুমি... তুমি

সেই বাৰজন পাঁচনি

মোৰ নামৰ কাৰণে

“মোৰ বাবে” বা “তোমালোকে মোক ভাৰসা কৰাৰ বাবে” (UDB)

যিজনে সহন কৰে

“যিজনে বিশ্বাসী হৈ ৰয়”

সেইজন ব্যক্তি ৰক্ষা পাব

AT: “ঈশ্বৰে সেইজন ব্যক্তি ৰক্ষা কৰিব”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

পিছৰটোলৈ পলাই যাওক

“আনখন নগৰলৈ পলাই যাবা”

আহিল

“উপস্থিত হ’ল”

Matthew 10:24

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

এজন শিষ্য তেওঁৰ গুৰুতকৈ ডাঙৰ নহয়

এইটো এটা সাধাৰণ সত্যতা, যিকোনো বিশেষ শিষ্য আৰু গুৰুৰ বিষয়ত নহয়। এজন শিষ্য তেওঁৰ শিক্ষকতকৈ “বেছি গুৰুত্বপুৰ্ণ নহয়” এইটো হব পাৰে কাৰণ “তেওঁ বেছিকৈ নাজানে” বা “তেওঁ উচ্চ পদ নাই” বা তেওঁৰ শিক্ষকতকৈ “উত্তম নহয়" বিকল্প অনুবাদ: “এজন শিষ্য তেওঁৰ গুৰুতকৈ সদায়েই কম গুৰুত্বপুৰ্ণ” বা “এজন শিক্ষক সদায়েই তেওঁৰ শিষ্যতকৈ বেছি গুৰুত্ত্বপুৰ্ণ।”

এজন সেৱক তেওঁৰ গৰাকীতকৈ উৰ্ধত নহয়

“আৰু এজন সেৱক তাৰ গৰাকীতকৈ উৰ্ধত নহয়” এইটো এটা সাধাৰণ সত্যতা, কোনো বিশেষ মালিক আৰু চাকৰৰ বিষয়ত এই বাক্যটো প্ৰযোজ্য নহয়। এজন চাকৰ তাৰ মালিকতকৈ “মহান” বা “অতি গুৰুত্বপুৰ্ণ” নহয়।বিকল্প অনুবাদ: “আৰু এজন চাকৰ সদায়েই তাৰ মালিকতকৈ কম গুৰুত্ত্বপুৰ্ণ” বা “এজন মালিক তেওঁৰ চাকৰতকৈ সদায়েই অতি বেছি গুৰুত্বপুৰ্ণ।” # চাকৰ “বন্দীকৰ্মী”

মালিক

“গৰাকী”

এজন শিষ্যৰ বাবে তেওঁ নিজৰ গুৰুৰ সমান হলেই যথেষ্ট

“সেই শিষ্যই তেওঁৰ গুৰুৰ সমান হৈ সন্তোষ্ট হব লাগে”

তেওঁক গুৰুৰ নিচিনা

“তেওঁৰ শিক্ষকে যিমান জানে সিমান জ্ঞাত হোৱা” বা “তেওঁৰ শিক্ষকৰ দৰে একে”

আৰু চাকৰ তাৰ গৰাকীৰ দৰে

“চাকৰজনে তাৰ মালিকৰ সমানে গুৰুত্বপুৰ্ণ হোৱাই সন্তোষ্ট হোৱা উচিত”

যদি সিহঁতে ঘৰৰ গৰাকীক বেলচবুব বুলিলে, তেওঁৰ ঘৰৰ পৰিয়ালক আৰু কি বুলিব

যীচুক অশিষ্টাচৰণ কৰা হল, সেয়ে যীচুৰ শিষ্যবিলাকক সেই একে বা তাতকৈ অধিক অশিষ্ট আচৰণ আশা কৰিব পাৰি।(UDB)

যদি সিহঁতে ক’লে

বিকল্প অনুবাদ: “যিহেতু মানুহে ক’লে”

ঘৰৰ গৰাকীক

প্ৰকাশভঙ্গী হিচাপে যীচুক “ঘৰৰ গৰাকী” বুলি ব্যৱহাৰ কৰা হৈছে। (প্ৰকাশভঙ্গী চাওক)

বেলচবুব

এই শব্দটো আচল ভাষাত এনে হব পাৰে ১) পোনে পোনে “বেলচবুব” বুলি লিখিব পাৰি নাইবা ২)”চয়তান” বুলি উদ্দেশ্য কৰি অনুবাদ কৰিব পাৰি।

তেওঁৰ ঘৰৰ পৰিয়ালবিলাকক

যীচুৱে “তেওঁৰ ঘৰৰ পৰিয়ালক” বুলি তেওঁৰ শিষ্যবিলাকক প্ৰকাশ কৰিছে।

Matthew 10:26

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

সিহঁতলৈ ভয় নকৰিবা

এই সৰ্ব্বনাম “সিহঁত” পদটো সেইবিলাকক বুজাইছে যিয়ে যীচুৰ অনুগামীসকলক অশিষ্টাচৰণ কৰে।

প্ৰকাশিত নোহোৱাকৈ কোনো লুকুৱাই থোৱা বস্তু নাই, আৰু যিটো জ্ঞাত নহব এনে কোনো গুপ্ত বস্তু নাই

এই সমান্তৰাল কথাটো এনেকৈয়ো অনুবাদ কৰিব পাৰি “মানুহে লুকুৱাই থোৱা বস্তুবোৰ ঈশ্বৰে প্ৰকাশ কৰিব”(সমান্তৰালতা, সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

মই তোমালোকক অন্ধকাৰত যি কৈছো, সেইবোৰ দিনৰ পোহৰত কোৱা হব, আৰু তোমালোকৰ কাণত মৃদুকৈ যি শুনিছা, ঘৰৰ মুধচৰ পৰা ঘোষণা কৰা হব

এই সমান্তৰলতা এনেকৈ অনুবাদ কৰিব পাৰি “মই তোমালোকক অন্ধকাৰত যি কৈছোঁ, সেইবোৰ মানুহবিলাকক দিনৰ পোহৰত কোৱা হব, আৰু তোমালোকৰ কাণত মৃদুকৈ যি শুনিছা সেইবোৰ ঘৰৰ মুধচৰ পৰা ঘোষণা কৰা হব”

মই তোমালোকক অন্ধকাৰত যি কৈছোঁ

“মই তোমালাকক গুপুতে যি কৈছোঁ” (UDB) বা “যিবোৰ কথা মই তোমালোকক ব্যক্তিগত ভাবে কৈছো” (প্ৰকাশভঙ্গী চাওক)

দিনৰ পোহৰত কোৱা

“ইয়াক মুকলিকৈ কোৱা” বা “ইয়াক ৰাজহুৱাকৈ কোৱা” (প্ৰকাশভঙ্গী চাওক)

তোমালোকৰ কাণত মৃদুকৈ যি শুনিছা

“মই তোমালোকৰ কাণত ফুচফুচাই যি কৈছোঁ”

ঘৰৰ মুধচৰ ওপৰৰ পৰা ঘোষণা কৰা

“বৰ মাতেৰে সকলোৱে শুনাকৈ ইয়াক কোৱা।” ঘৰৰ মুধচ য’ত যীচু আছিল সেয়ে সমান ঠাই, আৰু বৰমাতেৰে কথা ক’লে দুৰৰ মানুহবিলাকেও শুনিবলৈ সমৰ্থ হব পাৰে।

Matthew 10:28

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

যিবিলাকে শৰীৰক বধ কৰে কিন্তু তাৰ পাছত আত্মাক/প্ৰাণক একো কৰিব নোৱাৰে সেইবিলাকলৈ ভয় নকৰিবা

“মানুহবিলাকলৈ ভয় নকৰিবা। সিহঁতে শৰীৰটো বধ কৰিব পাৰে,, কিন্তু সিহঁতে প্ৰাণ/আত্মাক বধ কৰিব নোৱাৰে।”

শৰীৰক বধ কৰে

শাৰীৰিক মৃত্যুৰ কাৰণ হয়, যদি এই শব্দবিলাক শুনিবলৈ অশুৱণী লাগে, সেইবোৰক “তোমাক বধ কৰে” বা “অন্য মানুহক বধ কৰে” এই বুলি অনুবাদ কৰিব পাৰে।

শৰীৰ

এজন ব্যক্তিৰ অংশ যিটো স্পৰ্শ কৰিব পাৰি।

আত্মাক বধ কৰে

মানুহবিলাক মৰাৰ পাছত সিহঁতক নষ্ট কৰা।

আত্মা/প্ৰাণ

এজন ব্যক্তিৰ এক অংশ যিটো স্পৰ্শ কৰিব নোৱাৰি আৰু শাৰীৰিক মৃত্যু হোৱাৰ পাছত যিটো জীয়াই থাকে।

এটি সৰু মুদ্ৰাত দুটা ঘৰচিৰিকা নেবেচে নে

এইটো অলঙ্কাৰীক প্ৰশ্ন এইদৰে অনুবাদ কৰিব পাৰি “ঘৰচিৰিকাবোৰলৈ চিন্তা কৰা। সেইবোৰৰ মুল্য ইমানেই নগণ্য যে তুমি সেইবোৰক সৰু মুদ্ৰা দি দুটা কিনিব পাৰা"”UDB। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ঘৰচিৰিকাবোৰ

এইবোৰ অতি সৰু গছৰ গুটি খোৱা চৰাই, ইয়াক প্ৰকাশভঙ্গী হিচাপে ব্যৱহাৰ কৰা হৈছে যাতে মানুহবিলাকে নাভাবা কথাবোৰো গুৰুত্বপুৰ্ণ। (প্ৰকাশভঙ্গী চাওক)

এটি সৰু মুদ্ৰা

লক্ষ্য কৰা ভাষাত এইটো প্ৰায়ে একেবাৰে সৰু মুদ্ৰা হিচাপে অুবাদ কৰা হয়। এইটোৱে এজন বনুৱাৰ দৈনিক মজুৰিৰ ষোল্লভাগৰ এভাগক তামৰ মুদ্ৰাৰে বুজোৱা হয়। এইটোক “একেবাৰে অলপীয়া ধন” বুলি অনুবাদ কৰিব পাৰি।

তোমাৰ পিতৃ বিনাজ্ঞানত সেইবোৰৰ এটিও মাটিত নপৰে

এই প্ৰকাশফভঙ্গীটো এনেদৰে অনুবাদ কৰিব পাৰি “যদি সেইবিষয়ে তোমাৰ পিতৃয়ে জানে তেতিয়াহে সেইবোৰৰ এটা মাটিত পৰে” নাইবা “যদি তোমাৰ পিতৃয়ে এই বিষয়ে জানে তেতিয়াহে সেইবোৰৰ এটি মাটিত পৰে”। (প্ৰকাশভঙ্গীৰ প্ৰভাবটো চাওক)

সেইবোৰৰ এটাও নহয়

“এটা ঘৰচিৰিকাও”

মাটিত পৰে

“মৰে”

তোমালোকৰ মুৰৰ চুলিও গণনা কৰা হৈছে

“তোমাৰ মুৰত কিমান চুলি আছে ঈশ্বৰে জানে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

হিচাপ কৰা হৈছে

“গণনা কৰা হৈছে”

তোমালোক বহুতো ঘৰচিৰিকাতকৈ অনেক বহুমুলীয়া

“ঈশ্বৰে বহুতো ঘৰচিৰিকাতকৈ তোমালোকক অনেক মুল্যৱান বুলি গণ্য কৰে”

Matthew 10:32

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

প্ৰতিজনে যিয়ে মোক মানুহৰ আগত স্বীকাৰ কৰে

“যি কোনোৱে আনৰ আগত তেওঁ নিজকে মোৰ শিষ্য বুলি কয়” বা “যিকোনোৱে আনৰ আগত তেওঁ নিজকে মোৰ প্ৰতি আনুগত্য থকা বুলি কয়”

স্বীকাৰ কৰা

“মানি লোৱা” (UDB চাওক)

মানুহৰ আগত

“মানুহবোৰৰ আগত” বা “আন মানুহবিলাকৰ আগত”

মোৰ পিতৃ যিজন স্বৰ্গত আছে

যীচুৱে পিতৃ ঈশ্বৰৰ কথা কৈছে।

তেওঁ যি জনে মোক মানুহৰ আগত অস্বীকাৰ কৰে

“যিজনে মানুহবিলাকৰ আগত মোৰ অস্বীকাৰ কৰে” বা “যিজনে নিজকে মোৰ শিষ্য বুলি আন মানুহৰ আগত মানি নলয়” বা “যদি কোনোৱে নিজকে মোৰ প্ৰতি আনুগত্য অস্বীকাৰ কৰে”

Matthew 10:34

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

নাভাবিবা

“ধৰি নলবা” বা “তোমালোকে ভাবা উচিত নহয়”

এখন তৰোৱাল

এই প্ৰকাশভঙ্গী এই ভাব বুজাব পাৰে ১)জঘন্য মৃত্যু (প্ৰকাশভঙ্গীত “ক্ৰুচ” চাওক)

ঠিক কাৰ

“ঘুৰা” বা “বিভক্ত কৰা” বা “পৃথক কৰা”

এজন মানুহে তেওঁৰ পিতাকৰ বিৰুদ্ধে

“এজন পুত্ৰই তেওঁৰ পিতাৰ বিৰুদ্ধে”

এজন মানুহৰ শত্ৰুবোৰ

“এজন ব্যক্তিৰ শত্ৰুবোৰ” বা “এজন মানুহৰ অতি বেয়া শত্ৰুবোৰ”

সেই বিলাক তেওঁৰ নিজৰ পৰিয়াল

“তেওঁৰ নিজৰ পৰিয়ালৰ সদস্যসকল”

Matthew 10:37

শিষ্যবিলাকে তেওঁৰ বাবে কাৰ্য্য কৰোঁতে তেওঁলোকে সহন কৰিবলগীয়া তাড়নাৰ বিষয়ে যীচুৱে কৈ আছে; এইটো ১০:১৬ পদত আৰম্ভ হৈছে।

যিজনে প্ৰেম কৰে...তেওঁ যোগ্য নহয়

বিকল্প অনুবাদ: “যিবিলাকে প্ৰেম কৰে... যোগ্য নহয়” বা “যদি তুমি প্ৰেম কৰা... তুমি যোগ্য নহয়”

যি জনে

এইটো এনেকৈয়ো অনুবাদ কৰিব পাৰি “যিকোনোৱে” বা “যি জনে” বা“ যি কোনো এজনে” বা “যি মানুহে” (UDB চাওক)

প্ৰেম কৰে

“প্ৰেমৰ” বাবে শব্দটো ইয়াত “ভাই ভাইৰ মাজত প্ৰেম” বা “এজন বন্ধুৰ পৰা পোৱা প্ৰেম” বুজোৱা হৈছে। এইটোক এইদৰেও অনুবাদ কৰিব পাৰি “চোৱাচিতা কৰা” বা “উচৰ্গিত কৰা” বা “ভাল পোৱা।”

মোৰ বাবে উপযুক্ত নহয়

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তেওঁ মোৰ বুলি যোগ্য নহয়” বা “মোৰ শিষ্য হবলৈ যোগ্য নহয়” বা “তেওঁ মোৰ হোৱাৰ বাবে যোগ্য নহয়”(UDB চাওক)

যিজনে নুতোলে... তেওঁ নহয়

বিকল্প অনুবাদ: “যিবিলাকে তুলি নলয়... নহয়” বা “যদি তুমি তুলি নোলোৱা... তুমি নোহোৱা” বা “তুমি তুলি নোলোৱালৈকে... তুমি নোহোৱা”।

তুলি... ক্ৰুচ আৰু পাছে পাছে আহাঁ

এইটো হৈছে মৰিবলৈ ইচ্ছা কৰা এক প্ৰকাশভঙ্গী। কিবা এটা বস্তু তুলি লোৱা আৰু সেইটো লৈ আন এজন ব্যক্তিৰ পিছত গৈ থকা ক্ষেত্ৰত আপুনি নিয়মীয়া সাধাৰণ শব্দ ব্যৱহাৰ কৰক। (প্ৰকাশভঙ্গী চাওক)।

তুলি লোৱা

“উঠাই লোৱা” বা “তুলি লোৱা আৰু বহন কৰা”

যিজনে পায়...হেৰুৱাব... যিজনে হেৰুৱাই...পাব

এই শব্দবোৰ যিমান পাৰি কম শব্দৰে অনুবাদ কৰিব লাগে।বিকল্প অনুবাদ: “যিবিলাকে পায়... তেওঁলোকে হেৰুৱাব...যিবিলাকে হেৰুৱাই... তেওঁলোকে পাব” নাইবা “যদি তুমি পোৱা... তুমি হেৰুৱাবা... যদি তুমি হেৰুউৱা... তুমি পাবা”

পায়

এইটো “ৰাখা” বা “ৰক্ষা পোৱাৰ” বাবে এটা অতিৰঞ্জন। বিকল্প অনুবাদ: “ৰাখিবলৈ চেষ্টা কৰা” বা “ ৰক্ষা কৰিবলৈ চেষ্টা কৰা” (অতিৰঞ্জন চাওক)

এইটো হেৰুৱাব

মানুহজন যে মৰিব সেইটো ই বুজোৱা নাই। “প্ৰকৃত জীৱন নাপাব” তাৰ বাবে এইটো এটা প্ৰকাশভঙ্গী(প্ৰকাশভঙ্গী চাওক)

হেৰুৱাব

বিকল্প অনুবাদ: “ত্যাগ কৰা” বা “ত্যাগ কৰিবলৈ ইচ্ছা কৰি থকা”

মোৰ নামৰ বাবে

“কাৰণ তেওঁ মোক ভাৰসা কৰিছে” (UDB চাওক)বা “মোৰ বিষয়ত” বা “মোৰ বাবে।” এইটো ১০:১৮ পদত “মোৰ নামৰ বাবে” পোৱাৰ দৰে একে ধাৰণা।

এইটো পাব

এইটো প্ৰকাশভঙ্গী অৰ্থটো “প্ৰকৃত জীৱন পাব” (প্ৰকাশভঙ্গী চাওক)

Matthew 10:40

তেওঁলোকে যাওঁতে তেওঁলোকক সহায় কৰাসকলক যে পুৰস্কাৰ দিব যীচুৱে তেওঁৰ শিষ্যবিলাকক বুজাবলৈ আৰম্ভ কৰিছে।

তেওঁ যিজনে

এইটোকো এইদৰে অনুবাদ কৰিব পাৰি “যিকোনোৱে” বা “কোনো এজনে” বা “যি জনে” (UDB চাওক)

আদৰি লয়

এইটো সেই একে শব্দ “গ্ৰহন কৰা” ১০:১৪ পদত আছে, অৰ্থটো “এজন অতিথিক আদৰি লোৱা”

তোমালোক

এই সৰ্ব্বনাম “তোমালোক” শব্দই যীচুৱে যাক কথা কৈ আছে সেই বাৰজন শিষ্যক বুজাইছে।

যিজনাই মোক পঠালে তেওঁক আদৰি লোৱা

“পিতৃ ঈশ্বৰক আদৰি লয় যিজনাই মোক পঠালে”

Matthew 10:42

তেওঁলোকে যাওঁতে তেওঁলোকক সহায় কৰাসকলক যে পুৰস্কাৰ দিব যীচুৱে তেওঁৰ শিষ্যবিলাকক বুজাই দিয়াটো শেষ কৰিছে।

যিজনে দিয়ে

“যিকোনোৱে দিয়ে”

তেওঁ যে এজন গুৰুত্বহীন শিষ্য হয় তাৰ বাবেই এবাটি ঠাণ্ডা পানী খাবলৈ দিয়ে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “কাৰণ তেওঁ যে মোৰ শিষ্য সেই বাবেই এই সৰুবিলাকৰ মাজৰ এজনক এবাতি ঠাণ্ডা পানী দিয়ে” বা “মোৰ শিষ্যবিলাকৰ সৰু এজন এবাতি ঠাণ্ডা পানী দিয়ে”

তেওঁ কোনো পধ্যে তেওঁৰ পুৰস্কাৰ নেহেৰুৱাব

“সেই ব্যক্তিজনে নিশ্চয়ে পুৰস্কাৰ পাব”(অলঙ্কাৰীক প্ৰভাব চাওক)

হেৰুওৱা

“অস্বীকাৰ কৰা।” এইটো কোনো থকা বস্তু লৈ যোৱাৰ লগত কোনো লেন দেন নাই।