Matthew 11

Matthew 11:1

যোহন বাপ্তাইজকৰ শিষ্যবিলাকৰ প্ৰতি যীচুৱে কেনে প্ৰত্যুত্তৰ দিছিল সেইটোৰে এই অংশটো আৰম্ভ হৈছে।

এইটো সেই বিষয়ে ঘটিবলৈ ধৰিছিল

এই বাক্যাংশটোৱে এটা বিৱৰণৰ আৰম্ভণী দেখুৱাইছে।যদি আপোনাৰ ভাষাত এটা বিৱৰণৰ আৰম্ভণী দেখুউৱাৰ উপায় থাকিলে, ইয়াত সেইটো ব্যৱহাৰ কৰিব পাৰে। এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তেতিয়া” নাইবা “তাৰ পাছত”

নিৰ্দেশ দি আছিল

এই শব্দটো এইদৰে অনুবাদ কৰিব পাৰি “শিক্ষা দি থকা” বা “আদেশ দি থকা।”

তেওঁৰ বাৰ জন শিষ্য

এইটোৱে মনোনীত কৰা যীচুৰ সেই বাৰজন শিষ্যক বুজাইছে।

এতিয়া

“ঠিক সেই সময়ত।” এইটোও এৰি দিব পাৰি। (UDB চাওক)

বন্দীশালত যেতিয়া যোহনে শুনিলে

বিকল্প অনুবাদ: “যেতিয়া যোহনে, যি জন বন্দীশালত আছিল, এই বিষয়ে শুনিলে” বা “যেতিয়া কোনোবাই যোহনক, যিজন বন্দীশালত আছিল এই বিষয়ে ক’লে”

তেওঁৰ শিষ্যবিলাকৰ দ্বাৰা বাৰ্ত্তা পঠালে

যোহন বাপ্তাইজকে তেওঁৰ নিজৰ শিষ্যবিলাকৰ দ্বাৰা যীচুলৈ বাৰ্ত্তা পঠালে।

আৰু তেওঁক ক’লে

এই সৰ্ব্বনাম “তেওঁ” পদটো যীচুক বুজাইছে।

আহিব লগা জনা আপুনিয়েই নে

এইদৰে অনুবাদ কৰিব পাৰি “আহিব লগা জনা” বা “আহিব লগা জনা যাৰ বিষয়ে আমি আশা কৰি আছিলোঁ”, এইটো মছীহজনা নিৰ্দেশ কৰিছে। (UDB “খ্ৰীষ্ট”)

আমি বিচাৰি থকা উচিত

“আমি আশা কৰি আছিলোঁ।” এই “আমি” সৰ্ব্বনাম পদটোৱে কেৱল যোহনৰ শিষ্যবিলাককৈ বুজোৱা নাই, সকলো যিহুদীক বুজাইছে।

Matthew 11:4

যোহন বাপ্তাইজকৰ শিষ্যবিলাকক যীচুৰ প্ৰত্যুত্তৰ এইটোত সমাপ্ত হৈছে।

যোহনক জনালে

“যোহনক ক’লে”

Matthew 11:7

যীচুৱে যোহন বাপ্তাইজকৰ বিষয়ে ভীৰৰ মানুহবিলাকক কবলৈ আৰম্ভ কৰিছে।

তোমালোকে কি চাবলৈ ওলাই গৈছিলা

যীচুৱে এই তিনিটা অলঙ্কাৰীক প্ৰশ্ন ব্যৱহাৰ কৰি যোহন বাপ্তাইজক কেনে ধৰণৰ ব্যক্তি আছিল সেই বিষয়ে তাৰ কাৰণ মানুহবিলাকক দিছে। এইটো এইদৰে অনুবাদ কৰিব পাৰি, “তোমালোকো চাবলৈ ওলাই গৈছিলা নে ? অৱশ্যে নহয়!” নাইবা “নিশ্চয়কৈ তোমালোকে ওলাই যোৱা নাছিলা...!”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

বতাহে লৰোৱা এবিধ নল

এইটো হব পাৰে ১) অৰ্থটো হৈছে আক্ষৰিকভাবে জৰ্দ্দান নদীৰ পাৰত থকা আক্ষৰিকভাবে এবিধ নল গছনি(UDBচাওক) বা ২)এক ধৰণৰ ব্যক্তিৰ বাবে এক প্ৰকাশভঙ্গী: “এজন মানুহ যিজন বতাহৰ দ্বাৰা লৰোৱা নলৰ নিচিনা”(সাদৃশ্যতা চাওক)। এই সাদৃশ্যতাৰ দুটা সাম্ভাব্য অৰ্থ ভাঙনি আছে: যেনে এজন মানুহ ১) সহজতে বতাহে লৰাব পাৰে, সহজতে তেওঁৰ মন সলনি কৰাৰ এক প্ৰকাশভঙ্গী, নাইবা ২)যেতিয়া বতাহ বলে শব্দ হয়, অতি কথা চহকী কিন্তু একো গুৰুত্বপুৰ্ণ কথা নোকোৱাৰ দৰে এক প্ৰকাশভঙ্গী( প্ৰকাশভঙ্গী চাওক)।

নল

“ওখ, ঘাঁহজাতীয় উদ্ভিদ”

কোমল কাপোৰেৰে পোছাক পিন্ধিছিল

“অতি মুল্যৱান কাপোৰ পিন্ধা” ধনী মানুহে এনে ধৰণৰ কাপোৰ পিন্ধে।”

সঁচাই

এই শব্দটো, প্ৰায়ে “চোৱা” বুলি অনুবাদ কৰা হয়, কি ঘটিবলৈ তাক জোৰ দিয়া হয়। বিকল্প অনুবাদ: “যিয়েই নহওক”

Matthew 11:9

যীচুৱে যোহন বাপ্তাইজকৰ বিষয়ে ভীৰৰ মানুহবিলাকক কথা কৈয়েই আছে।

কিন্তু তোমালোকে কি চাবলৈ গৈছিলা

এইটো হৈছে যোহন বাপ্তাইজকৰ বিষয়ে অলঙ্কাৰীক প্ৰশ্নৰ ধাৰবাহিকতা।(অলঙ্কাৰীক প্ৰশ্ন চাওক)

কিন্তু তোমালোকে কি চাবলৈ ওলাই গৈছিলা

এজন ভাববাদীক ? হয়, মই তোমালোকক কওঁ এই বহুবচন সৰ্ব্বনাম পদ “তোমালোক” দুয়োটা ক্ষেত্ৰতে ভীৰৰ মানুহবিলাকক বুজাইছে।

ভাববদীতকৈয়ো অতি অধিক এজনক

“এজন সাধাৰণ ভাববাদীক নহয়” বা “এজন সাধাৰণ ভাববাদীতকৈয়ো অতি গুৰুত্বপুৰ্ণ ভাববাজী এজনক”

এইজন তেওঁৱেই

“এইজন” শব্দই যোহন বাপ্তাইজকক বুজাইছে।

এইটো যাৰ বিষয়ে লিখা হৈছিল তেওঁৱেই

এই সৰ্ব্বনাম “তেওঁ” শব্দই পিছৰ বাক্যাংশত “মোৰ বাৰ্ত্তা বাহকক” বুজাইছে।

চোৱা, মই মোৰ বাৰ্ত্তা বাহকক তোমাৰ যোৱাৰ আগে আগে পঠাইছোঁ, যিজনাই তোমাৰ আগেয়ে তোমাৰ পথ যুগুত কৰিব।

যীচুৱে মলাখী ভাববাদীৰ পৰা উল্লেখ কৰিছে আৰু কৈছে যে মলাখী ৩:১ পদত লিখা বাৰ্ত্তাবাহক জন যোহনেই।

মই মোৰ বাৰ্ত্তাবাহকক পঠিয়াইছোঁ

এই সৰ্ব্বনাম পদ “মই” আৰু “মোৰ” শব্দই ঈশ্বৰক বুজাইছে।ঈশ্বৰে যি কৈছিল পুৰণি নিয়মৰ ভাববাণীয়ে এইটো উল্লেখ কৰিছে।

তোমাৰ আগে আগে

“তোমাৰ সন্মূখত” বা “তোমাৰ আগে আগে যাবলৈ” এই সৰ্ব্বনাম “তোমাৰ” শব্দটো এক বচন, কাৰণ ঈশ্বৰে উল্লেখ কৰাটোত মছীহজনক কৈ আছে। (তোমাৰ ৰূপবোৰ চাওক)

Matthew 11:11

যীচুৱে যোহন বাপ্তাইজকৰ বিষয়ে ভীৰৰ মানুহবিলাকক কথা কৈয়েই আছে।

তিৰোতাৰ পৰা জন্মাবিলাকৰ মাজত

“এগৰাকী তিৰোতাই জন্ম দিয়াবিলাকৰ মাজত” বা “জীয়াই থকা মানুহবিলাৰ মাজত”(UDBচাওক)

যোহন বাপ্তাইজকতকৈ মহান কোনো নাই

AT: “যোহন বাপ্তাইজক সবাতকৈ মহান”

স্বৰ্গৰাজ্যত

ঈশ্বৰে স্থাপন কৰা ৰাজ্যৰ অংশত। AT: “স্বৰ্গৰাজ্যত সোমাৱাবিলাকৰ কোন”

তেওঁতকৈ মহান

“যোহনতকৈ অতি গুৰুত্ত্বপুৰ্ণ”

যোহন দিনৰে পৰা এতিয়ালৈকে

“যোহনে তেওঁৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়ৰ পৰা”

স্বৰ্গৰাজ্য অতি বলাক্ৰান্ত হৈছে, আৰু বলৱন্ত মানুহবিলাকে বলে তাক আক্ৰমী লয়

সাম্ভাব্য অৰ্থবোৰ হৈছে ১)হিংসুক মানুহে হিংসাৰে আচৰণ কৰে (UDBচাওক) বা ২) “মানুহবিলাকে স্বৰ্গৰাজ্যৰ প্ৰজাবিলাকক তাড়না কৰে আৰু হিংসুক মানুহে তাক নিয়ন্ত্ৰণ কৰি লবলৈ বিচাৰে” বা ৩)স্বৰ্গৰাজ্য বলেৰে আগুৱাই গৈ আছে, আৰু বলৱান মানুহে ইয়াৰ অংশীদাৰ হব বিচাৰে”

Matthew 11:13

যীচুৱে যোহন বাপ্তাইজকৰ বিষয়ে ভীৰৰ মানুহবিলাকক কথা কৈয়েই আছে।

বিধান

“মোচিৰ বিধান”

যোহন

“যোহন বাপ্তাইজক”

আৰু যদি তুমি

এই সৰ্ব্বনাম পদ “তুমি” শব্দই ভীৰৰ মানুহবিলাকক বুজাইছে।

এইজন এলিয়া

“এইজন” শব্দই যোহন বাপ্তাইজকক বুজাইছে। এই সংযুক্ত বাক্যাংশই যোহনৰ লগত যুক্ত হৈ পুৰণি নিয়মৰ এলিয়াৰ ভাববাণী কৈছে, কিন্তু যোহন বাপ্তাইজকেই যে এলিয়া সেই ইয়াত কোৱা নাই। (সংযুক্ততা চাওক)

যাৰ কাণ আছে, তেওঁ শুনক

কিছুমান ভাষাত এইটো দ্বিতীয় পুৰুষত বেছি স্বাভাৱিক যেন লাগিব: “তোমালোকৰ যাৰ কাণ আছে তেওঁ শুনক”(১ম, ২য় আৰু ৩য় পুৰুষ চাওক)

তেওঁ যাৰ কাণ আছে তেওঁ শুনক

“যিজনে শুনিব পাৰে” বা “যিজনে মোৰ কথা শুনে”

তেওঁক শুনিব দিয়ক

“তেওঁক ভালদৰে শুনিব দিয়ক” বা “মই যি কৈছোঁ তাত তেওঁক মনোযোগ দিবলৈ দিয়ক”

Matthew 11:16

যীচুৱে যোহন বাপ্তাইজকৰ বিষয়ে ভীৰৰ মানুহবিলাকক কথা কৈয়েই আছে।

মই কাৰ লগত তুলনা কৰিম

এইটো এক অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। যীচুৱে সেই সময়ৰ মানুহবিলাকৰ আৰু সন্তানবিলাকে বজাৰৰ ঠাইত কি কব পাৰে সেইটো তুলনা কৰিছে। তেওঁ অলঙ্কাৰীক প্ৰশ্নৰে সৈতে আৰম্ভ কৰিছে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

এইটো হৈছে সন্তানবিলাকে বজাৰৰ ঠাইত বাদ্য বজাই, যিয়ে বহে ইজন সিজনক মাতে

এই সাদৃশ্যতাৰ অৰ্থ ১) যীচুৱে “বাঁহী বজালে” আৰু যোহনে “কান্দিলে” কিন্তু এই “প্ৰজন্মই” নাচিবলৈ বা কান্দিবলৈ অস্বীকাৰ কৰিলে, বাধ্যতাৰ বাবে এক প্ৰকাশভঙ্গী নাইবা ২)ফৰীচী আৰু আন ধৰ্ম্মীয় নেতাবিলাকে মোচিৰ বিধান যোগ কৰিছে আৰু সাধাৰণ মানুহবিলাকে তাক নামানাৰ বাবে সিহঁতক সমালোচনা কৰিছে।(সাদৃশ্যতা, প্ৰকাশভঙ্গী চাওক)

এই প্ৰজন্ম

“এতিয়া জীয়াই থকা মানুহবিলাক” বা “এই মানুহবিলাক” বা “এই প্ৰজন্মৰ তোমালোক” (UDBচাওক)

বজাৰৰ ঠাই

এইখন হৈছে বিশাল, মুকলি আকাশৰ অঞ্চল য’ত মানুহবিলাকে আহে আৰু তেওঁলোকৰ বয় বস্তুবোৰ বিক্ৰী কৰে।

আমি তোমালোকৰ বাবে বাঁহী বজালোঁ

“আমি” শব্দই বজাৰত বহা সন্তান বিলাকক বুজাইছে। “তোমালোক” শব্দই “এই প্ৰজন্ম” বা ভীৰৰ মানুবিলাকক বুজাইছে যিয়ে বাদ্য বাজনা শুনিছে আৰু তাৰ প্ৰত্যুত্তৰ দিয়া নাই।

বাঁহী

এইডাল এডাল দীঘল, ফোপোলা বাদ্য যন্ত্ৰ, যিটো ফুৱাই দি বা এমুৰে ফুৱাই বজোৱা হয়।

আৰু তোমালোকে নানাচিলা

“কিন্তু তোমালোকে সেই বাদ্য বাজনাত নানাচিলা”

আৰু তোমালোকে নাকান্দিলা

“কিন্তু তোমালোকে আমাৰে সৈতে নাকান্দিলা”

Matthew 11:18

যীচুৱে যোহন বাপ্তাইজকৰ বিষয়ে ভীৰৰ মানুহবিলাকক কথা কোৱা সামৰণী মাৰিছে।

পিঠা নাখালে

“আহাৰ নাখালে।” এইটোক এনেকৈ অনুবাদ কৰিব পাৰি “সঘনাই লঘোন দিয়া” বা “উত্তম খাদ্য নোখোৱা”(UDB) ই এইটো নুবুজাই যে যোহনে কেতিয়াও খাদ্য খোৱা নাছিল।

সিহঁতে কয়, “তাৰ এটা ভুত আছে”

মানুহবিলাকে যোহনৰ বিষয়ে কি কি কৈছিল সেইটো যীচুৱে উল্লেখ কৰিছে।এইটোক আওঁপকীয়াকৈ অনুবাদ কৰি উল্লেখ কৰিব পাৰি: “সিহঁতে কয় যে তাৰ এটা ভুত আছে” বা “তাৰ এটা ভুত আছে বুলি সিহঁতে তাক দোষ দিয়ে”(বাক্য উল্লেখ চাওক)

সিহঁত

এই সৰ্ব্বনাম “সিহঁত” শব্দই সেই বৰ্তমান সময়ৰ প্ৰজন্মটোক বুজাইছিল। (১৬ নং পদ)

মানুহৰ পুত্ৰ

যিহেতু যীচুৱে এইটো আশা কৰিছিল যে মানুহবিলাকে তেওঁক মানুহৰ পুত্ৰ বুলি বুজি পাওক, এইটোক এনেকৈ অনুবাদ কৰিব পাৰি, “মই, মানুহৰ পুত্ৰই।”

সিহঁতে কয়, চোৱা সি এটা খকুৱা মানুহ

মানুহৰ পুত্ৰৰ বিষয়ে মানুহবিলাকে কি বুলি কয়, যীচুৱে এইটো উল্লেখ কৰিছে। এইটোক আওপকীয়াকৈ এইদৰে অনুবাদ কৰিব পাৰি, “সিহতে কয় সি এটা খকুৱা মানুহ” বা “তেওঁ অতি বেছিকৈ খায় বুলি মানুহবিলাকে তেওঁক দোষ দিছে।” যদি আপুনি “মানুহৰ পুত্ৰক”, “মই, মানুহৰ পুত্ৰ” এইদৰে অনুবাদ কৰে, এই আওপকীয়া উদ্ধৃতি এনেকুৱা হব “সিহঁতে কয় যে মই এজন অতি খকুৱা মানুহ।”

সি এটা খাৱৈচ মানুহ

“সি এটা অতি খকুৱা মানুহ” বা “সি সাধাৰণতেই অতি বেছিকৈ আহাৰ খায়”

এজন মদপী

“এজন মাতোৱাল” বা “এক অভ্যাসগত মদপী”

কিন্তু তাইৰ কৰ্ম্মৰ দ্বাৰা জ্ঞান ন্যায়ৱান বুলি গণিত হৈছে

এইটো সম্ভৱত এটা নীতিবাক্য যীচুৱে এই পৰিস্থিতিত প্ৰয়োগ কৰিছে, কাৰণ যিবোৰ মানুহে যোহন আৰু তেওঁক অগ্ৰাহ্য কৰিলে সেইবোৰ অজ্ঞানী মানুহ। UDBত থকাৰ দৰে এইটোক এক সক্ৰিয় বাক্য হিচাপে অনুবাদ কৰিব পাৰি। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

জ্ঞান ন্যায়ৱান বুলি গণিত হৈছে

এই প্ৰকাশিত কৰণটো, য’ত জ্ঞান হৈছে বৈক্তিক কৰণ, এইটো ইয়াত ঈশ্বৰৰ সন্মূখত সঠিক বুলি ব্যৱহাৰ হোৱা নাই কিন্তু জ্ঞান ঈশ্বৰৰ আগত সঠিক বুলি প্ৰমাণিত হৈছে। (বৈক্তিককৰণ চাওক)

তাইৰ কৰ্ম্ম

এই সৰ্ব্বনাম “তাই” শব্দই বৈক্তিক কৰণ জ্ঞানৰ কথা বুজাইছে।

Matthew 11:20

যীচুৱে আগতে য’ত অলৌকিক কাৰ্য্য কৰিছিল সেই মানুহবিলাকৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে

নগৰবিলাকক গালি দিছে

যীচুৱে বাক্যালঙ্কাৰ ব্যৱহাৰ কৰি, এই নগৰবিলাকৰ মানুহবিলাকক ভুল কৰি থকাৰ বাবে দোষ দিছে। (বাক্যালঙ্কাৰ চাওক)

নগৰবোৰ

“চহৰবিলাক”

য’ত তেওঁৰ প্ৰায়বোৰ মহৎ কাৰ্য্য কৰা হৈছিল

এইটোক এক সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি: “য’ত তেওঁৰ প্ৰায় আটাইবোৰ মহৎ কাৰ্য্য কৰিছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

পৰাক্ৰম কাৰ্য্য

এইটোক “অলৌকিক কাৰ্য্য” বা “পৰাক্ৰমৰ কাৰ্য্য” বা “আচৰিত কাৰ্য্য” বুলি অনুবাদ কৰিব পাৰি। (UDB)

কাৰণ সিহঁতে মন পালটন নকৰিলে

এই সৰ্ব্বনাম “সিহঁতে” পদটোৱে এই নগৰ বিলাকত মন পালটন নকৰা মানুহবিলাকক বুজাইছে।

কোৰাচীন, তোমালোক সন্তাপৰ পাত্ৰ!বৈৎচৈদা, তোমালোক সন্তাপৰ পাত্ৰ!

যীচুৱে এইদৰে কৈছে যেন সেই ঠাইত কোৰাচীন আৰু বৈৎচৈদাৰ মানুহবিলাকে তেওঁৰ কথা শুনি আছে, কিন্তু সিহঁতে শুনা নাছিল। (উৰ্দ্ধকমা চাওক)

কোৰাচীন...বৈৎচৈদা...তুৰ...চীদোন

নগৰৰ এই নামবোৰ তাত বাস কৰা মানুহবিলাকক বুজাবলৈ বাক্যালঙ্কাৰ হিচাপে ব্যৱহাৰ হৈছে (বাক্যালঙ্কাৰ চাওক)

চীদোন তোমাত কি কৰা হৈছিল

এইটো সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি: “তুৰ আৰু চীদোনত মই কৰা সেই পৰাক্ৰম কাৰ্য্যবোৰ তোমাত কৰা হলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তোমালৈ সন্তাপ হব আৰু যিবোৰ তোমাত কৰা হল

ইয়াত এই সৰ্ব্বনাম “তোমাত” শব্দটো একবচন।

সিহঁতে বহুদিনৰ আগেয়েই মন পালটন কৰিলেহেঁতেন

এই সৰ্ব্বনাম “সিহঁত” পদটো তুৰ আৰু চীদোনৰ মানুহবিলাকক বুজাইছে।

মনপালটন কৰিলে

“সিহঁতৰ পাপৰ বাবে নিজকে দুখিত বুলি দেখুৱালেহেঁতেন”

সেই মহাবিচাৰৰ দিনা তোমালোকতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ লঘু হব

“মহাবিচাৰৰ দিনা তোমালোকতকৈ তুৰ আৰু চীদোনক ঈশ্বৰে বেছি দয়া দেখুৱাব” বা “মহাবিচাৰৰ দিনা ঈশ্বৰে তুৰ আৰু চীদোনতকৈ তোমালোকক অতি বেছিকৈ শাস্তি দিব” (UDBচাওক) ইয়াৰ প্ৰয়োগ হোৱা তথ্যটো হৈছে “মই তোমালোকত কৰা এই আচৰিত কৰ্ম্মবোৰ দেখিও তোমালোকে মন পালটন নকৰিলা আৰু বিশ্বাস নকৰিলা” (স্পষ্টতা আৰু সৰলতা চাওক)

তোমালোকতকৈ

এই সৰ্ব্বনাম “তোমালোক” পদে কোৰাচীন বা বৈৎচৈদাক একবচন ৰূপত বুজাইছে।

Matthew 11:23

যীচুৱে আগতে য’ত অলৌকিক কাৰ্য্য কৰিছিল সেই মানুহবিলাকৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

তুমি, কফৰনাহুম

যীচুৱে কফৰনাহুম নগৰৰ মানুহবিলাক কৈ আছে যেন মানুহবিলাকে তেওঁৰ কথা শুনি আছে, কিন্তু সিহঁতে শুনা নাছিল। (উৰ্দ্ধকমা চাওক)এই সৰ্ব্বনাম “তুমি” পদটো একবচন আৰু এই গোটেই পদকেইটাৰ দুয়োটাতে কফৰনাহুমক বুজাইছে।

কফৰনাহুম...চদোম

এই কফৰনাহুম আৰু চদোম নগৰকেইখনত বাস কৰা মানুহবিলাকক বুজাবলৈ বাক্যালঙ্কাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।(বাক্যালঙ্কাৰ চাওক)

তোমাক স্বৰ্গলৈ তোলা হব বুলি ভাবিছা নে?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন য’ত যীচুৱে সিহঁতৰ অহঙ্কাৰৰ বাবে গালি দিছে।(অলঙ্কাৰীক প্ৰশ্ন চাওক)। এইটোক সক্ৰিয় ৰূপত এনেদৰে অনুবাদ কৰিব পাৰি: “তুমি স্বৰ্গলৈ উঠিবা নে? ” বা “ঈশ্বৰে তোমাক আদৰ কৰিব বুলি ভাবিছা নে? ” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

উত্তোলিত হব

“আদৰ কৰি লব” (বাক্যাংশ চাওক)

তোমাক নৰকলৈহে নমোৱা হব

এইটোক এক সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি: “ঈশ্বৰে তোমাক নৰকলৈ নমাই আনিব।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিবোৰ মহৎ পৰাক্ৰম কাৰ্য্য তোমাত কৰা হল, সেইবোৰ চদোমত কৰা হলে

এইটোক এক সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি: “মই তোমাত কৰা সেই মহা পৰাক্ৰম কাৰ্য্যবোৰ চদোমত কৰা হলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

পৰাক্ৰম কাৰ্য্য

“অলৌকিক কাৰ্য্য” বা “পৰাক্ৰমৰ কাৰ্য্য” বা “আচৰিত কাৰ্য্য”(UDB)

এতিয়াও এইটো থাকিলহেঁতেন

এই সৰ্ব্বনাম পদ “এইটো” চদোম নগৰক বুজাইছে।

সেই মহাবিচাৰৰ দিনা তোমালোকতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ লঘু হব

“মহাবিচাৰৰ দিনা তোমালোকতকৈ তুৰ আৰু চীদোনক ঈশ্বৰে বেছি দয়া দেখুৱাব” বা “মহাবিচাৰৰ দিনা ঈশ্বৰে তুৰ আৰু চীদোনতকৈ তোমালোকক অতি বেছিকৈ শাস্তি দিব”(UDBচাওক)ইয়াৰ প্ৰয়োগ হোৱা তথ্যটো হৈছে “মই তোমালোকত কৰা এই আচৰিত কৰ্ম্মবোৰ দেখিও তোমালোকে মন পালটন নকৰিলা আৰু বিশ্বাস নকৰিলা”(স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 11:25

ভীৰৰ মানুহবিলাকৰ উপস্থিতিতেই যীচুৱে তেওঁৰ স্বৰ্গীয় পিতৃক প্ৰাৰ্থনা কৰিছিল।

যীচুৱে উত্তৰ দিছিল আৰু কৈছিল এইটোৰ অৰ্থ এনে হব পাৰে ১) যীচুৱে তেওঁৰ শিষ্যবিলাকক ১২:১পদত পঠিয়াই দিছিল আৰু কোনোবা এজনে কিবা এটা কৈছিল যীচুৱে তাৰ প্ৰত্যুত্তৰ দিছিল, বা ২)সেই মন পালটন নকৰা নগৰবিলাকৰ কাৰণে তেওঁৰ দোষ দিয়াটো সামৰণী মাৰিছিল: “তদুপৰি, যীচুৱে কৈছিল”

হে পিতৃ

এইটোৱে পিতৃ ঈশ্বৰক বুজাইছে, কোনো পাৰ্থিব পিতৃক বুজোৱা নাই।

স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু

এইটোক এক বাক্যালঙ্কাৰ হিচাপে অনুবাদ কৰিব পাৰি, “সকলোৰে ওপৰত গৰাকী আৰু স্বৰ্গ আৰু পৃথিবীৰ প্ৰতিটোৰ ওপৰত মালিক,” বা বিভক্ত কৰাৰ দৰে, “গোটেই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী।”(বাক্যালঙ্কাৰ আৰু বিভক্ততা চাওক)

তুমি জ্ঞানী আৰু বুদ্ধিমন্ত বিলাকৰ পৰা এইবোৰ লুকুৱাই ৰাখিলা, আৰু সৰু শিশুৰ দৰে সন্তানবিলাকৰ আৰু অশিক্ষিত লোকবিলাকৰ আগত এইবোৰ প্ৰকাশ কৰিলা

“এইবোৰ বস্তু” বুলি কওঁতে এইটো বৰ স্পষ্ট হোৱা নাই। যদি আপোনাৰ ভাষাত এইটো কি বুলি বুজাৰ প্ৰয়োজন সেইটোৰ বাবে এক বিকল্প অনুবাদ কৰা বেছি ভাল হব: “শিক্ষিত আৰু জ্ঞানী মানুহক এইবোৰ শিকিবলৈ নিদি তুমি অজ্ঞ মানুহক এই সত্যতা প্ৰকাশ কৰিলা।”

গুপুতে ৰাখিলা

“লুকুৱাই ৰখা” এই ক্ৰিয়া পদটো প্ৰকাশিত হোৱাৰ বিপৰীত।

জ্ঞানী আৰু বুদ্ধিমন্ত

“যিবিলাক মানুহ জ্ঞানী আৰু বুদ্ধিমন্ত।” বিকল্প অনুবাদ: “যিবিলাক মানুহে নিজকে জ্ঞানী আৰু বুদ্ধিমান বুলি ভাবে।”(UDB চাওক, ব্যঙ্গক্তি) # সেইবোৰক প্ৰকাশ কৰিলা এই সৰ্ব্বনাম “সেইবোৰ” পদটো আগতে উল্লেখ কৰা “এইবোৰ বস্তু” বুজাইছে।

যিবিলাক অশিক্ষিত, সৰু শিশুৰ দৰে

এই গোটেই বাক্যাংশটো এটা শব্দত অৰ্থটো সংযুক্ত কৰা আছে অৰ্থটো হৈছে “সৰু সৰু শিশু” আৰু “অশিক্ষিত ” বা “অজ্ঞ।” বিকল্প অনুবাদ: “অজ্ঞ সৰু সৰু শিশু”

সৰু সৰু শিশুৰ দৰে

মানুহৰ বাবে এক সাদৃশ্যতা যিবিলাক জ্ঞানী নহয় বা উত্তম শিক্ষিত নহয়, বা এনে মানুহ যিবিলাকে নিজকে জ্ঞানী বুলি নাভাবে আৰু শিক্ষিত নহয়। (সাদৃশ্যতা চাওক)

কিয়নো এইটো তোমাৰ দৃষ্টিত সন্তোষজনক হ’ল

“কিয়নো এইটো কৰিবলৈ তুমি উত্তম দেখিলা।”

মোৰ পিতৃৰ পৰা সকলোবোৰ বস্তু মোৰ হাতত দিয়া হৈছে

এইটো এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি: “মোৰ পিতৃয়ে সকলবোৰ বস্তু মোৰ হাতত শোধাই দিছে” বা “মোৰ পিতৃয়ে সকলোবোৰ বস্তু মোৰ হাতত দি দিছে।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

পিতৃৰ বাহিৰে পুত্ৰক কোনেও নাজানে

“কেৱল পিতৃয়েহে পুত্ৰক জানে”

পু্ত্ৰক জানে

“ব্যক্তিগত অভিজ্ঞতাৰ পৰা জানে”

সেই পুত্ৰ

যীচুৱে নিজকে তৃতীয়জন ব্যক্তি বুলি বুজাইছে। (১ম, ২য় বা ৩য় পুৰুষ চাওক)

পুত্ৰ বাহিৰে পিতৃক কোনেও নাজানে

“কেৱল পুত্ৰইহে পিতৃক জানে।”

পিতৃক জানে

“ব্যক্তিগত অভিজ্ঞতাৰ পৰা জানে”

আৰু পুত্ৰই যাৰ ওপৰত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে

বিকল্প অনুবাদ: “মানুহবিলাকে পিতৃক তেতিয়াহে জানিব যদি পুত্ৰই তেওঁলোকৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ বিচাৰে।”

যাৰ আগত সেই পুত্ৰই তেওঁক প্ৰকাশ কৰিব

এই সৰ্ব্বনাম “তেওঁ” পদটো পিতৃ ঈশ্বৰক বুজাইছে।

Matthew 11:28

যীচুৱে মানুহৰ ভীৰটোক কথা কোৱা শেষ কৰিছে।

যিবিলাক পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক

এই প্ৰকাশভঙ্গীটোৱে যিহুদীবিলাকৰ বিধানৰ “যুঁৱলি” বুজাইছে। (প্ৰকাশভঙ্গী চাওক)

মই তোমোলোকক জিৰণী দিম

“তোমালোকৰ পৰিশ্ৰম আৰু ভাৰৰ পৰা মই তোমালোকক জিৰণী পাবলৈ দিম”(বৰ্হিভুত আৰু অন্তৰ্ভুক্ততা চাওক)

তোমালোকৰ ওপৰত মোৰ যুঁৱলি লোৱা

এই সৰ্ব্বনাম “তোমালোক” পদটোৱো “সকলো পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্তসকলক বুজাইছে।” এই প্ৰকাশভঙ্গীটোৰ অৰ্থটো “মই তোমালোকক যি কাম কৰিবলৈ দিছো তাক গ্ৰহণ কৰা”(UDB চাওক)বা “মোৰ লগত একেলগে কাম কৰা”(প্ৰকাশভঙ্গী চাওক)

মোৰ ভাৰ সুসহ্য

এই “সুসহ্য” শব্দটো ইয়াত গধুৰ/ভাৰী শব্দৰ বিপৰীত, আন্ধাৰৰ বিপৰীত নহয়।