Matthew 8

Matthew 8:1

যীচুৱে আচৰিত ভাবে অনেক মানুহক সুস্থ কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

যীচুৱে যেতিয়া পৰ্ব্বতৰ পৰা নামি আহিছিল, এক বৃহৎ সংখ্যক লোকে তেওঁক অমুগমণ কৰিছিল

বিকল্প অনুবাদ: “যীচুৱে পৰ্ব্বতৰ পৰা নামি অহাৰ পাছত বৰ এক জাক লোকে তেওঁক অনুসৰণ কৰিছিল।” এই ভীৰৰ লোক সকলৰ মাজত কিছুমান পৰ্ব্বতত থকাৰ পৰা তেওঁৰ লগত থকাবিলাক আৰু যিসকলে তেওঁৰ লগত নাছিল তেওঁলোকো আছিল।

চোৱা

এই “চোৱা” শব্দটোৱে কাহিনীটোত এজন নতুন মানুহলৈ আমাক সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় থাকিব পাৰে।

এজন কুষ্ঠৰোগী

“এজন কুষ্ঠৰোগ থকা মানুহ” নাইবা “এনে এজন মানুহ যাৰ ছালৰ ৰোগ আছিল।”

যদি তুমি ইচ্ছা কৰা

বিকল্প অনুবাদ: “যদি তুমি বিচাৰা” নাইবা “যদি তুমি আকাংক্ষা কৰা।” সেই কুষ্ঠৰোগীজনে জানিছিল যে তাক যীচুৱে সুস্থ কৰিব পাৰে, কিন্তু যীচুৱে তাক স্পৰ্শ কৰিব নে নকৰে তাক সি জনা নাছিল।

আপুনি মোক সুস্থ কৰিব পাৰে

বিকল্প অনুবাদ: “আপুনি মোক সুস্থ কৰক” নাইবা “ দয়া কৰি মোক সুস্থ কৰক”(UDB)

তৎক্ষণাতে

“ঠিক তেতিয়াই”

তেওঁ তেওঁৰ কুষ্ঠ ৰোগৰ পৰা সুস্থতা পালে

যীচুৱে কোৱা কথাৰ ফলাফলটো হৈছে “শুচি হোৱা” মানে সেই মানুহজন শুচি হৈছিল । বিকল্প অনুবাদ : “তেওঁ সুস্থ হ’ল ” নাইবা “সেই কুষ্ঠৰোগে তেওঁক এৰিলে” নাইবা “তেওঁ কুষ্ঠ ৰোগ গুচিল।"

Matthew 8:4

যি জনৰ কুষ্ঠৰোগ আছিল সেই মানুহজনৰ সুস্থতাৰ বৰ্ণনাৰে এইটো চলি আছে।

তেওঁক

সেই মানুহজন যাৰ কুষ্ঠৰোগ আছিল।

কোনো মানুহক একো নক’বা

যেতিয়া কোনো মানুহে বলিদান উৎসৰ্গ কৰে তেওঁ পুৰোহিতক কথা কব লাগে (UDB চাওক), যীচুৱে মানুহজনক এইটো কোৱাটো বিচাৰিছে যে যি যি ঘটিল সেই বিষয়ে একো কব নালাগে।এইটো এইদৰে অনুবাদ কৰিব লাগে “কোনো এজনকে একোৱেই নকবা” নাইবা “মই যে তোমাক সুস্থ কৰিলো সেই বিষয়ে একো নকবা।” (অতিৰঞ্জিতকৰণ চাওক)

নিজকে পুৰোহিতক দেখুওৱা

যিহুদীৰ বিধানে এইটো কয় যে কোনো ব্যক্তিয়ে সুস্থ হোৱাৰ পাছত পুৰোহিতক নিজকে দেখুৱাব লাগে, যিজনে তেওঁক বা তাইক আন মানুহৰ লগত যুক্ত হবলৈ অনুমতি দিব।

তেওঁলোকলৈ সাক্ষ্য হবলৈ, মোচিৰ আজ্ঞা অনুসাৰে কুষ্ঠৰোগৰ পৰা কোনো এজনে সুস্থ হোৱাৰ পাছত কৃতজ্ঞতা স্বৰূপে পুৰোহিতক ধন্যবাদাৰ্থক বলিদান উৎসৰ্গ কৰিব লাগে। যেতিয়া পুৰোহিতে সেই উপহাৰ গ্ৰহন কৰিলে, তেওঁ যে সুস্থ হ’ল তাক মানুহবিলাকে জানিব।

তেওঁলোকৰ প্ৰতি

এইটো সম্ভৱত ১)পুৰোহিতসকলৰ বুজাই নাইবা ২) সকলো মানুহক বুজাই নাইবা ৩) যীচুৰ কঠিনতা বুজাই। যদি সম্ভৱ হয়, সকলো মানুহক দলক বুজাবলৈ এক সৰ্ব্বনাম পদ ব্যৱহাৰ কৰক।(অতিৰঞ্জন কৰাটো চাওক)

Matthew 8:5

যীচুৱে বহুতো মানুহক সুস্থ কৰাৰ বৰ্ণনা ইয়াত কৰি থকা হৈছে।

তেওঁক... তেওঁক

যীচু

জঠৰ ৰোগী

এই ৰোগটোৰ কাৰণে “লৰচৰ কৰিবলৈ অসমৰ্থ”

যীচুৱে তেওঁক কৈছিল, “মই আহিম আৰু তেওঁক সুস্থ কৰিম”

“যীচুৱে সেই সেনাপতিজনক কৈছিল “মই তোমাৰ ঘৰলৈ আহিম আৰু তোমাৰ চাকৰজনক সুস্থ কৰিম।”

Matthew 8:8

যীচুৱে বহুতো মানুহক সুস্থ কৰাৰ বৰ্ণনা ইয়াত কৰি থকা হৈছে।

আপুনি মোৰ ঘৰৰ ছালৰ তলত প্ৰবেশ কৰিব

“আপুনি মোৰ ঘৰত প্ৰবেশ কৰিব”(বাক্যালঙ্কাৰ চাওক) কথাষাৰ কওক “আদেশ কৰক”

সৈনিক

“নিপুণ যুদ্ধাৰু”

আনকি ইস্ৰায়েলৰ মাজতো মই ইমান অত্যধিক কাতো বিশ্বাস পোৱা নাই

যীচুৰ শ্ৰোতাসকল যি যিহুদিবিলাকে নিজকে ঈশ্বৰৰ সন্তান, আন যিকোনোতকৈ তেওঁলোকৰ মহান বিশ্বাস আছে বুলি ভাবিছিল। যীচুৱে কৈছে যে তেওঁলোক ভ্ৰান্ত আৰু এই সেনাপতিজনৰ বিশ্বাস তেওঁলোকতকৈ মহান।

Matthew 8:11

এইটো বৰ্ণনা হৈছে যীচুৱে ৰোমীয়া সেনাপতিজনৰ চাকৰজনক সুস্থ কৰা।

আপুনি

এইটোৱে এইয়েই বুজাইছে “যিবিলাকে তেওঁক অনুগমণ কৰি আছিল”(৮:১০)আৰু সেয়ে এইটো বহুবচন।

পুবৰ পৰা আৰু পশ্চিমৰ পৰা

এইটো এটা সম্পুৰ্ণতা: সকলোফালৰ পৰা এক নিৰ্দিষ্ট ঠাই পুবৰ পৰা পশ্চিমৰ এক নিৰ্দিষ্ট ঠাইলৈ নহয়। এইটোক এইদৰে অনুবাদ কৰিব পাৰি “সকলো ঠাইৰ পৰা” নাইবা “সকলো দিশৰ দূৰৰ পৰা”(সম্পুৰ্ণতা চাওক)

মেজত বহিব

সেই সংস্কৃতিৰ মানুহবোৰ খাদ্য খোৱাৰ সময়ত খোৱা মেজৰ কাষত পৰি থাকে। পৰিয়াল আৰু বন্ধু বান্ধব হিচাপে একেলগে নিবাস কৰাত এই নীতিটো অলঙ্কাৰীক ভাবে ব্যৱহাৰ কৰা হৈছে। এইটোক এনেদৰে অনুবাদ কৰিব পাৰি “পৰিয়াল আৰু বন্ধুবৰ্গৰে সৈতে বসবাস কৰা”(বাক্যালঙ্কাৰ চাওক)

ৰাজ্যৰ সন্তানসকলক বাহিৰ কৰি দিয়া হব

“ঈশ্বৰে ৰাজ্যৰ সন্তানবিলাকক দলিয়াই পেলাব”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

ঈশ্বৰৰ ৰাজ্যৰ সন্তানবিলাক

এই বাক্যাংশ “সন্তানবিলাকৰ” কিবা এটাৰ অন্তৰ্ভুক্ত বুজাইছে, বিশেষকৈ ঈশ্বৰৰ ৰাজ্যৰ ক্ষেত্ৰত। ইয়াত এটা কঠিনতা আছে কাৰণ এই “সন্তানবিলাক”ক বাহিৰ কৰি দিয়া হব য’ত অচিনাকীসকলক আদৰি লোৱা হব। এইটোক এইদৰে অনুবাদ কৰিব পাৰি “যিবিলাকক ঈশ্বৰলৈ অনুমতি দিব লাগিছিল তেওঁলোককেই শাসন কৰিলে”(UDB চাওক)। (বাক্যাংশ চাওক)

বাহিৰৰৰ আন্ধাৰত

যিবিলাকে ঈশ্বৰক অগ্ৰাহ্য কৰে সেইবিলাকৰ অনন্তকলীয়া গন্তব্যস্থান এই প্ৰকাশটোৱে কৰিছে। “ঈশ্বৰৰ পৰা আতৰত আন্ধাৰ ঠাই”(বাক্যালঙ্কাৰ চাওক)

সেয়ে তোমালৈ এইটো কৰা হব

“সেয়ে মই এইটো তোমালৈ কৰিম।” সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সেই চাকৰজন সুস্থ হৈছিল

“যীচুৱে চাকৰজনক সুস্থ কৰিছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

ঠিক সেই প্ৰহৰতে

“যীচুৱে কৈছিল তেওঁ সেি চাকৰজনক সুস্থ কৰিব ঠিক সেই সময়তে।”

Matthew 8:14

ইয়াত যীচুৱে বহুতো মানুহক সুস্থ কৰাৰ বৰ্ণনা চলি আছে।

যীচু আহিল

যীচু সম্ভৱত তেওঁৰ শিষ্যবিলাকৰ সৈতে আছিল(যাক তেওঁ “নিৰ্দেশনা দিছিল” ৮:১৮, UDB চাওক;) কিন্তু এই কাহিনীটোৰ মুল লক্ষ্য হৈছে যীচুৱে কি কৈছিল আৰু কি কৰিছিল, সেয়ে প্ৰয়োজন সাপেক্ষে ভুল অৰ্থ নকৰিবলৈ কেৱল শিষ্যবিলাককহে পৰিচয় কৰিছে।

পিতৰৰ শাহুৱেক

“পিতৰৰ ভাৰ্য্যাৰ মাক”

সেই জ্বৰে তাইক এৰিলে

যদি আপোনাৰ ভাষাত এই বৈক্তিককৰণ বুজি পায় যিটো জ্বৰে নিজেই ভাবিব পাৰেনে বা কাৰ্য্য কৰিব পাৰেনে, এইটো এইদৰে অনুবাদ কৰিব পাৰে “তাই সুস্থ হল” নাইবা “যীচুৱে তাইক সুস্থ কৰিলে”(বৈক্তিককৰণ চাওক)

উঠিলে

“বিচনাৰ পৰা উঠিল”

Matthew 8:16

যীচুৱে বহুতো মানুহক সুস্থ কৰাৰ বৰ্ণনা এইটোত সামৰণী মৰা হৈছে।

গধুলি বেলা

UDB বিশ্বাস কৰা হৈছে যে যীচুৱে কফৰনাহুমত বিশ্ৰামদিনত গধুলিবেলা আহি পাইছিল। কাৰণ যীচুৱে বিশ্ৰাম দিনত কাম কৰা বা যাত্ৰা কৰা নাছিল, তেওঁলোকে যীচুৰ ওচৰলৈ মানুহবিলাকক আনিবলৈ গধুলিলৈকে অপেক্ষা কৰিছিল। ভুল অৰ্থ নোলালে আপুনি বিশ্ৰামদিন উল্লেখ কৰাৰ দৰকাৰ নাই।

তেওঁ তেওঁৰ এটা বাক্যৰ দ্বাৰাই ভুতবিলাকক বাহিৰ কৰিছিল

এইটো অতিৰঞ্জন। যীচুৱে এটাতকৈ বেছি বাক্য কব পাৰিছিল। এইটোক এইদৰে অনুবাদ কৰিব পাৰি “যীচুৱে মাত্ৰ এবাৰ কৈছিল আৰু ভুতটোৱে মানুহজনক এৰি গৈছিল।” (অতিৰঞ্জন চাওক)

সেইটো পৰিপুৰ্ণ হল যিটো যিচয়া ভাববাদীৰ দ্বাৰা কোৱা হৈছিল

“ঈশ্বৰে যিচয়া ভাববাদীৰ দ্বাৰা কোৱা ইস্ৰায়েললৈ প্ৰকাশ কৰিবলগীয়া ভাববাণী যীচুৱে পৰিপুৰ্ণ কৰিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যে যিটো যিচয়াৰ দ্বাৰা কোৱা হৈছিল

“যিচয়াই যি কৈছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আমাৰ দুৰ্ব্বলতাবোৰ ললে আৰু আমাৰ ৰোগৰ ভাৰ বলে

“মানুহবোৰক ৰোগ ব্যাধিৰ পৰা মুক্ত কৰিলে আৰু তেওঁলোকক আৰোগ্য কৰিলে” (ঘনিষ্ঠতা চাওক)

Matthew 8:18

যীচুৱে তেওঁৰ অনুগামীসকলৰ পৰা কি আশা কৰে সেইটো তেওঁ বুজাই আছে।

তেওঁ, তেওঁক

এইবোৰে ৮:১৯ত কোৱাৰ দৰে যীচুক বুজাইছে

তেওঁ নিৰ্দেশনা দিছিল

“কি কৰিব লাগে তেওঁ তেওঁলোকক কৈছিল”

তাৰ পাছত

যীচুৱে “নিৰ্দেশনা দিয়াৰ” পাছত কিন্তু তেওঁ নাঁৱত উঠাৰ আগতে (UDBচাওক)

য’লৈকে

“যিকোনো ঠাইত”

শিয়ালৰ গাত আছে আৰু আকাশৰ চৰাইৰো বাঁহ আছে

জন্তু ৰাজ্যৰ এই অংশই এক বৃহৎপৰিসৰৰ বন্য জন্তুৰ প্ৰতিনিধিত্ত্ব কৰিছে। (merism)

শিয়াল

শিয়ালবোৰ হৈছে কুকুৰৰ নিচিনা এবিধ জন্তু যিয়ে বাহ সজা চৰাই আৰু অন্য সৰু জন্তু খায়। যদি আপোনাৰ অঞ্চলত শিয়াল পৰিচিত নহয় সাধাৰণভাবে কুকুৰৰ দৰে নাইবা অন্য এবিধ হিংসুক জন্তু বুলি ব্যৱহাৰ কৰিব পাৰে। (অজ্ঞাত অনুবাদ চাওক)

গাত

শিয়ালে থাকিবৰ বাবে মাটিত গাত খানি লয়। “শিয়ালবোৰ” য’ত থাকে সেই ঠাইৰ উপযুক্ত শব্দ ব্যৱহাৰ কৰক।

তেওঁৰ মুৰ থবলৈ ঠাই নাই

“তেওঁৰ নিজৰ বুলি শুবলৈ কোনো ঠাই নাই” (বাক্যাংশ চাওক)

Matthew 8:21

যীচুৱে তেওঁৰ অনুগামীসকলৰ পৰা কি আশা কৰে সেইটো তেওঁ বুজাই আছে।

প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ অনুমতি দিয়ক

এইটো এটা ভদ্ৰ অনুৰোধ। যিহুদী নিয়মত মৃতজনক মৰা দিনাই কবৰ দিয়া নিয়ম, সেয়ে মানুহজনৰ পিতৃ হয়তু তেতিয়াও জীয়াই আছিল আৰু মানুহজনে “কবৰ দিয়া” শব্দটো আওপকীয়াকৈ ব্যৱহাৰ কৰিছে যে তেওঁ পিতাকক তেওঁৰ মৃত্যু নোহোৱালৈকে কিছু দিন নাইবা কেইবছৰমান চোৱাচিতা কৰিব পাৰে(UDB চাওক)। যদি সেই পিতাকজন ইতিমধ্যে মৰিল সেই মানুহজনে কেইঘন্টামানৰ বাবে যাবলৈ সুধিলেহেতেন। ভুল অৰ্থ এৰাবলৈ সেই পিতাকজন আছিলনে নাইবা মৰা নাই সেইটো বিশেষকৈ চাওক।(আওপকীয়া অৰ্থ চাওক)

মৃতবিলাকে তেওঁলোকৰ মৃতবিলাকক কবৰ দিবলৈ এৰি দিয়া

এইটো এটা চমুকৈ বুজোৱা, সম্পুৰ্ণ নোহোৱা বাক্য, সেয়ে কেইটামান শব্দ ব্যৱহাৰ কৰক আৰু যিমান সম্ভৱ বিশেষকৈ বিশেষত্ত্ব দিয়ক। ইয়াত সেই একে “কবৰ দিয়া” অনুভৱ ব্যৱহাৰ কৰক যিটো মানুহজনৰ অনুৰোধত কবৰ দিয়া শব্দটো ব্যৱহাৰ কৰা হৈছে।

এৰি দিয়া... কবৰ দিবলৈ

এইটো হৈছে মানুহজনে তেওঁৰ পিতাকৰ প্ৰতি দায়বদ্ধতা অমান্য কৰা হৈছে। “মৃতবিলাকক কবৰ দিবলৈ দিয়ক” এইটো বৰ জোৰকৈ কোৱাতকৈ নাইবা “মৃতবিলাকক কবৰ দিবলৈ অনুমতি দিয়ক” কোৱাটো সমীচিন হয়, এইটো বেছিকৈ এনেদৰে হয় “মৃতবিলাকক কোনো ইচ্ছাধীন কৰিবলৈ নহয় কিন্তু নিজৰ মৃতবিলাকক নিজেই কবৰ দিয়ক।”

সেই মৃতবিলাকক... তেওঁলোকৰ নিজৰ মৃতবিলাক

“এই মৃতবিলাক” হৈছে ঈশ্বৰৰ ৰাজ্যৰ বাহিৰত থকাসকল, যিসকলৰ অনন্তজীৱন নাই তাৰ বাবে ই এটা প্ৰকাশভঙ্গী। (UDB: প্ৰকাশভঙ্গী)। “তেওঁলোকৰ নিজৰ মৃতবিলাক” বুলি কওঁতে যিসকল ঈশ্বৰৰ ৰাজ্যৰ বাহিৰত আছে যিয়ে আক্ষৰিকভাবে মৰিব তাকহে বুজাইছে।

Matthew 8:23

যীচুৱে ধুমুহা বতাহক শান্ত কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ কৰা হৈছে।

এখন নাঁৱত প্ৰবেশ কৰিলে

“যীচুৱে এখন নাঁৱত উঠিল”

তেওঁৰ শিষ্যসকলে তেওঁক অনুগমণ কৰিছিল

আপুনি ৮:২২ত ব্যৱহাৰ কৰাৰ দৰে “শিষ্যসকল” আৰু “অনুগামী” ৰ একে শব্দ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।

চোৱা

এইটো হৈছে এটা ডাঙৰ কাহিনীত আন এটা ঘটনাৰ আৰম্ভণ। আগৰ ঘটনাটোৰ মানুহবোৰৰ বাহিৰে বেলেগ মানুহ এইটোত জড়িত হব পাৰে। এইটো কৰিবলৈ আপোনাৰ ভাষাতকিবা উপায় থাকিব পাৰে।

তাতে সাগৰত এক বৰ ধুমুহা আহিল

“সাগৰত এক ভয়ানক ধুমুহা আহিল।”

যাতে সেই নাওঁখন ঢৌৱেৰে আগুৰি ধৰিলে

“যাতে সেই নাওঁখন ঢৌৱেৰে আগুৰি ধৰিলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁক জগোৱা, কৈছে, “আমাক ৰক্ষা কৰক”

তেওঁলোকে প্ৰথমতে “আমাক ৰক্ষা কৰক” বুলি কোৱা নাই। তেওঁলোকে প্ৰথমে তেওঁক “জগাই তুলিলে” আৰু তাৰ পাছত “কৈছিল, আমাক ৰক্ষা কৰক”

আমি মৰোহে

“আমি মৰিবলৈ ধৰিছোঁ”

Matthew 8:26

যীচুৱে ধুমুহা বতাহক শান্ত কৰাৰ বৰ্ণনাৰে এইটো সামৰা হৈছে।

তেওঁলোকক

সেই শিষ্যবিলাকক

তুমি... তোমালোক

বহুবচন

তোমালোকে কিয় ভয় কৰিলা...? যীচুৱে শিষ্যবিলাকক এই অলঙ্কাৰীক প্ৰশ্নৰে শিষ্যবিলাকক গালি দিছিল। ইয়াৰ অৰ্থটো, “তোমালোকে ভয় কৰাৰ উচিত নহয়” (UDB চাওক) নাইবা “ইয়াত ভয় কৰিবলগীয়া একো নাই”(অলঙ্কাৰীক প্ৰশ্ন চাওক)।

তোমালোক অল্প

বিশ্বাসী “তোমালোক” শব্দটো বহুবচন। এইটো ৬:৩০ অনুবাদ কৰাৰ দৰে একেদৰে অনুবাদ কৰক।

এইজন কেনে মানুহ, যে বতাহ আৰু সাগৰেও এওঁক মানে ? এই অলঙ্কাৰীক প্ৰশ্নটোৱে দেখুৱাইছে যে শিষ্যবিলাকে আচৰিত হৈছে। এইটোক এইদৰে অনুবাদ কৰিব পাৰি “আনকি বতাহ আৰু সাগৰেও এওঁৰ কথা মানে! এওঁ কেনেধৰণৰ মানুহ ? ” নাইবা “এই মানুহজন আমি দেখা আন মানুহৰ দৰে নহয়! আনকি বতাহ আৰু সাগৰেও এওঁৰ কথা মানে!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আনকি বতাহ আৰু সাগৰেও এওঁৰ কথা মানে

কিয়নো মানুহ বা জীৱ জন্তুৱে তেওঁক মানে বা নামানে ই আচৰিত নহয়, কিন্তু বতাহ আৰু পানীয়ে বাধ্য হোৱাটো অতি আচৰিত কথা। এই বৈক্তিক কৰণটোৱে এইটো বৰ্ণনা কৰে যে প্ৰকৃতিৰ উপাদানবোৰেও মানুহৰ দৰে শুনে আৰু প্ৰত্যুত্তৰ দিবলৈ সমৰ্থ (বৈক্তিক কৰণ চাওক)

Matthew 8:28

যীচুৱে দুজন ভুতে ধৰা মানুহক সুস্থ কৰাৰ এক বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

সেইটো পাৰে

“গালীল সাগৰৰ সিপাৰে”

গাদাৰীয়া বিলাকৰ দেশ

গাদাৰীয়াবিলাকৰ নামটো গাদাৰা নগৰৰ নামটোৰ কাৰণে হৈছে। (অনুবাদ কৰা নাম চাওক)

সিহঁত... সিহঁত অতি ভয়ানক আছিল, যাতে সেই পথেদি কোনো বাটৰুৱা পাৰ হৈ যাব নোৱোৰিছিল

এই দুজন মানুহক ধৰা ভুতকেইটা এনে ভয়ানক আছিল যে সেই অঞ্চলত কোনো যাব নোৱাৰিছিল।

চোৱা

এইটো হৈছে এটা ডাঙৰ কাহিনীত আন এটা ঘটনাৰ আৰম্ভণ। আগৰ ঘটনাটোৰ মানুহবোৰৰ বাহিৰে বেলেগ মানুহ এইটোত জড়িত হব পাৰে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে।

হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম ? এই প্ৰথম অলঙ্কাৰীক প্ৰশ্নটো হৈছে বিৰোধী (UDB চাওক, অলঙ্কাৰীক প্ৰশ্ন চাওক)।

ঈশ্বৰৰ পুত্ৰ

এই পদবীটো দেখুৱাই যে যীচু কোন সেইটো কথাত তেওঁ আদৰণি জনাৱা নাই।

নিৰূপিত সময় হোৱাৰ আগতেই আপুনি আমাক শাস্তি দিবলৈ আহিল নে ?

এই দ্বিতীয় অলঙ্কাৰীক প্ৰশ্নটোও বিৰোধী আৰু অৰ্থটো হৈছে ঈশ্বৰে ঠিক কৰি থোৱা তেওঁৰ নিৰূপিত সেই বিশেষ সময়ত যেতিয়া আমাক শাস্তি দিব তাৰ আগতেই আপুনি আমাক শাস্তি দি ঈশ্বৰৰ অবাধ্য হোৱা উচিত নহয়। (অলঙ্কাৰীক প্ৰশ্ন চাওক)।

Matthew 8:30

যীচুৱে দুজন ভুতে ধৰা মানুহক সুস্থ কৰাৰ এক বৰ্ণনা এইটোত চলি আছে।

এতিয়া

এইটোৱে দেখুৱাইছে যে এই কাহিনীটো চলি থকাৰ আগতেই লিখকে পঢ়ুৱৈক এই জাননী দিয়াটো তেওঁৰ প্ৰয়োজন। সেই ঠাইত যীচু আহি পোৱাৰ আগতেই গাহৰিবোৰ তাত আছিল(ঘটনাবোৰৰ ধাৰাক্ৰম চাওক)

যদি আপুনি আমাক খেদি পঠিয়াই

এইটো অৰ্থটো এনে হব পাৰে “যিহেতু আপুনি আমাক বাহিৰ কৰিব।”

আমাক

অন্তৰ্ভুক্ততা (অন্তৰ্ভুক্ততা চাওক)

সিহঁতক

মানুহজনৰ ভিতৰত থকা সেই ভুতবোৰক

সেই ভুতবোৰ বাহিৰ ওলাল আৰু গাহৰি জাকত সোমালগৈ

“সেই ভুতবোৰে মানুহজনক এৰিলে আৰু জন্তুৰ জাকটোত প্ৰবেশ কৰিলে।”

চোৱা

এই “চোৱা” শব্দটোৱে ইয়াত ইয়াৰ পাছত হবলগীয়া তথ্যখিনিত মনোযোগ দিবলৈ আমাক সজাগ কৰিছে।

থিয় গড়ালৈ লৰি গৈছিল

“খৰকৈ থিয় গড়ালৈ লৰি গৈছিল”

পানীত নষ্ট হ’ল

“ডুবিছিল”

Matthew 8:33

যীচুৱে দুজন ভুতে ধৰা মানুহক সুস্থ কৰাৰ এক বৰ্ণনা এইটোত সামৰণী মৰা হৈছে।

দুজন মানুহে সেই গাহৰিজাকৰ ৰখীয়া হৈ আছিল

“দুজন মানুহ যিয়ে গাহৰিজাকৰ চোৱাচিতা কৰিছিল”

সেই মানুহকেইজনৰ কি হৈছিল যাক ভুতৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল

ভুতে নিয়ন্ত্ৰণ কৰা সেই মানুহটোক যীচুৱে কি কৰিছিল কি কৰিছিল।

চোৱা

এইটো হৈছে এটা ডাঙৰ কাহিনীত আন এটা ঘটনাৰ আৰম্ভণ। আগৰ ঘটনাটোৰ মানুহবোৰৰ বাহিৰে বেলেগ মানুহ এইটোত জড়িত হব পাৰে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে।

সকলো নগৰত

এইটো অৰ্থ বহুত মানুহ হব পাৰে নাইবা সৰহসংখ্যক মানুহ, প্ৰতিজন মানুহক বুলি বুজোৱা নাই(অতিৰঞ্জন চাওক)

অঞ্চল

“সেই নগৰ আৰু তাৰ ওচৰ পাজৰৰ ঠাই”