Matthew 5

Matthew 5:1

৫ ৰ পৰা ৭ অধ্যায়লৈকে একো একোটা ঘটনা। যীচুৱে পৰ্ব্বতৰ ওপৰলৈ উঠি গৈছিল আৰু তেওঁৰ শিষ্যসকলক শিকাইছিল।

তেওঁ তেওঁৰ মুখ খুলিছিল

" যীচুৱে কথা ক'বলৈ আৰম্ভ কৰিছিল"

তেওঁলোকক শিকাইছিল

ইয়াত এই "তেওঁলোক" শব্দটোৱে তেওঁৰ শিষঅযসকলক বুজাইছে

আত্মাত দৰিদ্ৰসকল

" যিসকলে নিজকে ঈশ্বৰৰ প্ৰয়োজন বুলি জানে"

শোক কৰা বিলাক

এই মানুহবিলাক দুখী কাৰণ ১) এই জগতৰ পাপময় সেয়ে নাইবা ২) তেওঁলোকৰ নিজ পাপবোৰৰ বাবে নাইবা ৩) কোনোবা এজনৰ মৃত্যুৰ বাবে। আপোনাৰ ভাষাত প্ৰয়োজন নহ'লে কাৰণটো বিশেষত্ত্ব নিদিবা।

তেওঁলোকে শান্তানা পাব

বিকল্প অনুবাদ : " ঈশ্বৰে তেওঁলোকক শান্তনা দিব ( সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)।"

Matthew 5:5

যীচুৱে একেৰাহে তেওঁৰ শিষঅযবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ পদত আৰম্ভ হৈছে।

ধাৰ্ম্মিকতাৰ বাবে ভোক আৰু পিয়াহলগা

" তেওঁলোকে যিদৰে ভোজন আৰু পান কৰিবলৈ বিচাৰে সিমান পৰিমাণে সঠিককৈ জীয়াই থাকিবলৈ আকাংক্ষা কৰে" (প্ৰকাশভঙ্গী চাওক)

তেওঁলোক তৃপ্ত হ'ব

"ঈশ্বৰে তেওঁলোকক পুৰ কৰিব" (সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)

নিৰ্ম্মল অন্তৰ

" যিবোৰ মানুহৰ অন্তৰ নিৰ্ম্মল"

তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব

" তেওঁলোকক ঈশ্বৰৰ লগত বাস কৰিবলৈ দিয়া হ'ব " নাইবা " ঈশ্বৰে তেওঁলোকক তেওঁৰ লগত বাস কৰিব অনুমতি দিব।"

Matthew 5:9

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

মিলনকাৰীবিলাক

এই মানুহবিলাক হৈছে যিবিলাকে পৰস্পৰে শান্তিৰে থাকিবলৈ সহায় কৰে

ঈশ্বৰৰ সন্তান

এইবোৰ হৈছে ঈশ্বৰৰ নিজৰ সন্তান। (প্ৰকাশভঙ্গী চাওক)

যিসকলক তাড়না কৰা হৈছে

বিকল্প অনুবাদ: " সেই লোকবিলাক যাক অন্যায়কৈ আচৰণ কৰা হৈছে"

ধাৰ্ম্মিকতাৰ বাবে

"কাৰণ ঈশ্বৰে তেওঁলোকক যি কৰাটো বিচাৰে তেওঁলোকে তাকে কৰে"

স্বৰ্গ ৰাজ্য তেওঁলোকৰ

" ঈশ্বৰে তেওঁলোকক স্বৰ্গৰাজ্যত বাস কৰিবলৈ অনুমতি দিব", স্বৰ্গৰাজ্য তেওঁলোকৰ নহয়; বৰং , ঈশ্বৰে তেওঁৰ উপস্থিতত তেওঁলোকক স্বৰ্গ ৰাজ্যত বাস কৰিবলৈ অধিকাৰ দিব।

Matthew 5:11

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

মোৰ নামৰ কাৰণে মিছাকৈয়ে তোমাৰ বিৰুদ্ধে কব

" তোমাৰ বিষয়ে যেতিয়া এইটো সচাঁ নহয় কিন্তু তুমি মোৰ অনুগমণ কৰা" নাইবা " কোনো কথা তুমি নোকোৱাকৈয়ে তুমি মোক বিশ্বাস কৰাৰ বাবে এইটো তুমি পোৱাৰ যোগ্য"

আনন্দ কৰা আৰু অতিশয় আনন্দ কৰা

" আনন্দ কৰা " আৰু "অতিশয় আনন্দিত হোৱা", অৰ্থটো প্ৰায় একেই। যীচুৱে তেওঁৰ শ্ৰোতা সকলক কেৱল আনন্দ কৰিবলৈ দিয়াই নহয় কিন্তু যদি সম্ভৱ হয় তাতকৈ অতিশয় আনন্দ কৰক। (সংযুক্ত বিশেষ্যপদ চাওক)

Matthew 5:13

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

তোমালোক জগতৰ লোণ

" তোমালোকৰ এই জগতৰ মানুহবিলাকৰ বাবে লোণ স্বৰূপ" নাইবা " যিদৰে খাদ্যৰ বাবে লোণ, সেইদৰে তোমালোক এই জগতৰ বাবে।" এইটোৱে এনে বুজাব পাৰে ১) যিদৰে লোণে খাদ্যৰ সোৱাদ কৰে, তোমালোকে এই জগতৰ মানুহবিলাকক প্ৰভাবীত কৰা যাতে তেওঁলোক ভাল হৈ যায়" নাইবা ২) " যিদৰে লোণে খাদ্য সংৰক্ষণ কৰি ৰাখে, সেইদৰে তোমালোকেও মানুহবিলাকক সম্পুৰ্ণ ৰূপে দুৰাচাৰী হোৱাৰ পৰা ৰাখিবা।"( প্ৰকাশভঙ্গী চাওক)

যদি নিমখে ইয়াৰ সোৱাদ হেৰুৱাই

এইটোৱে এনেদৰে বুজাব পাৰে ১) " যদি নিমখে নিমখৰ কৰিব লগীয়া ইয়াৰ শক্তি হেৰুৱাই" (UDP ত থকাৰ দৰে) নাইবা ২) " যদি নিমখে ইয়াৰ সোৱাদ হেৰুৱাই।"

এইটোক আকৌ কেনেকৈ নিমখীয়া কৰা যাব?

" এইটোক আকৌ কেনেকৈ ব্যৱহাৰৰ উপযোগী কৰা যাব ?" নাইবা " এইটোক আকৌ ব্যৱহাৰৰ উপযোগী কৰাৰ আৰু কোনো উপায় নাই।" ( আওপকীয়া প্ৰকাশভঙ্গী চাওক)

বাহিৰলৈ পেলোৱাৰ আৰু মানুহে গচকাৰ যোগ্যহে হয়

“ এইটোৰ বাবে এটাই মাত্ৰ ভাল কাম , সেইটো হৈছে বাহিৰলৈ পেলোৱাৰ আৰু য’ত মানুহে খোজ কাঢ়ে তালৈ দলিয়াই দিয়া” # তোমালোক জগতৰ পোহৰ “ তোমালোক এই জগতৰ মানুহবিলাকৰ বাবে পোহৰ স্বৰূপ”

পৰ্ব্বতৰ ওপৰত থকা নগৰ গুপ্ত হব নোৱাৰে

“ পৰ্ব্বতৰ ওপৰত থকা এখন নগৰৰ পোহৰ ৰাতি লুকুৱাই ৰাখিব নোৱাৰি” নাইবা “ এটা পৰ্ব্বতৰ ওপৰত থকা নগৰৰ পোহৰ সকলোৱে দেখা পায়” (বাহ্যিকতা আৰু গুপুত তথ্য আৰু সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)

Matthew 5:15

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

মানুহে চাকি নলগাই

“মানুহে এটাচাকি নলগাই”

চাকি

বন্তি শলিতা আৰু ইন্ধনৰ বাবে জিতগছৰ তেলৰ এইটো এটা সৰু চৰিয়া। গুৰুত্বপুৰ্ণ কথাটো হৈছে ই পোহৰ দিয়ে।

এইটোক এটা দোণৰ তলত নথয়

“ এই চাকিটো এটা পাচিৰ তলত নাৰাখে।“ এইটো এটা মুৰ্খতাৰ কাৰ্য্য কিয়নো চাকি জ্বলাই লুকুৱাই নথয় যাতে মানুহে সেই চাকিটো দেখা নাপায়।

Matthew 5:17

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

এটা ক্ষুদ্ৰ বিন্দু নাইবা এটি চিন

“ আনকি লিখিত এটা অতি ক্ষুদ্ৰ বৰ্ণও নহয় নাইবা এটা আখৰৰ এটা অতি ক্ষুদ্ৰ বৰ্ণ” নাইবা “ বিধানৰ গুৰুত্ত্বহীন যেন লগা এটি কথাও” ( প্ৰকাশভঙ্গী চাওক)

আকাশ আৰু পৃথিবী

“ ঈশ্বৰে সৃষ্টি কৰা সকলোবোৰ” (বিভাগবোৰ চাওক)

এই সকলোবোৰ সম্পন্ন কৰা হব

“ বিধানত লিখা সকলোবোৰ কথা ঈশ্বৰে সম্পন্ন কৰিলে” (সক্ৰিয়তা নাইবা নিস্ক্ৰিয়তা চাওক)

Matthew 5:19

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

এই আজ্ঞা বোৰৰ এটিও যদি কোনোৱে ভঙ্গ কৰে

“ এই আজ্ঞাবোৰৰ যিকোনো এটি আজ্ঞা উলঙ্ঘন কৰে, আনকি একেবেৰে সৰু আজ্ঞাবোৰৰ এটিও ”

তেওঁক সৰু বুলি কোৱা হব

“ সেই মানুহবোৰক ঈশ্বৰে একেবাৰে কম গুৰুত্ত্বপুৰ্ণ”

একেবাৰে সৰু

“ গুৰুত্ত্বহীনতাত একেবাৰে সৰু”

তেওঁলোকক সেইদৰে শিকায়

ঈশ্বৰৰ যিকোনো আজ্ঞা সেইদৰে শিকায়

মহান

“আটাইতকৈ গুৰুত্ত্বপুৰ্ণ”

তুমি... তোমাৰ... তুমি

এইবোৰ বহুবচন শব্দ

Matthew 5:21

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। “ তোমালোকে শুনিলা” আৰু “ মই তোমালোকক কওঁ” এইবোৰ বহু বচন ব্যৱহাৰ কৰি দলটোক কোৱা হৈছে। “ তুমি নৰ বধ নকৰিবা” এইটো এক বচন, কিন্তু আপুনি এইটোক বহুবচন হিচাপে অনুবাদ কৰিব লাগে।

কিন্তু মই কওঁ

এই “মই” শব্দটো জোৰ দিয়া হৈছে। এইটো দেখুৱাই যে যীচুৱে যি কৈছে সেইটো ঈশ্বৰৰ পৰা অহা আজ্ঞাৰ দৰে সমানে গুৰুত্বপুৰ্ণ। এই বাক্যাংশটো যিদৰে জোৰ দিয়া দেখুউৱা হৈছে সেইদৰেই অনুবাদৰ চেষ্টা কৰক।

বধ কৰা... বধ কৰে

এই শব্দটো হত্যা কৰা বুজাইছে, সকলো ধৰণৰ মৃত্যুক বুজোৱা নাই।

# ভাই

এইটোৱে এজন সহ বিশ্বাসীক বুজাইছে, আক্ষৰিখ ভাবে এজন ভাইক বা এজন চুবুৰীয়াক বুজোৱা নাই।

মুল্যহীন ব্যক্তি... মুৰ্খ

যিবিলাকে সঠিককৈ বিবেচনা কৰিব নোৱাৰে তেওঁলোকৰ প্ৰতি ঠাট্টাৰ শব্দ। “মুল্যহীন ব্যক্তি” শব্দটো “মগজুহীনৰ” অতি ওচৰ, য’ত “ মুৰ্খতা” ৰ ধাৰণা ঈশ্বৰৰ অবাধ্যতাৰ লগত যোগ কৰা হয়।

পৰিষদ

এইটো হৈছে এটা স্থানীয় পৰিষদ, যিৰূচালেমৰ মুল ধৰ্ম্মধামৰ মহাসভা নহয়।

Matthew 5:23

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

তুমি

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত পোৱা সকলোবোৰ “তুমি” আৰু “ তোমাৰ” এইবোৰ এক বচন শব্দ, কিন্তু আপোনাৰ ভাষাত সেইবোৰক প্ৰয়োজন সাপেক্ষে বহুবচন হিচাপে অনুবাদ কৰক।

তোমাৰ উপহাৰ উচৰ্গা

“ তোমাৰ উপহাৰ দিয়া” নাইবা “তোমাৰ উপহাৰ আনা”

আৰু তাত মনত পেলোৱা

“ আৰু যেতিয়া তুমি সেই বেদিত থিয় হোৱা " আৰু তোমাৰ মনত পৰে”

তোমাৰ বিপক্ষে তোমাৰ ভায়েৰাৰ কিবা আছে

“ তোমাৰ দ্বাৰা ক্ষতি হোৱাৰ কাৰণ নাইবা আন এজন ব্যক্তিৰ কিবা ক্ষতি কৰাৰ কথা মনত পৰে।”

প্ৰথমে গৈ তোমাৰ ভায়েৰাৰ লগত মিল হোৱা

“ তুমি তোমাৰ উপহাৰ উচৰ্গা কৰাৰ আগতে তোমাৰ ভাইৰ লগত সমিলমিল হোৱা ”

Matthew 5:25

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত পোৱা সকলোবোৰ “তুমি” আৰু “ তোমাৰ” এইবোৰ এক বচন শব্দ, কিন্তু আপোনাৰ ভাষাত সেইবোৰক প্ৰয়োজন সাপেক্ষে বহুবচন হিচাপে অনুবাদ কৰক।

সম্ভব তোমাৰ গোচৰীয়াই তোমাক শোধাই দিব

"তাৰ ফলাফলটো এইদৰে হব য্ তোমাৰ গোচৰীয়াই তোমাক শোধাই দিব" নাইবা " তোমাৰ গোচৰীয়াই তোমাক শোধাই দিব পাৰে"

তোমাক বিচাৰকৰ্ত্তাৰ হাতত শোধাই দিব

" তোমাক আদালতলৈ লৈ যাব"

বিষয়া

এজন ব্যক্তি যিজনৰ বিচাৰ কৰ্ত্তা এজনে লোৱা সিদ্ধান্তবোৰ কাৰ্য্যকৰিী কৰাৰ দায়িত্ব থাকে।

তাত

বন্দীশাল

Matthew 5:27

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

তুমি

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত পোৱা সকলোবোৰ “তুমি” আৰু “ তোমাৰ” এইবোৰ এক বচন শব্দ, কিন্তু আপোনাৰ ভাষাত সেইবোৰক প্ৰয়োজন সাপেক্ষে বহুবচন হিচাপে অনুবাদ কৰক।

সমৰ্পণ কৰা

এই শব্দটোৰ অৰ্থ হৈছে কাৰ্য্য কৰি পেলোৱা নাইবা কিবা এটা কৰা।

কিন্তু মই তোমাক কওঁ

এই "মই " শব্দটো জোৰ দিয়া হৈছে। এইটো দেখুৱাই যে যীচুৱে যি কৈছে সেইটো ঈশ্বৰৰ পৰা অহা আজ্ঞাৰ দৰে সমানে গুৰুত্বপুৰ্ণ। এই বাক্যাংশটো যিদৰে ৫:২২ ত যেনেদৰে জোৰ দিয়া দেখুউৱা হৈছে সেইদৰেই অনুবাদৰ চেষ্টা কৰক।

যি জনে তিৰোতাৰ প্ৰতি অভিলাষেৰে চাই তাৰ অন্তৰতে তাইৰ লগত সি তেতিয়াই ব্যভিচাৰ কৰি পেলালে যিটো এজন মানুহে আচলতে ব্যৱহাৰিকভাবে ব্যভিচাৰ কৰ্ম্ম কৰাৰ দৰে হয় ( প্ৰকাশভঙ্গী , বৈশিষ্ট্য চাওক)

তিৰোতাৰ প্ৰতি লম্পটতাৰে চাই

" আন এগৰাকী তিৰোতা লবলৈ মন যায়"

Matthew 5:29

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

তুমি

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত পোৱা সকলোবোৰ “তুমি” আৰু “ তোমাৰ” এইবোৰ এক বচন শব্দ, কিন্তু আপোনাৰ ভাষাত সেইবোৰক প্ৰয়োজন সাপেক্ষে বহুবচন হিচাপে অনুবাদ কৰক।

সোঁ চকু... সোঁ হাত

আটাইতকৈ গুৰুত্ত্বপুৰ্ণ চকু বা হাত, যিটো বাওঁ চকু বা হাতৰ বিৰোধীতা কৰে। আপুনি এইটোক “সোঁ/সঠিক” টোক “উত্তম” বুলি নাইবা “কেৱল” বুলি আনুবাদ কৰিব পাৰে। ( বৈশিষ্ট্য চাওক)

যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনী জন্মায়

“ আপুনি যি দেখিছে সেইটোৱে যদি আপোনাৰ বিঘিনী জন্মায়” নাইবা “ তুমি যি দেখিছা সেইয়েই যদি তোমাক পাপ কৰোৱাই”। “বিঘিনী” শব্দটো “পাপৰ” বাবে এক প্ৰকাশভঙ্গী। যীচুৱে ইয়াত বিপৰীতাৰ্থক হিচাপে ব্যৱহাৰ কৰিছে, সাধাৰণতে মানুহবিলাকে কিবা বস্তুত উজুতি খোৱাৰ পৰা আতৰি থাকিবলৈ তেওঁলোকৰ চকু ব্যৱহাৰ কৰে। (প্ৰকাশভঙ্গী, বিপৰীত অৰ্থ চাওক)

এইটোক উঠাই পেলোৱা

“বলপুৰ্ব্বকভাবে এইটোক আতৰাই পেলোৱা” নাইবা “ এইটোক ধ্বংস কৰা” (UDB চাওক)। যদি বিশেষকৈ আমাৰ সোঁ চকু উল্লেখ নকৰা হ’লে, “ আমাৰ চকু দুটা উঘালি পেলোৱা” বুলি আপুনি অনুবাদ কৰা প্ৰয়োজন। যদি চকু দুটা বুলি উল্লেখ কৰা হৈছে, “সেই কেইটাক উঘালি পেলাব লাগে” বুলি আপুনি অনুবাদ কৰা প্ৰয়োজন । (UDB চাওক) (অতিৰঞ্জিত কৰণ চাওক)

তোমাৰ পৰা দলিয়াই পেলোৱা

“ তাৰ পৰা আতৰি আহাঁ

তোমাৰ শৰীৰৰ এটা অংগ নষ্ট হওক

“ তুমি তোমাৰ শৰীৰৰ এটা অংগ হেৰুৱাবা”

যদি তোমাৰ সোঁ হাতে বিঘিনী কৰে

এই প্ৰকাশভঙ্গী গোটেই শৰীৰৰ কাৰ্য্য সংযুক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰি হৈছে (প্ৰকাশভঙ্গী চাওক)।

Matthew 5:31

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

এইটো কোৱা হৈছিল.... ঈশ্বৰজনাইয়ে এইটো "কৈছিল" (UDB)। যীচুৱে ইয়াত কৰ্তৃী হিচাপে এইটো স্পষ্ট কৰি দিছে যে তেওঁ ঈশ্বৰৰ লগত নাইবা ঈশ্বৰৰ বাক্যৰ লগত দ্বিমত নহয়। বৰং, তেওঁ কৈছে যে যদি সঠিক কাৰণত বিবাহ বিচ্ছেদ হয় সেইটোহে ন্যায়সঙ্গত। এক বিবাহ বিচ্ছেদ এক অন্যায় হব যদি মানুহজনে সেই আজ্ঞা পালন কৰি এক লিখিত পত্ৰ দিয়ে (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁৰ ভাৰ্য্যাক পঠিয়াই দিয়ে

এইটো বিবাহ বিচ্ছেদৰ বাবে আওপকীয়া প্ৰকাশ।

তেওঁক দিবলৈ দিয়ক

এইটো এটা আজ্ঞা: “ তেওঁ নিশ্চয়কৈ দিয়ক”

কিন্তু মই তোমাক কওঁ

“আমি ও যিটো কৈছিলো” সেইটোতকৈ আৰু বেলেগ এটা যীচুৱে কবলৈ গৈ আছে। ইয়াত “মই ” এই জোৰ দিয়া কথাত তেওঁ কৈছে যে যি জনাই “কৈছে” সেইটোতকৈ তেওঁ কোৱাটো অতি দৰকাৰী।

তাইক এগৰাকী ব্যভিচাৰীনী কৰায়

এইটো হৈছে সেই মানুহজন যিজনে অন্যায়কৈ তাইক ত্যাগ কৰে তেওঁৱেই “তাইক ব্যভিচাৰীনী কৰায়” ( ৫:২৭ পদত ব্যভিচাৰী কৰা যিটো ব্যৱহাৰ হৈছে সেই একে শব্দ ব্যৱহাৰ কৰিব পাৰি)। বহুতো সমাজ ব্যৱস্থাত তাই আকৌ বিয়া কৰোৱাটো সাধাৰণ হব পাৰে, কিন্তু এনে ধৰণৰ পুনৰ বিয়া হোৱাতো ব্যভিচাৰ হয় (UDB চাওক)

Matthew 5:33

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত পোৱা সকলোবোৰ “তুমি” আৰু “ তোমাৰ” এইবোৰ এক বচন শব্দ, কিন্তু আপোনাৰ ভাষাত সেইবোৰক প্ৰয়োজন সাপেক্ষে বহুবচন হিচাপে অনুবাদ কৰক। “ তুমি শপত নাখাবা” আৰু “তুমি বহন কৰিবা” ইয়াত “তুমি” শব্দটো একবচন।

এইটো কোৱা হৈছিল তাক তোমালোকে শুনিলা

“তোমালোকৰ ধৰ্ম্মীয় নেতাবিলাকে তোমালোকক কৈছিল, ‘ঈশ্বৰে সেই পুৰণি কালত কৈছিল’, “তোমালোকে শপত নাখাবা।”’” যীচুৱে ইয়াত স্পষ্ট কৰিবলৈ কৰ্তৃ ভাব ব্যৱহাৰ কৰিছে, যে ঈশ্বৰৰ লগত নাইবা ঈশ্বৰৰ বাক্যৰ লগত তেওঁ দ্বিমত নহয়। বৰং তেওঁ তেওঁ শ্ৰোতাসকলক যিটো তেওঁলোকৰ নিজৰ নহয় এইটো ব্যৱহাৰ কৰিবলৈ কোৱা নাই আৰু তেওঁলোকক তেওঁলোকৰ কথাত বিশ্বাস কৰিবলৈ চেষ্টা কৰিবলৈ কোৱা নাই।

এইটো কোৱা হৈছিল

আপুনি ৫:৩১ পদত কৰাৰ দৰে এইটো অনুবাদ কৰক।

শপত .... অঙ্গীকাৰ কৰা

এইটোৰ অৰ্থ এইটো হব পাৰে ১) ঈশ্বৰক আৰু মানুহ বিলাকক কওক যে ঈশ্বৰে তোমাক যি কৰাটো বিচাৰে আপুনি সেইটো কৰিব (UDB চাওক) নাইবা ২) মানুহবিলাকক কওক যে আপুনি যি দেখিছে সেইটোৰ বিষয়ে কোৱাটো সত্য নহয়।

কিন্তু মই তোমাক কওঁ

আপুনি ৫:৩২ পদত কৰাৰ দৰে এইটো অনুবাদ কৰক।

শপত নাখাবা... স্বৰ্গ নামে নহয়

ঈশ্বৰৰ সিংহাসন... পৃথিবাৰ নামেও নহয়... তেওঁৰ ভৰি পীৰা... যিৰূচালেমৰ নামেও নহয়.... মহান ৰজাৰ নগৰ এই প্ৰকাশভঙ্গী যিচয়াৰ পৰা লোৱা প্ৰকাশভঙ্গী।)

মুঠেই শপত নাখাবা

যদি আপোনাৰ ভাষাত বহুবচন আছে, এইটো ইয়াত ব্যৱহাৰ কৰক। “ তুমি মিছা শপত নাখাবা” (৩৩ পদ) শ্ৰোতোসকলক শপত খাব কৈছে কিন্তু মিছা শপত খোৱা নিষেধ কৰিছে। “মুঠেই শপত নাখাবা” ইয়াত সকলো শপত খোৱা নিষেধ কৰিছে।

শপত নাখাবা

৩৩ পদত অনুবাদ কৰাৰ দৰে এইটো অনুবাদ কৰক।

Matthew 5:36

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে ।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত “তুমি শপত কৰা”ত “ তুমি” আৰু “তুমি নোৱাৰা” এইবোৰ এক বচন, কিন্তু তুমি এইবোৰক “তোমাৰ কথাত” “তোমাৰ” বহুবচন হিচাপে সেইবোৰক অনুবাদ কৰিব লাগে।

৫:৩৪

৩৫ পদত যীচুৱে তেওঁৰ শ্ৰোতা সকলক কৈছে যে ঈশ্বৰৰ সিংহাসন, ভৰিপীৰা, পৃথিবীৰ ঘৰ শপত খাবলৈ তেওঁলোকৰ নহয়। ইয়াত তেওঁ কৈছে যে তেওঁলোকৰ মুৰত ধৰি শপত খাবলৈ আনকি সেইটোও তেওঁলোকৰ নহয়।

শপত খোৱা

আপুনি ৫:৩৪ পদত কৰাৰ দৰে এইটো অনুবাদ কৰক।

সেয়ে তোমালোকৰ কথা, ‘হয়, হয় হওক’ নাইবা ‘নহয়, নহয় হওক’

“ যদি তুমি বুজাইছা হয়, তেনে হয় বুলি কোৱা” আৰু “যদি তুমি নহয় বুলি বুজাইছা তেনে নহয় বুলি কোৱা ”

Matthew 5:38

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল।

এইটো যে কোৱা হৈছিল তাক তোমালোকে শুনিলা

আপুনি ৫:৩৩ পদত কৰাৰ দৰে এইটো অনুবাদ কৰক।

তোমালোকে শুনিলা

এই “তোমালোক” শব্দটো একবচন।

চকুৰ সলনি চকু, আৰু দাঁতৰ সলনি দাঁত

মানুহবিলাকক আন মানুহে যেনেদৰে হানি কৰে সেই একেদৰে তেওঁলোকৰো হানি কৰিবলৈ অনুমতি দিয়া হৈছে, কিন্তু তেওঁলোকক যিমান কৰা হ’ল সিমানখিনিহে কৰিব লাগে।

কিন্তু মই তোমাক কওঁ

এইটো আপুনি ৫:৩২ পদত কৰাৰ দৰে এইটো অনুবাদ কৰক।

যি জন দুৰ্জ্জন

“এজন দুষ্ট ব্যক্তি” নাইবা “যিজনে তোমাক হানি কৰে” (UDB)

কোনোবাই তোমাৰ সোঁগালত আঘাত কৰিলে, ঘুৰাই দিবা

এই সকলোবোৰ বহুবচন।

আঘাত কৰা... তোমাৰ সোঁ গাল

যীচু শাৰীৰিকভাবে থকা সময়ত কোনো মানুহক গালত চৰ মাৰাটো বৰ অপমান জনক এক সংস্কৃতি আছিল। চকুৰে আৰু হাতেৰে সৈতে (প্ৰকাশভঙ্গী চাওক)

আঘাত কৰা

এই ক্ৰিয়া পদটোৱে বিশেষকৈ কয় যে আঘাত কৰাটো সাধাৰণতে মেলা হাতেৰে হাতখনৰ পিছফালেদি মাৰা হয়।

তেওঁলৈ সিগালো পাতি দিবা

“তেওঁ তোমাৰ আনখন গাল ও মাৰিবলৈ পাতি দিবা।“

Matthew 5:40

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। “ধৰা হওক”, “যোৱা”, ” দিয়া” আৰু ” তাৰ পৰা নুঘুৰিবা” এই আদেশ দিয়াৰ দৰে এইবোৰ “তুমি” আৰু “তোমাৰ” এই সকলোবোৰ একবচন, কিন্তু সেইবোৰক বহুবচন হিচাপে অনুবাদ কৰিব।

কোট চোলা... কামিজ

গধুৰ চোলা নাইবা চোৱেটাৰ পিন্ধাৰ দৰে এই “কোট চোলা” শৰীৰ একেবাৰে লগতে পিন্ধা হয়। এই “কোটচোলা” টো বাহিৰত পিন্ধা দুটা চোলাতকৈ মুল্যৱান, এই “কোটটো” শৰীৰ গৰমাই ৰাখিবলৈ ব্যৱহাৰ কৰা হয় যিদৰে কম্বল খন ৰাতি গা গৰমাই ৰাখিবলৈ লোৱা হয়।

সেই মানুহ জনক... লবলৈ দিয়ক

“ সেই মানুহজনক দিয়া”

যিকোনোৱে—যি কোনো ব্যক্তি

এক মাইল

এক হাজাৰ খোজ, এজন ৰোমীয়া সৈন্যই তেওঁ বাবে কোনোবা এজনক জোৰ কৰি কিবা এটা কঢ়িয়াই নিবলৈ কৰা দুৰত্ব।

তেওঁৰ লগত

এইটোত কোনোবাই তোমাক যাবৰ বাবে বাধ্য কৰোৱাটো বুজাইছে।

তেওঁৰ লগত দুগুণ যাওক

“ তেওঁ তোমাক জোৰ কৰা মাইল তুমি যোৱা, তাৰ পাছত আৰু এক মাইল যোৱা”

Matthew 5:43

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল।

কেৱল “তুমি প্ৰেম কৰিবা... শত্ৰুক ঘিণা কৰিবা” এইবোৰ এক বচন, কিন্তু তুমি এইবোৰ বহুবচন হিচাপে অনুবাদ কৰক। বাকী সকলো বিলাকতেই “তুমি” তাৰ লগতে “প্ৰেম কৰা”, আৰু “প্ৰাৰ্থনা কৰা” সকলোবোৰ বহুবচন।

এইটো কোৱা হৈছিল

এইটো ৫:৩৩ পদত আনুবাদ কৰাৰ দৰে অনুবাদ কৰক।

ইয়াত এই “চুবুৰীয়া” শব্দটোৱে একে সমাজৰ সদস্যসকলক নাইবা মানুহৰ দলটোক বুজাইছে সাধাৰণতে তেওঁলোকক দয়াৰে দেখুউৱা উচিত বুলি নাইবা ভাল ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে। যিবিলাকে সাধাৰণতে ওচৰতে থাকে তেওঁলোকক বুজোৱা নাই। আপুনি এইটোক বহুবচন হিচাপে অনুবাদ কৰিব লাগে।

কিন্তু মই তোমাক কওঁ

এইটো ৫:৩৩ পদত আনুবাদ কৰাৰ দৰে অনুবাদ কৰক।

তুমি তোমাৰ পিতৃৰ সন্তান হবা

তোমাত তোমাৰ পিতৃৰ বৈশিষ্ট্য থাকিব পাৰে। (প্ৰকাশভঙ্গী চাওক)

Matthew 5:46

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। এই সকলোবোৰ “তুমি” আৰু “তোমাৰ” শব্দবোৰ বহুবচন ।

সম্ভাষণ জনোৱা

এইটো হৈছে সাধাৰণ শব্দ শ্ৰোতাসকলৰ মঙ্গল আকাংক্ষা কৰাৰ বাবে দেখুউৱা হয়

এই পদটোত চাৰিটা প্ৰশ্ন সকলোকেইটাই অলংকাৰীক প্ৰশ্ন। (UDB য়ে দেখুৱাই যে সেইবোৰ একোটা বাক্যৰূপে প্ৰকাশ কৰিব পাৰি। (অলঙ্কৰীক প্ৰশ্ন চাওক)