Matthew 3

Matthew 3:1

যোহন বাপ্তাইজক যেতিয়া পুৰ্ণ বয়স্ক হৈ প্ৰচাৰ কাৰ্য্য কৰিছিল তাৰ বহু বছৰৰ পাছত এই অংশটো ঘটিছিল

কিয়নো এইজন তেওঁৱেই

এই "তেওঁ" সৰ্বনাম পদটো যোহন বাপ্তাইজকক বুজাইছে

কিয়নো এইজন তেওঁৱেই যাৰ বিষয়ে যিচয়া ভাববাদীৰ দ্বাৰা কোৱা হৈছিল,

বিকল্প অনুবাদ: "কিয়নো যিচয়া ভববাদীয়ে যোহন বাপ্তাইজকৰ বিষয়ে কৈছিল , যেতিয়া কৈছিল।" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

প্ৰভুৰ পথ প্ৰস্তুত কৰা তেওঁৰ পথ পোন কৰা

যোহন বাপ্তাইজকে কোৱা বাৰ্ত্তাৰ এইটো এটা প্ৰকাশভঙ্গী যিটোত মানুহবিলাকক মন পালটন কৰিবলৈ কোৱা হৈছে। (প্ৰকাশভঙ্গী চাওক) বিকল্প অনুবাদ : " তোমালোকে যি দৰে জীয়াই আছা সেইটো সলনি কৰিবলৈ যুগুত হোৱা যাতে তোমালোকৰ জীৱন ঈশ্বৰৰ সন্তুষ্ট হয়। "

Matthew 3:4

যোহন বাপ্তাইজক প্ৰচাৰ কাৰ্য্য চলি আছে।

তেওঁলোক তেওঁৰ দ্বাৰা বাপ্তইজিত হ'ল

"যোহনে তেওঁলোকক বাপ্তাইজ কৰিলে" (সক্ৰিয়তা বা নিস্ক্ৰিয় চাওক)

তেওঁলোক

সেই মানুহবোৰ যিৰূচালেম, যিহুদীয়া, আৰু যৰ্দ্দন নদীৰ চাৰিওফালৰ অঞ্চলৰ পৰা আহিছিল।

Matthew 3:7

যোহন বাপ্তাইজকৰ প্ৰচাৰ কাৰ্য্য চলি আছে।

তোমোলোক বিষধৰ সাপৰ বংশ

এইটো এটা প্ৰকাশভঙ্গী। বিষাক্ত সাপবোৰ হৈছে ভয়ানক আৰু দুষ্টতাৰ প্ৰতিনিধিত্ব কৰে। বিকল্প আনুবাদ : " তোমালোক দুষ্ট বিষধৰ সাপ" নাইবা " তোমালোক বিষধৰ সাপৰ দৰে দুষ্ট" (প্ৰকাশভঙ্গী চাওক)

আহিব লগা ক্ৰোধৰ পৰা পলাই সাৰিবলৈ কোনে তোমালোকক সাৱধান কৰিলে

এইদৰে সামুহিক ভাবে কৰা প্ৰশ্নত যোহনে মানুহবিলাকক গালি দিছে কাৰণ তেওঁলোকে নিজকে বাপ্তাইজিত হ'বলৈ যোহন কৈছে যাতে ঈশ্বৰৰ শাস্তি তেওঁলোকত নপৰে, কিন্তু তেওঁলোকে পাপ কৰিবলৈ এৰা নাই। "তোমালোকে এইদৰে ঈশ্বৰৰৰ ক্ৰোধৰ পৰা পলাবলৈ নোৱাৰা" নাইবা " বাপ্তিস্ম লোৱাৰ দ্বাৰা ঈশ্বৰৰ ক্ৰোধৰ পৰা পলাব পাৰিম বুলি নাভাবিবা" (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আহি থকা ক্ৰোধৰ পৰা পলাবলৈ

বিকল্প অনুবাদ: "যি শাস্তি আহি আছে তাৰ পৰা," ঈশ্বৰে কাৰ্য্যকৰী কৰিব লগীয়া যি শাস্তি" নাইবা " কাৰণ ঈশ্বৰে শাস্তি দিবলৈ গৈ আছে" এই ক্ৰোধ শব্দটো ঈশ্বৰৰ শাস্তি দিয়াৰ ক্ষত্ৰত ব্যৱহৰ কৰা হয় কাৰণ তেওঁৰ ক্ৰোধ ইয়াৰ আগত বহে ( তাৰ বিপৰীত শব্দ চাওক)

আমাৰ বাবে পিতৃ অব্ৰাহাম আছে

" আব্ৰাহাম আমাৰ পুৰ্ব্ব পুৰুষ নাইবা আমি অব্ৰাহামৰ বংশধৰ"

Matthew 3:10

যোহন বাপ্তাইজকৰ প্ৰচাৰ কাৰ্য্য চলি আছে

ইতিমধ্যে শিপাৰ ওচৰত গছৰ গুৰিত কুঠাৰখন লাগি আছে। সেয়ে প্ৰতিজোপা গছে যদি উত্তম ফল ধাৰণ নকৰে তাক কাটি পেলোৱা হ'ব আৰু জুইত পলাই দিয়া হ'ব।

এই প্ৰকাশভঙ্গীৰ অৰ্থটো হৈছে " যদি তুমি তোমাৰ পাপময় আচৰণৰ পৰা ঘুৰি নাহা ঈশ্বৰে ইতিমধ্যে তোমাক শাস্তি দিবলৈ যুগুত হৈ আছে যিদৰে এজন মানুহে তেওঁৰ কুঠাৰ খন গছৰ গুৰিত লগাই থৈ কাটিবলৈ যুগুত হৈ থাকে।" (প্ৰকাশভঙ্গী চাওক)

মই তোমালোকক বাপ্তাইজ কৰিছোঁ

যোহনে মন পালটোৱা মানুহবিলাকক বাপ্তাইজিত কৰিছে।

কিন্তু যিজন মোৰ পাছত আহিছে

সেই আহি থকা ব্যক্তিজন হৈছে যীচু যিয়ে যোহনৰ পাছত আহি আছে।

তেওঁ তোমালোকক পবিত্ৰ আত্মা আৰু জুইৰে বাপ্তাইজ কৰিব

এইটো এটা প্ৰকাশভঙ্গী অৰ্থটো হৈছে "ঈশ্বৰে তোমালোকত পবিত্ৰ আত্মা দিব আৰু তোমালোকক চাৰ কৰিবলৈ জুইৰ মাজেদি লৈযাব আৰু যিবিালাক ঈশ্বৰৰ ৰাজ্যত সোমাব তেওঁলোকক পৰিস্কাৰ কৰিব।" (প্ৰকাশভঙ্গী চাওক)

Matthew 3:13

যোহন বাপ্তাইজকৰ দ্বাৰা যীচু কেনেকৈ বাপ্তাইজিত হৈছিল তাৰ বিৱৰণ এইটোৰ দ্বাৰা আৰম্ভ হৈছে।

মইহে আপোনাৰ দ্বাৰা বাপ্তাইজিত হোৱা দৰকাৰ

ইয়াত "মই" শব্দই যোহনক বুজাইছে আৰু "আপুনি" শব্দই যীচু খ্ৰীষ্টক বুজাইছে।

আপুনি মোৰ ওচৰলৈ আহিছেনে? এইটো এটা অলঙ্কাৰিক প্ৰশ্ন। বিকল্প অনুবাদ :" যিহেতু আপুনি এজন পাপী নহয়, আপুনি বাপ্তাইজিত হ'বলৈ মোৰ ওচৰলৈ আহিব নালাগে" মন কৰক যে "মই" শব্দই যোহনক বুজাইছে আৰু "আপুনি" শব্দই যীচু খ্ৰীষ্টক বুজাইছে। (অলঙ্কাৰিক প্ৰশ্ন চাওক)।

Matthew 3:16

যোহন বাপ্তাইজকৰ দ্বাৰা যীচু কেনেকৈ বাপ্তাইজিত হৈছিল তাৰ বিৱৰণ এইটোৰ দ্বাৰা আৰম্ভ হৈছে।

তেওঁ বাপ্তাইজিত হোৱাৰ পাছত

এইটোক এইদৰে কোৱাৰ দ্বাৰা আনুবাদ কৰিব পাৰি: "যোহনে যীচুক বাপ্তাইজ কৰাৰ পাছত"

স্বৰ্গ মুকলি হ'ল

বিকল্প অনুবাদ: " আকাশখন মুকলি হ'ল" নাইবা " তেওঁ আকাশ মুকলি হোৱা দেখিলে।" সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)

কপৌৰ নিচিনা নামি অহা দেখিলে

এই এনে হ'ব পাৰে, ১) এক স্পষ্ট উদ্ধৃত বাক্য যে আত্মাক কপৌৰ ৰূপত নমা (UDB চাওক) নাইবা ২) এইটো এটা সমাৰ্থক ভাব কপৌৱে কৰা নিচিনাকৈ আত্মাক যীচুৰ ওপৰত লাহে লাহে নামি অহা দেখা। (সমাৰ্থকতা চাওক)।

চোৱা

এইটো আন এটা ডাঙৰ কাহিনী আৰম্ভণীৰ চিন। এইটোত আগৰ কাহিনীত জড়িত মানুহবিলাকে থকাৰ ওপৰিও বেলেগ মানুহ থাকিব পাৰে। আপোনাৰ ভাষাত এইটো কৰিবলৈ আন কিবা উপায় থাকিব পাৰে।