20 1 পাছে যিহোৱাই মোচিক ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সকলৰ বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক 1 দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব। 3 ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তান সকলৰ মাজৰ এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে। 4 আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকসকলে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তেওঁক বধ নকৰে, 5 তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কোন্দোৱাকৈ চাই তেওঁক আৰু মোলক দেৱতাৰে সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক, তেওঁলোকৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম। 6 আৰু যি কোনো মানুহে ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কোন্দোৱাকৈ চাই, তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম। 7 এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা। 8 তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ পবিত্ৰকাৰী যিহোৱা। 9 কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব। 10 যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ আৰু ওচৰ-চুবুৰীয়া মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব। 11 আৰু যি মানুহে নিজ পিতৃৰ ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে থাকিব। 12 যদি কোনো লোকে নিজ নিজ পো-বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ’ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে থাকিব। 13 আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে থাকিব। 14 কোনো লোকে যদি কোনো এগৰাকী মহিলাক আৰু মহিলা গৰাকীৰ মাককো বিয়া কৰে তেন্তে সেয়ে কুকৰ্ম। পুৰুষ গৰাকী আৰু মহিলা দুগৰাকী আটায় কেইজনক জুইত পুৰি ভস্ম কৰিব লাগে, যাতে তেনে কু-কৰ্ম তোমালোকৰ মাজত নাথাকে। 15 যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা। 16 যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে থাকিব। 17 কোনো লোকে যদি তেওঁৰ দেউতাক বা মাকৰ জী, অৰ্থৎ নিজৰ ভনীয়েকক বিয়াকৰি তাইৰে সৈতে যৌন সম্বন্ধ স্থাপন কৰে,তেন্তে সেয়া বৰ লজৰ কথা। তেওঁলোকক, তেওঁলোকৰ নিজৰ জাতিৰ সাক্ষাউচ্ছন্ন কৰা হব। ভনীয়েকৰ সৈতে যৌন সম্পগ্ক কৰাৰ অপৰাধত তেওঁ অপৰাধী হব। 18 আৰু যদি কোনোৱে ৰজস্বলা হোৱা মহিলাৰে সৈতে শয়ন কৰি, তাইৰ সৈতে যৌন সম্পৰ্ক স্থপন কৰে তেন্তে সেই পুৰুষে মহিলা গৰাকীৰ ৰজস্বলা প্ৰকাশ কৰিছে আৰু মহিলা গৰাকীও তাইৰ নিজৰ ৰজস্বলা অৱস্থা অনাবৃত কৰিছে। তেওঁলোকৰ সেই অপৰাধৰ বাবে তেওঁলোক দোয়োকো নিজৰ নিজৰ লোক সকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হব। 19 তোমাৰ মাতৃৰ অথবা পিতৃৰ ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। তাকে কৰিলে, আপোন সম্বন্ধীয় লোক সকলক তোমলোকে অসন্মান কৰা হব, আৰু তাৰ বাবে তোমালোক দুয়ো দায়বদ্ধ হবা। 20 কোনো লোকে যদি তেওঁৰ খুৰায়েক অথবা মোমায়েকৰ পত্নীৰ সৈতে শয়ন কৰি যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁ তেওঁৰ খুৰায়েক অথবা মোমায়েকৰ অসন্মান কৰা হব। তেনে যৌন সম্পৰ্ক ৰখৰ বাবে তেওঁলোক দুয়ো দোষী হব অৰু তেওঁলোক নি:সন্তান হৈ মৃত্যু বৰণ কৰিব। 21 আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক বিয়া কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ সৈতে যৌন সম্পৰ্ক ৰখাত তেওঁলোক নি:সন্তান হৈ থাকিব। 22 এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। 23 মই তোমালোকৰ সন্মূখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি-নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত, মই তেওঁলোকক ঘিণ কৰিলোঁ। 24 কিন্তু মই তোমালোকক ক’লোঁ, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌ-জোল 2 বৈ থকা দেশ দিম। আন জাতি সমূহৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই। 25 এতেকে তোমালোকে শুচি অশুচি পশুৰ, আৰু শুচি অশুচি পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু,পক্ষী আৰু ভুচৰ পোক পৰুৱা আদি জন্তু অশুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে নিজক ঘিণলগীয়া নকৰিবা। 26 তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হব লাগে; কিয়নো মই যিহোৱা পবিত্ৰ আৰু তোমালোক মোৰ হবলৈ মই তোমালোকক আন জাতিৰ পৰা পৃথক কৰিলোঁ। 27 যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণ মন্ত্ৰৰ অভ্যাস কৰিব তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে থাকিব’।”

1বিদেশী দেৱতা
2অতি উর্বৰ ভূমি