18 1 পাছত যিহোৱাই মোচিক ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। 3 তোমালোক মিচৰ দেশত থাকোতে শেই দেশৰ যি ৰীতি দৰে আচৰণ কৰিছিলা এতিয়া সেই দেশৰ ৰীতি নীতিৰ দৰে আচৰণ নকৰিবা, আৰু যি কানান দেশলৈ মই তোমালোকক লৈ গৈ আছো, সেই দেশৰ ৰীতি-নীতি দৰেও নচলিবা। তেওঁলোকৰ বিধি অনুসাৰে একো নকৰিবা। 4 তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা আৰু মোৰ বিধিবোৰ পালন কৰিবা, আৰু সেইদৰে আচৰণ কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা। 5 এই হেতুকে তোমালোকে মোৰ সকলো বিধি আৰু শাসন প্ৰাণালীবোৰ পালন কৰিবা। কোনো লোকে যদি সেইবোৰ পালন কৰে, তেনেহলে তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। মই যিহোৱা। 6 তোমালোকৰ কোনেও যৌন সম্পৰ্কৰ নিমিত্তে নিজৰ বংশ পৰিয়ালৰ ওচৰলৈ নাযাবা। মই যিহোৱা। 7 তোমাৰ মাতৃৰ লগত যৌন সম্পৰ্ক সংঘাটিত কৰি তোমাৰ পিতৃক অপমানিত নকৰিবা। তেওঁ তোমাৰ মাতৃ, তেওঁৰে সৈতে যৌন সম্পৰ্ক সংঘটিত নকৰিবা। 8 তোমাৰ পিতৃৰ ভাৰ্য্যাৰ সৈতে যৌন সম্পৰ্ক নাৰাখিবা, তাকে কৰিলে তোমাৰ পিতৃৰ ঘোৰ অপমান কৰিবা। 9 এখন ঘৰতে জন্ম পোৱাই হওক, অথবা অন্য ঠাইত জন্ম পোৱাই হওক, তোমাৰ পিতৃৰেই হওক. অথবা তোমাৰ মাতৃৰেই হওক, তেওঁলোকৰ জী, অৰ্থাৎ তোমাৰ ভনীয়েৰাৰ সৈতে তুমি যৌন সম্পৰ্ক নাৰাখিবা। 10 তোমাৰ পুত্ৰৰ জী অথবা তোমাৰ জীৰ জীৰ সৈতে যৌন সম্পৰ্ক নাৰাখিবা, তাকে কৰিলে তোমাৰ নামৰ গ্লানি হব। 11 তোমাৰ পিতৃৰ পত্নীৰ জীৰ সৈতে যৌন সম্পৰ্ক নাৰাখিবা, তোমাৰ পিতৃৰ ঔৰসত জন্মা পোৱা তাই তোমাৰ ভনী ছোৱালী। 12 তোমাৰ পিতৃৰ ভনীৰ সৈতে যৌন সম্পৰ্ক নৰাখিবা, তাই তোমাৰ পিতৃৰ আপোন সম্বন্ধীয় ব্যক্তি। 13 তোমাৰ মাতৃৰ ভনীৰ সৈতে যৌন সম্পৰ্ক নাৰাখিবা, কাৰণ তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয় ব্যক্তি। 14 তোমাৰ পিতৃৰ ভাইৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক ৰাখি তোমাৰ খুৰাক অপমানিত নকৰিবা, তেওঁ তোমাৰ খুৰী। 15 তোমাৰ বোৱাৰীৰ সৈতে যৌন সম্পৰক নাৰাখিবা, তাই তোমাৰ পুত্ৰৰ পত্নী, তাইৰে সৈতে অবৈধ সম্পৰ্ক নৰাখিবা। 16 তোমাৰ ককায়েৰা বা তোমাৰ ভায়ৈৰাৰ পত্নীৰ সৈতেৰ সৈতে যৌন সম্পৰ্ক নাৰাখিবা, তাকে কৰি তোমাৰ ককায়েৰা বা ভায়েৰাক অপমান নকৰিবা। 17 কোনো তিৰোতা বা তিৰোতা গৰাকীৰ জীৰ সৈতে যৈন সম্পৰ্ক নাৰাখিবা। তেওঁৰ পুত্ৰৰ জী, অথবা, তেওঁৰ জীৰ জী কৰো সৈতেই যৈন সম্পৰ্ক নাৰাখিবা, তেওঁলোক, তেওঁৰ আপোন সম্বন্ধীয়লোক। সেয়া সম্পূৰ্ণ দুষ্টামী মাথোন। 18 তোমাৰ পত্নী জীৱিত থকা কালত তোমাৰ তোমাৰ পত্নীৰ ভনীয়েকক তুমি সতিনী পত্নী ৰূপে ৰাখি তাইৰে সৈতে যৌন সম্পৰ্ক নাৰাখিবা। 19 মাহেকীয়া অশৌচেৰ বেলিকা, কোনো তিৰোতাৰ সৈতে যৌন সম্পৰ্ক নাৰাখিবা। 20 তোমাৰ ওচৰচুবুৰীয়াৰ কোনো পুৰুষৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক ৰাখি নিজকে অশুচি নকৰিবা। 21 তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা। 22 তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম। 23 আৰু তুমি নিজকে অশুচি কৰিবলৈ, কোনো জন্তুত পতিত নহ’বা; আৰু কোনো মহিলাই নিজৰে সৈতে সংসৰ্গ কৰিবলৈ, কোনো জন্তুৰ আগত থিয় নহ’ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য। 24 তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ’ল। 25 আৰু সেই দেশখনো অশুচি হ’ল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো আৰু সেই দেশে নিজ নিবাসীসকলক বতিয়াই পেলালে। 26 এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশীয়েই হওঁক, তোমালোকে সেই সকলো ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা। 27 কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল। 28 সাৱধান, তোমালোকে সেই দেশ অশুচি কৰিলে, তোমালোকৰ পূৰ্বে থকা সেই জাতিক বতিয়াই পেলোৱাৰ নিচিনাকৈ, সেই দেশে তোমালোককো বতিয়াই পেলাব। 29 কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব। 30 এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”