11 1 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, 2 “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক কোৱা যে, ‘সকলো ভূ-চৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা:- 3 পশুবোৰৰ মাজত যি কোনো জন্তুৰ খুৰা সম্পুৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা 4 তথাপি ঘাঁহ পাগুলা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ; উট, কিয়নো সি ঘাঁহ পাগুলে হয়, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি। 5 আৰু চাফন পশু, কিয়নো সিও ঘাঁহ পাগুলে, তথাপি দুফলীয়া খুৰা থকা নহয়, সিওঁ তোমালোকৰ পক্ষে অশুচি। 6 শহা; কিয়নো সিও ঘাঁহ পাগুলে, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি। 7 আৰু গাহৰি: কিয়নো তাৰ খুৰা সম্পুৰ্ণৰূপে দুফাল হয় তথাপি সি ঘাঁহ নাপাগুলে, তোমালোকৰ পক্ষে সিও অশুচি। 8 তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো নুচুবা; সেইবোৰ তোমালোকৰ পক্ষে অশুচি। 9 জল-জন্তুবোৰৰ মাজত সমুদ্ৰত কি নদীত বা আন পানীত থকা জন্তুৰ মাজত, পাখি আৰু বাকলি থকা জন্তু তোমালোকে খাব পাৰিবা। 10 কিন্তু সমুদ্ৰত বা নদীত থকা জলচৰবোৰৰ মাজত বা পানীত থকা সকলো প্ৰাণীৰ মাজত, যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ তোমালোকৰ পক্ষে ঘিণলগা। 11 সেইবোৰ তোমালোকৰ পক্ষে সদায় ঘিণলগা। তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো ঘিণ কৰিবা। 12 জল-ন্তুবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি নাই, সেই সকলোৱেই তোমালোকৰ পক্ষে ঘিণলগা। 13 আৰু পক্ষীবোৰৰ মাজত এইবোৰ তোমালোকে ঘিণ কৰিবা আৰু এইবোৰ নাখাবা, ঈগল, শগুণ, 14 মটিয়া চিলনী আৰু সকলো বিধৰ ৰঙা চিলনী; 15 আৰু সকলো বিধৰ কাউৰী, 16 বগা ফেচাঁ, লক্ষী ফেচাঁ, গঙ্গা-চিলনী আৰু সকলো বিধৰ শেন। 17 তোমালোকে এইবোৰকো ঘিণ কৰিবা, যেনে - ফেঁচা, মাছৰোকা আৰু হুদু, 18 দীঘল ডিঙীয়া হাঁহ, ঢোঁৰা কাউৰী আৰু সৰু শগুণ, 19 বৰটোকোলা, সকলো বিধৰ বগলী, গোবৰ খোঁচোৰা আৰু বাদুলী। 20 চাৰি ঠেঙেৰে খোজ কাঢ়াৰা আৰু উৰি ফুৰা সকলো পাখি থকা প্ৰাণী তোমালোকৰ পক্ষে ঘিণলগা। 21 তথাপি কিছু পাখি থকা উৰি ফুৰা আৰু চাৰি ঠেঙেৰে বগাই ফুৰা প্ৰাণীৰ, তাক খাব পাৰা, তাৰোপৰি মাটিত ভৰ দি জাপ মাৰিবৰ বাবে দুটা ঠেং থাকে, সেইবোৰ খাব পাৰিবা। 22 আৰু সকলো বিধৰ কাকতী ফৰিং, সকলো বিধৰ খগা ফৰিং, সকলো বিধৰ উই-চিৰিঙা আৰু সকলো বিধৰ তামুলী ফৰিং, এই সকলোকে তোমালোকে খাব পাৰিবা। 23 কিন্তু উৰি ফুৰা সকলো চাৰি ঠেঙীয়া প্ৰাণী তোমালোকৰ পক্ষে ঘিণ লগা। 24 তোমালোক এই জন্তুবোৰৰ দ্বাৰাই সন্ধিয়ালৈকে অশুচি হৈ পৰিবা, যদি কোনোৱে এইবোৰৰ শৱবোৰো স্পৰ্শ কৰে, তেৱোঁ অশুচি হ’ব। 25 আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। 26 যিবোৰ জন্তুৰ খুৰা দুফাল হলেও সম্পুৰ্ণৰূপে দুফাল নহয় আৰু যি জন্তুৱে ঘাঁহ নাপাগুলে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ অশুচি হ’ব। 27 আৰু চাৰি ঠেঙেৰে ফুৰা সকলো জন্তুৰ মাজত যিবোৰ ভৰিৰ তলুৱাৰে খোজ কাঢ়ে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব। 28 আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। সেইবোৰেই তোমালোকৰ পক্ষে অশুচি। 29 মাটিত বগাই ফুৰা সকলো বিধৰ উৰগ জন্তুৰ মাজত এইবোৰ তোমালোকৰ পক্ষে অশুচি: নেউল, এন্দুৰ, 30 সকলো বিধৰ গুঁই, জেঠী, নাইপিয়া, তেজপিয়া, সোণগুঁই, আৰু মটিয়া গুঁই। 31 বগাই ফুৰা জন্তুবোৰৰ ভিতৰত এইবোৰ তোমালোকৰ পক্ষে অশুচি: সেইবোৰ মৰিলে, যি কোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব। 32 আৰু সেইবোৰৰ মাজৰ কোনো শৱ যি বস্তুৰ ওপৰত পৰিব, সিও অশুচি হ’ব; কাঠৰ পাত্ৰ বা বস্ত্ৰ বা ছাল বা মোনা, যিকোনো কামত লগা বস্তুৱেই হওক, তাক পানীত জুবুৰিয়াব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু তেতিয়াহে শুচি হ’ব। 33 আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা। 34 তাৰ ভিতৰত থকা, পানী দি সিজোৱা সকলো খোৱা বস্তু অশুচি হ’ব আৰু তেনেকুৱা সকলো পাত্ৰত থকা সকলো প্ৰকাৰ পেয় দ্ৰব্য অশুচি হ’ব। 35 আৰু চৌকাই হওঁক বা খাদ্য প্ৰস্তুত কৰা পাত্ৰই হওঁক, যিকোনো বস্তুৰ ওপৰত সেইবোৰৰ শৱ পৰিব, সেয়ে অশুচি হ’ব; তাক ভাঙি পেলাব লাগিব; সেইবোৰ অশুচি, তোমালোকৰ পক্ষে সেইবোৰ অশুচি হৈ থাকিব। 36 তথাপি ভুমুক বা যি নাদত অনেক পানী জমা হৈ থাকে, সেয়ে শুচি হব; কিন্তু যি জনে মৰা শৱ চুব, তেওঁ অশুচি হ’ব। 37 আৰু সেইবোৰৰ শৱ যদি কোনো বব লগীয়া বীজত পৰে, তেন্তে সেয়ে শুচি হৈ থাকিব। 38 কিন্তু বীজৰ ওপৰত পানী দিলে, যদি কোনো শৱ সেই বীজবোৰতত ওপৰত পৰে, তেন্তে সেয়ে তোমালোকৰ পক্ষে অশুচি হব। 39 তোমালোকে খাব পৰা পশুৰ মাজত কোনো পশু মৰিলে, যিকোনোৱে তাৰ শৱ চুব, সি সন্ধ্যালৈকে অশুচি হৈ থাকিব। 40 আৰু যিকোনোৱে তাৰ মাংস খাব, সি নিজৰ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যি কোনোৱে তাৰ শৱ লৈ যাব তেওঁ নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। 41 আৰু মাটিত বগাই ফুৰা প্ৰত্যেক উৰগ জন্তু ঘিণ লগা; তাক খাব নালাগে। 42 মাটিত বগাই ফুৰা যিকোনো জীৱ জন্তু পেটেৰে বগায় বা চাৰি ঠেঙেৰে যায় বা যিবোৰৰ অধিক ভৰি থাকে, সেইবোৰ তোমালোকে নাখাবা; কিয়নো সেইবোৰ ঘিণ লগা। 43 সেই সকলো বগাই ফুৰা উৰগ আদি জন্তুবোৰৰ দ্বাৰাই তোমালোকে নিজক অশুচি নকৰিবা আৰু অশুচি হবলৈ সেইবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা। 44 কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা; এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ; তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভূ-চৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা। 45 কিয়নো, তোমালোকৰ ঈশ্বৰ হ’বলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই অনা যিহোৱা মই; এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ। 46 শুচি অশুচি বস্তুৰ আৰু খাব পৰা আৰু নোৱাৰা জন্তু, প্ৰভেদ জন্মাবৰ বাবে, 47 পশু, পক্ষী; জলচৰ আৰু বগাই ফুৰা উৰগ আদি প্ৰাণীবোৰৰ বিষয়ে এই নিয়ম’।”