Matthew 17

Matthew 17:1

ওখ পৰ্ব্বতৰ ওপৰলৈ যীচুৰ লগত কোন কোন গৈছিল?

ওখ পৰ্ব্বতৰ ওপৰলৈ যীচুৰ লগত পিতৰ, যাকোব আৰু যোহন গৈছিল (১৭:১)

পৰ্ব্বতত যীচুৰ ৰূপ কেনে হৈছিল?

যীচুৰ অন্যৰূপ হৈছিল যাতে তেওঁ মুখমণ্ডল সুৰ্য্যৰ নিচিনা উজ্জল হৈছিল আৰু তেওঁৰ পিন্ধা কাপোৰ পোহৰৰ দৰে অতিশয় উজ্জল হৈ পৰিছিল (১৭:২)।

Matthew 17:3

কোনে দৰ্শন দিছিল আৰু যীচুৰ লগত কথা-বতৰা হৈছিল?

মোচি আৰু এলিয়াই দেখা দিছিল আৰু যীচুৰ লগত কথা-বতৰা হৈছিল (১৭:৩)।

পিতৰে কি কৰিম বুলি কৈছিল?

পিতৰে তেওঁলোক তিনিজনৰ বাবে তিনিটা পজাঁ সাজিম বুলি কৈছিল (১৭:৪)।

Matthew 17:5

সেই ডাৱৰৰ পৰা ওলাৱা বাণীয়ে কি কৈছিল?

সেই ডাৱৰৰ পৰা ওলাৱা বাণীয়ে কৈছিল, " এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মি পৰম সন্তোষ্ট, তেওঁৰ কথা শুনা"(১৭ :৫)।

Matthew 17:9

তেওঁলোকে পৰ্ব্বতৰ পৰা নামি আহোঁতে যীচুৱে শিষ্যসকলক কি আদেশ দিছিল ?

যীচুৱে শিষ্যসকলক এই আদেশ দিছিল তেওঁলোকে দেখা এই দৃশ্য মানুহৰ পুত্ৰই মৃতবিলাকৰ মাজৰ পৰা জীয়াই নুঠালৈকে কাকো নক'বা (১৭:৯)।

Matthew 17:11

এলিয়া প্ৰথমে আহিব লাগে বুলি কোৱা অধ্যাপকসকলৰ শিক্ষাৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল এলিয়া আচলতে আহিব আৰু সকলোকে পুনৰ স্থাপন কৰিব (১৭:১১)।

যীচুৱে কি কৈছিল এলিয়া কোনজন ইতিমধ্যে আহিল, আৰু তেওঁক কি কৰা হ'ল?

যীচুৱে কৈছিল এলিয়া হৈছে যোহন বাপ্তাইজক যিজন ইতিমধ্য আহিল, আৰু তেওঁলোকে যি মন যায় তেওঁলৈ তাকে কৰিছিল (১৭:১০-১৩)।

Matthew 17:14

সেই আৱঁৰীয়া ল'ৰাটোক শিষ্যবিলাকে কি কৰিবলৈ ধৰিছিল?

শিষ্যবিলাকে সেই আঁৱৰীয়া ল'ৰাটোক সুস্থ কৰিব পৰা নাছিল (১৭:১৪-১৬)।

Matthew 17:17

যীচুৱে সেই আঁৱৰীয়া ল'ৰাটোক কি কৰিছিল?

যীচুৱে সেই ভুতক ডবিয়াইছিল আৰু সেই প্ৰহৰৰ পৰাই সেই ল'ৰাটো আৰোগ্যতা পাইছিল (১৭:১৮)।

Matthew 17:19

শিষ্যবিলাকে সেই আঁৱৰীয়া ল'ৰাটোক কিয় সুস্থ কৰিব পৰা নাছিল?

যীচুৱে কৈছিল যে তেওঁলোকৰ অল্প বিশ্বাসৰ কাৰণে তেওঁলোকে সেই আঁৱৰীয়া ল'ৰাটোক সুস্থ কৰিব পৰা নাছিল (১৭:২০)।

Matthew 17:22

যীচুৱে শিষ্যসকলক কি কৈছিল যে তেওঁলোকক অতি দুখিত কৰি পেলাইছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে তেওঁক মানুহবিলাকৰ হাতত শোধাই দিয়া হ'ব যিবিলাকে তেওঁক বধ কৰিব, আৰু তেওঁ তৃতীয় দিনা পুনৰ জী উঠিব (১৭:২২-২৩)।

Matthew 17:26

পিতৰ আৰু যীচুৱে তেওঁলোকৰ আধা ছেকল কৰ কেনেকৈ দিছিল?

যীচুৱে পিতৰক সাগৰলৈ যাবলৈ কৈছিল, বৰশী বাবলৈ কৈছিল, আৰু প্ৰথমে উঠা মাছটো টানিবলৈ কৈছিল যিটোৰ মুখত কৰ দিবৰ বাবে এক ছেকল মুদ্ৰা আছিল (১৭:২৭)।