Matthew 16

Matthew 16:1

ফৰীচী আৰু চদ্দুকীবিলাকে পৰীক্ষণীয় হিচাপে যীচুৰ পৰা কি চাবলৈ বিচাৰিছিল?

ফৰীচী আৰু চদ্দুকীবিলাকে পৰীক্ষণীয় হিচাপে স্বৰ্গৰ পৰা এটা চিন যীচুৰ পৰা চাবলৈ বিচাৰিছিল (১৬:১)।

Matthew 16:3

ফৰীচী আৰু চদ্দুকীবিলাকক যীচুৱে কি দিব বুলি কৈছিল?

যীচুৱে কৈছিল যে তেওঁ ফৰীচী আৰু চদ্দুকীবিলাকক যোনাৰ চিন দিব (১৬:৪)।

Matthew 16:5

যীতুৱে তেওঁৰ শিষ্যসকলক কিহৰ পৰা সাৱধান হ'বলৈ কৈছিল?

যীচুৱে তেওঁৰ শিষ্য সকলক ফৰীচী আৰু চদ্দুকীবিলাকৰ খমিৰৰ পৰা সাৱধান হ'বলৈ কৈছিল (১৬:৬)।

Matthew 16:11

আচলতে যীচুৱে তেওঁৰ শিষ্যসকলক যেতিয়া সাৱধান হ'বলৈ কৈছিল তেওঁ কিহৰ বিষয়ে কৈছিল?

যীচুৱে তেওঁৰ শিষ্যসকলক ফৰীচী আৰু চদ্দুকীবিলাকৰ শিক্ষাৰ পৰা সাৱধান হ'বলৈ কৈছিল (১৬:১২)।

Matthew 16:13

কৈচৰিয়া ফিলিপীলৈ যেতিয়া তেওঁলোক আহিছিল যীচুৱে তেওঁৰ শিষ্যসকলক কি

সুধিছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকক সুধিছিল, "মানুহবিলাকে মানুহৰ পুত্ৰক কোন বুলি কয়" (১৬:১৩) ?

যীচু কোন আছিল বুলি কোনো কোনো মানুহে ভাবে?

কোনো কোনো মানুহে ভাবে যে যীচু যোহন বাপ্তাইজক, বা এলিয়া, বা যিৰিমিয়া নাইবা ভাববাদীবিলাকৰ এজন বুলি কয় (১৬:১৪)।

যীচুৰ

পিতৰে কি উত্তৰ দিছিল ?

পিতৰে উত্তৰ দিছিল, "আপুনি সেই খ্ৰীষ্ট, জীৱিত ঈশ্বৰৰ পুত্ৰ" (১৬:১৬)।

Matthew 16:17

যীচুৰ উত্তৰ পিতৰে কেনেকৈ জানিছিল?

পিতৰে যীচুৰ

উত্তৰ জানিছিল কাৰণ পিতৃয়ে তেওঁৰ আগত সেইটো প্ৰকাশ কৰিছিল (১৬:১৭)।

Matthew 16:19

যীচুৱে পিতৰক এই পৃথিবীত কি অধিকাৰ/ ক্ষমতা দিছিল?

যীচুৱে পিতৰক স্বৰ্গ ৰাজ্যৰ চাবিবোৰ দিছিল, যাতে এই পৃথিবীত বন্ধ কৰিব পাৰে আৰু মুকলি কৰিব পাৰে আৰু এইটো স্বৰ্গটো বন্ধ হ'ব আৰু মুকলি হ'ব (১৬:১৯)।

Matthew 16:21

সেই সময়ত, যীচুৱে তেওঁৰ শিষ্যসকলক মুকলিকৈ কি ক'বলৈ আৰম্ভ কৰিছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকক ক'বলৈ আৰম্ভ কৰিছিল যে তেওঁ যিৰূচালেমলৈ যাব, অনেক দুখ-কষ্ট ভোগ কৰিব, বধ কৰা হ'ব, আৰু তৃতীয় দিনা পুনৰ জী উঠিব (১৬:২১)।

যীচুৱে পিতৰক কি কৈছিল যেতিয়া যীচুৱে তেওঁলৈ ঘটিব লগীয়া ঘটনা বৰ্ণনা কৰিছিল আৰু পিতৰে বিৰোধীতা কৰিছিল?

যীচুৱে পিতৰক কৈছিল, "মোৰ পাছলৈ গুচি যা, চয়তান" (১৬:২৩)।

Matthew 16:24

যি কোনোৱে যীচুক অনুগমণ কৰিবলৈ কি কৰিব লাগে?

যি কোনোৱে যীচুক অনুগমণ কৰিবলৈ হ'লে তেওঁ নিজকে অস্বীকাৰ কৰিব লাগে আৰু নিজৰ ক্ৰচ তুলি লব লাগে (১৬:২৪)।

এজন মানুহৰ বাবে কি উপকাৰী নহয় বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে এজন মানুহে গোটেইখন জগত পায়, কিন্তু তেওঁ নিজৰ জীৱনৰ হানি কৰে তাত তেওঁৰ একো উপকাৰ নহয় (১৬:২৬)।

Matthew 16:27

মানুহৰ পুত্ৰ কেনেকৈ আহিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে মানুহৰ পুত্ৰ তেওঁৰ পিতৃৰ প্ৰতাপেৰে তেওঁৰ দূতবিলাকৰ সৈতে আহিব (১৬:২৭)।

মানুহৰ পুত্ৰ যেতিয়া আহিব প্ৰতিজন ব্যক্তিক কেনেকৈ প্ৰতিদান দিব?

মানুহৰ পুত্ৰ যেতিয়া আহিব প্ৰতিজন ব্যক্তিক তেওঁৰ কৰ্ম্ম অনুসৰি পাওনা প্ৰতিদান দিব (১৬:২৭)।