Matthew 15

Matthew 15:4

ফৰীচীবিলাকেযেনেকৈ তেওঁলোকৰ পৰম্পৰাৰ দ্বাৰা ঈশ্বৰৰ বাক্য অমান্য কৰিছে যীচুৱে তাৰ কি উদাহৰণ দিছিল?

ফৰীচীবিলাকে ঈশ্বৰলৈ উপহাৰ দিয়াৰ হিচাপত দান লয় সন্তানবিলাকক পিতৃ-মাতৃ সহায় কৰাত বাধা দিয়ে (১৫:৩-৬)।

Matthew 15:7

যিচয়াই ফৰীচীবিলাকৰ ওঁঠ আৰু অন্তৰৰ বিষয়ে কি ভাববাণী প্ৰচাৰ কৰিছিল?

যিচয়াই এই ভাববাণী প্ৰচাৰ কৰিছিল যে ফৰীচীবিলাকে ওঁঠেৰে ঈশঅবৰক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ ঈশ্বৰৰ পৰা বহু দুৰতথাকে (১৫:৭-৮)।

ঈশ্বৰৰ বাক্য শিকোৱাৰ পৰিৱৰ্ত্তে, ফৰীচীবিলাকে তত্ত্ব কথা হিচাপে কি শিকায়?

ফৰীচীবিলাকে ঈশ্বৰৰ তত্ত্ববোৰ মানুহ বিধি বুলি শিকায় (১৫:৯)।

Matthew 15:10

এজন ব্যক্তিক কিহে লেতেৰা নকৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে কোনো এজন ব্যক্তিয়ে যি খায় তাৰ দ্বাৰা তেওঁ লেতেৰা নহয় (১৫:১১, ১৭, ২০)।

এজন ব্যক্তিক কিহে লেতেৰা কৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে এজন ব্যক্তিৰ মুখৰ পৰা যি ওলাই সেয়েি মানুহক লেতেৰা কৰে (১৫:১১, ১৮-২০)।

Matthew 15:12

যীচুৱে ফৰীচীবিলাকক কি বুলি কৈছিল, আৰু তেওঁলোকলৈ কি ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে ফৰীচীবিলাকক অন্ধ পথ প্ৰদৰ্শক বুলি কৈছিল আৰু কৈছিল যে তেওঁলোক খাৱৈত পৰিব (১৫:১৪)।

Matthew 15:18

অন্তৰৰ পৰা কি ধৰণৰ বস্তুবোৰ ওলাই আহে যিয়ে এজন ব্যক্তিক লেতেৰা কৰে?

অন্তৰৰ পৰা কু-চিন্তা, নৰবধ, পৰস্ত্ৰীগমণ, ব্যভিচাৰ, চুৰ মিছা সাক্ষী আৰু নিন্দা আদি বস্তুবোৰ ওলাই (১৫:১৯)।

Matthew 15:21

যেতিয়া সেই কনানীয়া মহিলাগৰাকীয়ে দয়া কৰাৰ বাবে তেওঁৰ ওচৰত চিঞঁৰি আছিল প্ৰথমতে যীচুৱে কি কৰিছিল?

যীচুৱে তাইক একো উত্তৰ দিয়া নাছিল (১৫:২৩)।

Matthew 15:24

কনানীয়া মহিলাগৰাকীক তেওঁ কিয় সহায় কৰা নাছিল, যীচুৰ বুজনি কি আছিল?

যীচুৱে এইটো বুজাইছিল যে তেওঁ ইস্ৰায়েল পৰিয়ালৰ কেৱল হেৰুওৱা সকললৈহে তেওঁক পঠোৱা হৈছিল (১৫:২৪)।

Matthew 15:27

যেতিয়া কনানীয়া মহিলা গৰাকীয়ে নিজকে নম্ৰ কৰিছিল, যীচুৱে তাইক কি কৈছিল আৰু কি কৰিছিল?

যীচুৱে সেই মহিলাগৰাকীক এইটো কথা কৈছিল যে তাইৰ বিশ্বাস মহৎ, আৰু তেওঁ তাইৰ ইচ্ছা পুৰ কৰিছিল (১৫:২৮)।

Matthew 15:29

গালীলত যীচুৰ ওচৰলৈ অহা এক বৰ বিশাল লোকসমুহত তেওঁ কি কৰিছিল?

যীচুৱে বোবা, বিকলাঙ্গ, খোৰা আৰু অন্ধবিলাকক সুস্থ কৰিছিল (১৫:৩০-৩১)।

Matthew 15:32

শিষ্যসকলে কৈইটা পিঠা আৰু মাছেৰে মানুহৰ ভীৰটোক খুৱাইছিল?

শিষ্যবিলাকৰ সাতোটা পিঠা আৰু কেইটামান সৰু মাছ আছিল (১৫:৩৪)।

Matthew 15:36

সেই পিঠা আৰু মাছকেইটা যীচুৱে কি কৰিছিল?

যীচুৱে সেই পিঠা কেইটা আৰু মাছ লৈছিল ধন্যবাদ দিছিল, পিঠা ভাঙিছিল, আৰু সেইবোৰ শিষ্যবিলাকক দিছিল (১৫:৩৬)।

সেই পিঠা আৰু মাছৰ পৰা কিমান মানুহে খাইছিল আৰু তৃপ্ত হৈছিল?

চাৰিহাজাৰ পুৰুষ, লগতে মহিলা আৰু ল'ৰা-ছোৱালীয়ে খাইছিল আৰু তৃপ্ত হৈছিল (১৫:৩৮)।

প্ৰতিজনে খোৱাৰ পাছত কিমান পৰিমানৰ খাদ্য বাকি থাকি গৈছিল?

প্ৰতিজনে খোৱাৰ পাছত সাতোটা পাচি পুৰ হৈ থাকি গৈছিল (১৫:৩৭)।