Matthew 14

Matthew 14:1

হেৰোডে যীচুক কোন বুলি ভাবিছিল?

হেৰোডে যীচুক মৃতবিলাকৰ মাজৰ পৰা জী উঠা যোহন বাপ্তাইজক বুলি ভাবিছিল(১৪:২)।

Matthew 14:3

যোহন বাপ্তাইজকে যিটোৰ বিষয়ে কৈছিল, হেৰোডে বিধিৰ বাহিৰত কি কৰি আছিল?

হেৰোডে তেওঁৰ ভায়েকৰ তিৰোতাক বিয়া কৰিছিল(১৪:৪)।

হেৰোডে যোহন বাপ্তাইজকক তৎক্ষণাৎ কিয় মৃত্যুদণ্ড দিয়া নাছিল?

হেৰোডে যোহন বাপ্তাইজকক তৎক্ষণাৎ মৃত্যুদণ্ড দিয়া নাছিল কাৰণ তেওঁ মানুহবিলাকক ভয় কৰিছিল যিবিলাকে যোহনক এজন ভাববাদী বুলি মানিছিল(১৪:৫)।

Matthew 14:6

হেৰোডে তেওঁৰ জন্মদিনৰ দিনা হেৰোডিয়াৰ নাচোনৰ কাৰণে কি কৰিছিল?

তাই যি খোজে তাকে দিম বুলি হেৰোডে শপতেৰে প্ৰতিজ্ঞা কৰিছিল(১৪:৭)।

Matthew 14:8

হেৰোডিয়াই কি খুজিছিল?

হেৰোডিয়াই এখন কাঁহীত যোহন বাপ্তাইজকৰ মূৰটো খুজিছিল(১৪:৮)।

হেৰোডে হেৰোডিয়াৰ অনুৰোধটো তাইক কিয় দিছিল?

হেৰোডে হেৰোডিয়াৰ অনুৰোধটো তাইক দিছিল কাৰণ তেওঁৰ শপতৰ বাবে আৰু তেওঁৰ লগত ভোজনত বহা সকলোবোৰ আলহীৰ কাৰণে(১৪:৯)।

Matthew 14:13

যেতিয়া এক বৰ বিশাল লোকসমুহ যীচুৰ পিছে পিছে আহি আছিল তেওঁ প্ৰতিক্ৰিয়া কি আছিল?

যীচুৱে তেওঁলোকৰ ওপৰত মৰমভাব উপজিছিল আৰু তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিছিল(১৪:১৪)।

Matthew 14:16

মানুহৰ ভীৰটোৰ কাৰণে যীচুৱে তেওঁৰ শিষ্যবিলাকক কি প্ৰত্যাহ্বান কৰিছিল?

মানুহৰ ভীৰটোক কিবা খুৱাবলৈ যীচুৱে তেওঁৰ শিষ্যবিলাকক প্ৰত্যাহ্বান কৰিছিল(১৪:১৬)।

Matthew 14:19

শিষ্যবিলাকে যীচুলৈ অনা সেই পাঁচটা পিঠা আৰু দুটা মাছক যীচুৱে কি কৰিছিল?

যীচুৱে স্বৰ্গলৈ চাইছিল, আশীৰ্বাদ কৰিছিল আৰু পিঠা ভাঙিছিল আৰু সেইবোৰ মানুহবিলাকক বিলাই দিবলৈ শিষ্যবিলাকক দিছিল(১৪:১৯)।

কিমান মানুহে খাইছিল আৰু কিমান বাকি থাকি গ'ল?

প্ৰায় পাঁচহাজাৰ মান পুৰুষৰ লগতে মহিলা আৰু শিশুবিলাকো আছিল আৰু বাৰটা পাচি বাকি থাকি গৈছিল(১৪:২০-২১)।

Matthew 14:22

মানুহৰ ভীৰটোক আঁতৰাই পঠোৱাৰ পাছত যীচুৱে কি কৰিছিল?

যীচুৱে পৰ্বতৰ ওপৰলৈ উঠিছিল আৰু তাতে তেওঁ প্ৰাৰ্থনা কৰিছিল?

সাগৰৰ মাজত শিষ্যবিলাকৰ সৈতে কি ঘটিছিল?

শিষ্যবিলাকৰ নাওঁখন বতাহ আৰু ঢৌৰ কাৰণে প্ৰায় নিয়ন্ত্ৰণ কৰিব নোৱোৰা হৈ পৰিছিল(১৪:২৪)।

Matthew 14:25

যীচুৱে শিষ্যবিলাকৰ ওচৰলৈ কেনেকৈ আহিছিল?

যীচুৱে শিষ্যবিলাকৰ ওচৰলৈ পানীৰ ওপৰত খোজকাঢ়ি আহিছিল(১৪:২৫)।

শিষ্যসকলে তেওঁক দেখা পোৱাত যীচুৱে তেওঁলোকক কি কৈছিল?

যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল নিৰ্ভয় হোৱা আৰু ভয় নকৰিবা(১৪:২৭)।

Matthew 14:28

যীচুৱে পিতৰক আহি কি কৰিবলৈ কৈছিল?

যীচুৱে পিতৰক আঁহা বুলি কৈছিল আৰু পানীৰ ওপৰত খোজ কাঢ়িবলৈ কৈছিল (১৪:২৯)।

পিতৰে কিয় পানীত ডুবিবলৈ ধৰিছিল ?

যেতিয়া পিতৰে ভয় কৰিছিল তেতিয়া তেওঁ ডুবিবলৈ ধৰিছিল (১৪:৩০)।

Matthew 14:31

যেতিয়া যীচু আৰু নাঁৱলে গৈছিল কি ঘটিছিল?

যেতিয়া যীচু আৰু নাঁৱলে গৈছিল, বতাহ বলা বন্ধ হৈছিল (১৪:৩২)।

শিষ্যবিলাকে যেতিয়া এইবোৰ দেখিলে তেওঁলোকে কি কৰিছিল?

শিষ্যবিলাকে যেতিয়া এইবোৰ দেখিছিল তেওঁলোকে যীচুক উপাসনা কৰিছিল আৰু কৈছিল তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল (১৪:৩৩)।

Matthew 14:34

যীচু আৰু শিষ্যবিলাকে সাগৰৰ আনটো পাৰে গুচি যোৱাত মানুহবিলাকে কি কৰিছিল?

যীচু আৰু শিষ্যবিলাকে সাগৰৰ আনটো পাৰে গুচি যোৱাত মানুহবিলাকে সকলো ৰোগীয়াক যীচুৰ ওচৰলৈ লৈ আনিছিল (১৪:৩৫)।