Matthew 13

Matthew 13:3

যীচুৰ কঠিয়া সিচাঁ খেতিয়কৰ দৃষ্টান্তত বাটত পৰা কঠিয়াবোৰ কি হৈছিল?

বাটত পৰা কঠিয়াবোৰক চৰাইবোৰৰ দ্বাৰা সেইবোৰক খাই পেলোৱা হৈছিল(১৩:৪)।

যীচুৰ কঠিয়া সিচাঁ খেতিয়কৰ দৃষ্টান্তত শিলাময় মাটিত পৰা কঠিয়াবোৰ কি হৈছিল?

শিলাময় মাটিত পৰা কঠিয়াবোৰ অতি সোনকালে গজি উঠিছিল, কিন্তু বেলিৰ তাপ লাগিছিল আৰু শুকাই গৈছিল(১৩:৫-৬)।

Matthew 13:7

যীচুৰ কঠিয়া সিচা খেতিয়কৰ দৃষ্টান্তত কাঁইটীয়া বননিত পৰা কঠিয়াবোৰ কি হৈছিল?

কাঁইটীয়া বননিত পৰা কঠিয়াবোৰক কাঁইটীয়া বন বাঢ়ি হেঁচি ধৰি মাৰিলে(১৩:৭)।

যীচুৰ কঠিয়া সিচা খেতিয়কৰ দৃষ্টান্তত ভাল মাটিত পৰা কঠিয়াবোৰ কি হৈছিল?

ভাল মাটিত পৰা কঠিয়াবোৰ শস্য উৎপন্ন কৰিছিল, কেতবিলাকে এশ গুণ, কেতবিলাকে ষাঠিগুণ, আৰু কেতবিলাক ত্ৰিশ গুণ(১৩:৮)।

Matthew 13:13

যিচয়াৰ ভাববাণীত কৈছিল যে মানুহবিলাকে শুনিব আৰু দেখিব, কিন্তু কি কৰিব নোৱাৰিব?

যিচয়াৰ ভাববাণীত কৈছিল যে মানুহবিলাকে শুনিব আৰু দেখিব, কিন্তু বুজিব নোৱাৰিব; তেওঁলোকে দেখিব, কিন্তু জানিব নোৱাৰিব(১৩:১৪)।

Matthew 13:15

যিয়ে যীচুৰ কথা শুনিব কিন্তু বুজিব নোৱৰিব মানুহবিলাকৰ লগত সমস্যাটো কি?

যিসকল মানুহে যীচুৰ কথা শুনিব কিন্তু বুজিব নোৱাৰিব কাৰণ তেওঁলোকৰ অন্তৰ ভোতোহা, কাণ গধুৰ, আৰু তেওঁলোকৰ দৃষ্টি অন্ধ হৈ আছে(১৩:১৫)।

Matthew 13:18

কঠিয়া সিচা খেতিয়কৰ দৃষ্টান্তত, বাটৰ কাষত পৰা কঠিয়াৰ ব্যক্তিজন কেনে ধৰণৰ?

বাটৰ কাষত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে যিয়ে ৰাজ্যৰ বাক্য শুনে কিন্তু তাক বুজি নাপায়, তেতিয়া দুষ্টাত্মা আহে আৰু তেওঁৰ অন্তৰত যি সিচা হৈছিল সেইবোৰ কাঢ়ি লৈ যায়(১৩:১৯)।

Matthew 13:20

কঠিয়া সিচা খেতিয়কৰ দৃষ্টান্তত, শিলাময় মাটিত পৰা কঠিয়াৰ ব্যক্তিজন কেনে ধৰণৰ?

শিলাময় মাটিত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে তেওঁ বাক্য শুনে আৰু অতি সোনকালে আনন্দেৰে তাক গ্ৰহণ কৰে, কিন্তু যেতিয়া তাড়না উদ্ভৱ হয় তেওঁ উজুতি খায়(১৩:২০-২১)।

Matthew 13:22

কঠিয়া সিচা খেতিয়কৰ দৃষ্টান্তত, কাঁইটীয়া বননিত পৰা কঠিয়াৰ ব্যক্তিজন কেনে ধৰণৰ?

কাঁইটীয়া বননিত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে যিয়ে বাক্য শুনে, কিন্তু এই জগতৰ চিন্তা, ধনৰ মায়াই তেওঁ প্ৰলোভিত কৰে(১৩:২২)।

কঠিয়া সিচা খেতিয়কৰ দৃষ্টান্তত, ভাল মাটিত পৰা কঠিয়াৰ ব্যক্তিজন কেনে ধৰণৰ?

ভাল মাটিত পৰা কঠিয়াৰ ব্যক্তিজন হৈছে যিয়ে বাক্য শুনে আৰু তাক বুজে, আৰু তাৰ পাছত ফল উৎপন্ন কৰে(১৩:২৩)।

Matthew 13:27

বিনৈ বনৰ দৃষ্টান্তত, শস্যৰ পথাৰত কোনে বিনৈ বনৰ গুটি সিচিছিল?

এজন শত্ৰুয়ে সেই শস্য পথাৰত বিনৈ বনৰ গুটি সিচিছিল(১৩:২৮)।

Matthew 13:29

সেই গৃহস্থই বিনৈ বনৰ বিষয়ে চাকৰবিলাকক কি নিৰ্দেশ দিছিল?

সেই গৃহস্থই চাকৰবিলাকক কৈছিল শস্য দোৱাৰ সময়লৈকে দুয়োকে একেলগে বাঢ়িবলৈ দিয়া, আৰু তাৰ পাছত বিনৈ বনক জ্বলাবৰ বাবে গোটাবি, আৰু শস্যবোৰক ভঁৰালত চপাই থবিহঁক(১৩:৩০)।

Matthew 13:31

যীচুৰ দিয়া সৰিয়হ গুটিৰ দৃষ্টান্তত, সেই ক্ষুদ্ৰ সৰিয়হ গুটিৰ কি হয়?

সেই সৰিয়হ গুটি বাগিছাৰ আন আন গছতকৈ এজোপা ডাঙৰ গছ হয় যাতে চৰাইবোৰে ইয়াৰ ডালত বাঁহ সাজিব পাৰে(১৩:৩১-৩২)।

Matthew 13:33

স্বৰ্গ ৰাজ্য সেই খমিৰৰ নিচিনা বুলি যীচুৱে কেনেকৈ কৈছিল?

স্বৰ্গ ৰাজ্য সেই খমিৰৰ নিচিনা বুলি যীচুৱে কৈছিল যিটো তিনিদোন পিঠা গুড়িৰ লগত মিহলাই গোটেইখিনি নুফুলালৈকে ঢাকি থলে(১৩:৩৩)।

Matthew 13:36

বিনৈ বনৰ গুটিৰ দৃষ্টান্তত, ভাল গুটি কোনে সিচিছিল, শস্য পথাৰখন কি, ভাল গুটি কোন, বিনৈ বন কোনবিলাক, আৰু বিনৈ বন কোনে সিচিছিল?

ভাল গুটি সিচোতাজন হৈছে মানুহ পুত্ৰ, শস্যৰ পথাৰখন হৈছে জগতখন, ভাল গুটিবোৰ হৈছে ৰাজ্যৰ সন্তানবিলাক, বিনৈ বন হৈছে দুষ্ট আত্মাৰ সন্তানবিলাক, আৰু বিনৈ বন সিচোতাজন হৈছে চয়তান(১৩:৩৭-৩৯)।

Matthew 13:40

যিবিলাকে অপৰাধ কৰে জগতৰ শেষত সিহঁতৰ কি হ'ব?

জগতৰ শেষত, যিবিলাকে অপৰাধ কৰিছিল তেওঁলোকক অগ্নিৰ সৰোবৰত পেলোৱা হ'ব(১৩:৪২)।

যিবিলাক ধাৰ্মিক জগতৰ শেষত সিহঁতৰ কি হ'ব?

এই জগতৰ শেষত, যিবিলাক ধাৰ্মিক তেওঁলোকে সূৰ্যৰ দৰে দিপ্তী প্ৰকাশ কৰিব(১৩:৪৩)।

Matthew 13:44

যীচুৰ দৃষ্টান্তত, এজন মানুহে ধন থকা এখন পথাৰ পাই তেওঁ কি কৰে যিখনে স্বৰ্গৰাজ্যৰ প্ৰতিনিধিত্ত্ব কৰে?

যিমানুহজনে সেই পথাৰখন পায় তেওঁৰ সৰ্বোচ্ছ বিক্ৰি কৰে আৰু সেই পথাৰ খন কিনি লয়(১৩:৪৪)।

যীচুৰ দৃষ্টান্তত, এজন মানুহে অতি মূল্যৱান এটা মুকুতা পাই তেওঁ কি কৰে যিটোৱে স্বৰ্গৰাজ্যৰ প্ৰতিনিধিত্ত্ব কৰে?

যীচুৰ দৃষ্টান্তত, এজন মানুহে অতি মূল্যৱান এটা মুকুতা পাই তেওঁ তেওঁৰ সৰ্ব্বোচ্চ বিক্ৰি কৰে আৰু সেই মুকুতাটো কিনি লয়(১৩:৪৫-৪৬)।

Matthew 13:47

মাছধৰা জালৰ দৃষ্টান্তটো কেনেকুৱা এই জগতৰ শেষত কি ঘটিব?

যেনেকৈ জালৰ পৰা মূল্যহীন বস্তুবোৰ ভালবিলাকৰ মাজৰ পৰা বেলেগ কৰা হয়, এই জগতৰ শেষতো ধাৰ্মিকবিলাকৰ মাজৰ পৰা দুষ্টবোৰক বেলেগ কৰা হ'ব আৰু অগ্নিকুণ্ডত পেলোৱা হ'ব(১৩:৪৭-৫০)।

Matthew 13:54

যেতিয়া তেওঁৰ নিজৰ অঞ্চলৰ মানুহবিলাকে যীচুৰ শিক্ষা শুনিছিল, তেতিয়া তেওঁলোকে যীচুৰ বিষয়ে কি সুধিছিল?

মানুহবিলাকে সুধিছিল, "এই মানুহ জনে ক'ৰ পৰা তেওঁ জ্ঞান পালে, আৰু এই পৰাক্ৰম কাৰ্যবোৰ পালে" (১৩:৫৪)

Matthew 13:57

এজন ভাববাদীৰ নিজৰ দেশত কি হয় বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে এজন ভাববাদীৰ নিজৰ দেশত কোনো মৰ্যাদা নাই(১৩:৫৭)।

মানুহবিলাকৰ অবিশ্বাসৰ কাৰণে যীচুৰ নিজৰ অঞ্চলত কি হৈছিল?

মানুহবিলাকৰ অবিশ্বাসৰ কাৰণে, যীচুৱে তেওঁৰ নিজৰ অঞ্চলত বিস্তৰ পৰাক্ৰম কাৰ্য নকৰিলে(১৩:৫৮)।