Matthew 12

Matthew 12:1

যীচুৰ শিষ্যবিলাকে কি কৰি আছিল যে ফৰীচীবিলাকে তেওঁক আপত্তি কৰিছিল?

ফৰীচীবিলাকে এই আপত্তি কৰিছিল যে যীচুৰ শিষ্যবিলাকে শস্যৰ থোক চিঙিছিল আৰু খাইছিল, যিটো বিশ্ৰামবাৰত কৰা তেওঁলোকৰ বাবে বিধিৰ বাহিৰ আছিল(১২:২)।

Matthew 12:5

মন্দিৰ/ধৰ্মধামতকৈ মহান কোন আছিল বুলি যীচুৱে কৈছে?

যীচুৱে কৈছিল যে তেওঁ মন্দিৰ/ধৰ্মধামতকৈ মহান(১২:৬)।

Matthew 12:7

মানুহৰ পুত্ৰ যীচুৰ কি ক্ষমতা আছে?

মানুহৰ পুত্ৰ যীচু বিশ্ৰামবাৰৰ অধিপতি(১২:৮)।

Matthew 12:9

শুকাই যোৱা হাতেৰে থকা মানুহজনৰ সন্মুখত ধৰ্মধামত ফৰীচীবিলাকে যীচুক কি সুধিছিল?

A.ফৰীচীবিলাকে যীচুক সুধিছিল, "বিশ্ৰামবাৰে সুস্থ কৰিব পায়নে"(১২:১০)?

Matthew 12:11

যীচুৱে কি কৈছিল বিশ্ৰামবাৰে সুস্থ কৰিব পায়?

যীচুৱে কৈছিল বিশ্ৰামবাৰে উত্তম কৰ্ম কৰাটো বিধিসন্মত(১২:১২)।

Matthew 12:13

শুকাই যোৱা হাতেৰে থকা মানুহজনক যীচুৱে সুস্থ কৰাটো যেতিয়া ফৰীচীবিলাকে দেখিলে, তেওঁলোকে কি কৰিছিল?

ফৰীচীবিলাকে ওলাই গৈছিল আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁক কেনেকৈ নষ্ট কৰিব পাৰে তাৰ উপায় বিচাৰিছিল(১২:১৪)।

Matthew 12:19

যিচয়াৰ যীচুৰ বিষয়ে কৰা ভাববাণীত, যীচুৱে কি নকৰিব?

যীচুৱে দন্দ হাই নকৰিব, আটাহ নাপাৰিব, থেঁতেলা নল নাভাঙিব, নাইবা ধোঁৱাই থকা শলিতাও নুনুমাব(১২:১৯-২০)।

যিচয়াৰ যীচুৰ বিষয়ে কৰা ভাববাণীত, ঈশ্বৰৰ ন্যায়বিচাৰ কোনে শুনিব আৰু যীচুত কোনে ভৰসা কৰিব?

পৰজাতিবিলাকে ঈশ্বৰৰ ন্যায়বিচাৰ শুনিব আৰু যীচুত ভাৰসা কৰিব(১২:১৮, ২১)।

Matthew 12:26

বেলচবুবৰ দ্বাৰা ভূত খেদাইছে বুলি অভিযোগ কৰাত যীচুৱে কেনেকৈ প্ৰত্যুত্তৰ দিছিল?

যীচুৱে কৈছিল, যদি চয়তানে চয়তানক বাহিৰ কৰে, তেন্তে চয়তানৰ ৰাজ্য কেনেকৈ থাকিব(১২:২৬)?

Matthew 12:28

যীচুৱে কি কৈছিল যদি তেওঁ ঈশ্বৰৰ আত্মাৰদ্বাৰা ভূত বাহিৰ কৰিছে বুলি কোৱাত কি ঘটি আছে?

যীচুৱে কৈছিল যে, যদি তেওঁ ঈশ্বৰৰ আত্মাৰ দ্বাৰা ভূত বাহিৰ কৰে ঈশ্বৰৰ ৰাজ্য তেওঁলোকৰ ওপৰলৈ আহিব(১২:২৮)।

Matthew 12:31

যীচুৱে কি পাপ ক্ষমা কৰা নহ'ব বুলি কৈছিল?

যীচুৱে কৈছিল যে পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰা পাপ ক্ষমা কৰা নহ'ব(১২:৩১)।

Matthew 12:33

গছক কিহৰ দ্বাৰাই জনা যায়?

এজোপা গছক তাৰ ফলৰ দ্বাৰাই জনা যায়(১২:৩৩)।

Matthew 12:36

ফৰীচীবিলাকক কিহৰ দ্বাৰা ধাৰ্মিক আৰু দোষী কৰা হ'ব বুলি যীচুৱে কৈছিল?

ফৰীচীবিলাকক তেওঁলোকৰ বাক্যৰ দ্বাৰা ধাৰ্মিক আৰু দোষী কৰা হ'ব বুলি যীচুৱে কৈছিল(১২:৩৭)।

Matthew 12:38

যীচুৱে তেওঁৰ সময়ৰ প্ৰজন্মটোক কি চিন দিব বুলি কৈছিল?

যীচুৱে কৈছিল তেওঁ তেওঁৰ সময়ৰ প্ৰজন্মটোক যোনাৰ চিন দিব, তেওঁ পৃথিবীৰ গহ্বৰত তিনিদিন আৰু তিনিৰাতি আছিল(১২:৩৯-৪০)।

Matthew 12:41

যীচুৱে কাক যোনাতকৈ মহান বুলি কোনে কৈছিল?

যীচুৱে কৈছিল যে তেওঁ যোনাতকৈ মহান(১২:৪১)।

যীচুৰ সময়ৰ প্ৰজন্মটোক নীনবিৰ মানুহবিলাকে আৰু দক্ষিণ দেশৰ ৰাণীয়ে কিয় দোষী কৰিব?

যীচুৰ সময়ৰ প্ৰজন্মটোক নীনবিৰ মানুহবিলাকে আৰু দক্ষিণ দেশৰ ৰাণীয়ে দোষী কৰিব কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্য যোনা আৰু চলোমনৰ দ্বাৰা শুনিছিল, কিন্তু যীচুৰ সময়ৰ প্ৰজন্মটোৱে মানুহৰ পুত্ৰ যিজন যোনা আৰু চলোমনতকৈও মহান তেওঁৰ বাক্য শুনা নাছিল(১২:৪১-৪২)।

Matthew 12:42

যীচুৱে কাক চলোমনতকৈ মহান বুলি কোনে কৈছিল?

যীচুৱে কৈছিল যে তেওঁ চলোমনতকৈ মহান(১২:৪২)।

Matthew 12:43

যীচুৰ সময়ৰ প্ৰজন্মটো কেনেকুৱা হ'ব যে এজন মানুহৰ নিচিনা যাৰ পৰা অশুচি আত্মা ওলাই যায়?

যীচুৰ সময়ৰ প্ৰজন্মটো এনে হ'ব যে এজন মানুহৰ নিচিনা যাৰ পৰা অশুচি আত্মা ওলাই যায়, কাৰণ এই অশুচি আত্মাটো আন সাতোটা আত্মাৰ সৈতে ঘূৰি আহে আৰু সেই মানুহজনৰ অন্তিম অৱস্থাটো প্ৰথম অৱস্থাতকৈ বেয়া হৈ যায়(১২:৪৩-৪৫)।

Matthew 12:48

যীচুৱে তেওঁৰ ভায়েক, ভনীয়েক, আৰু মাক বুলি কাক কৈছিল?

যীচুৱে কৈছিল যে যিসকলে পিতৃৰ ইচ্ছা পালন কৰে তেওঁলোকেই তেওঁৰ ভায়েক, ভনীয়েক, আৰু মাক(১২:৪৬-৫০)।