Matthew 13

Matthew 13:1

এই অধ্যায়ত, যীচুৱে সাগৰৰ পাৰত থকা এখন নাৱত বহিছিল আৰু এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত কৈছিল।

সেই দিনাখন

আগৰ অধ্যায়টোত এই একে দিনাই এই ঘটনাবোৰ ঘটিছিল।

ঘৰৰ বাহিৰত

যীচুৱে কাৰ ঘৰত আছিল সেইটো উল্লেখ কৰা হোৱা নাই।

নাৱত উঠিল

এইখন সম্ভৱ কাঠৰ পালতৰা মুকলি মাছধৰা নাও আছিল।

Matthew 13:3

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত কৈ আছিল।

যীচুৱে তেওঁলোকক উপমাৰে বহুতো কথা কৈছিল

“যীচুৱে অনেক কথা উপমাৰে কৈছিল”

তেওঁলোকক

ভীৰৰ মানুহবিলাকক

চোৱা

বিকল্প অনুবাদ: “চোৱা” বা “শুনা” বা “মই তোমালোকক কি কবলৈ ওলাইছো তাত মনোযোগ দিয়া।”

এজন কঠীয়া সিচোঁতাই কঠীয়া সিচিঁবলৈ গ’ল

“এজন খেতিয়কে পথাৰত বীজ সিচিবলৈ গ’ল।”

তেওঁ সিচোঁতে

“সেই সিচোঁতাই সিচোঁতে”

বাটৰ কাষত

সেই শস্যক্ষেত্ৰৰ কাষত থকা “পথ”। মানুহবিলাকে তাৰ ওপৰত খোজ কাঢ়োতে তাৰ মাটি টান হৈ পৰিছিল।

খাই পেলালে

“সকলোবোৰ গুটি খাই পেলালে”

শিলাময় মাটি

শিলৰ ওৰত থকা পাতলীয়া মাটি

অতি সোনকালে সেই গজি উঠিল

“সেই গুটিবোৰ সোনকালে গজি উঠিল আৰু বাঢ়িবলৈ ধৰিলে।”

সেইবোৰৰ তাপ লাগিল

“বেলিৰ পৰা সেই গছবোৰৰ ওপৰত তাপ পৰিল আৰু সেইবোৰ অতি গৰম হৈ উঠিল”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সেইবোৰ শুকাই গ’ল

“সেই গছবোৰ শুকান হৈ পৰিল আৰু মৰি থাকিল”

Matthew 13:7

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰা কৈয়েই আছিল।

কিছুমান কাঁইটীয়া বলত পৰিল

“এনে ঠাইত পৰিল য’ত কাইটীয়া বন ও গজি বাঢ়িল”

হেঁচি ধৰিলে

“নতুনকৈ গজা পুলিবোৰ হেঁচি ধৰিলে।” বনৰীয়া গছে আন গছবোৰক ভালদৰে বাঢ়িবলৈ নিদি বাধা জন্মোৱাৰ বাবে সাধাৰণ শব্দ ব্যৱহাৰ কৰক

ফল উৎপন্ন কৰিলে

“এক শস্য উৎপন্ন কৰিলে” বা “অতি বেছিকৈ গুটি বাঢ়িলে” বা “ফল দিলে”

তেওঁ যাৰ কাণ আছে, তেওঁক শুনিব দিয়ক

কিছুমান ভাষাত এইটো দ্বিতীয় পুৰুষ ব্যৱহাৰ কৰা সাধাৰণ যেন লাগিব: “তোমালোকৰ যাৰ শুনিবলৈ কাণ আছে, শুনা”(প্ৰথম, দ্বিতীয় বা তৃতীয় পুৰুষ চাওক)

তেওঁ যাৰ কাণ আছে

“যিকোনোৱে শুনিব পাৰে” বা “যিকোনোৱে মোৰ কথা শুনে”

তেওঁক শুনিব দিয়ক

“তেওঁক ভালদৰে শুনিব দিয়ক” বা “মই যি কৈছো তেওঁক সেইটো মনোযোগ দিবলৈ দিয়ক”

Matthew 13:10

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল।

তেওঁলোকক

শিষ্যবিলাকক

তোমালোকক স্বৰ্গৰাজ্যৰ গুপুত ৰহস্য কথাবোৰ বুজি পাবলৈ বিশেষ অধিকাৰ দিয়া হৈছে, কিন্তু সিহঁতক এইটো দিয়া হোৱা নাই

এইটোক সক্ৰিয় ৰূপত আৰু তাত প্ৰয়োগ হোৱা তথ্য যোগান ধৰি অনুবাদ কৰিব পাৰি: “ঈশ্বৰে স্বৰ্গৰাজ্যৰ এই গুপুত ৰহস্য কথাবোৰ বুলিবলৈ তোমালোকক অধিকাৰ দিছে কিন্তু ঈশ্বৰে এই মানুহবোৰ এইটো দিয়া নাই” নাইবা “ঈশ্বৰে স্বৰ্গৰাজ্যৰ ৰহস্যবোৰ বুজিবলৈ তোমালোকক সমৰ্থৱান কৰিছে কিন্তু তেওঁ এই মানুহবিলাকক এইটো সমৰ্থৱান কৰা নাই।”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা আৰু স্পষ্টতা আৰু সৰলতা চাওক)

তোমালোক

শিষ্যবিলাক

ৰহস্য

সত্যতা গুপুতে ৰখা হৈছিল কিন্তু যীচুৱে এতিয়া প্ৰকাশ কৰি দিছে। বিকল্প অনুবাদ: “গোপনীয়তা” বা “লুকাই থকা সত্য” (UDB চাওক).

যাৰ আছে

“যাৰ বোধ শক্তি আছে” বা “মই যি শিকাইছো যিয়ে গ্ৰহণ কৰে”

তেওঁক আৰু অধিক দিয়া হব

এইটোক সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি: “ঈশ্বৰে তেওঁক আৰু অধিক বুজিবলৈ দিব”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁ এক মহান সমাধান হব

“তেওঁ স্পষ্টকৈ বুজি পাব”

যাৰ নাই

“যিজনৰ বোধগম্যতা নাই” বা “মই যি শিকাও যিজনে গ্ৰহণ নকৰে”

তেওঁৰ যি আছে আনকি সেইটোও লৈ লোৱা হব

এইটোক সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি: “ঈশ্বৰে তেওঁৰ পৰা তেওঁৰ থকাখিনি আতৰাই নিব”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 13:13

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল।

মই তেওঁলোকক ক’লো

ইয়াত এই দুয়োটা পদৰ গোটেইটোতে “তেওঁলোক” এই সৰ্ব্বনাম পদে ভীৰৰ মানুহবিলাকক বুজাইছে।

কাৰণ যদিও সিহঁতে দেখে, সিহঁতে আচলতে নেদেখে, আৰু যদিও সিহঁতে শুনে, সিহঁতে আচলতে নুশুনে

যীচুৱে এই সমান্তৰালতা ব্যৱহাৰ কৰি শিষ্যবিলাকক কৈছে যাতে ভাৰৰ মানুহবিলাকে বুজিবলৈ অস্বীকাৰ কৰে। (সমান্তৰালতা চাওক)

যদিও সিহঁতে দেখে, সিহঁতে আচলতে নেদেখে

“যদিও সিহঁতে দেখে, সিহঁতে নিৰীক্ষণ কৰিব নোৱাৰে।” যদি এই ক্ৰিয়াপদটোত এটা বিধেয় দিয়া হয়, এইটোক এইদৰে অনুবাদ কৰিব পাৰি “যদিও সিহঁতে বস্তুবোৰ দেখে, সিহঁতে সেইবোৰ বুজিব নোৱাৰে” নাইবা “যদিও সিহঁতে ঘটনাবোৰ ঘটা দেখে, সেইবোৰে কি বুজাই তাক সিহঁতে বুজি নাপায়” (ক্ৰিয়া পদ চাওক)

যদিও সিহঁতে শুনে, সিহঁতে আচলতে নুশুনে, সিহঁতে বুজিও নাপায়

“যদিও সিহঁতে শুনে, সিহঁতে বুজা নাপায়” যদি এই ক্ৰিয়াপদটোত এটা বিধেয় দিয়া হয়, এইটোক এইদৰে অনুবাদ কৰিব পাৰি “যদিও সিহঁতে নিৰ্দেশনাবোৰ শুনে, সিহঁতে সেই সত্য বুজি নাপায়”

তোমালোকে শুনোতে শুনিবা, কিন্তু তোমালোকৰ বুজাবলৈ কোনো উপায় নহব; যেতিয়া তোমালোকে দেখিবা, কিন্তু তোমালোকৰ বুজাবলৈ কোনো উপায় নহব

যিচয়াৰ সময়ত অবিশ্বাসী মানুহবিলাকৰ বিষয়ে কোৱা কথাটো যিচয়া ভাববাদীৰ পৰা উল্লেখ কৰা হৈছে। যীচুৱে তেওঁৰ কথা শুনি থকা মানুহবিলাকক বৰ্ণনা কৰিবলৈ এই উল্লেখটো কৰিছিল। এইটো হৈছে আন এটা সমান্তৰালতা।(সমান্তৰালতা চাওক)

তোমালোকে শুনোতে শুনিবা, কিন্তু তোমালোকৰ বুজিবলৈ উপায় নহব

এইটো এইদৰে অনুবাদ কৰিব পাৰি “তোমালোকে শুনিবা, কিন্তু বুজি নাপাবা।” যদি এই ক্ৰিয়াপদটোত এটা বিধেয় দিয়া হয়, এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তোমালোকে ঘটনাবোৰ শুনিবা, কিন্তু তোমালোকে সেইবোৰ বুজা নাপাবা”

তোমালোকে দেখোতে দেখিবা, কিন্তু তোমালোকৰ বুজিবলৈ কোনো উপায় নহব

“তোমালোকে দেখিবা, কিন্তু নিৰীক্ষণ কৰিব নোৱাৰিবা” যদি এই ক্ৰিয়াপদটোত এটা বিধেয় দিয়া হয়, এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তোমালোকে বস্তুবোৰ দেখিবা, কিন্তু তোমালোকে সেইবোৰ নিৰীক্ষণ কৰিব নোৱাৰিবা”

Matthew 13:15

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল। ১৩:১৪ পদত আৰম্ভ হোৱা যিচয়াৰ বাক্যবোৰ একেৰাহে পুনৰ কৈয়েই আছে।

এই মানুহবিলাকৰ অন্তৰবিলাক ভোটোহা হ’ল

“এই মানুহবিলাকে আৰু শিকিব নোৱাৰে” (UDBচাওক)

তেওঁবিলাকৰ শুনিবলৈ কাণবোৰো গধুৰ

“তেওঁলোকে শুনিবলৈ ইচ্ছা নকৰে” (UDBচাওক) তেওঁলোকৰ চকুবোৰো তেওঁলোকে মুদি আছে “তেওঁলোকে চকু বন্ধ কৰি ৰাখিছে ” নাইবা “তেওঁলোকে শুনিবলৈ অস্বীকাৰ কৰিছে”

সেয়ে নহলে তেওঁলোকে তেওঁলোকৰ চকুৰে নিৰীক্ষণ কৰিব, তেওঁলোকৰ কাণেৰে শুনিব, তেওঁলোকৰ অন্তৰেৰে বুজি পাব, আৰু ঘুৰি আহিব

“যাতে তেওঁলোকে তেওঁলোকৰ চকুৰে দেখিবলৈ সমৰ্থ নহয়, তেওঁলোকৰ কাণেৰে শুনিবলৈ সমৰ্থ নহব, তেওঁলোকৰ অন্তৰেৰে বুজি পাব, আৰু ফলস্বৰূপে আকৌ ঘুৰি আহিব।”

পুনৰ ঘুৰি আহিব

“ঘুৰি আহিব” নাইবা “ মন পালটন কৰা”

আৰু মই তেওঁবিলাকক সুস্থ কৰিম

“আৰু মোক তেওঁলোকক সুস্থ কৰিব দিয়া।” বিকল্প অনুবাদ: “আৰু তেওঁলোকক পুনৰ গ্ৰহণ কৰিবলৈ মোক দিয়া” (প্ৰকাশভঙ্গী চাওক)

Matthew 13:16

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল।

তোমালোকৰ...তোমাৰ

যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈ আছে।

কিয়নো সিহঁতে দেখিব

“কিয়নো সিহঁতে দেখিবলৈ পাৰিব” নাইবা “কিয়নো সিহঁতে দেখিবলৈ সমৰ্থ হব।”

কিয়নো সিহঁতে শুনিব

“কিয়নো তেওঁলোকে শুনিবলৈ পাৰিব” নাইবা “কিয়নো সিহঁতে শুনিবলৈ সমৰ্থ হব।”

তোমালোকে যিবিলাক বস্তু দেখিছা

“মই যিবিলাকৰ কৰো সেইবিলাক তোমালোকে সেইবিলাক দেখিছা”

যিবিলাক তোমালোকে শুনিছা

“যিবিলাক কথা মই কৈছোঁ তোমালোকে সেইবোৰ শুনিছা”

Matthew 13:18

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল। ১৩:৮ পদত তেওঁ কোৱা উপমাটো তেওঁ ইয়াত বুজাই আছে।

তেওঁৰ অন্তৰত যিবোৰ সিচাঁ হ’ল দুষ্ট আত্মাই আহি সেইবোৰ কাঢ়ি লৈ যায়

“তেওঁ যিবিলাক শুনিলে সেই ঈশ্বৰৰ বাক্যবোৰ চয়তানে পাহৰাই পেলায়।”

কাঢ়ি লৈ যায়

যিজন সঠিক মালিক তেওঁৰ পৰা কিবা কাঢ়ি লৈ যোৱা বুলি অৰ্থ বুজাবলৈ চেষ্টা কৰক।

তেওঁকৰ অন্তৰত যি সিচাঁ হ’ল

এইটোক সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি: “ঈশ্বৰৰ বাক্য তেওঁৰ অন্তৰত সিচাঁ।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁৰ অন্তৰত

সেই শ্ৰোতাজনৰ অন্তৰত

এইজন হৈছে সেই বাটৰ কাষত পৰা কঠীয়া স্বৰূপ

যদি আক্ষৰিক অনুবাদে কোনো অৰ্থ নুবুজাই, অনুবাদ কৰিবলৈ চেষ্টা কৰক যাতে পঢ়ুৱৈয়ে বুজি পায় যে যীচুৱেই হৈছে সেই সিচোঁতাজন, বাৰ্ত্তা হৈছে বীজ, শ্ৰোতাজন হৈছে বাটৰ কাষৰ শস্যক্ষেত্ৰ। সাম্ভাব্য অনুবাদ: “বাটৰ কাষত পৰা কঠিয়াৰ ক্ষেত্ৰত এই দৰেই হয়।” (সাদৃশ্যতা আৰু লুপ্ততা চাওক)

বাটৰ কাষ

“ৰাস্তা” বা “বাট পথ” ১৩:৪ পদত কৰাৰ দৰে এইটো অনুবাদ কৰক।

Matthew 13:20

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল। ১৩:৮ পদত তেওঁ কোৱা উপমাটো তেওঁ ইয়াত বুজাই আছে।

তেওঁ যিজনক শিলাময় মাটিত ৰোৱা হ’ল

যদি আক্ষৰিক অনুবাদে কোনো অৰ্থ নুবুজাই, অনুবাদ কৰিবলৈ চেষ্টা কৰক যাতে পঢ়ুৱৈয়ে বুজি পায় যে যীচুৱেই হৈছে সেই সিচোঁতাজন, বাৰ্ত্তা হৈছে বীজ, শ্ৰোতাজন হৈছে শিলাময় ঠাইৰ শস্যক্ষেত্ৰ। সাম্ভাব্য অনুবাদ: “শিলাময় ঠাইত পৰা কঠিয়াৰ ক্ষেত্ৰত এই দৰেই হয়।” (সাদৃশ্যতা আৰু লুপ্ততা চাওক)

তাৰ শিপা নাই

“তাৰ অলপীয়া শিপা আছে” নাইবা “ তেওঁ সেই সৰু সৰু পুলিবোৰ ইয়াৰ শিপা হবলৈ নিদিয়ে”(অতিৰঞ্জিত কৰণ বাক্যালঙ্কাৰ চাওক)

বাক্যৰ কাৰণে

“সেই বাক্যৰ কাৰণে”

তেওঁ অতি সোনকালে উজুতি খায়

“অতি সোনকালে পৰি যায়” নাইবা “অতি সোনকালে তেওঁ তেওঁৰ বিশ্বাস ত্যাগ কৰে” (বাক্যাংশ চাওক)

Matthew 13:22

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল। ১৩:৮ পদত তেওঁ কোৱা উপমাটো তেওঁ ইয়াত বুজাই আছে।

তেওঁ যিজনক কাঁইটীয়া গছনিৰ মাটিত ৰোৱা হ’ল... যিজনক ভাল মাটিত ৰোৱা হ’ল

যদি আক্ষৰিক অনুবাদে কোনো অৰ্থ নুবুজাই, অনুবাদ কৰিবলৈ চেষ্টা কৰক যাতে পঢ়ুৱৈয়ে বুজি পায় যে যীচুৱেই হৈছে সেই সিচোঁতাজন, বাৰ্ত্তা হৈছে বীজ, শ্ৰোতাজন হৈছে কাঁইটীয়া ঠাইৰ শস্যক্ষেত্ৰ। সাম্ভাব্য অনুবাদ: “কাঁইটীয়া গছনিৰ ঠাইত পৰা কঠিয়াৰ ক্ষেত্ৰত এই দৰেই হয়... ভাল মাটিত পৰা কঠিয়াৰ ক্ষেত্ৰত এই দৰেই হয়।” (সাদৃশ্যতা আৰু লুপ্ততা চাওক)

সেই বাক্য

“সেই বাৰ্ত্তা”

এই জগতৰ চিন্তা ধন

সম্পত্তিৰ প্ৰলোভনে বাক্য হেচি ধৰে, আৰু তেওঁ ফলহীন হয় এইটোক এইদৰে অুবাদ কৰিব পাৰি “যিহেতু ঘাঁহ বনে ভাল গছ বাঢ়িবলৈ বাধ দিয়ে, এই জগতৰ চিন্তা আৰু ধন সম্পত্তিৰ মায়াই ফলৱান হোৱাৰ পৰা ৰাখি থয়” (প্ৰকাশভঙ্গী চাওক)

এই জগতৰ চিন্তা

“মানুহবিলাকে চিন্তিত হৈ থকা এই জগতৰ বিষয় বিলাক”

ফলহীন হয়

“উৎপাদনহীন হয়”

এই জনেই তেওঁ যিয়ে সচাঁকৈ ফল উৎপন্ন কৰে আৰু ইয়াৰ উলিয়াই আনে

“এইবোৰেই হৈছে সেইবোৰ যিয়ে ফলৱান আৰু উৎপাদনশীল হয়” নাইবা “স্বাস্থ্যৱান গছনি যিয়ে ভাল ফল উৎপন্ন কৰে, এই মানুহবিলাক উৎপাদনশীল হয়” (প্ৰকাশভঙ্গী আৰু সাদৃশ্যতা চাওক)

Matthew 13:24

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল।

যীচুৱে আন এটা উপমা উত্থাপন কৰিছে

যীচুৱে ভীৰৰ মানুহবিলাকক আন এটা উপমা কৈছিল।

স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা

এই অনুবাদটো এজন মানুহৰ লগত তুলনা কৰিছে, কিন্তু স্বৰ্গৰাজ্য তাৰ বিপৰীতে এই উপমাটোত বৰ্ণনা কৰা পৰিস্থিতিৰ দৰে(UDB চাওক)

ভাল বীজ

“উত্তম খাদ্যৰ বীজ” নাইবা “ উত্তম শস্যৰ বীজ” দৰ্শকে সম্ভৱ ভাবিছে যে যীচুৱে ঘেহুঁৰ বিষয়ে কথা কৈছে। (স্পষ্টতা আৰু সৰলতা চাওক)

তেওঁ শত্ৰু আহিল

“সেই শস্যক্ষেত্ৰলৈ তেওঁৰ শত্ৰু আহিল”

ঘাঁহ

বন এইটোক এইদৰে অনুবাদ কৰিব পাৰি “বেয়া বীজ” বা “ঘাঁহ বনৰ বীজ” এই ঘাঁহবনবোৰ পুলি হৈ থাকোঁতে খাদ্যৰ বীজৰ দৰে দেখা যায়, কিন্তু সেই বীজবোৰ বিষাক্ত।

যেতিয়া পাত ওলাল

“যেতিয়া ঘেহুঁৰ পাত ওলাল” বা যেতিয়া সেই গছ ওলাই আহিল“

সেইবোৰৰ শস্য উৎপন্ন কৰে

“শস্য উৎপন্ন কৰে” বা “ঘেহুঁৰ শস্য উৎপন্ন কৰে”

তেতিয়া সেই ঘাঁহবনবোৰেও দেখা দিলে

বিকল্প অনুবাদ: “তেতিয়া মানুহবিলাকে সেই শস্যক্ষেত্ৰত সেই ঘাঁহবনবোৰ দেখা পায়”

Matthew 13:27

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল। এই পদবোৰে বিনৈ বনৰ উপমাৰ কথা কৈ আছে।

সেই মাটিৰ মালিক

এইজন হৈছে সেই একেজন মানুহ যিয়ে তেওঁৰ শস্যক্ষেত্ৰত ভাল বীজ সিচিঁছিল।

আপুনি শস্যক্ষেত্ৰত ভাল বীজ সিচাঁ নাছিল নে?

“আপুনি আপোনাৰ শস্যক্ষেত্ৰত ভাল বীজ সিচিঁছিল” সেই মাটিৰ মালিকে সম্ভৱ তেওঁৰ চাকৰহঁতৰ যোগেদি বীজ সিচিঁছিল (UDB চাওক) (অলঙ্কাৰীক প্ৰশ্ন আৰু বাক্যালঙ্কাৰ চাওক)

তেওঁ তেওঁলোকক ক’লে

“সেই মাটিৰ মলিকে সেই চাকৰবিলাকক ক’লে”

সেয়ে আপুনি আমাক এনে বিচাৰে নেকি

এই “আমাক” শব্দটোৱে চাকৰবিলাকক বুজাইছে।

সেইবোৰক গোটাই পেলাও

সেইবোৰ দলিয়াই পেলাবলৈ “সেই ঘাঁহ বনবোৰ উঠাই পেলাওঁ”(স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 13:29

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল। এই পদবোৰে বিনৈ বনৰ উপমাৰ কথা সামৰণী মাৰিছে।

সেই মাটিৰ মালিক

“সেই মাটিৰ মালিকে তেওঁৰ চাকৰবিলাকক ক’লে”

মই সেই শস্য চপোৱাবিলাকক ক’ম “প্ৰথমে সেই ঘাঁহবন (বিনৈবন)বিলাকক পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি, কিন্তু ঘেঁহু মোৰ ভঁৰালত চপাই থবিহঁক”

আপুনি এইটো আওপকীয়া উদ্ধৃতিৰে অনুবাদ কৰিব পাৰে: “মই সেই শস্য চপোৱাবিলাকক প্ৰথমে সেই বিনৈবন বোৰ উঠাবলৈ আৰু সেইবোৰক পুৰিবলৈ মুঠামুঠ কৰি বান্ধি থবলৈ ক’ম, তাৰ পাছত ঘেঁহু মোৰ ভঁৰালত চপাই থবিহঁক” (বাক্যৰ উদ্ধৃতি চাওক) # মোৰ ভঁৰাল এটা ভঁৰাল হৈছে এটা ঘৰ যিটে শস্য জমা কৰি থব পাৰি।

Matthew 13:31

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল।

যীচুৱে আন এটা উপমা উত্থাপন কৰিছে

যীচুৱে ভীৰৰ মানুহবিলাকক আন এটা উপমা কৈছিল।

স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা

এই অনুবাদটো ১৩:২৪ত কেনেকৈ অনুবাদ কৰিছে চাওক।

সৰিয়হ গুটি

এটা অতি সৰু গুটি যিটো এক বিশাল গছ গৈ পৰে(অজ্ঞাত অনুবাদ চাওক)

এই গুটিটো আচলতে অন্য সকলো গুটিতকৈ একেবাৰে সৰু

সেই প্ৰথম শ্ৰোতাসকলৰ পৰিচিত সৰিয়হ গুটি হৈছে আটাইতকৈ সৰু গুটি। স্পষ্টতা আৰু সৰলতা চাওক)

কিন্তু যেতিয়া এইটো ডাঙৰ হয়

“এক বিশাল জোপোহা হয়”

এজোপা গছ হয়

“এক বিশাল জোপোহা হয়” (অতিৰঞ্জন আৰু সাদৃশ্যতা আৰু অজ্ঞাত অুবাদ চাওক)

আকাশৰ চৰাই

“চৰাই” (বাক্যাংশ চাওক)

Matthew 13:33

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল।

তেতিয়া যীচুৱে আন এটা উপমা কৈছে

“যীচুৱে ভীৰৰ মানুহবিলাকক আন এটা উপমা কৈছিল।“

স্বৰ্গৰাজ্য হৈছে এনে এখন ৰাজ্যৰ নিচিনা

এই সাদৃশ্যতাটো কেনেকৈ আপুনি অনুবাদ কৰিছে চাওক

তিনিদোন পিঠাগুৰি

“এক বিশাল পৰিমাণৰ পিঠাগুৰি” নাইবা আপোনাৰ সংস্কৃতিত বিশাল পৰিমাণৰ পিঠাগুৰু জুখিবলৈ ব্যৱহাৰ কৰা শব্দ ব্যৱহাৰ কৰক (UDB চাওক)

এইটো নুফুলালৈকে

সেই লডা নুফুলালৈকে। এই প্ৰয়োগ কৰা তথ্যটো হৈছে যে সেই খমীক আৰু তিনিদোন পিঠাগুৰিৰ লডাটো শুকানকৈ সিজোৱা হয়। (স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 13:34

যীচুৱে এক বিশাল জনগণক স্বৰ্গৰাজ্য কেনেকুৱা সেইটোৰ বিভিন্ন দৃষ্টান্ত একেৰাহে বৰ্ণনা কৰি কৈয়েই আছিল।

যীচুৱে এই সকলোবোৰ উপমাৰে ভীৰৰ মানুহবিলাকক ক’লে; আৰু বিনা দৃষ্টান্তৰে তেওঁ সেইবিলাকক একো নক’লে

এই ধাৰাক্ৰমটো চাওক “কৈছিল...দৃষ্টান্তৰে...দৃষ্টান্তৰে... কৈছিল” হৈছে তেওঁলোকক সেই দৃষ্টান্তৰে জোৰ দি কোৱা।

এই সকলোবোৰ

১৩:১ পদত যীচুৱে যি শিকাইছিল সেইটোকে ই বুজাইছে।

বিনা দৃষ্টান্তৰে তেওঁ তেওঁলোকক একো নকৈছিল

“তেওঁ তেওঁলোকক দৃষ্টান্তৰে কোৱা বাহিৰে একো শিকোৱা নাছিল” বিকল্প অনুবাদ: “তেওঁ কোৱা প্ৰতিটো তেওঁ দৃষ্টান্তৰেহে কৈছিল।”(অতিৰঞ্জিত কৰণ আৰু অলঙ্কাৰীক প্ৰভাৱ চাওক)

যেতিয়া তেওঁ কৈছিল, ভাববাদীৰ যোগেদি যি কোৱা হৈছিল সেই পৰিপুৰ্ণ হৈছিল

এইটোক এক সক্ৰিয় ক্ৰিয়াপদৰ ৰূপত অনুবাদ কৰিব পাৰি: “ঈশ্বৰে এজন ভাববাদীৰ যোগেদি বহুবছৰ আগতে লিখিবলৈ কোৱা কথাবোৰ তেওঁ পৰিপুৰ্ণ কৰিলে” (UDB) (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যেতিয়া তেওঁ কৈছিল

“যেতিয়া সেই ভাববাদীয়ে কৈছিল”

যিবোৰ বস্তু গুপুত হৈ আছিল

এইটোক এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি: “যিবোৰ বস্তু ঈশ্বৰে আগতে গুপুতে ৰাখিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

এই জগত স্থাপন হোৱা সময়ৰে পৰা

“যিহেতু এই জগতৰ আৰম্ভণীৰ পৰা” বা “ঈশ্বৰে এই জগত সৃষ্টি কৰাৰ পৰা”

Matthew 13:36

ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কেইটামান দৃষ্টান্ত বুজাবলৈ যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে এটা ঘৰলৈ গৈছিল।

এটা ঘৰত সোমাল

“ভিতৰ সোমাল” বা “তেওঁ য’ত আছিল সেই ঘৰৰ ভিতৰ সোমাল”

তেওঁ যিজনে সিচেঁ

“সেই সিচোঁতাজন”

মানুহৰ পুত্ৰ

যীচুৱে নিজকে বুজাইছে

ৰাজ্যৰ সন্তানবিলাক

“যিবোৰ মানুহ ঈশ্বৰৰ ৰাজ্যৰ অন্তৰ্ভুক্ত”

দুষ্টআত্মাৰ সন্তানবিলাক

“যিবোৰ মানুহ সেই দুষ্টআত্মাৰ অন্তৰ্ভুক্ত”

সেইবোৰক যিয়ে সিচিঁলে সেই শত্ৰু

সেই বিনৈ বনবোৰ যিয়ে সিচিঁলে সেই শত্ৰু

এই জগতৰ শেষ

“এই যুগৰ অন্তিম অৱস্থা”

Matthew 13:40

ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কেইটামান দৃষ্টান্ত বুজাবলৈ যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে এটা ঘৰলৈ গৈছিল।

এতেকে, যিদৰে এই বিনৈ বনবোৰ গোটোৱা হব আৰু জুইত পুৰি পেলোৱা হব

এইটোক এক সক্ৰিয় ক্ৰিয়াপদৰ ৰূপত অনুবাদ কৰিব পাৰি: “এতেকে মানুহে বিনৈ বনবোৰ যিদৰে গোটাই আৰু সেইবোৰক জুইত পুৰি পেলোৱা হয়” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

এই জগতৰ শেষ

“এই যুগৰ অন্তিম অৱস্থা”

মানুহৰ পুত্ৰই তেওঁৰ স্বৰ্গদূতবিলাকক পঠাই দিব

ইয়াত যীচুৱে নিজকে কৈছে। এইটোক এইদৰে অনুবাদ কৰিব পাৰি “মই, মানুহৰ পুত্ৰই মোৰ স্বৰ্গদূতবিলাকক পঠাই দিম”

যিবিলাকে অপৰাধ কৰে

“যিবিলাকে বিধান উলঙ্ঘন কৰে” বা “দুষ্ট মানুহ”

অগ্নিকুণ্ড

এইটোক এইদৰে অনুবাদ কৰিব পাৰি ”জলন্ত অগ্নিকুণ্ড।” যদি “অগ্নিকুণ্ড” পৰিচিত নহয় “চৌকা” বুলি ব্যৱহাৰ কৰিব পাৰি

সূৰ্য্যৰ দৰে জিলিকি থাকিব

“সূৰ্য্যটোৰ দৰে সহজে দেখা যাব” (সাদৃশ্যতা চাওক)

যাৰ কাণ আছে তেওঁক শুনিবলৈ দিয়ক

কোনো কোনো ভাষাত এইটো দ্বিতীয় পুৰুষত শুনিবলৈ শুৱলা হব: “তোমালোকৰ যাৰ কাণ আছে, শুনা” নাইবা “তোমালোকৰ কাণ আছে, সেয়ে শুনা”(প্ৰথম, দ্বিতীয়, বা তৃতীয় পুৰুষ চাওক)

Matthew 13:44

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে এটা ঘৰলৈ গৈছিল আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কেইটামান দৃষ্টান্ত একেৰাহে বুজাই আছিল। এই দুটা দৃষ্টান্তত, যীচুৱে স্বৰ্গৰাজ্য কেনেকুৱা সেই কথা তেওঁৰ শিষ্যবিলাকক বুজাবলৈ তেওঁ দুটা সাদৃশ্যতা ব্যৱহাৰ কৰিছে।(সাদৃশ্যতা চাওক)

স্বৰ্গৰাজ্য হৈছে এনেধৰণৰ

আপুনি সাদৃশ্যতাত কেনেদৰে অনুবাদ কৰিছিল চাওক।

এখন পথাৰত এক ধন ৰত্ন গুপ্তহৈ থকাৰ দৰে

এক ধনৰত্ন হৈছে এক অতি মুল্য়ৱান বা সংগ্ৰহ কৰিবলগীয়া বস্তু। এইটোক এক সক্ৰিয় ক্ৰিয়াপদৰ ৰূপত অনুবাদ কৰিব পাৰি: “কোনোবা এজনে এই ৰত্ন এখন পথাৰত লিকিৱাই থৈছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

লুকুৱাই থলে

“এইটোক ঢাকি থলে”

তেওঁৰ যি যি আছে সেই সকলো বিক্ৰী কৰে, আৰু সেই পথাৰখন কিনে

এইটোৰ প্ৰয়োগ কৰা তথ্যটো হৈছে সেই ব্যক্তিজনে সেই গুপুতে থকা ৰত্নখিনি পাবলৈ পথাৰখন কিনে। (স্পষ্টতা আৰু সৰলতা চাওক)

এজন সদাগৰ

এজন সদাগৰ হৈছে এজন ব্যৱসায়ী বা পাইকাৰী বিক্ৰেতা, প্ৰায়ে দুৰৰ ঠাইৰ পৰা তেওঁ ব্যৱসায় হয়।

সেই মুল্যৱান মুকুতা বিচাৰি থাকে

এইটোৰ প্ৰায়োগিক তথ্যটো হৈছে যে মানুহজনে মুল্যৱান মুকুতা বিচাৰি থাকে যাতে তেওঁ সেইটো কিনিব পাৰে।(স্পষ্টতা আৰু সৰলতা চাওক)

মুল্যৱান মুকুতা

এইটোক “উত্তম মুকুতা” বা “সুন্দৰ মুকুতা” বুলি অনুবাদ কৰিব পাৰি। এক “মুকুতা” হৈছে মিহি, টান, উজ্জল, বগা বা বগা বৰণৰ সাগৰত শামুকৰ পেটত গঠন হয় আৰু মুকুতা হিচাপে বা মুল্যৱান অলঙ্কাৰ হিচাপে বনোৱা হয়।

Matthew 13:47

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে এটা ঘৰলৈ গৈছিল আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কেইটামান দৃষ্টান্ত একেৰাহে বুজাই আছিল। এই দুটা দৃষ্টান্তত, যীচুৱে স্বৰ্গৰাজ্য কেনেকুৱা সেই কথা তেওঁৰ শিষ্যবিলাকক বুজাবলৈ তেওঁ দুটা সাদৃশ্যতা ব্যৱহাৰ কৰিছে।(সাদৃশ্যতা চাওক)

স্বৰ্গৰাজ্য হৈছে এনেধৰণৰ

আপুনি সাদৃশ্যতাত কেনেদৰে অনুবাদ কৰিছিল চাওক।

সাগৰত পেলোৱা এখন জালৰ নিচিনা

“এইটোক এক সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি:কিছুমান মাছুৱৈয়ে সাগৰত পেলোৱা এখন জালৰ নিচিনা”

সাগৰত পেলোৱা এখন জালৰ নিচিনা

“হ্ৰদৰ পানীত পেলোৱা এখন জালৰ নিচিনা”

সকলো প্ৰকাৰৰ সৃষ্ট প্ৰাণীক গোটাই পেলাই

“সকলো প্ৰকাৰৰ মাছ ধৰি পেলোৱা হয়”

ইয়াক পাৰলৈ টানি অনা হয়

“সেই জালখন পাৰলৈ টানি আনে” বা “সেই জালখন সাগৰৰ পাৰলৈ টানি লৈ আনে”

সেই উত্তম বস্তুবোৰ

“সেই উত্তম উত্তমবিলাক”

সেই মুল্যহীন বস্তুবোৰ

“সেই বেয়া মাছবোৰ” বা “খাবলৈ নোৱাৰা সেই মাছবোৰ”

দলিয়াই পেলাই

“সেইবোৰ ৰাখি নথয়”

Matthew 13:49

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে এটা ঘৰলৈ গৈছিল আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কেইটামান দৃষ্টান্ত একেৰাহে বুজাই আছিল।

এই জগতৰ শেষ

“এই যুগৰ অন্তিম অৱস্থা”

ওলাই আহে

“ওলাই আহিব” বা “ওলাই যোৱা” বা “স্বৰ্গৰ পৰা অহা”

সেইবোৰক দলিওৱা

“সেই দুষ্টবোৰক দলিওৱা”

জলন্ত অগ্নিকুণ্ড

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “জুইৰ দৰে অগ্নিকুণ্ড।” পুৰণি নিয়মৰ দানিয়েল পুস্তক ৩:৬ ত নৰকৰ বাবে ব্যৱহাৰ কৰা নৰকৰ কাল্পনিক জুইৰ এক প্ৰকাশভঙ্গী।(প্ৰকাশভঙ্গী চাওক)। যদি “অগ্নিকুণ্ড” পৰিচিত নহয়, “চৌকা” বুলি ব্যৱহাৰ কৰিব পাৰি।

য’ত ক্ৰন্দন আৰু দাঁত কৰচনি হব

“য’ত দুষ্ট মানুহবিলাকে কান্দিব আৰু সিহঁতৰ দাঁত কৰচনি হব।”

Matthew 13:51

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে এটা ঘৰলৈ গৈছিল আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কেইটামান দৃষ্টান্ত একেৰাহে বুজাই আছিল।

”তোমালোকে এইবোৰ কথা বুজিলানে?” তেওঁৰ শিষ্যবিলাকে তেওঁক কৈছিল, “হয়“

যদি দৰকাৰ হয়, এইটোক এক আওপকীয়া উদ্ধৃতিৰে লিখিব পাৰি যেনে “শিষ্যবিলাকক এই সকলোবোৰ বুজি পালেনে নাই যীচুৱে সুধিছিল, আৰু সিহঁতে বুজি পাইছিল বুলি কৈছিল।” (আওপকীয়া উদ্ধৃতি চাওক) # তেওঁ ও এজন শিষ্য হৈছিল “সেই বিষয়ে শিকিছিল”

ৰত্ন

এক ৰত্ন হৈছে অতি মুল্যৱান আৰু অমুল্য বস্তু বা সংগ্ৰহ কৰা এক বস্তু। ইয়াত এই বস্তুবোৰ জমা কৰি থোৱাটো বুজাইছে, সেই “ভঁৰালঘৰ” বা “জমা কৰা ঘৰ”

Matthew 13:54

যীচুৱে যেতিয়া তেওঁৰ নিজৰ নগৰৰ মানুহবিলাকক তেওঁলোকৰ ধৰ্ম্মধামত শিক্ষা দিছিল মানুহবিলাকে তেওঁক কেনেকৈ অগ্ৰাহ্য কৰিছিল এইটো হৈছে তাৰ বৰ্ণনা।

তেওঁ নিজৰ অঞ্চল

“তেওঁৰ ওপজা ঠাই” (UDB চাওক)

তেওঁলোকৰ ধৰ্ম্মধামত

এই সৰ্ব্বনাম “তেওঁলোক” পদে সেই অঞ্চলৰ মানুহবিলাকক বুজাইছে।

তেওঁলোক আচৰিত হ’ল

“তেওঁলোকে বিস্ময় মানিলে”

আৰু এই অলৌকিক কাৰ্য্যবোৰ

“আৰু এইবোৰ অলৌকিক কাৰ্য্য কৰিবলৈ সি ক’ৰপৰা শক্তি পালে” (লুপ্ততা চাওক)

সেই বাঢ়ৈৰ পুতেক

এজন বাঢ়ৈ হৈছে এনে এজন যিজনে কাঠৰ বা শিলৰ বস্তুবোৰ সাজে। যদি “বাঢ়ৈ” পৰিচিত নহয়, “সাজোঁতা” বুলি ব্যৱহাৰ কৰিব পাৰে।

Matthew 13:57

যীচুৱে যেতিয়া তেওঁৰ নিজৰ নগৰৰ মানুহবিলাকক তেওঁলোকৰ ধৰ্ম্মধামত শিক্ষা দিছিল মানুহবিলাকে তেওঁক কেনেকৈ অগ্ৰাহ্য কৰিছিল তাৰ বৰ্ণনা এইটোত চলি আছে।

তেওঁলোকে তেওঁক বিৰোধ কৰিছিল

“যীচুৰ নিজৰ ওপজা ঠাইৰ মানুহবিলাকে তেওঁক বিৰোধ কৰিছিল” বা “... তেওঁক গ্ৰহণ কৰি নাছিল”

এজন ভাববাদী সন্মানহীন নহয়

“এজন ভাববাদীৰ সকলোঠাইতে আদৰ হয়” বা “এজন ভাববাদীয়ে সকলো ঠাইতে মান মৰ্য্যদা পায়” বা “মানুহে ভাববাদীক সকলোতে আদৰ কৰে”

তেওঁৰ নিজৰ দেশ

“তেওঁৰনিজৰ অঞ্চলত” বা “ তেওঁৰ নিজৰ ওপজা ঠাইত”

তেওঁৰ নিজৰ পৰিয়াল

“তেওঁৰ নিজৰ ঘৰত”

তেওঁ তাত অধিক অলৌকিক কাৰ্য্য নকৰিলে

যীচুৱে তেওঁৰ নিজৰ ওপজা ঠাইত অধিক অলৌকিক কাৰ্য্য নকৰিলে।