36
এচৌৰ বংশৰ তালিকা

1 এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা এনেদৰে: 2 এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা। 3 আৰু ইশ্মায়েলৰ জীয়েক নবায়োতৰ ভনীয়েক বাচমতকো বিয়া কৰিছিল। 4 এই সকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে; 5 অহলীবামাৰ ঔৰসত যিয়ূচ, যালম, আৰু কোৰহৰ জন্ম হ’ল; কনান দেশত এচৌৰ এই সকলো পুত্রৰে জন্ম হ’ল।

6 পাছত এচৌৱে তেওঁৰ ভাৰ্য্যা কেইগৰাকী, ল’ৰা-ছোৱালী আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেষ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল। 7 এচৌ আৰু যাকোবৰ ধন-সম্পদ ইমান বেছি হ’ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ’ল; কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশুৰ জাকবোৰ চৰাবলৈ যথেষ্ট ঠাইৰ অভাৱ আছিল। 8 সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকালৈ গৈ স্থায়ী ভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।

9 চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়া সকলৰ ওপৰ পিতৃ এচৌৰ বংশৰ তালিকা এনে ধৰণৰ: 10 এচৌৰ পুত্র সকলৰ নাম ইলীফজ আৰু ৰূৱেল। ইলীফজ আদাৰ পুত্ৰ আৰু ৰূৱেল এচৌৰ পত্নী বাচমতৰ পুত্ৰ। 11 ইলীফজৰ পুত্ৰ সকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ। 12 এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি। 13 ৰূৱেলৰ পুত্ৰ সকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি। 14 চিবিয়োনৰ নাতিনী অর্থাৎ অনাৰ জীয়েক আৰু এচৌৰ ভার্য্যা অহলীবামাই এচৌলৈ প্রসৱ কৰা পুত্ৰ সকল হ’ল যিয়ূচ, যালম আৰু কোৰহ।

15 এচৌৰ বংশৰ সন্তান সকলৰ মাজত এই সকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতি সকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি। 16 কোৰহ, গয়িতম, অমালেক অধিপতি; ইলীফজৰ বংশৰ পৰা, ইদোম দেশত এওঁলোকেই অধিপতি হ’ল। এই সকল আদাৰ পো-নাতি আছিল।

17 এচৌৰ পুত্ৰ ৰূৱেলৰ বংশৰ পৰা হোৱা অধিপতি সকল হ’ল: নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; ৰূৱেলৰ বংশৰ পৰা ইদোম দেশত এওঁলোক অধিপতি হ’ল। এইসকল এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি আছিল। 18 এচৌৰ ভার্য্যা অহলীবামাৰ বংশত এই সকল অধিপতি হ’ল: যিয়ূচ, যালম আৰু কোৰহ; অনাৰ জীয়েক এচৌৰ ভার্য্যা অহলীবামাৰ বংশৰ পৰা এই সকলেই অধিপতি হৈছিল। 19 এওঁলোকেই এচৌ অর্থাৎ ইদোমৰ সন্তান আৰু তেওঁলোকই নিজৰ বংশৰ অধিপতি আছিল।
চেয়ীৰৰ বংশৰ তালিকা

20 সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা, 21 দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এই সকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল। 22 লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না। 23 চোবলৰ পুত্র সকলৰ নাম: অলবন, মানহৎ, এবল, চফো, আৰু ওনম। 24 চিবিয়োনৰ পুত্র সকলৰ নাম: অয়া আৰু অনা; এই অনাই পিতৃ চিবিয়োনৰ গাধ চৰাওঁতে মৰুপ্রান্তৰৰ মাজত গৰম পানীৰ জুৰি পালে। 25 এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা।

26 দীচনৰ পুত্ৰ সকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান।

27 এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন। 28 দীচনৰ পুত্ৰ উচ আৰু অৰান।

29 হোৰীয়াৰ অধিপতি সকলৰ নাম আছিল: লোটন, চোবল, চিবিয়োন, অনা, 30 দিচোন, এচৰ আৰু দীচন; এই সকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।

31 ইস্ৰায়েলী সকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত যি সকল ৰজাই ৰাজত্ব কৰিছিল, তেওঁলোক হ’ল: 32 বিয়োৰৰ পুত্ৰ বিলাই, তেওঁ ইদোমত ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল দিনহাবা। 33 বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।

34 যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়া সকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল। 35 হূচমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদদৰ পুত্র হদদে ৰাজত্ব কৰিছিল। তেওঁ মোৱাব দেশত মিদিয়নীয় সকলক পৰাজয় কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল অবীৎ। 36 যেতিয়া হদদৰ মৃত্যু হ’ল, তেতিয়া তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল। 37 চম্নাৰ মৃত্যু হ’লত, তেওঁৰ ঠাইত ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল। 38 চৌলৰ মৃত্যু পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল। 39 অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম পাউ আছিল; তেওঁৰ ভাৰ্যাৰ নাম আছিল মহেটবেল। তেওঁ মট্ৰেদৰ জীয়েক আৰু মে-জাহবৰ নাতিনীয়েক।

40 এচৌৰ বংশৰ যি সকল লোক অধিপতি আছিল, সেই সকলৰ নাম: তিম্না, অলবা, যিথেৎ, 41 অহলীবামা, এলা, পীনোন, 42 কনজ, তৈমন, মিবচৰ, 43 মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয় সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।