26 1 যেতিয়া আগ্রিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে।

2 তেওঁ কলে, "হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷ 3 ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেইবাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য্য ধৰি মোৰ কথাবোৰ শুনে৷

4 মোৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷ 5 ইয়াৰ উপৰিও তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কি দৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷"

6 "ঈশ্ৱৰে আমাৰ পূর্ব পুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, 1 সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছো ৷ 7 সেই অঙ্গীকাৰৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷ 8 ঈশ্ৱৰে যদি মৃতলোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্ৱাস্য বোধ কৰিছে?

9 ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ, 10 আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ অর্থাৎ প্ৰধান পুৰোহিতৰ পৰা ক্ষমতা পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷ 11 এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমুহলৈকো যাত্ৰা কৰিছিলোঁ৷

12 এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা ক্ষমতা আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে, 13 হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ'ল৷ 14 তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, "হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান";

15 তেতিয়া মই সুধিলোঁ, "হে প্ৰভু, আপুনি কোন"? তেতিয়া প্ৰভুৱে কলে, "যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷ 16 এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পিছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হবলৈ তোমাক মনোনীত কৰিবৰ বাবে মই দর্শন দিলোঁ; 17 আৰু তেওঁলোকে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়, 18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হবলৈ 2 আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ অধিনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক পঠাওঁ৷"

19 পৌলে এনেদৰে পুনৰ কবলৈ ধৰিলে- "হে ৰজা আগ্ৰিপ্প, মই সেই স্ৱর্গীয় দর্শনক অমান্য নকৰি 20 দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলো, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷ 21 সেই কাৰণে ইহুদী সকলে ধর্ম্মধামত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷

22 এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছো; 23 আৰু খ্ৰীষ্ট‌ৰ দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃতলোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়ে মই সৰু বৰ সকলোৰে আগত সাক্ষ্য দিওঁতে, ভাৱবাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে অন্য একো কথা কোৱা নাই৷"

24 তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে, ফীষ্টে বৰ মাতেৰে কলে," হে পৌল, তুমি বলীয়া হৈছা; সৰহ বিদ্যাই তোমাক বলীয়া কৰিছে৷" 25 কিন্তু পৌলে কলে- "হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ 26 কিয়নো মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷

27 হে ৰজা আগ্ৰীপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্ৱাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে" ৷ 28 তেতিয়া আগ্ৰীপ্পই পৌলক কলে, "তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷" 29 কিন্তু পৌলে কলে "অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলো ভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷"

30 তেতিয়া ৰজা, দেশাধিপতি, বর্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি, 31 আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি কলে, "এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷" 32 তেতিয়া আগ্ৰীপ্পই ফীষ্টক কলে, "এই মানুহ জনে চিজাৰৰ ওচৰত আপীল নকৰা হ'লে মুকলি হব পাৰিলেহেতেন৷"

1 26:6 যিচ ৭:১৪ ; ৯:৬ ; যিৰি ২৩:৫ ; ৩৩:১৪-১৬ ; পাঁ ১৩:৩২,৩৩৷
2 26:18 যিচ ৪২:৬,৭ ; যো ৮:১২ ; ২ কৰি ৪:৩-৬৷